কিৰাত-পৰ্ব্ব ভাৰত
মহাভাৰত বনপৰ্ব্বৰঅন্তৰ্গত
ত্ব ও মুম্ভ হট বিৰিনাম ।নত্য গল বছ’ মু”.fঙ সৰস্বতীন
জয় জয় জগন্নাথ তিলক হৰি।বধিলা অসুৰ ভূমি ভাৰ অৱতৰি |সাধিলা দেবৰ কাৰ্য্য তুমি সি দৈত্যাৰি।নমাে নাৰায়ণ জয় জগদীশ হৰি।জয় জয় নমাে দেবী কালীকা গােসানী।ভকত জনৰ ভব ভয় বিনাশিনী।
————————————————সহস্ৰেক বাৰ দেবী কৰো নমস্কাৰ।সুপ্ৰসন্ন হুয়ো মাতৃ ৰচিবো পয়াৰ॥ভাৰতৰ কথা যিটো শুনে নিতে নিতে।যমে বোলে দূত তাৰ নজাইৰি সন্নিতে॥মোৰ অপৰাধি নোহে নাই পাপ তাৰ।চতুৰ্ভুজ ৰূপে চলে বৈকুণ্ঠ যে পুৰ॥জয়তি পাণ্ডবগণ ভৈলা শুদ্ধ গুণে।ইন্দ্ৰত যে দিব্য অস্ত্ৰ শিখিলা অৰ্জ্জুনে॥বধিলা অসুৰগণ বৈৰী জগতৰ।ভনিলেক বিপ্ৰে পদ অৰণ্য পৰ্ব্বৰ॥জম্মিজয় বদতি বৈশম্পায়ণ ঋষিত।শুনিলো কৃষ্ণৰ কথা সক্ষাতে অমৃত॥যেন মতে পাণ্ডব যে আছন্ত বনত।ইন্দ্ৰত অৰ্জ্জুনে অস্ত্ৰ শিখিলা স্বৰ্গত॥কেন মতে শঙ্কৰক যুদ্ধত তুষিলা।পাশুপত অস্ত্ৰ হৰে কেন মতে দিলা॥কত কাল মান থাকি ইন্দ্ৰৰ পুৰীত।কোন কোন কৰ্ম্ম আৰু কৰিলা তহিত।ধৰ্ম্ম ভীম অৰ্জ্জুন নকুল সহদেব।কেন মতে একস্থান ভৈলন্ত পাণ্ডব॥
এহি কথা শুনিতে হৰিষ ভৈলা বৰ।যেন চন্দ্র মধুপানে লুবুধ চকোৰ।।বৈশম্পায়ণ বদতি জম্মিজয়ৰ আগত।কহাে কথা অৰ্জুনৰ শুনিও সমস্ত ।যেন মতে শঙ্কৰক যুদ্ধত তুষিলা।যেন মতে দিব্য অস্ত্র স্বর্গত শিখিল ॥অনন্তৰে পাণ্ডবে যে কাম্যক বনত।সৰস্বতী নদী তীৰে দুহানাে মধ্যত।একদিনা সত্যব্রত যুত ধৰ্ম্মৰাজ।অৰ্জ্জুনক মাতি গােপ্যে বুলিলন্ত কাজ ।শুনা বাপু ধনঞ্জয় আলােচি বেকতে।ব্যাস মহামুণি আসি বুলিলা সমস্তে ।দুষ্ট দোৰ্য্যোধন শুনা শকুনি সহিতে।কর্ণ দুঃশাসন সমে আলােচয় নিতে ।হ্রেয় বৎসৰ সাঙ্গ ভৈলে দুৰাচাৰ।সুখে ৰাজ্য কদাচিত নেদিবে আমাৰ ৷৷ধৃতৰাষ্ট তাত তাৰ নুবুজিবা চিত্ত।হৃদয়ত বিষ ঘট মুখত অমৃত।আমাক নিকালি ছলে পাঠাইলেক বন।সেহি ধনে জনে বৰ ভৈলা দোৰ্য্যোধন।
——————————————————ধন ধান্য গ্ৰাম ভূমি যেহি লাগে যাক।দিয়া থৈয়া বশ্য কৰে সকলাে প্ৰজাক।।খুড়া মােমা জেঠা যত ভাৰত বংশৰ।ধন লােভে বশ্য ভৈল সবে কৌৰবৰ ।।আমিও দৰিদ্ৰ ভৈলাে ৰাজ্যভাৰ এড়ি ।বিধিয়ে কপালে লিখিলে দু:খি কৰি ৷।ভূবিশ্ৰবা ভগদত্ত বাহ্লিক প্রভৃতি।বিদূৰ খড়াত বাজে সবে তাৰ ভিতি৷।সবে মিলি আলােচ কৰয় নিৰন্তৰ।নিদিবেক ৰাজ্য ঘােৰ মিলিবে সমৰ ।৷তেহ্ৰয় বংসৰ মানে সাঙ্গ ভৈলে কাজ।আমিও নেড়িব সুখে আপােনাৰ ৰাজ ।।কুৰু পাণ্ডব যুদ্ধ মিলিবে ডাঙ্গৰ।হৈবেক ভাৰত যুদ্ধ প্রজা ক্ষয়ঙ্কাৰ ।।দিবাক যি জনে পাৰে তাৰ ৰজে দণ্ডি ।শ্ৰীমন্তৰ ভিতি বলবন্ত উগ্ৰচণ্ডী।।নিৰ্দ্বনী জনক কোনে কৈত শােধে তাক।ধন লোভে তাৰ হুয়া যুঝিবে আমাক ।।ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ কৃপ দুঃশাসন।একৈকে জিনিবে পাৰে তিনিও ভূবন ।।
——————————————————সবে মহাৰথী অতিশয় বুদ্ধিমন্ত।অতি কায় অতি বীৰ অতি বলবন্ত ।।ইন্দ্র যম বায়ু সম সবে ধনুৰ্দ্ধৰ।দিব্য অস্ত্র জানে সবে সকলাে দেবৰ।দেবাসুৰ নাগ যক্ষ দৈত্য দানবক।ব্ৰহ্ম অস্ত্রে সংহৰিবে পাৰে জগতক।।সবাতাে অধিক দেখাে কর্ণ শকুনিক।কোপীত কালান্ত ঘেন কালদগ্ধ বিষ ।।পৰ্ব্বতকো ভেদে তাৰ একো শৰ ঘাৱে।সপােনতে ভয় মােৰ লাগে তাৰ নাৱে।কৌৰবৰ হুয়া জানা প্রাণ উছৰ্গিব।অগনিক কাম্প দিয়া আমাক যুঝিব ।।আমাৰ বিপক্ষ আনাে ৰাজাগণ যত।শৰ্ম্মা মাগধ জয়দ্রথ ভগদত্ত।।সবেও যুঝিবে আসি কৌৰবৰ হুই।তাৰা সব শৰে এবে আমি সব নুই ।।দুই সে প্রকাবে আবে হােৱে পৰিছেদ।ব্যাসে কহিলন্ত মােত সবে তত্ত্ব ভেদ।।আমাৰ সহাই সবে তােমাত গৰব।ইন্দ্ৰত গৰব যেন দেবগণ সব।।
যেন মতে হও দুঃখ সাগৰৰ পাৰ।আমি ভবা নাৱ, বাপ তুমি সে কাণ্ডাৰ ৷৷উপায়েক বোলো বাপু শুনা মােৰ বাক।আপনাকে দৃঢ় মানি নিছিন্তি নাথাক।এহি বনবাসে আপোনাৰ কাৰ্য্য সাধা।উতৰ দিশক গৈয়া ইন্দ্ৰক আৰাধ।ইন্দ্র তুষ্ট ভৈলে ন্ট হােৱে দেবলােক।ব্যি অস্ত্র আছে মানে সবে দিবে তােক।এতেক কাৰ্যক বাপু হেলা নকবস।তবে কৰ্ণ শকুনিক জিনিবে পাৰস।ব্যাসে দিলা ৰোগমৰ শুনা কহাে তাক।এহি শুভক্ষণে বাপু চলিয়ো স্বৰ্গকতোমাৰ প্ৰসাদে তৰো দুৰ্গতি সাগৰ ।থাকোক সুকীৰ্তি যাৰে দিবাকৰ ।ধম্মৰ বচন হেন শুনা সব্যসাচি।খানিতেক বিমৰসি মেখে আছি ।উৰ্দ্ধমুখ কৰি পচে চাহিলা আকাশ।কৌৰৱক চিন্তি পাচে ত্যজিলা নিশ্বাস ।প্রণামি বোলন্ত দদা চলিলোহো হেৰযথাত আছন্ত দেৱ ঈশান বুবেৰ।।
এহি বুলি লৈলা হাতে ধনু টোন বাণ।স্বস্তিকাদি বাক্য পাচে বুলিলা ব্ৰাহ্মণ।।ভনিলা কংসাবিপদ এড়া আনকাম।পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।
অগ্নিক প্ৰণাম, কৰিয়া অৰ্জুন,প্ৰদক্ষিণ সাত বাৰ।ধৌম্য পুৰুহিত, সহিতে বিপ্ৰক,কৰিলন্ত নমস্কাৰ।।ধৰ্ম্ম ভীম দুইৰো, চৰণে নমিয়া,আশ্বাসিয়া দ্ৰৌপদীক।মাদৃসুত দুইকো, বচনে সাদৰিচলি গৈলা উত্তৰক।।দ্ৰৌপদী অশেষ, মঙ্গল কৰিলা,দ্বিজগণে আশ্বাসিলা ।৷আকাশত দেবে, দুন্দভি বজাইলা,দিব্য পুষ্প বৰসিলা ।।পাৱত সন্নহা, চড়াইলা অৰ্জ্জুন,হাতত ধনু গাণ্ডীৱ ।
পিঠিৰ ওপৰে, অক্ষয় দুই টোন,জপি যাও সদাশিব ৷৷ছাড়িলা বিস্তৰ, পৰ্ব্বত কন্দৰ,নদী নদ অপৰ্য্যন্ত।মনুষ্যৰ তাত, সমাগম নাই,ধৰিলা নিৰ্জ্জন পন্থ।।শাল তাল বেল, সৰল পিয়াল,খৰ্ভ্ভুৰ কনক চম্পা।অমাৰি গমাৰি, ডিম্ৰু পাকৰি,সেফালিকা বাজ চম্পা।।দূৰ্গম গহন, বৃক্ষলতাগণ,অসংখ্যাত বেত বাংস।দিবা ৰাত্ৰি সন্ধ্যা, একোকে নজানি,ৰবিৰ নাহি প্রকাশ।।হাতত গাণ্ডীব, একেশ্ববে যান্ত,হিমবন্ত গীৰি ঠাই।সিংহ ব্যাঘ্র দৈত্য, ৰাক্ষস পিশাচ,দূৰতে দেখি পলাই।।
———————————————অনেক দিনৰ বাট চাড়ি দূৰ্গপস্থএকদিনে পাইলা গৈয়া ৰাজা হিমবন্ত।।নানা ধাতু ৰত্নে গীৰি কৰে জাতিস্কাৰ।যাহান্তে যােজন হৱে অনেক হাজাৰ ।।নানা ৰত্নে কান্তি চন্দ্র সূৰ্যৰ জেউতি।জলৈ মহৌষধিগণ নাহি দিন ৰাতি।।তথা হন্তে গঙ্গাদেবী পবন্ত তহিত।তীৰ্থৰাজ ব্ৰহ্মপুত্র বহন্ত লােহিত।।আনাে অসংখ্যাত যত বহে নদী নদ।দেব দিব্য দীঘি সব তাত বিদগদ ॥বিচিত্র কন্দৰ সব বসে সমুন্নত।নানাপক্ষী নাগগণ মুখ সুশােভিত।।যুথে যুথে হস্তীসবে চৰে ৰাত্ৰি দিনে।সিংহ সৰভ ব্যাঘ্ৰ বৰাহ হৰিণে।।ভালুক বানৰ সব মহিষৰ পাল।চামৰীয়া পশু চলে অসংখ্য়াত পাল।।জাকে-জাকে কৃষ্ণসাঁৰ দেখিতে অসংখ্য।পালে পালে শশী গান্ধ গড় লক্ষ লক্ষ।।হেমন্ত পৰ্ব্বত যত গীৰিত প্রধান।সিধা মুনি গন্ধৰ্ব্ব যে দেবতাৰ স্থান।।
———————————————মন্দৰ শিখৰ তাত আতি মনোৰম।সন্নিহিতে গঙ্গা বহে বিচিত্ৰ উত্তম।।নানাবিধ তৰুলতা ফল ফুল বন।বাৰমাসে পাই তাত যাৰ যিবা মন।।তাক এড়ি অৰ্জ্জুনে যে যাহান্তে আছন্ত।ৰহ ৰহ আকাশি বচন শুনিলন্ত।।সচকিতে দশোদিশে চাহান্তে অৰ্জ্জুনে।কৈত কিবা ৰহ ৰহ বুলিলন্ত কোনে।।নিৰ্জ্জন বনত গম্য নাই মনুষ্যৰ।কি হেবা মাতিলে দেব যক্ষ নিশাচৰ।।এহি বুলি আগ পাচ চাহন্তে পৰ্ব্বতে।দেখিলা ব্ৰাহ্মণ গুটি অশ্বস্থ মূলতে।।অৰ্জ্জুনক চাহি হাসি বুলিলা ব্ৰাহ্মণে।কোথা হন্তে কিসক ফুৰাহা বনে বনে।।তপসীৰ বেশ দেখো লগে ধনুঃশৰ।অনুমানে বুজু তুমি ৰাজাৰ কোঁঞঁৰ।।যদি তপ কৰা ধনুশৰে কিবা কাজ।যদি যুদ্ধখোজস যুদ্ধৰ নোহে ৰাজ।।মহাঋষিগণ আত সবে সাধুবৰ্গ।আতে থাকি তপ কৰি সাধে সাতো স্বৰ্গ।।
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻আমাৰ বচন শুনা এৰা ধনুঃশৰ।যিবা মনোবাঞ্চা তুমি লোৱা সেহি বৰ॥অৰ্জ্জুনে বোলন্ত গুৰু প্ৰণামো চৰণ।সাক্ষাততে বিষ্ণু তুমি পবিত্ৰ ব্ৰাহ্মণ॥বচনে সপিবে পাৰা দিবে পাৰাধন।শুনিওক যি কাৰণে ধৰো ধনুৰ্ব্বাণ॥হও ক্ষত্ৰ জাতি আমি স্বভাবে দাৰূণ।পাণ্ডুৰ তনয় মোক বোলয় অৰ্জ্জুন॥বিস্তৰ কথাক কিবা কহিবো বিশেষ।যদি বৰ দিবা মোক দিয়া উপদেশ॥যেন মতে ইন্দ্ৰ হন্তে দিব্য অস্ত্ৰ পাও।কহিও উপায় গুৰু আৰাধিবে চাও॥ব্ৰাহ্মণে বোলন্ত বাপু শুনা ধনঞ্জয়।মই ইন্দ্ৰ আসি আছো জানিবা নিশ্চয়॥দিও বৰ লোৱা মনে বাঞ্চা কৰা যাক।অৰ্জ্জুনে বোলন্ত অস্ত্ৰ দিওক আমাক॥ইন্দ্ৰে বুলিলন্ত বাপু অস্ত্ৰে কি কৰিবা।অকাৰণে মহাঘোৰ যুদ্ধক লভিবা॥আগে যুদ্ধ কৰি মহাদুঃখে লৈবা ৰাজ।পাচে যজ্ঞ কৰি স্বৰ্গ পাইবা এহি কাজ॥
প্ৰাণী হিংসা যুদ্ধকৰ্ম্ম নিন্দে সাধুবৰ্গ।নলাগয় অস্ত্ৰ আহা এহি মতে স্বৰ্গ ।।
অৰ্জ্জুনে বোলন্ত মোক নালাগে নালাগে স্বৰ্গস্বগত বা কৰিবোহো কিস।ধৃতৰাষ্ট্ৰ, নৃপতিৰ শত পুত্ৰ জীবে মানেঅমৃত মোহোৰ মনে বিষ||দোৰ্য্যোধন ৰাজা ঐত সুখে ৰাজ্য ভূঞ্জিবেকসুখে কৰ্ণ জীবেক শকুনি।চাৰি ভাইক এড়ি সেবে একলে স্বৰ্গক যাওলোকে মোক কি বুলিবে শুনি।।আজি কালি কৰি তথা বাট চাই থাকিবেকদিন বাৰ গতি নিতে নিত।অস্ত্ৰশিখি নজাও যেবে বনত মৰিবে তেবেমোহোৰ বিৰহে শোকাগ্নিত।।কৌৰবৰ শতভাই সমবত এক ঠাইযাবে পিণ্ড নেদো শকুনিৰ।আছোক স্বৰ্গক এড়ি ইন্দ্ৰ পদ নলাগয়কৰ্ণৰ নাকাটো যেনে শিৰ।।
ইন্দ্ৰে বুলিলন্ত বাপ এৰা মহা হৃদিতাপপৰীক্ষা কৰিলাে কথা শুন।উপায়েক বােলাে কৰ, সকল পাতক হৰ,শঙ্কৰক আৰাধা অৰ্জ্জুন।।তােক আসি ত্ৰিলােছনে তুষ্ট হুয়া তেতিক্ষণেদেখা দিবে জগত ঈশান।শুদ্ধ হুই স্বর্গে যাইবা দিব্য অস্ত্র তথা পাইবাএহি বুলি ভৈলা অন্তর্ধান ।।অৰ্জ্জুনে তহিতে ৰই গঙ্গাৰ তিৰক গইঅশ্বস্থ বৃক্ষৰ মূলে চাপি।ভিণ্ডী একপাতি সম পৰত ব্যাঘ্ৰ ছৰ্ম্মমৃত্তিকা শঙ্কৰ তাতে থাপি।।পূজাব সম্ভাৰ যত বিছাবিলা পৰ্ব্বততফল মূল বেল দূৰ্ব্বাপাত।হাইঠা ভখৰা ভেৰা কণক ধতুৰা এৰাশঙ্কৰৰ প্ৰীতি যা’ত যা’ত।নিবীড় অৰণ্যে বসি এক মনে ধ্যান কৰিপুজন্ত জপন্ত শিব নাম।ফুৰি ফুৰি মন্ত্ৰপঢ়ি প্রণমিয়া পড়ি পড়িদণ্ডবতে কৰন্ত প্রণাম ॥
ক্ষণে উঠি গীত গান্ত মুখে ডিব ডিব বা'ন্তহাসন্ত ভূতেও চিবাই বুলি ।অনেক ভকতি ভাৱে ধুলায়ে ধূসৰ গাৱেনাছন্ত দুহাতে তুলি তুলি ।
————
এহি মতে পাণ্ডু তনয় অৰ্জ্জুনহবক আবাধি তাত ।কবিলা তথাত ব্ৰত ষড় ৰাত্ৰপাৰণ লেখা নপাও ।।পক্ষ উপবাস ব্ৰতক আছৰিভৈল কত দিন মান ।ষোড়শ দিনত পাৰণ কৰন্তগণ্ডুষেক জলপান ।।পাচে কতো কাল আছিলা অৰ্জ্জুনপূৰ্ণ মাস উপবাসে ।।বায়ু ভক্ষী ব্ৰত পাৰণা কৰন্তস্বৰ্গক যাইবাৰ আশে।।অনন্তৰে তপ কৰম্ভ অৰ্জ্জুন
উৰ্দ্ধ কৰি বাহূ দুই ।
————————————————শুণি আছো দূৰাছাৰ কৰস গঞ্জাৰ।সেহি দোষে আজি তোৰ মুচৰিবো ঘাঁৰ।।মাথাৰ ওপৰে তোৰ যম কাল নাছে।মোৰ ঘোৰ অস্ত্ৰে ঠাই কৰি বধো পাছে।।কিৰাত বদতি তই মৰিতে বাঞ্চস।শৰহনা বৰাহক খেদিয়া মাৰস।।হাক দিলো তপসী মাৰস গৰ্ব্ব কৰি।বৰাহৰ লগে তোক কৰিবো,অন্তৰী।।হাসিলি তপসী খৰীয়া দেখি মোক।আসে যদি ইন্দ্ৰ তাতো ৰাখে কোনে তোক।খৰীয়া কিৰাতৰ আজি বুজা কেনে বল।জীবাক খোজস যদি পশু এড়ি চল।।অৰ্জ্জুনে বোলন্ত থাক ইতৰ কছাৰি।নষ্ট দুষ্ট পাপীষ্ট অধম গৰ্ব্বকাৰী।।তোক লাগি ইন্দ্ৰ দেবে আসিবন্ত সাজি।মোৰ আগে কেন মতে পশু নিবি আজি।।বনৰ বানৰ সমে থাকস ওছৰে।সাপ বেঙ্গ খাই জীয় পৰ্ব্বত গহ্বৰে।।উদৰ মুখত যেন কৰ্পুৰৰ বাস।ফেঞ্চা কি জানস ৰাজহংসৰ বিলাস।।
নিস্কিঞ্চ টিপচী গৰুড়ক দেই ধাৰ।সাস্থূৰীয়া চাগে সাগৰৰ হােৱে পাৰ।।বাসুকি সৰ্পৰ-হাতে ভাঙ্গিলস দান্ত।কোপীত সিংহৰ গাৱে বিচাৰস আন্ত।।কালে তােক গ্রাসিলেক গৰল বিষ খাস।অগ্নিত পতঙ্গ যেন মৰিবাক চাস ।গাণ্ডীব ধনুক মোব নতু পাস যােৰ।যমৰ থানত পাট মলচিল তােৰ ।।এহি বুলি ধনুখান কৰিলা টঙ্কাৰ ।কিৰাতে বােলন্ত বল বুজু আজি তােৰ ।।দেখন্তে তপসী জণ্টা বা চাল গা’ত।সেন্থৰে নেড়িবো মই জঁটীয়া কিৰাত ।।থাকি এহি পৰ্বতত শাক আলু খাও।খৰৰ খজতি আজি কিছু পলুৱাও।।গৰ্ব্বীত বছন হেন শুনি কিৰাতৰ।ধনুত অৰ্জ্জুনে আনি যােড়ে পঞ্চে শৰ ।৷মাৰস তপসী তই তাহাকে সে চাওঁ।বিষ্টৰ দিবস যঝিবাক নাহি পাওঁ ।।লহ লহ জিহ্বা খান বৈৰী নিপাতক।মাৰিলা অৰ্জ্জুনে পাঞ্চশৰ কিৰাতক।।
পদ বৃদ্ধাঙ্গুষ্টি আগে যে ৰহিয়াথাকিলন্ত ভূমি চুই॥শীত বাত বৃষ্টি সহি অবিশ্ৰান্তদুঃখ বড় আসৰীষে।মাথাত পিঙ্গটা ভৈল পঙ্গ জটাধুম্ৰ বৰ্ণ দেহা ক্লেশে॥নিয়ম যতনে কায় বাক্য মনেনাশা চক্ষু দান্ত কৰ্ণ।কেবলে হৰত একছিত্তে আতিলাগিলা মনে ধিয়ান॥মুখৰ অগণি ঝাকে বাহিৰাইদশো দিশ ধুম্ৰ ময়।অৰ্জ্জুনৰ হেন তপক দেখিয়াদেবগণ ভৈলা ভয়॥ইন্দ্ৰ ছন্দ্ৰ সুৰ্য্য নৈৠতি পবনকুবেৰ যম বৰুণ।সবে বোলে জানো মোৰ পদ কাঢ়িলৈবাক খোজে অৰ্জ্জুন॥কৌতূকে আছন্ত জগত ঈশানপাৰ্ব্বতী দেবী সহিত।
আগত নাৰদ দিব্য বিনা বাইগাৱন্ত কৃষ্ণ ছৰিত।দেব ঋষিগণ যতেক দেখিলাকেহো নুবুজিলা আশ।সবে আলোচিয়া কৈলাস গিৰীকগৈলা শঙ্কৰৰ পাশ॥ভয়ে দেব গণ চাপৰি চাপৰিপ্ৰণামিলা জানু শীৰ।কব যোড়ে সবে শঙ্কৰ গোঁসাইৰআগত দিলে গোছৰ॥অৰ্জুনৰ উগ্ৰ তপক দেখিয়াসবে ভৈলা মহাভয়।নাজানো তোমাত কিবৰ সাধয়পাণ্ডুপত্ৰ ধনঞ্জয়॥আগে যিবা আছে জানয় সকলেপৃথিবীৰ ৰাজা তাত।আৰু কোন কাৰ্য্য সাধিবাক প্ৰতিআছৰে তপস্যা ব্ৰত॥কিবা ইন্দ্ৰপদ কাড়ি লৈবে খোজেদেবতাৰ অধিকাৰ।
আপুনি মহেশ জানিয়া অশেষপ্রভু কৰা প্রতিকাৰ।।——————
দেবতাৰ হেন বাণি শুণি বঙ্গে শূলপানীহাসি হাসি বুলিলা দেবক।আক আমি জানােভালে দেবতাৰ অধিকাৰনলৈবেক নলৈব স্বৰ্গক।।তুমি সবে দেবগণ নুবুজিলা তাৰ মনকি কাৰণে কৰে উগ্ৰতপ।কাৰ্যক নপাইলা শুধি হৰু ৱাইলা শ্রুতি বুধিলেজুক দেখিয়া বােলা সাপ।।অৰ্জ্জুনৰ কাৰ্য্য সবে আজি মই সোধো গইতোমা সব যােৱা নিজস্থান।এহি বুলি দড় দড়ি বৃষভ ৰাহনে চড়িচলি গৈলা জগত ঈশান ।।লগত পাৰ্বতী দেবী অৰ্জ্জুনক চাও বুলিছৌষষ্টি যােগিনী লৈয়া সঙ্গ।চলি গৈলা হৰগৌৰী বৃষভ বাহনে চড়িঅতিশয় কৰি মহাৰঙ্গ ।।
এক দুই তিন হাত কাৰো ভৰি পাঞ্চ সাতদীৰ্ঘজঙ্ঘা উৰু দুই চুটি।কাবো কাণ এক খান কঙ্কুল খানৰ মানভূমি চুই লড়ি যাই লুটি।।কত ৰোম গৈয়া চড়ি গুলৈ পেট যুৰুণ্ডিয়াহীয়া দেহা ছএ নালপ্ৰাই।কাৰো দুইহাত খণ্ড উষ সৰা নালী গণ্ডকবন্ধ আকাৰ সীমা নাই।পলাই পশু পক্ষীগণ চাড়িয়া বিবৰ বনঅদভূত দেখি বিপৰীত।পৰ্ব্বতৰ নদী নদ দঢ়ে সব নিশৱদকাংসপৰি যেন গৈল জীম।।
বৈশম্পায়ণ নিগতি শুণা জম্মিজয়।পলাই পশুপক্ষীগণ শঙ্কৰক ভয়।।নন্দী ভৃঙ্গী আদি কৰি সকলো সেনাক।বিদূৰতে শঙ্কৰে বোলয় থাক থাক।।মনে আলছিলা মই একেশ্বৰে যাও।অৰ্জ্জুনৰ বলবীৰ্য্য জিজ্ঞাসিয়া চাও।।
মোহোৰ মায়াত যদি হৈবে পাৰে স্থীৰ।তেবে সে খাবে সিটো ভাৰ পৃথিবীৰ ৷।এহি বুলি বৃষভ যানৰ নামি হৰ।কিৰাতৰ বেশ ধৰি গৈলা একেশ্বৰ।।হেন দেখি পতিব্ৰতা দেবী ভগবতী।সেহি ৰূপ ধৰি লগে চলিলা পাৰ্ব্বতী।।চৌষষ্ঠি যোগিনীগণ লড়িলা লগত।কিৰাতৰ নাৰী যেন সবে সেহি মত।।হাতে ধনু শঙ্কৰ পিঠিত শৰ টোন।পশিলা যিস্থানে তপ কৰন্ত অৰ্জ্জুন।।চাপ চুপ দণ্ড খানি পাতো বুলি চলে।বাৰাহেক পাঠাইলা আগত মায়া বলে।।থুলন্তৰ চাৰি খৰা উৰু জঙ্ঘা চুটি।ভয়ঙ্কৰ পেট তাৰ ভূমি যাই লুটি।।উল্লসিলা লোমগণ সিঁহৰিলা গাৰ।অৰ্জ্জুনৰ আগে গৈলা পৰ্বত আকাৰ।।অৰ্জ্জুনে বোলন্ত দেখি জানিলো আভাষ।।বাৰাহ নোহয় ইটো মায়াবী ৰাক্ষস।একেশ্বৰ দেখিয়া খাইবাক খোজ মোক।শৰ হানি পাপীষ্ঠক পেশো যম লোক।৷
এহি বুলি হাতে তুলি লৈল। ধনুঃশব।গুণত ষুড়িলা আনি সৰ্প মুখ শৰ।।কিবাতে তহীতে আসি পাইলে ধনু ধৰি।সৰ্প সম শৰ ষুড়ি তাক লক্ষ কৰি।।অৰ্জ্জুনেও মাৰে শৰ লক্ষ কবি তাক।ডাক দিয়া কিবাতে দুৰতে দিলেক হাক।।কিৰাতৰ হাক ডাক অবহেলি মনে।বাবাহক এক শব মাৰিলা অৰ্জ্জুনে॥কিবাতে মাবিলা এক শৰ সেহি চেগে।দুইবো শৰ বৰাহত পবে একে লগে।।নিৰ্ঘাত সবদ ঘোব ভৈলা বিপৰীত।মায়াবী ববাহ মৰি পৰিলা ভূমিত।।পাঁচতে অৰ্জ্জুনে পাইলা কিৰাতক ভোট।দুই চক্ষু ঢ়েলা তাৰ গুলৈ হেন পেট॥উল্লাসিল দুই ওষ্ঠ নাক মুষ্টি কব।তাম্ৰ শলা যেন গোঁফ আঠ দশ চুব।।বিপৰীত মুখ যেন কুবিল খগবা।পিঠিত হাৰ্থীয়া খব আঙ্গলেক চৰা।।ঘাঁৰ কুঁজা পিঠি মেচা হীয়া খান খাল।আঙ্কোৱালি দুই হাতে নপাৱে কঙ্কাল।।
বেগেতেক বাঘ চাল টনা তিনি যোড়া ।মেহ্ৰাইবাক নাটে আনি লগাই আছে তৰা ।।টঙ্গণা টঙ্গণ আঠু গাঠি হাত পাৱ।দেখি অৰ্জ্জুনৰ ঘিনে সিহঁৰিলা গাৱ ।।নাৰীগণ পাঞ্চ সাত লগত চলন্ত ।কাণে মুণ্ডে গুঞ্জামণি উলুকা হাতত।।পীঙ্গলা নয়ন মাথে ঠিয় ঠিয় জটা ।কটিত মেখলা গাৱে বাঘ্ চাল ফটা ।।পীন স্তন উব্ধ জঙ্ঘা স্থূল দেহ গোৰা ।পিঠিত সবাৰো আছে শাক লোৰা কুৰা ।৷কিৰাতৰ নাৰী যেন সবে সেহি বন্ধে৷৷ফুটি যাই নাক কান গাৱৰ দূৰ্গন্ধে।৷হাসি হাসি কিৰাতক পুচিলা অৰ্জ্জুনে ।কোথা হন্তে কোন তুমি ফুৰা বনে বনে॥নাৰীগণ সঙ্গে দেখো তুমি একেশ্বৰ।সিংহে ব্যাঘ্ৰে খাইবে পাৰে ৰাক্ষসতো ডৰ।৷কিৰাতে বোলন্ত বাৰু ইকথা থাকোক ।পৰ্ব্বত নিবাসি আমি সবে নৰা লোক।৷.....পুৰুষৰ এহি নিজ গাঁও।......থাকি পহু মাৰি আলু খানি খাও৷।
যতেক কিৰাত তাৰ মই অধিকাৰী।লগত দেখস মানে মোৰ পটেশ্বৰী।।কোথেৰ তপসী অৰে পাপিষ্ঠ অধৰ্ম্ম।কপটে জঁতীয়া মিচা গাৱে ব্যাঘ্ৰ ছৰ্ম্ম।।শৰ হনা বাবাহক খেদি আনোমই।কিয় মোৰ বৰাহক মাৰ কৈৰ তই।।হাক দিলো তপসীয়া নুশুনিলি হাক।মৰিবাক খেদি দ্বণ্ড কৰ যমবাইক।।অৰ্জ্জুনে মনত কোপে চক্ষু পকাই চান্ত।কছাৰি গোটেও মোক ইসত চিবান্ত।।ঘিনে বান্তি আসে তোৰ গাৱৰ গন্ধত।আন কিছু নাহি জানো তোহোৰ মহত।।সথা নানয় তথা নথাকি ক্ষণেক।ধিক ধিক বিদেশক আসিলো কিশক।।ইতৰৰ আশাবেক সহীবো আছোক।দিবো সেকা আৰু যদি কিছু বোলে মোকসমোধি বোলন্ত ঐৰ বৰ্ব্বৰ কিৰাত।এতেক গৰ্ব্বক তই কম কাহত।।মোৰ বৰাহক আগে আছ শৰ কৰিকিশক মাস তই পাপীষ্ঠ কছাৰি।।
Comentarios
Cargando comentarios…