তৃতীয় আধ্যা
পাছে কতো দিনে, শ্ৰদ্ধা ভৈল মনে, ৰামচৰণৰ জনে।ঠাই ঠাই ঘোৰ কীৰ্ত্তন আছয়, কৰোঁ আনি এক খানে॥কতো আছে হাজো, দক্ষিণ-কুলতা কতো বৰনগৰত।কতো বৰপেটা, অসম ৰাজ্যত, কতোহো কালজাৰত॥বছৰেক মান ফুৰি একখান কৰিলা৷ ঘোষা কীৰ্ত্তন।মাধৱদেৱক পুনু দেখিবাক গৈলন্ত ৰামচৰণ॥
দেখি পুথিখান আনন্দিত মন, তাৱক্ষণে ডঠিলন্ত।শিবৰ ওপৰে, পুথিখান আতি আনন্দতে নাচিলন্ত॥বোলা উচ্চ কৰি, কেন উপকাৰী আমাৰ ৰামচৰণ।দেখা দেখা লোক, কহোঁ শুনিয়োক, পূৰ্ব্বে এহি পুথিখান॥পায়া সংসাৰক আমি পাশৰিলোঁ, ইটো থানে থানে গৈল।অংক এক থান কৰিবাক প্ৰতি পূৰ্ব্বে মোৰ মন ভৈল॥এতেকে ই ৰাজ্যে আইলোঁ, এক থান কৰিবাক নাপাৰিলোঁ।ৰমাচৰ্ণে আৰু এক ঠাই কৰি মোৰেসে কাম কৰিল॥এহিবুলি পুথি মেলি চাহিলন্ত, কৈত কোন কথা আছে।যৈত যিবা কথা শৈবে লাগে থৈছে, বিচাৰি দেখিলা পাছে।” দৈতাৰি।
Comentarios
Cargando comentarios…