চক্ৰধ্বজ সিংহ

"লাফ মাৰি পাবা ডেকা গছৰ তামোল,পুৰণি মদাৰৰ পাণ।দুখনি ঠগি শৰাইত সজাই-পৰাই,গণকক দিয়া দান। ”

"ওপৰ দিখৌৰে শিল-ঘঁৰিয়াবৰ পথাৰৰে জহা।ৰাজ ভঁৰালৰ সোণ খৰাহিৰে,দিয়ক বাইলুঙক বঁটা। ”

গীত।

প্ৰণয়ৰ স্বভাবেই চঞ্চল।ফটা কাপোৰ পাৰি বহে,( ধৰে) নতুনৰ আঁচল।পুৰণি মলঙি টেঙিল,নতুন পাগ উঠিল,কৰাল কুমলি গল,জোৰা শুলকিল।

গীত।

চত মহীয়া পকা ঔকেচিল কেচাৰ লগত,লাওপানীৰ জাপত পোখাওলাল শুকান গছত।গজপুৰীয়াৰ গজ-মুকুতাপোহৰ তিৰবিৰায়,গজপুৰীয়ানীয়ে লাগ টকা.হাটত বেচি পায়।

গীত।

" ধুনীয়া ঔ ধিন্দৌদৌৱা।তামাখু এচিলিম লগাই দিয়াঁ।গজপূৰ-পূৰ:অনীয়া,ডবা ধোৱাখোৱাকি কৈ বধিলা?মোৰে ধোৱাঁখোৱা,কি কৈ বধিলা কোৱা। "

গীত।

পুহ মহীয়া পকা আঙঠা কাৰো ভাগ্যত হয়।কাৰো ভাগ্যত আঠীয়া কল চেচা পানী, কয়॥কোনোৰ কপালত জাপৰ উম,কোনোৰ গছৰ তল।কোনো উঠে বৰ চাঙত,কোনো ৰসাতল।

গীত।

সাগৰৰ পানী জাক বান্দৰেদিনে ৰাতিয়ে খায়।

সগৰ ৰজাৰ তথাপি সাগৰতপানী চপ্ চপাই।কেৰ্কেটুৱাৰ পোৱালিয়েপকা তামোল পাই।ৰঙা দেখি কামুৰি মৰেদাঁত ভাগি যায়।

গীত।মৰমৰ চিন চেলেকা-চেলেকি,। তাৰ। সৰু ভায়েক চুমা।চুমা মৰিল বিঘিনিত পৰি,দদায়েক অহিল শুঙা।শুঙাক গিলিলে হামি-বাঘিনী,হুমুনিয়াহ ৰল দুৰত,চাই থাকি হাকুটি লগালে,মৰম লাগিল বুকুত।

বসৱতী কাঁচনমতী।ডেকাফুকনৰে বৰপৰিতি॥গজপুৰীয়া বাহী হল।নকুললৈ ভোমোৰী গল॥

“কানুৰ পীৰিতি বালিৰ বাঁধ।খণে হাতত জৰী, খণেকে চান্দ॥

(এই) বুঢ়াৰ পীৰিতি শিলৰ খুটি।পোতগৈ আছে পতাল ফুটি॥

ন মৰমৰ নতুন চোকেজিভা ডাকি যায়।পুৰনি চেনেহ পকা বহিব

সমান কতো নাই॥নিৰাশ নহবা পুৰণি প্ৰেমধৰ,কুঁহিয়াৰ-বাৰীৰ গিৰী।ভগা চকোৱা ৰাতি লোৱাঁ( আকৌ ) মৰমৰ দেখিবা চিৰী॥

গীত।

উঠা অসমীয়া উঠা কাছি পাৰি।ৰজা প্ৰজা উঠা বুকু ডাঠ কৰি॥অসম মাতৃৰ হকে কৰোঁ ৰণ।দেশ ৰক্ষা কৰোঁ কৰি প্ৰাণপণ॥

বঙালক বঙালক বঙালক মাৰোঁ।বঙালক সোণকোহ নৈ পাৰ কৰোঁ॥জয় ৰাম বোলোঁ;জয় হৰি বোলোঁ;

জয় জয় কৰি।খেদি নিওঁ বঙালক খেদি নিওঁ বঙালক,আহ, আহ, দূৰ কৰি॥

অসমৰ যোদ্ধাসব শুনা মোৰ বাণী।স্বদেশ স্বধৰ্ম্ম ৰক্ষা কৰিয়ো ঐসানি॥একো একো বীৰ তোৰা পৰ্ব্বত পৰায়।আছোক যৱন দেখি শমনো ডৰায়॥আগবাঢ়া শত্ৰুনাশা কৰি মসিমুৰ।

বিপক্ষ বাহিনী এতিক্ষিণে হৌক চুৰ॥পদৰ ভৰত মহী হৌক টলমল।দিল্লিৰ পাটচাৰ সেনা যাওক ৰসাতল॥তোমাসাৰ সুতীক্ষ্ণ শনাইত অস্ত্ৰ-বাৱে।উষ্ণীৰে সহিতে মুণ্ড উবোক ইঠাৰে॥প্ৰচণ্ড বায়ুৱে উৰায় তাল বৃক্ষ মুণ্ড।সেহিমতে শত্ৰু সেনা কৰা লণ্ডভণ্ড॥দেৱৰ নিবাস ইটো কামপীঠ ভূমি।তোৰা সব বীৰ আত আছাহা জনমি॥দোখোক প্ৰতাপ আজি সুৰাসুৰ লোকে।অসমৰ যশ যাওক বৈকুণ্ঠ গোলোকে॥মৰা-সিংহাসন আউৰংজীবৰ লৰোক।আতঙ্কত পাটচাৰ নিদ্ৰা নাআসোক॥উজীৰ নাজিৰ চুবাদাৰ সবে বসি।বখানক অসমৰ বীৰ্য্য় বিমবিবি॥দেৱাঙ্গনাসৰে শিৰে বৰবোক ফুল।“জয় জয় আসাম!” দুন্দুভি কৰোক ৰোল।হয়গ্ৰীৱ মাধৱে গ্ৰীবাক ভূলি ৰঙ্গে।আনন্দে হেঁসনি পাৰি মিলোক প্ৰসঙ্গে॥কামাখ্য়া গিৰিৰ উচ্চ শিখৰৰপৰা।ৰহিয়া আসোক আৰ্শীৰ্ব্বাদৰ নিজৰা॥

উমানন্দে মহানন্দে ত্ৰিশূলক ধৰি।তাণ্ডৱ কৰোক নৃত্য বম বম কৰি॥সন্ধ্যাচল পৰ্ব্বতত বসি সূৰ্য্য় দেৱে।অস্তমিত শত্ৰুবীৰ্য সংহৰিয়া লৱে॥ৰুধিব লোতকে তিতে পশ্চিম গগন।দেখা দেখা হেৰা অসমৰ যোদ্ধাগণ॥শুভক্ষণ ইটো আসি মিলিছে সাক্ষাত।হুঙ্কাৰ ছাড়িয়া শত্ৰু কৰাহা নিপাত॥

চেনেহী চেনেহী তেলৰ চুপি।শদিয়া খোৱা মৰে জুপি।শদিয়া আহিল বাট বুলি।চেনেহীয়ে তুলিলে পকা চুলি।

চেনেহা চেনেহীৰ তেলৰ চুপি।শদিয়া খোৱা মৰে জুপি ॥

মেওঁ! নহয় নে বাৰু?-“দুডাল সূতা এডালকৈ।লহ্ লহ্ কৰে নিয়ে বৈ॥বৰ বাই কেনেকুৱা কাজী।বেৰৰ জোলোঙাই চাই পঠিয়ালোঁ,ধৰিব নেজানে পাঁজী॥”

“মাকতকৈ জীয়েক কাজী।ঢেকীঠোৰাৰে বাটে পাঁজী।ঘৰপুৰিলে কৰাই ভাজি॥”

“আমৰ গছত ডাব নাৰিকল।তামোলৰ গছত বেল।দুটা হাতীয়ে আলচখন পাতিছে,এন্দুৰৰ গাটত মেল॥”

“লগ লৈ মৰিল বগ।যাউতীযুগীয়া অকলশৰীয়া,কত নো পাম গৈ লগ?”

“ওৱাক নিন্দে কোৱাই।পুঠি খলিহাক নিন্দে ভেৰ্ পেটী মোৱাই। ”

“ভিনিহী এ লৈ যা মোক।ফুলৰে হাঁচটি বৈ দিম তোক॥ফুলৰে হাচটি মাজতে ফটা।ভিনিহীৰ নাকটো গুৰিতে কটা॥শ’ৰা গছৰ সৰু সৰু পাত।আমাৰ ভিনিহীৰ ওলোৱা দাঁত॥”

গীত।

নিকুঞ্জ লতা সপোন মগন,বাঁহীৰ অমিয়া পি।বসন্তই বঢ়ালে সপোনৰ ৰাগিমূৰত হাত বুলাই দি।মলয়া বতাহে লতাটী জগালে,মেলিলে ফুলৰ চকু।জোনায়ে ঢালিলে সুধাৰ নিজৰা,উপচি পৰিল বুকু॥

শদিয়ালৈ নেযাবা, সত ফুল নেখাবা,কেচাপাতত নেবান্ধিবা লোণ।উপজিয়েই বলিয়া হয় কোন?

(গীত )অৰুণে বিলালে পূবক কিৰণ,মালতী মলয়াক মৌ।জনম দুখুনীৰ কি আছে বিলাব?হিয়া হে সমল থওঁ।মৌ-পিয়াই পিলে একেটুপি মৌ,আনন্দ উথলি ব'ল,

হিয়াৰ দেৱৰ চৰণ দুটীকগীতেৰে ঢুৱাই গল।

“ভাত খাই গল তপতে তপতে;খুটি থৈ গল চুকত।যাবৰ বেলিকা মাত নলগালে,কথাটো ৰৈ গল বুকত। ”

(গীত)

(১)

আমি নহওঁ পৰাধীন,অসম শ্ব-অধীন,

বঙাল কাটি খাস্তাং কৰিম,টাক্ ধিনা ধিন্ ধিন্!(২)আমি অসমীয়া জাতি,যুজত নাইকিয়া ঘাটি,বেলিৰ দৰে দিন পোহৰাম,জোনৰ দৰে ৰাতি।(৩)আমাৰ ৰজা চক্ৰধ্বজ,আমি প্ৰজা দিগগজ,লাচিত ফুকন, আমাৰ ৰতন,টাক্ ধিনা ধিন্ ধিন্।

(গীত )সোণৰ আসামত আমাৰ জনম,সোণৰ মাটি পানী।আসামত মৰি ধইন হম,আসাম আমাৰ ৰাণী।

আসামৰ আকাশ, আসামৰ বতাহ,আসামৰ কোমল কোলা।জনমে জনমে আমাৰ হওক,“জয় জয় আসাম” বোলাঁ!

(কীৰ্ত্তন)

"বঁধুৱা কি আৰ কহিব আমি।জীবনে মৰণে জনমে জনমেপ্ৰাণনাথ হৈয়ো তুমি।তোমাৰ চৰণে আমাৰ পৰাণেলাগিল প্ৰেমেৰ ফাঁসী।মন প্ৰাণ দিয়ে সব সমপিয়েনিশ্চয় হইসু দাসী।

একুলে ওকুলে দুকুলে গোকুলেকে আৰ আমাৰ আছে।ৰাধা বলে আৰ শুধাইতে নাহিদাঁড়াতে আমাৰ কাছে। ”

(গীত)(যদি) প্ৰাণত নুঠিল প্ৰণয় হিল্লোল,অন্তৰত অনুৰাগ,প্ৰেমৰ প্ৰতিমা হিয়াত নাথাপিলা,মিছা সেই পূজাভাগ।আনন্দৰ লোৰে চকু নিতিতিল,হাঁহিত অৰুণ ৰেখা,তেন্তে প্ৰিয়তম, মিছা শ্ৰম কিয়?আৰু মোক নিদিবা দেখা।মৰম কৰোতে যদি পোৱা দুখ,মৰমে এৰক প্ৰাণ।

মৰম-ভচমত প্ৰেম উপজিব,পুনু হিয়া লব দান।ওৰে ৰাতি প্ৰিয় থাকিম উজাগৰে,শোক-শৰাসন পাতি।অন্তৰ মথক আশা নিৰাশাই,পুৱাব দীঘল ৰাতি।

( গীত)

মৰম দোলেৰে বান্ধি দুটি ভৰি,হেচুকি বুলিছা কটু।চেনেহ-চাকিটি হিয়াত লুকাই,অন্ধলা কৰিছা চকু।খোৰা কণা কৰি দূৰলৈ ঠেলিছা!নিঠুৰ প্ৰেমৰ বিধি।জুইত প্ৰাণ সঁপি চগাই সুখ পায়;তাতেই হে চগাৰ সিধি।

(গীত)(১)সোণ বৰণীয়া কেতেকী ধুনীয়া,গোন্ধত আমোল্-মোল্,পদুম বুলি পৰি বন্দী হল ভোমোৰা,কি ভুল! কি ভুল! ভুল!(২)কণা কৈলে ৰেণু, কেনেকৈ উৰিবি,কাঁইটে বিন্ধিলে পাৱ।সুখ-সৰোবৰ পাৰি দি যাওঁতেমাড়তে বুৰালি নাও!(হেৰ ভোমোৰা) মাজতে বুৰালি নাও!

(গীত)

“পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰোঁ মই,লতা বগাবলৈ টান।সৰুটী সোণাইক ভুলাব পাৰোঁ মই,তোমাক ভুলাবলৈ টান। ”

Comentarios

Cargando comentarios…