গীতা-তত্ত্ব
তত্ত্ব-কথা
শোক- মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈল দেখিপৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দন।কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ।।
কুতস্তা কশমলমিদং বিষমে সমুপস্থিতম্।অনাৰ্য্যজুষ্টমস্বৰ্গ্যমকীৰ্ত্তিকৰমৰ্জ্জুন।।ক্লৈব্যং মাস্ম গমঃ পাৰ্থ নৈতত্ ত্বষ্যুপপদ্যতে।
ক্ষুদ্ৰং হৃদয়দৌৰ্বল্যং ত্যক্তোবাত্তিষ্ঠ পৰন্তপ।।
তুমি প্ৰাণপ্ৰিয়তম সুহৃদ পৰম দেৱপ্ৰাণপ্ৰভু পীতাম্বৰ এ,তুমিসে কেৱলে আত্মাৰ মোৰ।তোমাক নাজানি জড় মিচা শৰীৰক মই
প্ৰাণপ্ৰভু পীতাম্বৰ এ,
আত্মা বুলি ভৈলা সেৱাচোৰ,আত্মা বুলি ভৈলো সেৱাচোৰ,প্ৰাণবন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ।দুৰ্ব্বাৰ দুঃসঙ্গ দুৰ্ব্বাসনা দুষ্ট,হৰি হৰি হৰি হৰি এ,অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।অনাত্মা দেহক আত্মা বুদ্দি কৰিহৰি হৰ হৰি হৰি এ,
সেৱ পৰিহৰি সি সুখে বৈলো বঞ্চিত।
ন কৰ্ম্মণামনাৰম্ভন্নৈষ্কৰ্ম্ম্যং পুৰুষোহশ্বুতে।
ন চ সংন্যসনাদেৱ সিদ্ধিং সমাধিগচ্ছতি।। (গীতা)
তস্মাদসক্তঃ সততং কাৰ্য্যং কৰ্ম্ম সমাচৰ।
অসক্তো হ্যাচৰন্ কৰ্ম্ম পৰমাপ্নোতি পুৰুষঃ।।
ভিদ্যতে হৃদয়গ্ৰন্থিশ্ছিদ্যন্তে সৰ্ব্বসংশয়াঃ।ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন্ দৃষ্টে পৰাবৰে।।
(মুণ্ডকোপনিষদ)
দেহত যাৰ নাহি অহঙ্কাৰ।
তাহাৰ কৰ্ম্মত নাহি বিচাৰ।। (শঙ্কৰদেৱ)
দুই
ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবিঃ ব্ৰহ্মাগ্নৌ ব্ৰহ্মণা হুতম্।
ব্ৰহ্মৈব তেন গন্তব্যং ব্ৰহ্মকৰ্ম্মসমাধিনা।। (গীতা)
তুমি পৰমাত্মা জগতৰ ঈশ এক।একো বস্তু নাহিকে তোমাত ব্যতিৰেক।।তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
অজ্ঞানত মূঢ় জনে দেখে ভিন্ন ভিন্ন।।
মত্তঃ পৰতৰং নান্যত্ কিঞ্চিদস্তি ধনঞ্জয়।
ময়ি সৰ্ৱামিদং প্ৰোতং সূত্ৰে মণিগনা ইব।।
দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।
মামেৱ যে প্ৰদ্যনেত মায়ামেতাং তৰন্তি তে।।
ন মাং দৃষ্মৃতিনো মুঢ়া: প্ৰপদ্যন্তে নৰাধমা:।
মায়য়াপহৃতজ্ঞানা আসুৰং ভাৱমাশ্ৰিতাঃ।।
নাহং প্ৰকাশ: সৰ্ৱস্য যোগমায়াসমাবৃত:।মুঢ়োহয়ং নাভিজানাতি লোকো মামজমৱ্যয়ম।তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বজনে।তুমি আত্মা তোমাক নাজানে একোজনে।।সমস্ত ভূতৰে তুমি আছা হঋদয়ত।তত্ত্ব নাপাই তোমাক বিচাৰি বাহিৰত।।তুমিসে কেৱল সত্য মিছা সবে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।। (কীৰ্ত্তন)
তুমিহে কেৱল আত্মা মোৰ।তোমাক নাজনি জড় মিছা শৰীৰক মইআত্মা বুলি ভৈলো সেৱা-চোৰ,কিনো মই অজ্ঞানী দুৰ্ঘোৰ। (মাধৱদেৱ)আমি মূঢ়মতি ঘোৰ অবিদ্যা-সাগৰে মজি
তোমাক নাজানি ভৈলো দুঃখী।
স্বৰূপ নাজানি ভৈলো দুঃখী।।
ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰগুচয় মায়াৰ ভ্ৰম।ব্ৰহ্মপদে শুদ্ধ জীৱক বোলয়ঈশ্বৰ পৰমব্ৰহ্ম।
বীতৰাগভয়ক্ৰোধা মণ্ময়া মামুপাশ্ৰিতাঃ। (গীতা)
যক্ষ বক্ষ স্ত্ৰীশুদ্ৰ যত ব্ৰজবাসী।পক্ষী মৃগ বিষ্ণু ভৈল কৃষক উপাসি।। (কীৰ্ত্তন)সমস্ত ভুততে দেখিবেক নাৰায়ণআত পৰে আন ধৰ্ম্ম সবে বিড়ম্বন।।সমস্ত ভূততে ব্যাপি আছো মই হৰি।সবাক মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি।।কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম।
জানিয়া সবাক পৰি কৰিবা প্ৰণাম।। (কীৰ্ত্তন)
সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। (কীৰ্ত্তন)হৰিসে সবাৰো আত্মা বান্ধৱ ঈশ্বৰ।
সবাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত। (শঙ্কৰদেৱ)
কাঙক্ষন্তঃ কৰ্ম্মণাং সিদ্ধিং যজন্ত ইহ দেৱতাঃ।
ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভৱতি কৰ্ম্মজা। (গীতা)
যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
তেহপি মামেৱ কৌন্তেয় যজন্তবিধিপূৰ্ব কম।
মোক্ষ ব্যতিৰেকে লৈয়োক বৰ। বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ। (কীৰ্ত্তন)
ভয়াদস্যাগ্নিস্তপতি ভয়াৎ তপতি সূৰ্য্যঃ।
ভয়াদিন্দ্ৰশ্চ বায়ুশ্চ মৃত্যুধাৱতি পঞ্চঃ। — কঠোপনিষদ
পলায় জগতৰ মৃত্যু যি প্ৰভুক ডৰে।
যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চৰে।
হেন জগন্নাথ অনাথৰ নাথ দেৱ।
হৰি বিনে আৱৰ তাৰন্ত নাহি কেৱ।।
যোগিনামপি সৰ্বেষাং মদগতেনান্তৰাত্মনা।
শ্ৰদ্ধাৱান ভজতে যো মাং স মে যুক্ততমো মতঃ।
শুনি নৰসিংহে হাসিলন্ত।জানো তুমি ভকত একান্ত।তথাপিতো ইটো মন্বন্তৰ।হুয়া থাকা দৈত্যৰ ঈশ্বৰ।।সদায় শুনিবা মোৰ কথা।মোৰ ৰূপ চিন্তিবা সৰ্ব্বথা।কীৰ্ত্তনে পলাইবে পাপচয়।ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়।তোৰ যশে ব্যাপিবে জগতে।ৰাত্ৰি দিনে মোক সুমৰন্তে।সবে কৰ্ম্মবন্ধে হৈবা হীন।
অন্তকালে মোত যাইবা লীনা (শঙ্কৰদেৱ)
দৃঢ় ভকতি কৰি ছিণ্ডি মোৰ জৰী
কৰ্ম্মবন্ধে ভৈলা হীন।পায়া মহোদয় দেখি ব্ৰহ্মময়
কৃষ্ণতে গৈলন্ত লীন।। (শঙ্কৰদেৱ)
আমাক স্মৰিবা বাক্য মনে।মোৰ ধৰ্ম্ম কৰিবা যতনে।।সংসাৰৰ দোষে হৈবা হীন।
তেবে চিত্ত মোতে যাইব লীন।।
কোননো পণ্ডিতে এৰিয়া তোমাকআনক ভজিবে যায়।ভকতজনক আপোনাকো দিয়াজানো ইটো অভিপ্ৰায়।ভকতেসে প্ৰভু তোমাৰ বান্ধৱ
দিয়া মনোৰথ সিদ্ধি। (শঙ্কৰদেৱ)
ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়।
ভকতজনৰ জানা আমিসে হৃদয়।মই বিনা ভকতে নিচিন্তে কিছু আন।
ভকতৰ পৰে মই নিচিন্তোহো আন। (শঙ্কৰদেৱ)
যো মাং পশ্যতি সৰ্বত্ৰ সৰ্বঞ্চ ময়ি পশ্যতি।
তস্যাহং ন প্ৰণশ্যামি স চ মে ন প্ৰণশ্যতি।।
তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিবিশিষ্যতে।
প্ৰিয়োহি জ্ঞানিনোত্যৰ্থমহং স চ মম প্ৰিয়ঃ।।
সৰ্বোপনিষদো গাৱো দোগ্ধা গোপালনন্দনঃ।
পাৰ্থে ৱৎসঃ সুধীৰ্ভোক্ত দুগ্ধং গীতামৃতং মহৎ।
সকলে উপনিষদ ধেনু দোগ্ধা ভৈল তাৰ নন্দুসুততাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধিসকলে সন্তোষে পান কৰয়।। (ঘোষা)
Comentarios
Cargando comentarios…