ভাগৱত-তত্ত্ব
তত্ত্ব-কথা
নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।
সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱতশুক মুখে আসি ভূমিত ভৈল বিদিত।ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়াক ফল-অমৃত।।
পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
শুক নিগদতি পৰীক্ষিত যদি আমি নিগুণত স্থিততথাপি উত্তমশ্লোকৰ মহিমা গুণে।ককৰিলেক মোৰ বশ্য চিত্ত ভাগৱত গ্ৰন্থ বিপৰীতপৰম আনন্দে পঢ়িলো মই আপুনে।তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰমহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।
ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
যাৱজ্ঞাগৱতং নৈ শ্ৰুয়তেহমৃতসাগৰঃ।
ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নান মত
যত মহাজন সবৰ সভা মধ্যত।।পৰম আনন্দ ৰসময় কোটী সূৰ্য্যসম প্ৰকাশয়
মহা ভাগৱত নোহন্ত যাৱে বেকত। (ঘোষা)
ভগৱানপি তা ৰাত্ৰীঃ শাৰদোৎফুন্নমল্লিকাঃ
ৰীক্ষ্য ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।।
শৰত কালৰ ৰাত্ৰি আতি বিতোপন।ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্বদিশ হন্তে।কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে।।অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।কুস্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।দিলেক লৱৰ গীত-ধ্বনি নিৰীক্ষণে।।নিশম্য গীতং তদনঙ্গবৰ্দ্ধনং ব্ৰজস্ক্ৰিয়ঃ কৃষ্ণগৃহীতমানসাঃ।
আজগুৰন্যোন্যমলক্ষিতোদ্যমাঃ স যত্ৰ কান্তে জৱলোলকুণ্ডলাঃ।।
দুহন্ত্যোহভিযষ্ণু কশ্চিৎ দোহং হিতা সমুৎসুকাঃ।
পয়োহধিশ্ৰিত্য সংযাবমনুদবাস্যাপৰা যযুঃ।।
পৰিৱেষয়ন্ততদ্ধিত্ব পায়য়ন্তঃ শিশুন পয়ঃ।
শুশ্ৰষন্ত পতীন কাশ্চিদশ্নস্ত্যোহপাস্য ভোজনম্।।
কত গোপী যায় গাই দোহনক এৰি।আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি।।পিয়ন্তে আছিল শিশু তাহাকো নগণি।পতিশুশ্ৰুষাকো এৰি যায় কতোজনী।।কতো গোপী আছিল স্বামীৰ পৰশন্তে।
আধা ভুঞ্জা হুয়া কতো যায় লৱৰন্তে।
লিম্পন্তঃ প্ৰমৃজন্ত্যোহন্য অঞ্জন্তঃ কাশ্চ লোচনে।ৱ্যত্যস্তৱত্তৰভৰণাঃ কাশ্চিৎ কৃষ্ণান্তিকং যযুঃ।।কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন।পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ।হাতত নুপুৰ আৰে কঙ্কালত হাৰ।
কৰি বিপৰ্যয় পিন্ধে বস্তু অলঙ্কাৰ।।
তা ৱাৰ্য্যমাণাঃ পতিভিঃ পিতৃভিঃ ভ্ৰাতৃবন্ধুভিঃ।গোৱিন্দাপহতাত্মানো ন ন্যৱৰ্ত্তন্ত মোহিতাঃ।নিবাৰয় পতি পুত্ৰ ভ্ৰাতৃ আগ ভেণ্টে।গোবিন্দে হৰিল চিত্ত তথাপি নোলটে।বিমোহিত হুয়া সবে লৱৰে গোপিনী।
হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।
যাইবে নাপাই গৃহ মধ্যে কতো গোপীগণ।মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন।
অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ।
এৰি তনু তেখনে কৃষ্ণত গৈল লীন।
তমেৱ পৰমাত্মানং জাৰবুদ্ধ্যাপি সঙ্গতাঃ।
জহুঃ গুণময়ং দেহং সদ্যঃ প্ৰক্ষীণবন্ধনাঃ।।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।বিষ বুলি অমৃত পিলে যিটো নৰ।নুহিবে কি জানা সিটো অজৰ অমৰ।।যেনে তেনমতে মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকতে।
দ্বেষ কৰি শিশুপালে লভিল মুকতি।বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।উক্তং পুৰস্তাদেতৎ তে চৈদ্যঃ সিদ্ধিং যথা গতঃ।
দ্বিষন্নপি হৃষীকেশং কিমূতাধোক্ষজপ্ৰিয়াঃ।।
কামং ক্ৰোধং ভয়ং স্নেহম ঐক্যং সৌহৃদমেৱ চ।
নিত্যং হৰে ৱিদধতো যান্তি তন্ময়তাং হি তে।
ন চৈৱং ৱিস্ময়ং কাৰ্য্যো ভৱতা ভগৱত্যজে।যোগেশ্বৰেশ্বৰে কৃষ্ণ যত এতদ ৱিমুচ্যতে।ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত।
যাত হন্তে পাৱে মোক্ষ স্থাৱৰ পৰ্যন্ত।।
Comentarios
Cargando comentarios…