প্ৰতিমা
৬১ ও ৬২নং বৌবাজার ষ্ট্ৰীট, কলিকাতা;কুন্তলীন প্ৰেসেশ্ৰীপূৰ্ণচন্দ্ৰ দাস দ্বারা মুদ্ৰিত ও প্ৰকাশিত।
সন ১৩১৮ সাল।
হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমাভাষা নাই কিৰূপে বুজাওঁ !আগন্তুক সহস্ৰ চকুৰ অনুৰোধশক্তি নাই কিৰূপে এৰাওঁ ?“প্ৰতিমা প্ৰতিমা” ৰৱে ব্যাকুল কৰিলে,চাব খোজে হিয়াৰ বিকাশ।কুচিমুচি আগুৱায় দুৰ্ব্বল হৃদয়দিবলই এফেৰি আভাষ ।নিমাতী হিয়াৰ কিন্তু মাত পোৱা টানহৃদয় যে ইমান লাজুক !সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী—সমিধান দিয়াঁ আহি মোক ।আধা ফুটা আবেগৰ ইমান জুমুৰিদিলোঁ মেলি হৃদয় দুৱাৰযত ইচ্ছা দৰ্শকৰ চক জুমি জুমিভুলে যদি সন্তাপ মনৰ।
ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ—ৰচিলোঁ কল্পনা জখলা।সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁআকাশ কুসুম কমলা।মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গিহলোঁ যে মগন বিমনা।আৰাম ফটিকা জালে বিশ্ৰাম পাটীতপাতিলোঁ সুখৰ জল্পনা।পিছে হায়!কোনোবাই মোক যেন তললৈ পেলালেঅতল গভীৰ নজনা।সাৰ পাই চাওঁ যেন, সংসাৰ ৰাক্ষসহুতাশ, বিকট দৰ্শনাহেঁচা মাৰি ধৰি আছে উঠিব নিদিয়ে।যৰে তো মই ততে আছোঁ।নাই মুঠে সুখ আশা পলোৱা সপোনমই ওলটাব ধৰিছোঁ।যুজি চাই ৰাক্ষসেৰে পাৰোঁ যদি উঠোঁবুলি, ঘূৰি চিপ মাৰিছোঁ।
কি হল পৰাণ হায়! আছেই কি নাই,আকাশ কুসুম নেৰিছোঁ!হৰি! হৰি!মিছা ভাৱনাত কিয় শক্তি হেৰুৱাওঁপৰি হুমুনিয়া কাঢ়িছোঁ।বুলিলো মোহত যাক সংসাৰ ৰাক্ষসতাকেহে কুটুম মানিছোঁ।সাবটি বুকুত লওঁ, মিছা আশা এৰোঁমৰতৰ মৰণ আলয়।ঘূৰি আশা ইয়াতেই বান্ধো ইয়ালকেজীৱনৰ উদ্দেশ্য নিশ্চয়।খপিয়াবলৈ এৰি, একত আশ্ৰয়,শতমুখী এৰোঁ বাসনা।আকাশ কুসুম মলা সপোনত গঁথালোৱাঁ সবে মিলি দিগঙ্গনা।যেন নেপাহৰোঁ জীৱৰ জীৱনবিশ্বৰ মঙ্গল নিদান।যি কাম আগতে দেখোঁ মই, শিৱময়,সেয়ে মোৰ তো প্ৰমাণ।
কোনে জানে কিবা বিচাৰি আহিছোঁ,নিজেও নোৱাৰো কব।আপোনাৰ ভাৱ আপুনি নেজানো,নেজানো পিছে কি হব।কি কামত আহি কিহত ঘূৰিছোঁ?এফেৰি চিন্তাও নাই।বাট পথ এৰি ইমান ঘূৰোঁতেবাটো পাহৰিলোঁ হায়!লক্ষ্য ভ্ৰষ্ট নে কি জীৱনৰ দলি?উফৰি ত্ৰিভুবন দেখোঁ।ধেমালিতে আজি অত দিন গল!এতিয়া কি লেখ লেখোঁ।কিহে নো ভুলালে, কিহৰ ৰাগীতইমান বলিয়া হলোঁ।মোক সামৰিব কোন লগৰীয়া?মই যে অকলে ৰলো।
ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায়দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায় !প্ৰথম চুমাৰ ৰেখ নৌ পৰোঁতেইনিঠুৰ বিৰহে তাক মছিয়ে নিলেই ।হেঙুলি বিছেদ মেঘে আঁতৰাই ধৰেবিধিৰ লিখন হায় ! নলৰে নচৰে ।ই বজ্ৰ বাতৰি তই কত পুহিছিলি ?মিঠা মুখে মেঘ হেৰ শতুৰু শালিলি ।সন্ধিয়া আইটী হায় মুকলি চুলিৰেনীৰৱে এন্ধাৰ কৰি বিশ্ব পৰিহৰে ।যোৱাঁ আই যোৱাঁ আছে পছিম সাগৰবুৰ দি গুচোৱাঁ গৈ সন্তাপ ভাগৰ ।আজলী ছোৱালী, হায় সংসাৰ ধাৰনৌ ধাৰোঁতেই গল, ইচ্ছা বিধতাৰ !
ভুমুকি মাৰিয়ে হলি সংসাৰ বিমুখসংসাৰৰ বিহে তোৰ দহিলে হৃদয় !মৰম নোহোৱা হায় বাহিৰ সংসাৰঘূৰি চাবলকে তোৰ ভাল নেলাগিল ।দুৱাৰৰেপৰা উভতিলি ঘৰলৈকি দেখি নগল সত ওলাবলৈ তোৰ ॥মানুহে মানুহে হায় ! মৰম নেদেখিকোমল হৃদয় তোৰ গল পৰি জঁই ॥নিজৰ যি দুখ মাথোঁ নিজেই বুজিলিনগল যে মন তোৰ কাকো বুজাবলৈ,এনেই দুখীয়া দেখি সংসাৰৰ প্ৰাণীনেজাপিলি আৰু তোৰ দুখৰ কাহিনী ।কলেও দুখৰ কথা কোনে পতিয়াব ?নিঃকুটুমীয়া লোকে পুতৌ নেজানিব ।সেই দেখিয়ে নে তই এৰি গলি হায় !সংসাৰৰ ৰদে ভাপে পমিয়েই গলিনীচৈ কুমলীয়া তই স্নেহৰ পুতলি !বাৰীচুকে ৰিঙিয়াই ভাই লগে লৈধেমালিত মগ্ন তোক দেখিলে শুৱায় ।
গহীন সংসাৰ, মাত মাৰি থকা হায়কপট জীৱনে আই তোক নুশুৱায়।নিজে দিহা কৰি ললি নিজৰ জীৱনমুকলি-মূৰীয়া হৈ আকৌ ফুৰিবলৈপলাই মাৰিলি লৰ মহা ধেমালিলৈ;অনন্ত হাঁহিৰ ৰোলে বিশ্ব হাঁহিময়।ক্ষুদ্ৰ বান্ধ ছিঙ্গি পালি প্ৰাণৰ ধেমালি,চিৰ কুমাৰীৰ খেল খেদি থাকিবলৈপ্ৰাণৰ হেঁপাহ তই পাহৰি আছিলি।?যি ধেমালিৰ শান্তি তই ফুৰিলি বিচাৰি,তাকে যেন পাওৱ তাত যলৈ গলি আই।এফেৰি মৰম চিন মোৰ যে নিনিলিকিবা আছে আই মোৰ দুখীয়া হিয়াৰসাঁচিছিলোঁ মুকুতা ৰতন এটি তোলৈতাকে তোক দিলোঁ হয়—চুকপানী টুপিধনৰ ভিতৰে মোৰ এয়ে যি সম্বল!
নেপাহৰোঁ যেন এই শোকহিয়াৰ মাজত সদাই জ্বলোকচিৰ দিন দেখা পাম স্বৰ্গৰ আলোক!নেপাহৰোঁ যেন আই তোকদিলোঁ কত হায় পৰিতাপ শোকএটি এটিকে যেন পাহৰ সকলোক।পাহৰিব নোৱাৰোঁ নহয়!পাহৰিলি কিন্তু আমাক যে তই।কিয়! তয়োতো পাহৰিব নোৱাৰ নিশ্চয়।সি মৰম নোহোৱা হব নে?তোৰ যি মৰম আমি নুবুজোঁ নে?হিয়া তোৰ ভগা নাই বুলি কব কোনে!গলি তই হানি একো নাইতোৰ যে সলনি ৰাখিম জীয়াইই পবিত্ৰ শোক তোৰ যুগমীয়াকই।মৰম শিকাব তোৰ শোকেলেখৰ যি কিদিন থাকোঁ মৰ্ত্ত্য লোকেমানুহক ভাল পাম ভাবি আই তোকে,ক্ষেমিম সকলো চিন্তি তোৰেই মুখকে।
সংসাৰৰ উপেক্ষা ৰাশিয়েনাশিব নে শান্তি হৃদয়ৰ?বাটৰুৱা লোকৰ কথাতেভাঙ্গিবা নে আপোনাৰ ঘৰ?অভিমান ভৰা হৃদয়তবিন্ধিব তো উপেক্ষাৰ বাণে।আমি হেৰা নৰ সংসাৰতদাসৰো যে দাস, নেজানা নে?মিছা অভিমান, সুখ আশা,মিছা এই উপেক্ষাৰ ৰাশি।প্ৰেমৰ আগত কিবা দুখ,কিবা মৃত্যু?—প্ৰেম মৃত্যুঞ্জয়।ৰোগ শোক তাপ অভিমানমানুহৰ মনৰ জঞ্জাল।জঞ্জালতে আত্ম বলিদান!—নোহে ইটো পৰমাৰ্থ জ্ঞান।যি প্ৰেমেই তোমাৰ সম্বলসেয়ে স্পৰ্শমণি সংসাৰৰ।
কিবা চোৱাঁ, হাততে ৰতনপ্ৰেমেই যে শান্তি জগতৰ।
আছিলোঁ এদিন ধেমালি মগনকুমলীয়া বয়সত,নাচি নাচি উৰি পখিলাটী আহিমোৰ কলেহি কাণত,“আমাৰ ই দিন নেথাকে সদাইকান্দিব লাগিব মিতা।মউৰ সোৱাদ হাঁহি ধেমালিওহবহে এদিন তিতা।”সপোনৰ দৰে উৰি আহিছিলউৰি গল সিবা কলৈ।এতিয়া দেখিছোঁ তাৰ সেই কথাধৰিছে ফলিয়াবলৈ।
কি মোহিনী মাৰি মোৰ ভুলালি হৃদয়!ভাঙ্গিলি ব্ৰতৰ বান্ধ দুৰ্ব্বল প্ৰাণৰ।ক'ত কৰবাত—এফেৰি ৰূপৰ কান্তি,—অজ্ঞানে সজ্ঞানে সেয়ে ধ্যান জ্ঞান মোৰ।ভুমুকি মাৰোঁগৈ যতো নাই আধিকাৰ।উন্মত্তৰ দৰে ফুৰোঁ ঘৰত পৰত।প্ৰাণৰ আকাঙ্ক্ষা মোৰ হল বহুমুখী,-কৰ্ত্তব্যৰ ঋণ দেখোঁ নপৰে মনত।ফুৰিছোঁ যাত্ৰীৰ বেশে স্বদেশ বিদেশ,সৌন্দৰ্য্য আভাষ যতে পাওঁ একণিকা।সুন্দৰৰ আৰাধনা জীৱনৰ খেল!অভিনয় অন্তে ঘোৰ কাল যবনিকা।
ফুল কলি ফুলি গোন্ধবোৱাই প্ৰীতিৰ সোঁত,সৰি পাছে নাইকিয়া হল।সি ফুলৰে মউ-পিয়াএটা ভোমোৰা বলিয়াঘূৰি ঘূৰি ফুৰিছে অকল।উৰি ফুৰি বেজাৰৰহৃদয় ৰাগিণী তাৰবৰষি হে সিও গুচি গল।কৰ কোন কিবা হল,চিন স্মৃতি পমি-গল।প্ৰকৃতি যে তেনেকৈয়ে ৰল!
কিয় মোৰ আশা হায় আশাতে নৰয়?ইমান বিঘিনি দেখি পৰি যায় জঁয়।জগতৰ গতি দেখি পৰিছোঁ ভাগৰি।নেলাগে নেপাওঁ যিটো কিয় মৰো পুৰি?
অকলই উৰি ফুৰে প্ৰাণৰ পাখীটীকল্পনা-বিহাৰী, নিৰজন আকাশেদি।বিশাল ব্ৰহ্মাণ্ড তাৰ চকুৰ আগত,অনন্ত শূন্যৰ ৰাজ্য জুৰি ওপৰত।শান্ত পৰ্ব্বতৰ টিং, অৰণ্য, সাগৰ,প্ৰকৃতিৰ হিয়া যেন বৈৰাগ্য আধাৰ।মানুহৰো ৰাজ্য পৰে চকুত অশেষ,কোলাহলপূৰ্ণ কিন্তু নিমগ্ন সি দেশ।প্ৰাণ-পখী উটি যায় শূন্য ৰহস্যতলগ হেৰুৱাই মেঘ আকাশ মাজত।উদাস হৃদয় তাৰ অকলে আকুল,প্ৰাণৰ প্ৰাণত বাজে বিষাদৰ সুৰ।জনপূৰ্ণ নিৰ্জনত কতা লগৰীয়া?বিশ্ব সংসাৰত হায় অকলসৰীয়া!
বিচাৰি ইমান দিনে জীৱনৰ সঙ্গীপালোঁ মই এই দেখোঁ আছিল হিয়াত।মৰমেৰ সনা কেনে পবিত্ৰ মুখ'নিপবিত্ৰ হিয়াৰ কান্তি প্ৰকাশে আভাত।তিৰবিৰ চকু দুটি কঁপিছে হিল্লোলেউথলি পৰিছে সৈয়া প্ৰেমৰ আবেগ।কি মধুৰ হৃদয়ৰ দিছে পৰিচয়সংসাৰৰ, শান্তি ঢালি, আঁতৰাব মেঘ।জীৱনক মধুৰেৰে পূৰ কৰিবলৈকৰ পৰা পালোঁ এই মোহিনী প্ৰতিমা।সংসাৰত দুখে সুখে লগৰীয়া মোৰপৰম বান্ধৱ এই আশ্বাস আতমা।সুন্দৰৰো সুন্দৰ সংসাৰ-দুদিনীয়া,প্ৰাণে প্ৰাণে বন্ধা মোৰ চিৰ-লগৰীয়া।
প্ৰকাশি ঊষাৰ দৰে নিত নতুননিবাঁ মোক সুন্দৰৰ সৰগ ৰাজ্যলৈ।বেলিটিৰ দৰে পঠিয়াবা কামলৈ,উজলিবাঁ তুমি মোৰ গোটেই ভুবন।সন্ধিয়াৰ দৰে মোৰ হৰিবাঁ ভাগৰবুলাই কোমল হাত সন্তাপিত গাত।টোপনিৰ দৰে মোক পেলাবাঁ আবৰিসপোনত হবা মোৰ ৰহস্য নায়িকা।আছে হৃদয়ত যিবা আকাঙ্ক্ষাৰ দেশসকলোৰে অধিষ্ঠাত্ৰী হবাঁ তুমি আহি।আকাশ পটত উঠি জোনাইৰ দৰেপ্ৰচাৰিবাঁ জগতত “মৰমেই ধৰম”।সুন্দৰৰ আৰাধনা তোমাতে অৰ্পিমপ্ৰাণৰ আকাঙ্ক্ষা মোৰ হব একে মুখী।মানবী জনম হব সৌভাগ্যেৰে পূৰআনন্দৰ নিজৰণি তুমি প্ৰাণ মোৰ।
জ্ঞান ফিৰিঙটি এটি পাই,অনন্ত জ্ঞানৰস্বৰ্গলৈ মানুহ উধায়-ৰহস্যৰ ঘৰ!সতোৰে পোহৰময় মানৱ হৃদয়জ্যোতি স্বৰূপৰ লীলা প্ৰকৃতি-বিজয়
প্ৰেমৰ এটুপি সুধা মাথোঁঅন্তৰত আছে।তাবেই বলিয়া হৈ তাৰেইতালে তালে নাচে।শিৱময় মানুহৰ সংসাৰ আশ্ৰয়সুখৰ ভঁৰাল এই মানৱ হৃদয়।
প্ৰাণ সাগৰৰ এক বিন্দুমানৱ জীৱন।কাৰ্য্যৰ তৰঙ্গময় সিন্ধুসংসাৰ মহান্।সুন্দৰৰো সুন্দৰ ই দুদিনীয়া দেশযতনৰ আনন্দৰ শুৱনি আৱেশ।
জ্ঞানময় প্ৰেমময় প্ৰাণৰ ঈশ্বৰ-সত্য তুমি শিৱ তুমি অসীম সুন্দৰ।
-সুখ সুখ বুলি বিয়াকুল নৰনেপায় সুখৰ বুজ।বিচাৰি নেপায় আছে হাততেইহায় কৰি মৰে যুজ!সুখ নোহে ইটো জগতৰ বস্তুসুখ যে ময়াৰ বিত।মনৰ তলিৰ পৰা বই আহেলুকায় বাহিৰ বালিত।
মুখৰ সোৱাদে মোৰ পমাব হৃদয়— অমৃতৰ নিজৰণি ৰঙা ওঁঠ দুই।মাতে মৌ বৰষিব, মুখৰ নিশ্বাসেহৃদয়ৰ দুখ ব্যথা লই যাব ধুই।
পাতলি গধুৰ ভাৰ উধাব জীৱনপাহৰি ই পৃথিবীৰ শৃঙ্খল সন্তাপ।হয় যদি এয়ে হক, মৰণৰ পাৰেমুখতে দি মুখ দুটি তৰা মাৰ যাব।
আছিলোঁ সপোন বুলি, সি নহয়দিন দুপৰৰ কথা।বোলেও বোলক সংসাৰে, নহয়মনৰো যে ভঙা-পতা।দুখ-ভাগৰত আউজি বহিলোঁএজুপি বকুল তলে।ঘৰৰ লখিমী আগ বাঢ়ি মোকসাবটি বুকুত ললে।চকু-লো টুকিলোঁ কেওঁ নেদেখিলে,কি নো বুজিব লোকে?নিচিনি চিনিলোঁ নেমানি মানিলোঁ—নেৰিবি আই হে মোকে।
শুকুলী হাতীত উঠি গোসাঁয়ে দেখিলোঁএন্ধাৰত দিলেহি পোহৰ মেলি,বিকট কলীয়া এটা দানৱ লৰি আহিপাতিলেহি ঘূৰি এন্ধাৰ-বেমেলি।হাঁহি-সাগৰত উঠি বেজাৰ-ধুমুহাবুৰালে সহস্ৰ জীৱন-তৰণীওফন্দি বিহৰ হ্ৰদ কলীয়া পানীৰপ্ৰলয়ৰ বান্ধ দিলেহি ভাঙি।এন্ধাৰে পোহৰে আৰু মৰমে বেজাৰেসুখে দুখে সান-মিহলিৰ খেল।ইটো যায় লগে লগে প্ৰাণ নিয়ে টানিসিটো আহে আনে ধেমালিৰ মেল।ভঙা গঢ়া, সজা পতা, হৰা জিকা যুজ,দিনে ৰাতি হাঁহি কান্দোনৰ ৰোল।সঁচা মিছা কিনো, ধৰিম এৰিম কাক?সকলো বিসম ভ্ৰমৰ ঘোৰ।
যি ভাবে দেখিবা এই সংসাৰ-ভাৱনাসেই ভাবে গৰাসিব তোমাৰ জীৱন।হিংসা দ্বেষ চকু দিলে পাবা হিংসা দ্বেষ,প্ৰেমতো দেখিবা তুমি মধুৰ মিলন।তুমি ভালে বিশ্ব ভাল, সবাতো সুন্দৰ,বিকটালে মুখ কিন্তু বিকট বদন।তুমিয়েই ভাৱৰীয়া রূপে বিশ্ব জুৰিক্ৰীড়িছা হে মানবাত্মা লীলা দেখুৱাই।তুমিয়ে তোমাক চাই বখানি নিন্দিছা,তোমাৰ মহিমা দেৱ, কৈও অন্ত নাই।আপোন খেলত তুমি আপুনি মগন,ভাঙিছ৷ পাতিছ৷, পৰি উঠিব শিকিছা,সৃষ্টি পাতনিৰেপৰা নীল আকাশতকিৰণৰ জাল মেলি ডাৱৰ ধৰিছা।টিপচীটি হৈ উৰি টিপতে লুকাইগৰুণ্ডৰ পখা মেলি বিচাৰি ফুৰিছা।
প্ৰাণৰ প্ৰাণত কিয় হেঁপাহ ইমান!সংসাৰ তো অতৃপ্তিৰ ঘৰ।বিচাৰি গোটাই আনি অতনো ৰতনবান্ধিলোঁহি সম্পদৰ দ'ল।সকলোৰ সোঁ-মাজতে হৃদয়াসনতথাপি থলোঁ লখ্মী গোসানী।বাহিৰ জঞ্জাল পৰা মনক আকলিধ্যানত বহালোঁ টানি আনি।ধ্যানৰ মাজতে প্ৰাণে উচুপি উঠিল—কিহৰ চিন্তাত হায় ভোল!ইমানতো কিনো আৰু অসম্পূৰ্ণ ৰল?লখিমীৰ নেজানিলে মোল।অতৃপ্তিৰ নই বই তৃপ্তিৰ সাগৰবিচাৰি কেতিয়া পাব—অন্ত ভাগৰৰ।
দিনৰ দিনটো খপি মিছা ভাবনাতসন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত।সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰিসামৰি দিনৰ কাম লৱৰি ভাগৰি।এন্ধাৰ নিবাশে আহি আধা আবৰিলেজীৱনত পোহৰৰ বাকি যি আছিলে।এতিয়াও দিব পাৰোঁ গোটেই জীৱনযদি ঘূৰি পাওঁ হায় জোনাক একণ।
হাঁহি চায় কোনে? অই লাহৰী তৰাটি!বুকুত খেলিছে আজি আনন্দৰ ঢৌ।আহিব লাগিছে জোন পালেহি নে নৌ?ভুমুকি মাৰিছে হাঁহি প্ৰাণৰ দৰাটি।
এন্ধাৰৰ সিপাৰৰপাহৰা জেউতি ফেৰিবিৰিঙে ঊষাৰ ৰূপেঅন্ধ আবৰণ ভেদি।সোণালি সপোন সোঁতেআশাৰ প্ৰতিমাখন!হৰিষ মলয়া বায়ুছুই যায় পদুম-চৰণ।পুৱাৰ মাধুৰী সুৰেজুৰিলে হিয়াৰ বীণ।জগতে মেলিছে চকু,শুনি প্ৰতিধ্বনি ক্ষীণ—“নহি জ্ঞানেন সদৃশংপবিত্ৰমিহ বিদ্যতে।”এন্ধাৰত পোহৰ মেলিলুকাল গোসাঁনী ততে।
পাহৰা বিলত জানে৷ পৰি আছোঁ মই,কিহৰ ৰাগীত তুমি আহাঁ?কি টোপ পেলাই মোক মাতিছা বান্ধৈ,বুজিছা জানো হে মোৰ দশা?কি হব নি মোক ভাই মাতি ওচৰলৈ?মই আছোঁ কিহবাত ভোল।তোমাৰ গুৰিত মোলৈ আছে নে হে ঠাই,-দিব কোনোবাই মোক কোল?মৰমৰ টান দেখোঁ বৰকৈ কঠিন!মৰম কোমল কোনে কয়?“কিলোৱা কুটুম হে কুটুম” কিয় বোলেবুজিলোঁ অৰথ তাৰ মই।মাৰা, টানা, কিলোৱা বা যিহকে কৰিবা—মই যে তোমাৰ, তুমি মোৰ।কিন্তু মই চিনিও নিচিনা হলোঁ কিয়কব পাৰা নে হে কূট ঘোৰ?
ইচ্ছাৰ বিৰোধে ভীম ঘোৰ শত শত্ৰুসৰ্ব্বথা জিকিব সিটো ইচ্ছা যাৰ বলী।জীৱন-যুদ্ধত ইচ্ছা প্ৰধান সাৰথিকি ভয় মৰণে ৰণে ইচ্ছা সৰ্ব্বদলী।
সংসাৰ মোৰেই পূৰ্ণ দেখোঁ,আছোঁ মাথোঁ নিৰঞ্জন মই।নাই তুমি কেওঁ আৰু নাই,পাৰাঁ যদি হোৱাঁ মোতে লয়।মই মই মই মাত্ৰ বিপুল সংসাৰ-মই মই মই সুৰে শুনাবাজিছে প্ৰাণৰ বীণা তানমই বিনা আছে নো কি গুণা।
ফুটোঁ ফুটোঁ কৰি কেনে নুমলী কলিটিসামৰি আধেক, মেলি আধেক প্ৰাণটি,খন্তেক লুকাই, পুনু ভুমুকনি মাৰি,লাজ ধেমালিৰ আঁৰে ছোৱালী কিশোৰী!মিচিকি হাঁহিৰে দুটি নিৰুদ্দেশ ভাৱপ্ৰেমৰ আহ্বান মন্ত্ৰে ওলাওঁ ওলাওঁ—ওলাই আহিব খোজে নাচি উলাহেৰেহৃদয়ত বান্ধ খাই বাহু-লতা মেৰে –বিলাই সৰল প্ৰাণ সমনীয়া মাজে—খলকনি মাৰি হাঁহি ছয়াময়া সাজে।দুৱাৰ মুখেতে কিন্তু কিনো উতপাত?লাজে কোঁচ খাই নগল ওলাবৰ সত।সৰল হাঁহিত পৰি লাজ ছিটিকনিমলয়াৰ ছাটি পাই বুলি পদুমী।প্ৰেমৰ বাঁহীৰ মাতে, লাজৰ কঁপনিবিয়পি নীৰৱ শুনো হিয়া খলকনি।লাজ-শান্ত উত্ৰাৱল নবীন হৃদয়,কি মধুৰ প্ৰভাৱৰ দিছে পৰিচয়!
ফুটোঁ নে নুফুটোঁ কৈকুমলীয়া কলিটি—ওঁঠত লাজেৰে ৰৈমিচিকীয়া হাঁহিটি।সামৰি, পাহৰি গৈ—মেলি আধা প্ৰাণটি।উদঙাই ঢাকি থৈউঠি অহা বুকুটি।শোলকাই মোকলাইএধা বন্ধা খোপাটি।হয় নে নহয় কৈআধাফুটা মাতটি।শুনো কি নুশুনো ঐউটি অহা গীতটি—ৰিণিকি ৰিণিকি কৈকৰবাৰ বাঁহীটি।উচুপি নিচুকি গৈখন্তেকীয়া ঠেহটি।
লুকুৱা ভুমুকা কৈছয়াময়া পেঁচটি।হাহোঁৱেই নে কান্দো কৈছল্ছলীয়া চকুটি।ধেমালি খঙৰ নৈমিঠা গাঁঠি থোপাটি।ওলাওঁ নোলাওঁ কৈ—মন মোহা ঠগটি“ন যযৌ ন তস্থৌ”অগা পিছা ভৰিটি।সান-মিহলিৰ নৈওভতনি সোঁতটি।সাঁথৰ ভাঙনি হৈপানী-মিঠৈ গোটটি।চাওঁ নে নেচাওঁ কৈমৰমৰ দেহিটি,দেবী নে মানবী ঐমাধুৰীৰ ছবিটি!
-কোন কাহানিৰ কথা, মৰণৰ পাৰেজীৱনে মেলিলে শাখা।নিতৌ এপাহি মেলে, অৰুণ কিৰণেপিন্ধায় ধুনীয়া আশা।নিতৌ এপাহি সৰে, কৰুণ নীয়ৰে তিতি,সোঁতে নিয়ে দূৰ দেশ।নিতৌ পখীটি আহি শুনায় প্ৰাণৰ কথা,উৰি যায় দিন শেষ।ফুটে কি নুফুটে ফুল, সৰে কি নসৰে-তলে সোঁত অবিৰাম চলিছে সৰ্ব্বতিকাল।
ভাই,তাহানিৰ কথা আজি সপোনত উটিলগত আনিলে এই ফুলৰ চাকিটি।আদৰ মালতী তৱ মৰমৰ চিনতুলি থলোঁ হৃদয়ত জীওঁ যতদিন।
আজিৰ কথায়ো দিলে তাহানিক লগপুৰণি নতুন হল, সপোন ডিঠক।
দুখ বেজাৰত আউজি বহিলোঁএজুপি অশোক তলে।মনত পৰিল ৰাক্ষসী পুৰীতসীতা, সৰমাৰ কোলে—থাপি নত শিৰ আউলী চুলিৰেশুনে বীণ সন্তাপহৰা।দাৰুণ লুণীয়া (সেই) অকুল পানীতকৰুণ স্বৰ্গৰ ধাৰা।বীণৰ প্ৰাণটি সৰমা প্ৰাণেৰেউঠিল সকলো ব্যাপি।সৰমা ৰাক্ষসী! সৰমা মানবী?নহয়, সৰমা দেবী!
সংসাৰ চক্ৰৰ ঘানীত লগাই —কি ৰং চাইছা মোৰ?বিষয় পাকৰ পাঘুৰণি খাই—পৰিলোঁ ভ্ৰমত ঘোৰ।কি হব নো হেৰি, ঘানিয়ে ঘানিয়েগুটী সৰিয়হ পেৰি?তেলিয়ে পেৰিব, জগত যোগাব—কিয় মোক ধৰা বেৰি?দিয়া মোক এৰি, চাওঁ গৈ ঘূৰিফুলা সৰিয়হ ডৰা।সেয়ে আজিলৈকে থৈছে মোক মুহি—পখিলা পাখিৰে ভৰা—তাহানিৰ সেই সপোন দিনৰলৰালি কালৰে পৰা।
কি দেখিছ৷? শিলেৰে বন্ধালোঁ এই হিয়া,সাধনাৰ অসি হাতে ওলালোঁ এতিয়া।কৰ্ম্মফল উছৰ্গিলোঁ কৰ্ম্মদেৱলৈ—শৰীৰৰ ভস্মৰাশি দশ দিগলৈ।কি ভয় মৰণে ৰণে, ভয় নাই, নাই,কৰ্ত্তব্য-মুকুট শিৰে পিন্ধালে গোসাঁই।পুণ্যময় তেজকণ উঠুক উছাহি—তেজঃপুঞ্জে প্লাবিত কৰোক শৱৰাশি।শক্তিৰ মন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৱ,শক্তিৰ সন্তান মই নোহোঁ আৰু কেওঁ।
আহিছে মানুহ গইছে মানুহ—মানুহ ময়াপী জীৱ।মানুহ সোঁতৰ অন্ত নাইকিয়া—বুলিলে মৰত কিয়?মানবী জনম দিয়াঁ উটুৱাইমানবী কৰম সোঁতে,মানুহৰ মৰম বুজিবা মানুহে-ধৰম যে মৰমতে।মানুহেই লগ মানুহেই সঙ্গমানুহেই পৰাৎপৰ,এই যে পৃথিবী স্বৰ্গতো অধিক,মানুহৰ নিজাপী ঘৰ।মানুহেই দেৱ মানুহেই সেৱমানুহ বিনে নাই কেৱ।কৰাঁ পূজা—অৰ্ঘ্য পাদোদক লৈ-জয় জয় মানৱ দেৱ!
কত লওঁ কত থওঁনাই দেখা ঠাই।এনে নো পবিত্ৰ থানআছেই কি নাই।স্বৰ্গ কেনে কোনে জানেশুধিমেই কাক?হৃদয়েই মোৰ দেখোঁচিনাকি সৰগ।তাতে মই থম মোৰপাৰিজাত পুলিমন প্ৰাণ সপি দিমসেৱাত সমূলি।সদাই সিচিম পানীপ্ৰেম নিজৰাৰ,একেঠৰে চাম ৰইমুখখানি তাৰ।ৰদ বৰষণ মইগাতে পাতি লম,
আলসুৱা পুলিটিকআলাসত থম।জহত মাতিম বিনাইমলয়াৰ ৰাৱ;লগতে জোনাক মাতিআনিম আকউ।মউ-মাখি আতমাইসাঁচিব বাহতে মৌ,প্ৰাণৰ প্ৰাণত শুনিমগুণ্ গুণ্ ৰৱ।করুণাৰ গীত শুনিসুখ কথা ভুলি,জগতক বিলাই দিমপ্ৰেম মৌ থালি।
নিজম দুপৰীয়া শুহুৰীটি মাৰিমাতিলে নো কোনে কাক?বিজন বনত কোন কত আছে?হালিছে গছৰ আগ।গহিন গছত বতাহৰ ছাটি-পাত কঁপে থৰ থৰ।হাবিৰ মাজৰপৰা কোনে নো বামাতি উঠে ‘মৰ মৰ?'মিচুক লতিকা গছক সাবটি—প্ৰতি অঙ্গে চুমা চুমি।পাতৰ আঁৰত থাকি কপৌটিয়ে—কিবা কৰে জুমাজুমি!মৰমৰ গীত জুৰিলে লাজুকী—মাত ফুটেই বা নাই।বিৰিখে হাঁহিছে হালিছে জালিছেনইৰ মুখলৈ চাই।কিবা কথা কয় নৈয়ে কুলু কুলুইয়োটো ধেমালি যিহে!
-কোনে চায় নিতৌ বনৰ ধেমালি?মাতিলে নো সিটি কিহে?-গছৰ আগত ময়না পখিটী ,মাতি সি নিচুক হল।শুনো শুনো, শুনিবলৈ বাট চাওঁ ,মনতে হেঁপাহ ৰল।সিজুপি বকুল,—এই এৰাবাৰীকোন কাহানি বা গল!চিন এই ভেটি তামোল লেটেকু—হল বহু দিন হল।বাঁহৰ ছঁয়াত গজালি গজিছেকোন নো ইয়াত ফুৰে?জুৰ জুৰ কৰি বতাহ বলিছেবাঁহৰ মাজে মাজে ঘূৰে।পাতে পাতে কিবা ফুচফুচাইছেমাৰিছে মিচিকি হাঁহি!কলাঘুমটীয়া সুখৰ এলাহবতাহে সুৰ সুৰায়হি।-গাত গা লগাই কপৌ দুটিয়েমুখতে মুখ দি আছে।
অকণি বুকুত ইটিক' সুমাইসিটিয়ে মৰম যাচে।অকণি ছোৱালী—যক্ষিণী কন্যাএফেৰি ফুলৰে পাহি,জানৰ কাণত পানী খুৱাইছেহৰিণা পোৱালি লাহি।চমকি চায় ৰই থাকে থৰে —কুমাৰীৰ মুখলৈ চাই,‘কিনো নো চাইছ?' বুলি ছোৱালীয়ে-গালতে হাঁহি চৰায়।দুখোজতে লৰি পালেগৈ ঘূৰিযক্ষিণী কুমাৰী মাজ,আঁহতৰ তলে নাচিছে দুজনীপিন্ধি বনফুল সাজ।মুকলি চুলিৰে নাম গায় ঘূৰি,চাপৰি টুক টুক টুক।ৰূপহীৰ মেল দেৱযোনি খেলমানুহে নেদেখা মুখ।খিল্ খিল্ হাঁহি গল দিহাদিহি,চিঙ্গে ফুল কতোজনী
কপৌৰ বাঁহলৈ উৰি গল কোনো,দিলে গৈ চুমা একণি।খোপাত পিন্ধিছে বন পখিলা,আটাই আপোন ধন।বন ফুলৰ মৌ পীছে কোনোৱেবা,শান্ত হ মানুহ মন।কি দেখিছ সৌ শ্যামল পাটীতছঁয়াত বা কিনো চাম!নীল চুলি মেলাইছে কোনে নো বা–মুখনি উজল শ্যাম।মৰকত মণি জিলিকে শিৰত—দেবী হব বন কুঁৱৰী।মুকুতাৰে অঁৰা লগতে ইজনাজলৰ দেবী নীয়ৰী।চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,খোপাত আৰিছে মলা,আগতে অলেখ বনফুল ৰাশিৰূপেৰে গোন্ধেৰে ভৰা।জুৰজুৰ কৰি আনিলে বতাহেউৰাই কেতেকী পাহি,
মল্ মলাই গল দিশ বিদিশমাতিলে বতাহে হাঁহি,—“মৰম ভিখাৰী, বিচাৰিছোঁ দেবিপ্ৰাণৰ অমিয়া মাধুৰী।”মিচিকনি মাৰি হাঁহি দান দিলেদুয়ো প্ৰকৃতি কুঁৱৰী।অথিৰ বায়ুৰ শিঁয়ৰিল নোম,উছলাইছে গৈ জানকাৰণ-নেদেখা আনন্দৰ ঢৌৱেবুৰালে প্ৰাণীৰ প্ৰাণ।
কৰবাৰ এছাটি বতাহেআয়ুফুল পাহিটি বিলালেপেলালে সৰাই, ইও উৰি গল।উঠি নামি ঢউ খাই খাইধীৰে নীৰে শূন্যতে হেৰায়তেনেকৈয়ে স্তম্ভিত জীৱন ৰল।
সৰাপাহি গল সৰি,কোনে তাক চাব ঘূৰি?—নতুন আনন্দে সবে ভোল।সুখৰ দুখৰ কথাসাঁচি বুকু মাজে বেথাপাব পাহি অনন্তৰ কোল।অনন্ত কোলাত কি সুখ কি দুখ?—নেজানে গুণেই সকলো বিমুখ।
মুকুতা মণিটি পাহিত জিলিকেফটিক পানীত ধোৱা।নিশাৰ তৰা এটি সৰিয়েহে আছেসৰগত টোপনী যোৱা।নিজম আকাশৰ নিচুক কথাটিহিয়াত থৈছে সাঁচি।কোন কাহানিৰ সপোন দেখিছেকোনে হাঁহিছিল নাচি।
ফুলনিত কোনে নিশা নাচিছিল,ছিগি ৰই গল মণি।ৰঙ্গিলীৰ ভাৱ হাঁহি নাচোনৰবল চিন এইকণি।ৰাতিৰ ধেমালি জোনৰ নিফুটহাঁহিৰে থইছে সানিপুৱাৰ হেঙ্গুলি বেলিটিলৈ চাইএটুপি চকুৰ পানী।নীয়ৰ কলিৰে শোভে ফুল জুপি—চাইছো ভাবতে ভাহি,হায় কি বিষম পেলালি বায়ুৱেজোকাৰি ফুলৰ পাহি।
মধুৰ মোহিনী মাত পৰিল কাণত,ৰূপৰ প্ৰতিমা মোৰ নাচিছে হিয়াত।গা মোৰ শিয়ঁৰে পাই কাৰ পৰশন?চুমাৰ সোৱাদে হৰে মুখৰ বচন।
নিশাহত আহে উৰি কিনো ফুল ৰেণুগোন্ধে ভৰপূৰ মোৰ প্ৰতি সুখ-অণু।ময়াজাল বিস্তাৰিলে সংসাৰ সুন্দৰীপেলালে মেৰাই মোৰ আতমা আবৰি।
শ্ৰীমতী—আইটী প্ৰাণাধিকাষু—মুকলি-মুৱীয়া জীয়াৰী জীৱন এৰিকলৈ আজি যাবলৈ ওলালি?মাৰৰ মৰম আদৰকো কাতি কৰিইমান নিদয় কিয় হলি?সংসাৰৰ বিচিত্ৰ গতিত পাহৰিলিধূলি ধেমালিৰ ভাইটিকো;গহীন মুখৰ ভাৱ দেখি আজি তোৰজানিলোঁ নহয় স্থায়ী একো।স্নেহে ঢকা সংসাৰৰ তত্ত্ব কোনে লব,মৰমৰ ছঁয়া-বাজি চাব?দেখিছোঁ যি এয়ে ৰূপ নহয় ইয়াৰ-কত ৰঙ্গ ধৰিব, সলাব।
হাঁহি খলখলি গৈ কান্দিবও পাৰে,ধেমালিৰে চলে নে সংসাৰ?ধেমালি! ধেমালি মাথোঁ গোটেই জগত,এদিনতে একুৰি বছৰ!আকাশৰ তলে মোৰ ধেমালিৰ ঘৰ-বিশ্বৰ ছোৱালী লৰা সঙ্গী,ভাই ভণী লই মোৰ সংসাৰৰ খেলকোনে চাব মোৰ ভাওভঙ্গী।হাঁহি মাতি নাচি বাগি কৰিলোঁ কোঢ়াল,ফটাকানি কন্যা বিয়া দিলোঁদিলোঁ, থলোঁ, ললোঁ, হৃদয়ত কিন্তু থাপিমৰম প্ৰতিমা সাঁচিছিলোঁ।মুকলি চুলিৰে মোৰ বাঢ়িলি আইটিআপোনাৰ ঘৰক শুৱাই,কাক নো আনিলি তই কৰিলি আপোন—তোকেহে গল গৈ হায় লই!ধেমালিৰ সেকা মোক দেখুৱালে কোনে,তয়ো মোক এৰি যাব খোজ!ঈশ্বৰৰ জীৱ, দিব ঈশ্বৰেই দিহাকিয় মোৰ মনাই নুবুজ?
সংসাৰত ঈশ্বৰৰ কাৰ্য্য কৰিবলৈমানুহক দিবলই ছঁয়াঘৰ এৰি গলি তই—কিহৰ বেজাৰ?বিশ্ব জুৰি মলিয়াওক দয়া।সংসাৰ মৰুৰ শ্যাম বটবৃক্ষৰূপাসন্তাপীৰ সুখ পাপীৰ ত্ৰাণ।পুণ্যবাট দেখুঁৱাতী সৰগ জীয়াৰী—আগ বাঢ়া কৰি শান্তি স্নান।তৃষিত মৰত মুখে ঢালিবা পীযূষ,অন্ন দিবা অন্নপূৰ্ণা হই—গৌৰী সতী, আই মোৰ নোলায় যে কথা,কিনো দিম অকিঞ্চন মই।কিবা আছে মোৰ? দুখীয়া হৃদয় মোৰচকু পানী টুপিহে সম্বল।“সুন্দৰ মুখৰ দৰে সুন্দৰ জীৱন”হোক তোৰ—এয়ে ধন বল।
পুৱঁতী নিশাৰ ডাক নাই পৰা—নীৰৱ বিশ্বৰ বাঁহী।কোনোবা লোকৰ নিমাত প্ৰাণীয়েহাঁহিছে নিফুট হাঁহি।পথালি চকুত এন্ধাৰ এন্ধাৰতৰাই তৰালৈ চায়।তলত পানীৰ দাপোণলে চাইহাঁহিছে মিটিকিয়াই।শেহ-নিশা কেনে ৰ-লাগি ৰইছেলগৰীয়া কোনো নাই।ভয়ক চঁকাই ফুচফুচাই কোনেএন্ধাৰে এন্ধাৰে যায়?গহীন পাৰত গহীন বননি—কি সৰে গছৰপৰা?হুৰ হুৰ কৰি কিবা গল উৰি—খক্ খক্ মাতে ৰাতি-চৰা।ডাবিতে লাগিল তধা বসুন্ধৰা—এৰিলে নিশাহ এটি,
শিয়ঁৰে বনৰ গছ পাত লতা,কপিছে বতাহ ছাটি।ঊষাৰ জাননী দিলে তীক্ষ্ণৰৱেপূবত ৰাঙ্গলী হাঁহি।ভুমুকি মাৰি চাইছেহি কোনে,উটি আহে ফুল পাহি।কলৈ যায় সৌ ফুলৰ পাহিটিচিঙ্গি নো উটালে কোনে?কি বাতৰি যায় ফুলাম নাৱ বাইকোন্ বা কুৱঁৰী পোনে?কি খেল খেদিছে, কোনে বা কাকপছিম ফাললৈ চায়?কোন আছে তাত কলৈ বা পঠায়বাতৰি পায় নে নাই?ঢৌৱে ঢৌৱে কেনে ফুল-নাৱখনিৰাজহংসে নিছে টানি,ফুলে ফুলে ফুলি পদুমী কুৱঁৰীশিৰত নীয়ৰ মণি।-ৰঙা হাত ভৰি ৰঙা মুখখনিকাঞ্চন উজলা চুলি।
নাচিছে আটাই দিগম্বৰী বালাগাইছে প্ৰভাতী বুলি।নাগবালা শাৰী ধৰিছে চাপৰিশুনিয়ে আনন্দ মিলামানুহ লোকৰ নোহে ৰূপ খেলনজনা বিচিত্ৰ লীলা।এন্ধাৰে পোহৰে মিলন মাধুৰীৰূপৰ ধেমালি দৰা!কিবা কি বিচাৰি কেজনী বুৰ দিউঠিল পানীৰপৰা।মুকুতাৰ মালা আঁৰি হাঁহ গলে,চুমাৰে ৰঞ্জিলে ঠোঁট।এৰা পাই হাঁহ ফুৰিছে বনাইচৰিছে দুদুটি গোট।কতোজনী গই পদুমৰ ৰেণুঘঁহিছে সৰ্ব্বাঙ্গময়।ৰাঙ্গলীজনীয়ে চিঙ্গি পদ্ম-চুলিমুঠিয়ে মুঠিয়ে লয়।অথিৰ চঞ্চল ইজনীয়ে হাঁহিসিচিছে হাঁহলৈ পানী।
সখীলৈ এছাটি মাৰিয়েই আকৌবুৰিল টুপুকীজনী।মৰম পিয়াওঁ বুলি কতোজনী—হাঁহক পিয়াহ দিয়ে।পছম পাতত উঠি ডিঙি ধৰিহালে-জালে দুজনীয়ে।কেতেকী চৰায়ে ক’ত কি ক'ত কিদিলেহি দিনৰ হাক,ফুলাম ছইৰ তলৰপৰা কোনেমাতিলে মৃদুল বাক?বীণৰ জোঁকাৰ মলয়া বতাহেউটাই আনিলে যেন,জলৰ কুৱঁৰী কুৱঁলী সাজেৰেপৰ্ব্বত জীয়াৰী হেনগলত হীৰক, খোপাত মাণিক,হাঁহিত মুকুতা পান্তি,নীলোৎপল হাতে চৰণৰ পাশেশঙ্খৰ ধৱল কান্তি।সুদূৰ পূবত ঊষাদেবী সৈতেমিলিল কুৱঁৰী গই,
মিলল হাঁহিৰে উজলি চৌদিশ,লুকাল পোহৰময়ী।আনন্দলহৰী নাচি পৰি হাঁহিগাইছে কুলুলু তান।বেলিৰ কাঞ্চন-পোহৰৰ ঢৌৱেউটালে প্ৰাণীৰ প্ৰাণ।
তেজগোৰা বেলি জিলিঙনি মেলিসাবটিব আহি ধৰা।পুৱাতে মলয়া উঠি ছঁয়াময়াবোলে উঠাঁ তেজীমলা!মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনাসিঁচিছে আশাৰ ধাৰিউত্ৰাৱল পানী, ৰঙা হাঁহি সানিখলকিছে ছুই ভৰি।
ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি—তেজীমলা জক্মকায়!চৌপাশে বেৰি মৰমে সাদৰেপানীৰ লতা বগায়।মানুহ কুটুমে দলিয়াই পেলালেকাক নো কুটুম পালি?মৰম বেথাৰে আজলী কুৱঁৰীএটাইকে নিজা কৰিলি।তোৰে পানীৰ চৰাই সাঁতৰি ফুৰিছে,কতো বা উৰিছে বনাই।মলয়া বায়ুৰে মিতিৰ পাতিলি—ঘৰৰ হে বাতৰি নাই!দুপৰীয়া বেলি পানীয়ে উছালিসিচিছে মুকুতা তৰা।—ফটিক পানীৰ মাজে মাজে ধীৰচৰিছে পোৱাল দৰা।সোণ-ৰূপ মাছ আহিছে গইছে,ঘৰ-পোহনীয়া তোৰে।—মনত পৰে নে পাৰজুৰি তোৰমাতিলে হাততে পৰে?
ফুলবাৰী খালি পৰিয়েহে আছে,চৰে নে হৰিণাজনী?কোনে ভুলাইছে মৰমৰ তোৰশাৱঁলী পোৱালিকণি?সখীৰ বাতৰি কোনে কব পাৰে–তোৰ জীৱনৰ লগ।মৰমৰ সখী আঁতৰালে কোনেআকৌ নে মিলিব সঙ্গ?কুমাৰী ছোৱালী কুটুমে পেলালেদলিয়াই মৰম ফেৰি।মানুহে মানুহে ইমান হে মৰমচকু-লো পৰে সুৱঁৰি।মানুহৰ চোতালত মাধুৰী ফুটিলেমানুহে নিচিনি হায়!সাৰি তুলি ছিঙ্গি মোহাৰি পেলালে,মানুহৰ মৰমো নাই!মৰমৰ পানী নোহোৱা ঠাইতকেনেকৈ বিশ্বাস থয়সেয়ে তেজীমলা দূৰৈতে শিপাইপাৰিজাত হই ৰয়।
শকত বান্ধেৰে তলীৰে সইতেবান্ধিলে নিছিগা কৰি।ধুমুহা বতাহে খঙ ৰাগে আৰুকিনো নো কৰিব পৰি!সিদিনা সন্ধিয়া দৰে আজি কিয়তেনেকুৱা কৰে মন?বেজাৰ মাৰ গৈ বেলিটিয়ে তোকদিছিলে যে বিসৰ্জ্জন।আজি পুৱাই বেলি হাঁহি চকু মেলিপঠালে বাতৰি কিবা,চিকুণ নাওখনি আশাৰে উজলিআহিছে উধাই বামানুহৰ নাও মানুহৰ ভাওদেখি যে লাগিছে ভাল।মানুহ মিতিৰ বৰ মৰমৰ—পাতিছে কিহৰ জাল?গহীন মুখনি মৰমেৰে সনামোৰেই তো দেৱতা এওঁ।কেলেই লাগিছে মানুহৰ লগ?—আহিয়ে দেখোঁ ধৰেও।
“হাতো নেমেলিবি, ফুলো নিছিঙিবি,ক'ৰে নাৱৰীয়া তই?মানুহে ফুলৰ কিজানে আদৰ?তেজীমলাহে মই।"
জিলিকা পাখিৰে হাঁহে ৰবিৰ কিৰণজিলিকি পখিলা নাচি ফুৰে আগণন।যতনৰো জিলিকনি চোৱাঁ, হেৰা চোৱাঁ,সোণালি ৰেণুৰ মউমাখি ভাৰ বোৱা।
জীৱনৰো আলিকাষে ফুৰিছে উফৰিজিলিকি সপ্নৰ সুখ— মৰম লাহৰী।সপ্ন গুচি এয়ে সঁচা চকুৰ আগত,যদি চাব জানা এই সুন্দৰ জগত।
চোৱাঁ যেন চোৱাঁ হেৰা, জিলিকনি-মৰাসংসাৰৰ সুখবোৰ উৰি উৰি ফুৰা!নখে মাটি লেখা খোজে তলমূৰ হইনফুৰিবা পৃথিবীত পখিলা নেচাই।
সম্মোহনী বীণ বাই আজি কি বিচাৰেদুৱাৰে দুৱাৰে সবে ভিক্ষাৰীৰ বেশে?সুন্দৰ সুন্দৰ ৰৱে বীণৰ জোঁকাৰেশোধাশুধি পৰি গল দিশে চউদিশে।সুন্দৰ সুন্দৰ বুলি বিয়াকুল নৰ-মন্ত্ৰমুগ্ধ—সুন্দৰক যেয়ে দেখে যতে।লুশুনে আৰাৱ আৰু নিজৰ বীণৰ,সুন্দৰ প্ৰতিমা মাথোঁ প্ৰাণৰ প্ৰাণতেচাই থাকিব খোজে হেজাৰ বছৰ;শিকিবলৈ তাৰ ভাৱ হেঁপাহ হিয়াৰ,পূজিবলৈ দিব তাকে হিয়া উবু’ৰাই,সংসাৰত তৃষ্ণা শান্তি আছেই বা নাই?বিচাৰোঁ সুন্দৰ মই নিজে অসুন্দৰ!আৰাধি সুন্দৰ হায় হম নে সুন্দৰ?
ঊষাৰ হাঁহিটি ৰঞ্জিলে পূবতকৰ বা ধেমালি কথানিমিষতে নামি বসুধা জুৰিব—প্ৰকৃতি খন্তেক তথা।সোণালি সোতত সাতুৰি নাদুৰিউঠি আহে সমীৰণ,প্ৰকৃতিৰ ঢকা বুকু উদঙাইপিন্ধালে মুকুতা সোণ।পৰ্ব্বতে পাষাণে অৰণ্যে আকাশেবিমানে স্বৰ্গীয় বিভা।ৰুণ ৰুণ ৰুণ্ গছ পাত লতাআহিছে বাতৰি কিবা।সপোন ৰাজ্যৰ কত যে কুমাৰীমলয়াত উটি আহে,স্বপ্নৰ আবেশে পখিলাৰ দৰেনাচি হাঁহি লাহে লাহে।
নীল আকাশত বগলী পাখিৰেমেঘ হে নামিছে ধীৰে,কুৱঁলী বিয়পা স্বৰ্গৰ দৃশ্যছঁয়াময়া গিৰিশিৰে।পাহৰা ৰাজ্যৰ এন্ধাৰ চুকতমানস সৰসা মাজেপ্ৰফুল্ল অথিৰ আনন্দ কমলঅপূৰ্ব্ব সুন্দৰ সাজে।পাহৰণি কোলে অত দিন পৰিআছিল নিমাতী বীণা,কোনে ভাবিছিল এই বীণখনিবাজিব নে কোনো দিনা?আজি মাত-ফুটা প্ৰাণৰ বীণৰতন্ত্ৰীত পৰিল টান,আকাশী হাতৰ গম পাই উঠিমুকলি হইছে প্ৰাণ।গুণ্ গুণ্ কৰি বীণৰ প্ৰাণতউঠিল আশাৰ সুৰ।স্বৰ্গীয় ভাবৰ প্ৰতিধ্বনি তাতআজি মউ ভৰ পূৰ।
পাহৰণি পমি মধুৰ ৰূপতমিলি যায় স্মৃতি সতে,কিবা দৃশ্য আজি মানসৰ তীৰেস্বৰগ দেখি আগতে।সঞ্চলিছে ঘনে ভাববোৰধৰিছে মৃদুল তাল।চপলা কল্পনা কুমাৰীবিলাকেগুঁথিছে কবিতা জাল।অফুট সুৰেৰে হাঁহিছে গাইছে—নুশুনা স্বৰ্গৰ গীত।ধেমালিৰে প্ৰাণ ধেমালি মগনহৰিছে মানুহ চিত।ছাঁয়াময়ী কবিতাৰ আবৰণেশোভে মানসী-প্ৰতিমা,তুলি লৈ সেই হৃদয়ৰ বীণবৰষিছে মধুৰিমা।
Comments
Loading comments…