বীণ-বৰাগী
॥১॥
শুনিবা প্ৰাণৰ বীণখনি মোৰ,আহিছোঁ ভাগৰে-দুখেবেজাৰৰ কথা কৈও অন্ত নাই,মাতও নুফুটে মুখে।দুখ-ভাগৰৰ অন্ত তোমাতেই,সন্তাপ আঁতৰাই নিয়া—তোমাতে আশ্ৰয়, তোমাতে নিৰ্ভয়তোমাতে নিচুক হিয়া।লক্ষ হৃদয়ৰ লক্ষ দুখকণাবান্ধিছা একোটি সুৰে,তোমাৰ প্ৰাণেৰে মহাপ্ৰয়াণতদুখো সুখ হৈ পৰে।সুখৰ দুখৰ মিলনৰ ৰেখমাৰ গ’ল কোন পিনে?দুখৰ লগতে সুখ ধৰা পৰে,সুখ-দুখ কোনে চিনেবায়ুৰ সৈতে যি খেল তোমাৰপৰশে হৃদয় তলি,চৈধ্য ভূবনৰ মিলনৰ ঢৌবায়ুৰে ফুৰিছে খেলি।
উঠি হৃদয়ত লীণ হয় ক্ষণেদৰিদ্ৰৰ মনোৰথ,উধায় কল্পনা, অসীম জগৎধৰিছে আকাশী-পথ।বিচাৰিছে প্ৰাণে যি ধন-সম্পদউতলা যিহৰ লাগিএয়ে সেই যাৰ আশাতে হৃদয়আছে নিশি-দিন জাগি।মুকলি মনৰ মানৱী মূৰ্তিঅকলঙ্ক মধুৰিমা,দিব্য দৃষ্টি এয়ে সচেত সপোন,—নাই সপোনৰো সীমা।।
কিনোনো কৈ যাম, কিনোনো শুনিবা,দুখৰে উপৰি দুখ।কুকুৰে কামোৰে, ছৱালে দলিয়ায়,কতো নিমিলে সুখ,দুখীয়াৰ কথা কোনেনো শুনিব?শুনিও নুশুনে কেৱেঁ,পদূলিৰ পৰা খেদি পঠিয়ায়,বলিয়া বুলিহে হাঁহে।কাকেই বা ক’ম, কোনে পতিয়াব?শুনিবা প্ৰাণৰ বীণ?তোমাতে আশ্ৰয় মাগিছো হে দেৱি,
বৰাগী দুখীয়া দীন।মনে মনে কম মনৰ কথাটি,মনৰ তলিত গথাঁ,তোমাৰ হিয়ালৈ ববহে নিজৰিসন্তাপী হিয়াৰ কথা।প্ৰাণৰ প্ৰাণত দুখীৰ দুৰ্দশাবাজিছে আপোন ৰাৱে,জগৎ জুৰিব, তোমাৰ হিয়াতপৰি প্ৰতিধ্বনি ভাৱে।দুগুণ শুৱলা দুগুণ সুন্দৰফুটিব মুখৰ মাত,দুগুণ সাহেৰে-দুগুণ শকতিপামহে দুৰ্বলী গাত॥নুশুনা লোকেও শুনি ৰৈ যাব,শুনিব দুখৰ কথা,এখন্তেক ৰ’ব, শুনি পমি যাব,বুজিব বেজাৰ-ব্যথা।শুনা তেন্তে শুনা, শুনা দেৱি শুনা,কৈ লঘু হক হিয়া,নোৱাৰোঁ বব বেজাৰৰ ভাৰ,দিয়া পাতলাই দিয়াঁ।গোটেই সংসাৰ দুখৰ বোজাটোনহয় যে এলাপেচা,সেয়ে প্ৰতি ক্ষণে খুন্দিয়াই মোক
বুকুত গধুৰ হেঁচা৷তোমাৰ বিননি শুনি থৰ হয়পশু-পখী গছ-লতালুইত উজায়, জোন তধা লাগে,মানুহৰ কিবা কথা?হুমুনিয়াৰাশি মৰম পৰশিতোমাৰো বিদাৰে হিয়া,সৰগৰ বীণ লৱণুত অধিককোমলৰো কুমলীয়া৷মানুহৰ দুখ বুকুত সুমাইলইছা যতন কৰি,অমৃতৰ ধাৰা শান্তি ছটিয়াইলইছা সন্তাপ হৰি৷একৰ দুখক এশত ভগাইপাতলোৱা দুখ ভাৰ,মানুহ প্ৰাণৰ এশ সুঁতি আনিবোওৱাঁ একোটি ধাৰ,গোৱাঁ দেৱি গোৱাঁ প্ৰাণৰ কথাটিশুনক জগতে গোৱাঁ৷গোৱাঁ আজি মোৰ প্ৰাণৰ ধাউতিপ্ৰাণে প্ৰাণে মিলি গোৱাঁ৷তোমাৰ সুৰতে প্ৰাণ লীন গৈউঠক সকলো ব্যাপি,প্ৰাণে প্ৰাণে মিলি হিয়াৰ কথাটি
তোমাতে দিলো যে সঁপি॥
॥২॥
সুখ সুখ বুলি ফুৰিলো বিচাৰিসুখৰ দেখাদেখি নাই,পাই পখিলাটি সুধিলো এদিনসুখ কেনেকুৱা ভাই?থাপতে চিলাই নিলেহি উৰাইসুখ কেনে কোনে কয়?কোৱাঁ বীণ কোৱাঁ সুখ কেনেকুৱা,―কতো সমিধান নাই৷সুখ বোলে হেনো সংসাৰৰ সাৰ,ওলালোঁ জোলোঙা লৈ,সংসাৰখনৰ দুৱাৰে দুৱাৰেঘূৰি খেদা খালো গৈ৷
হে প্ৰাণৰ বীণ! যি দেখিলোঁ আৰুক’বলৈ লাগিছে বেয়া,দুখীয়াৰ দুখ দুৰ্বলীৰ শাস্তিদেখি ফাটি যায় হিয়া৷দেখিলোঁ কেনেনো নৰ-সমাজতবিষম জঞ্জাল হায়!মানুহে মানুহে পৰতকৈ পৰ,এফেৰি মৰমো নাই৷নিছলা দুখীয়া দেখিলে ঘিণায়,
ডাঙৰৰ ডাঙৰ ভেম,বলীৰ ভয়ত কোচমোচ খায়নিঃকিনৰ পৰম যমঘৰে ঘৰে চোঁৱা মিলা-প্ৰীতি নাই,খোলাকটিতেহে প্ৰাণ,ধন-সোণ সাঁচি ধন ধন কৰিএৰিলে ধৰম জ্ঞান৷কোঢ়াল-কন্দল হাই-উৰুমিৰেপৰ মানুহৰ ঘৰ,কণাকড়ি এটালৈকে লাগে দ্বন্দ,নেজানে আপোন-পৰ৷সোৱাদ নজনা মাতোটি মুখৰ,বেজাৰ দিবহে পাৰে,জীৱনক কৰি তিতাৰেই পূৰআপদ চপাই মাৰে৷কুটুমেই ৰান্ধে, কুটুমেই বাঢ়েকুটুমে কুটুমক খায়,কুটুমৰ তেজেৰে বন্তি জ্বলালো—মজিয়া ভকেভকায়৷মানুহৰ তেজ শুহি শুহি খায়মানুহ ৰাক্ষসে চোৱাঁ—চোকা চোকা মাতে বিন্ধে প্ৰাণলৈকেনুবুজে আনৰ হিয়া,এবিধ চোৱাঁচোঁ মুখৰ সোৱাদে
জিনিলে জগতখন,হলাহল বাকি পিছেহে শুহিবলোকৰ প্ৰাণৰ ধন৷ফুলনিৰ ফুল লখিমী জীয়ৰীদলিছে ভৰিৰে হায়সৰগী বস্তুৰ কি জানিব মোল?—পৃথিৱী পাপৰ ঠাই৷ধৰ্মৰ নামত অধৰ্মৰ বেহাদেখিলে বিৰাগ হয়,ধনৰ লোভত পাপ সত্ৰ পাতিকপটী গুৰুৰ জয়৷ভাটৌৰ দৰে আওৰাই শাস্ত্ৰফুৰে গিয়ানী বোলাই,এজন যে আছে সকলোৰে সাক্ষীঅলপো নকৰে ভয়৷হে প্ৰাণ বীণ! কি শুনিবা আৰুদুখৰো উপৰে দুখ,দুখৰে পোহাৰ—সংসাৰ মেলা,নাই নাই নাই সুখ৷নিঃকিনলৈ কিয় দুখতে দৰ্দশা?—নিৰ্দয় বিধান ইটো,দুৰ্বলীৰ গতি জীয়ন্তে মৰণ?কিয় নখণ্ডিব সিটো?নেলাগে কুটিল সংসাৰৰ পথ
নেলাগে চাপৰ ওখ,আলেখৰ লেখ নেলাগে সম্পদনেলাগে বিষয় সুখ৷নেলাগে সমাজ, নেলাগে সম্ভ্ৰম,নেলাগে মানীৰ মান,কৃপাও নেলাগে, ভিক্ষাও নেলাগেনেলাগে পাপীৰ দান৷প্ৰলয়ৰ দিন ঘোৰ ভয়ঙ্কৰআহক পাপীৰ ত্ৰাস,জল থল সম, নাই তল বাম,সুখ-দুখ হা-হুতাশ৷আঙুলি বুলাব জনা হ’লে আজিপেলালোহেঁতেন টানি,হিমালয় চূড়া বুৰালোহেঁতেনউছালি কলিয়া পানী৷আকাশৰ তৰা নমালোহেঁতেনথপিয়াই লাখে লাখে,জোন বেলি গ্ৰহ পেলালোহেঁতেনদলিয়াই জাকে জাকে৷পাপৰ মজিয়া নিয়ালোহেঁতেনআঠাই সাগৰৰ তল,ব্ৰক্ষাণ্ডৰ চিন থাকিলহেঁতেনমাথোঁ সমুদ্ৰৰ জল৷
মান অপমান ঢৌৱাই যাওকপৃথিৱীৰ পৰা গুচিনতুন সৃষ্টিৰ অৰুণ কিৰণেকৰোক সকলো শুচি৷দুখ লাজ ভয় নাথাকিব আৰু—নতুন জগৎ সিটো,হেৰোৱা বীণৰ আনন্দৰ সুৰবাজিব দিনৰে দিনটো৷দুখ দূৰ কৰি জগৎ উদ্ধাৰকৰাঁহে জগৎস্বামী!নীচ হৃদয়ৰ নীচ অঙ্কাৰহওক অধোগামী৷
৷৷৩৷৷
আগতে সন্ধিয়া, দীঘলীয়া ৰাতি,বাটৰ পৰা নাই ওৰ,বিশ্ৰাম বিচাৰি গছৰ তলতবহিল বৰাগী মোৰ৷দিনৰ পিছত সন্ধিয়া আহিছেখণ্ডিছে ভাগৰ দুখপৰিছে পাছত, আছেও আগতযুগৰ উপৰি যুগ৷বাটৰ আগত বাট বাঢ়ি যায়,খন্তেক জিৰণি আহে,
খন্তেকতে মোৰ অন্তৰ সুখৰসোণালী সপোন হাঁহে৷সুলকিছে লাহে সংসাৰৰ বান্ধমুকলিছে মন মোৰ,মুকলি আকাশ, মুকলি, মুকলিপ্ৰকৃতি আইৰ মূৰ।দিয়াঁহে মুকলি কৰি মোৰ প্ৰাণ,দিয়াঁ দেৱী দিয়াঁ দিয়াঁ,দিয়াঁ দিব্য চকু, বিমল জেউতি,দেখি ঊধাৱোক হিয়া,সুখৰ সঙ্গীত গোৱাঁ, দেৱি গোৱাঁজগত নিচুক হোক,দুখ দন্দ শোক পাহৰি কোঢ়াল,শান্তিৰে বুৰোক লোক।দেখিছোঁ পৃথিৱী স্বৰ্গতো অধিক,মানুহৰ নিজাপী ঘৰ,মানুহেই দেৱ ইহজগতৰমানুহেই পৰাৎপৰ।মানুহৰ প্ৰীতি সাধিবলৈ চোৱাঁবিশ্ব জগৎ কল্পনা,আল ধৰিবলৈ সহস্ৰ প্ৰদীপআৰতিৰ ধূপ-ধুনা।
ফল ফুল জল চন্দন ভুষণ,মলয়াৰ শীতলী বা,মানুহ সন্তোষ হক বুলি চোৱাঁআছে যত লাগে যিবা৷হাঁহিছে মানুহে, কান্দিছে মানুহে,পাতিছে মানুহে প্ৰেম,ধূলিতে উদয়, ধূলিতে বিলয়,ধূলিও স্বৰ্গীয় হেম৷
॥৪॥
মোৰেই জগৎখন মোকেই মাতিছে,গৃহস্থলৈ আলহীৰ আসন পাতিছে৷মোৰেই বচন হৰি মোকে আদৰিছে,চিৰচিনাকিৰে নকৈ চিনাকি পাতিছে৷মোৰেই বাতৰি আনি মোকেই শুনায়,মোৰ বেহানিৰে দেখোঁ মোকে ফুচুলায়৷মোৰ দাপোনতে মোৰ মুখ দেখুৱায়,মোৰ মুখাকেই পিন্ধি সুন্দৰ বোলায়৷মোৰেই সেন্দূৰ, তেল মোৰ মূৰত ঘঁহে,মোৰ পৰা ধাৰে নিয়া ৰূপেই মোক মোহে৷মোতে শিকি দেখুৱায় মোকে মোৰ ভাৱ,মোৰেই বাঁহীটি কাঢ়ি বজাওঁ বজাওঁ৷মই অঁৰা চন্দ্ৰতাপ মোৰেই মূৰত থয়,জোন বেলি তৰা মাথো হীৰা মুক্তাময়৷
মোক এৰি জগতে নো কিবা কথা কয়,অনাদি পুৰাণ মোৰ আজিলৈকে ৰয়৷ময়ে পতা ৰাজ্যখন ভাঙি আকৌ ময়ে,ডাঙৰ ৰাজ্যৰ সৃষ্টি পাতো নতুনকৈয়ে৷ময়ে দুষ্ট দমিবলৈ সন্ত সাধু হওঁ,ময়ে দুষ্টৰ উদ্ভণ্ডালি ঘূৰি পাতি থওঁ৷মোৰ ডাৱৰতে মই ৰহণ বাকি দিওঁ,ময়ে বতাহজাটি হৈ উৰুৱাই নিওঁ,পখিলা ময়েই হওঁ, ফেচু হৈ খেদোঁ,মোৰ ধেমালিৰ অন্ত ময়ে হ’ব নিদোঁ৷মোৰ হিয়াখনি মই মোকেই বিলাওঁ,প্ৰেম বেহানিৰে ভৰি নাও বাই যাওঁ৷মোৰেই প্ৰতিমাটীক কন্যা বুলি মাতোঁ,ময়ে মোত বিয়া সোমাই ময়ে ঘৰ পাতো৷ময়ে পুত্ৰৰূপী ল’ৰা মৰমতে মৰোঁ,বিচাৰি সম্পদ আনি, অলঙ্কাৰ আৰোঁ৷প্ৰেমৰ বাতৰি কৈ ঘৰে ঘৰে ফুৰোঁ,মনত কথাটি ৰাখি কপটতা কৰোঁ৷ঘৰতে কন্দল লগাই কত টোপ যাচোঁ,বীজৰ পতান মই নাৰদ হৈ বাছোঁ৷জগতৰে মোৰে দেখোঁ সম্বন্ধ অটুট,চকু মুদিয়েই মাথোঁ অন্ধ অদভুত॥দিব্য দৃষ্টিৰে চোৱাঁহে জগৎখন
প্ৰহেলিকা গুচি এয়ে জীৱন ৰঞ্জন॥
॥৫॥
এই সংসাৰত মইকতনো বিনালো,দুৱাৰে দুৱাৰে ঘূৰিকত খেদা খালোঁ৷কবকে নোৱাৰোঁ মইকি বিচাৰিছিলোঁ,অবাবতে অকলইকতনো কান্দিলোঁ৷ছাঁৰে সৈতে লৰা দৰেধেমালি কৰিলো,ছাঁকে বিচাৰি গৈকত ঠগ খালোঁ!সপোনেৰে দিনে-ৰাতিউমলি ফুৰিলোঁ,সপোনো সচেত ভুলিমোহতে পৰিলোঁ৷স্বাৰ্থ অহঙ্কাৰে বাহবান্ধিলে সংসাৰ,ৰ-লগা পলু যেনেখোলাটি মুগাৰ৷নিজতে নিজেই মই
ভাবিলোঁ সুন্দৰসুখৰ ভঁৰাল কিনোঠেক অন্ধকাৰ!সুখতে মধুৰ আৰুমোহৰ কঁৰাল,বিধিৰ কৃপাত পুনুহলোঁহে উদ্ধাৰ৷কি সুন্দৰ মুক্ত বায়ু,নালিম আকাশ—কি সুখৰ জোন বেলিজেউতি প্ৰকাশ!অসীম সাগৰ মোৰনাৱেৰেই ভৰা,মহাসদাগৰ মইঅতীজৰে পৰা৷অনন্ত ভঁৰাল মোৰশস্য সাঁচি থওঁ,অসীমৰ পথাৰতবীজ সিচি দিওঁ৷কণ-গেলা বীজেৰেইনিত্য বীজ পোহোঁ,বীজৰ বেপাৰী মইবীজকেহে বেহোঁ৷
॥৬॥
এদিন পুৱাতে উৰুলি মঙ্গলশুনিলোঁ যাত্ৰীৰ ৰোল,শুনো কি নুশুনো বুজোঁ কি নুবুজোঁমহাপ্ৰয়াণৰ বোল৷জনমৰে পৰা শুনি আহিছিলোসৰগী সুখৰ কথা,দুখিত তাপিত মানুহে এদিনপাহৰিব দুখবেথা৷সেই দিনলৈকে মহাআয়োজনচিৰজীৱনৰ বেহাসেই দিনলৈকে জীৱন উছৰ্গাসেৱাৰ উপৰি সেৱা৷সেই দিনলৈকে আছে বাট চাইঅধীৰ পৰাণে মোৰ,সেই দিন আজি প্ৰাণৰ প্ৰাণতউশাহে উশাহে পূৰ৷গণিতা নেচাওঁ ভণিতা নেচাওঁতালৈ সময় নাই,সোনকালেই বোলে শুভক্ষণযাত্ৰী আগবাঢ়ি যায়৷একে উশাহতে লগ ললোঁ আহি
চিন্তাৰ পৰিল ওৰ,বীণখনি মাত্ৰ লগৰ লগৰীজীৱন সম্বল মোৰ।দিনে বাঢ়ে যাত্ৰী যেতেকতে বাঢ়েতেতেকতে কলৰৱ,শুনা হাটৰুৱা বাটৰুৱা লোকপ্ৰয়াণৰ যাত্ৰীসৱ।হিয়াৰ মাজেদি অনন্ত সুখৰপৰি আছে ৰাজবাট,মনৰ বেহানি কিনি-বিকি নইফুৰিম সংসাৰ হাট।সকলোকে কওঁ সুখৰ বাতৰিযাকে পাওঁ হাটে-বাটে,কোন যাবি হেৰ আহ ভাইহঁতবীণ-বৰাগীয়ে মাতে।মহাপ্ৰয়াণৰ যাত্ৰী সবাওটিআমাৰ কিহৰ চিন্তা?মহান প্ৰাণৰ অধিকাৰী আমিমুখত আনন্দ গীতা।
॥৭॥
সুখ সুখ বুলি জগৎ বলিয়াহেৰাল পৰম সুখ,স্বাৰ্থৰ কন্দলে জগৎ জুৰিলেদুখ যে থাকি গ’ল দুখ।
প্ৰভুৰ কাষলৈ নিনিয়ে যি সুখেহিয়াৰ যাতনা মাথোঁ,হৰণ-ভগন মাত্ৰ লাভ তাৰসি দুখ সি আপদৰ হেতু।খোৱা-কামোৰাকৈ মৰিছে মানুহপৃথিৱী যে ছাৰখাৰ,পশুতো অধম স্বাৰ্থত অন্ধলাদানৱৰো সাতচাৰ।ৰাইজক গৰকি বোলাই গৰাকীসৃষ্টি ৰাঙলী কৰি,অতীজৰ বলী ৰজা মহাৰজাগ’ল কোন বাট ধৰি?ৰাইজৰ তেজেৰে তিয়াই ধৰণীবোৱায় ৰাঙলী সোঁত,মানুহৰ দুখ দুৰ্দশাৰে বান্ধেনিৰাশ কলীয়া কোঠ।প্ৰাণতে আছে প্ৰাণৰ সম্বলদূৰত বিচাৰি ফুৰোঁ,ভ্ৰান্তি মোহজাল আঁতৰোৱা প্ৰভুমোহ-অন্তকাৰী গুৰু।সুখশ্ৰীপ্ৰয়াসী, প্ৰভু প্ৰণামিছোঁদিয়াঁ মতি অন্তৰ্মুখী,হিয়াৰ আনন্দ হিয়াতে পাবলৈকৰা নিষ্কলঙ্ক সুখী।
শ্ৰেয়ৰ গৰাকী প্ৰভুৰ সেৱকপ্ৰয়াণৰ যাত্ৰী আমি,নিঃকিনৰ ধন জগৎৰঞ্জনপ্ৰণামো জগৎস্বামী।অনন্ত সুখৰ মন্ত্ৰ মোহ হৰাহৃদয়ত জপোঁ মাথোঁ,সবাওৰো হিত আৰাধোহোঁ নিতপ্ৰেমৰ থাপনা পাতোঁ।শ্ৰেয়সী সত্ৰৰ সত্ৰীয়া সবাওবিশ্ববাসী নৰগণ,মানৱী জনম উছৰ্গী সবেওভজোঁ মানৱী চৰণ।
॥৮॥
প্ৰাণৰ প্ৰতিষ্ঠা জীৱন্ত সাধনাদেহাত কৰাহে থিয়,চুকে-কাণে যত জড় দেৱমূৰ্ত্তিনিশ্বাসতে পাব জীৱ।সুষুপ্ত আত্মাৰ সূক্ষ্ম শকতিজগাই মাথোন তোলাঁ,আত্মাৰ বলেৰে বলীয়ান হইবিজুলী সঞ্চাৰে দোলা।জড় জগতৰ চেতন নিয়ন্তাৰথৰ সাৰথি তুমি,
তোমাৰ আদেশ অপেক্ষাত আছেশিৰেৰে নমিহে ভূমি।অন্যায় অসত্য পাশৱ বলেৰেনিত্য সংগ্ৰাম-চাৰী,দৈৱী সম্পদৰ আশ্বাস-নিৰ্ভীকবিজয় গাণ্ডীৱধাৰী।বিশ্বৰ বীণত ঝঙ্কাৰ উঠিছেমিলোৱাঁ তাৰেই সুৰ,আকাশৰ লক্ষ গ্ৰহ সমন্বিতেওঙ্কাৰ ধ্বনিৰে পূৰ।ধ্ৰুবলোকৰ সত্যক আজোঁৰাঅৰুন্ধতীৰ প্ৰেম,সূৰ্য্যৰ ৰশ্মিৰ জলন্ত মহিমা,পৃথিৱী-তলৰ হেম।পৃথিৱীক তোলাঁ স্বৰ্গৰ খাপলৈস্বৰ্গক নমাই আনা,সৰগ নহয় দূৰ-দূৰণিৰবাহিৰৰো নোহে জানা।অন্তৰৰ চকু মেলাঁ মোৰ বন্ধুদিব্য দৃষ্টিৰে ফুৰাঁ,শুধ দাপোনত শুধ প্ৰতিবিম্ববাহিৰ ভিতৰ জোৰা।
॥৯॥
দিব্য দৃষ্টিৰে ফুৰাঁ মোৰ বন্ধুঅনন্ত দাপোন মেলাঁ—দিগন্ত প্ৰসাৰি আকাশী নেত্ৰেৰেচোৱাঁচো সৃষ্টিৰ খেলা।নীলিম পুণ্যৰ প্ৰভাই জিনিছেশ্যামল পৃথিৱীখন,মহাজলাশয় সাগৰে গৰ্জিছেউত্তাল নিমগন।সৰগী বায়ুৰ বিৰবিৰনিতপুনৰ থমকি ৰয়,হৃদি সিন্ধু বাৰি ফুটন্ত হাঁহিৰেশতধা বাগৰি বয়।সোনালী মেঘৰ প্ৰতিবিম্ব তাতেস্বৰ্গীয় বিচিত্ৰ লীলা,মহান আত্মাৰ আদৰ্শেৰে লেখাফুলাম চানেকীখিলা।বিচিত্ৰ মেঘৰ ভাবেৰে ৰঞ্জিতমানৱী আত্মাৰ খেল,মহামহত্ব অভিলাষী নৰবিশ্বৰ প্ৰাণেৰে মেল।লোকালোক সউ মুখৰিত হ’লউদিল পূজাৰ বেলি,জুৰিলে হেঙুলি ধূপ-ধূনাৰেই
নীলিমাৰে খেলিমেলি,কতনা কালৰ মানৱ সন্ততিআৰাধিছে বিয়াকুলবিশ্বৰ প্ৰেমত বিভোৰ মগনউছৰ্গি ভকতি ফুল।মোৰেই মুখেদি মানৱ প্ৰাণৰফুটক আকুল মাত,মোৰে চিন্তাতেই গূঢ় ৰহস্যৰসত্য হক প্ৰতিভাত।
বীণ-বৰাগী সমাপ্ত
Comments
Loading comments…