মহাভাৰত বিৰাট পৰ্ব্ব

শ্ৰীকৃষ্ণায় নমোনমঃ।

বিৰাট পৰ্ব্ব।

পদ।

জয় জয় দৈবকীনন্দন দামোদৰ।ভকত বৎসল নমো সৰ্ব্ব বিঘ্নি হৰ।৷কৃষ্ণৰ চৰণে কৰোঁ সহস্ৰ প্ৰণতি।হৃদয়ত থাকি মোক দিয়োক সুমতি॥১উত্তম জনক মই কৰো নমস্কাৰ।অল্পমতি দেখি দোষ ক্ষোমৰা আমাৰ।২গৰুড়ৰ উড়াৱ যদ্যপি সম নাই।পখা অনুৰূপে পক্ষী তেবে কি নুড়ই॥৩ধৌম্য পুৰোহিত আৰু ৰাজা যুধিষ্ঠিৰ।দ্ৰুপদৰ নন্দনী কনিষ্ঠ চাৰি বীৰ॥৪এই সাত জনে গূঢ় সমাজ পাতিল।চাৰি ভাইক সম্বোধিয়া নৃপতি বুলিল॥৫দ্বাদশ বৎসৰ থাকি বঞ্চিলোঁ‌ নিৰ্জ্জনে।চিনিবে নপৰে কেহো হেন জানা মনে॥৬

সেব্য সেৱকৰ ধনুৰ্ব্বান ঋষিগণে।অৰণ্যতো নেড়িলে বান্ধৱ নাৰায়ণে॥৭সুখে দুঃখে দ্বাদশ বৎসৰ বহি গৈল।অজ্ঞাত বৎসৰ ত্ৰয়োদশ আসি ভৈল॥৮কোন ৰাজ্যে বঞ্চিবো যাইবোঁহো কোন ঠাই।কোন কৰ্ম্ম কৰিবোঁ আমৰা পঞ্চ ভাই॥৯আমাৰ একক যদি চিনে এক জনে।দ্বাদশ বৎসৰ থাকিবাক লাগে বনে॥১০হেনয় শঙ্কট আছে বৎসৰ মাসত।থাকিবাক লাগে আন ৰাজাৰ ৰাজ্যত॥১১কুটকপটৰ গুৰু অন্ধকৰ সুত।ৰাজ্যে ৰাজ্যে গুঢ় চৰ পঠাইছে বহুত॥১২তাহান চড়িয়া যেন নিচিনে আমাক।আলচি যুগুত কৰ্ম্ম লাগে কৰিবাক॥১৩কহিয়ে অৰ্জ্জুণ ফুৰি আছা বহু দেশ।কোন ৰাজা নিৰাজত সম্পূৰ্ণ সুবেশ॥১৪যি ৰাজ্যে যে বঞ্ছিবো এড়াৱোঁ দুস্খ ভাৰ।বৈৰৰ মুণ্ডত যেন পৰে চাৰখাৰ॥১৫বাজাৰ বচন শুনি অৰ্জ্জুন বদতি।ধৰ্ম্মৰে ঋষিৰ বৰে এড়াইবো দুৰ্গতি॥১৬

তথাপি কহিবোঁ ৰাজ্য জানো যত মানে।বাচি লৈবা আপুনি বঞ্চিবো যিবা স্থানে॥১৭সুৰসেন পটেশ্বৰ দশাৰ্ণ পাঞ্চাল।সৌৰাট অবন্তি মল্ল বিদিসল সাল্ব॥১৮যুগন্ধৰ কুন্তেলাট সৰিৰ ন্ধল।বাচি লবা ৰাজা যেহি মনে অনুকুল॥১৯যুধিষ্ঠিৰে বোলন্ত শুনিয়ো ভ্ৰাতৃগণ।মৎস্য নগৰিত মোৰ থাকিবাক মন॥২০ধৰ্ম্মৱন্ত কুলৱন্ত বৃদ্ধ মৎস্য ৰাজ।তাঙ্ক সেবা কৰিলে নাহিকৌ কিছু লাজ॥২১অনো এক কথাখানি পুচোহেঁ সবাতে।কৰ্ম্ম কৰিবাক লাগে পৰৰ সেবাতে॥২২কোনে কোন কৰ্ম্ম কৰিবাহা বিৰাটৰ।হেন শুনি ধনঞ্জয়ে বুলিলা উত্তৰ॥২৩আমাক লাগিয়া তুমি নকৰিবা মৰ্ম্ম।তোমাক সেবিলোঁ কৰি আছে তব কৰ্ম্ম॥২৪তুমি কিছু কৰ্ম্ম জানা ৰাজা ৰাজ্যেশ্বৰ।কেন মতে সেবা কৰিবাহা বিৰাটৰ॥২৫যুধিষ্ঠিৰে বোলন্ত বঞ্চিৱোঁ দুস্খ কাল।বিৰাট নৃপতি শুনোঁ বৰহি পাসাল॥২৬

পাসা খেলি কৌতুক কৰাইবোঁ ৰাত্ৰি-দিন।মোহমত্ত হৈবো মোক নেদেখিবে ভিন॥২৭সাজি পাসা-বাৰি দিবোঁ হস্তিৰ দন্তৰ।কৃষ্ণ-ৰক্ত চিহ্ন বৈদুৰ্য্যৰ সুবৰ্ণৰ॥২৮পাসা জিনি নিবোহোঁ সুবৰ্ণৰ লস।এহি কৰ্ম্মে নৃপতিকো কৰিবোহো বস॥২৯চাপ সমে সাজিবোহো কৰি বিতোপন।পাঞ্চ গুটি পাস বটি হস্তিৰ দশন॥৩০চাৰিৰ পিঠিত চাৰি চাৰি ঠাইত চিহ্ন।খেলাইবাৰ বেলা যেন দেখি ভন্ন ভিন্ন॥৩১বৈদুৰ্য্য শ্যামল বৰ্ণ সুবৰ্ণ ৰচিত।ইন্দ্ৰলব কৃষ্ণবৰ্ণ প্ৰবালে লোহিত॥৩২পাসা খেলিবাৰ চৰ্ম্ম সাজিবোঁঁ কুশল।চকত লগাইবোঁ তাত সুবৰ্ণৰ জল॥৩৩যেবে মোত পুচে তেবে কহিবো ৰাজাত।কঙ্ক নামে দ্বিজবৰ জগতে প্ৰখ্যত॥৩৪মোৰ প্ৰিয় সখা যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।আমাক এড়িলে তেবে তৈতে বন মাঝ॥৩৫এহি ৰূপে খ্যাত হৈবো বিৰাট ৰাজ্যত।একো জনে নিচিনিব অজ্ঞাত বাসত॥৩৬

ভীমে কোন কৰ্ম্ম কৰিবেক বিৰাটৰ।তেতিক্ষণে ৰাজাক মাতিলা বৃকোদৰ॥৩৭বিৰাট ৰাজাৰ মই হইবোঁ সুপকাৰ।ৰান্ধিৱো অন্ন সুপ ব্যঞ্জন সম্ভাৰ॥৩৮আৱতিবোঁ বহু বিধ দুগ্ধ নিতে নিত।সাজিবোঁ দুগ্ধ পিণ্ড কৰি দিব্য ঘৃত॥৩৯পৰ্ব্বত সমান ভাবে আনিবোহো খৰি।তেবে হৈবো অন্ন ব্যঞ্জনৰ অধিকাৰী॥৪০অন্ন ব্যঞ্জনক মই পেট ভৰি খাইবো।বিস্তৰ কালৰ খঁক তেবে পাসৰিবো॥৪১সিংহ বাঘ সমে যদি যুঁজাৱে আমাক।তাহাক যুঁজিয়া তুষ্ট কৰাইবো ৰাজাক॥৪২এহি কৰ্ম্ম দেখি দায়া কৰিবেক মোক।যেন নৃপতিক দায়া কৰে সৰ্ব্ব লোক॥৪৩ৰাজাৰ শত্ৰুক যদি যুঁজাৱয় মোক।তেতিক্ষণে তাহাক পঠাইবো যমলোক॥৪৪কৌতুকে যুঁজয় নৃপতিৰ মন্ত্ৰী-পাত্ৰ।খলে নমাৰিবো যুদ্ধে জিনিবোহো মাত্ৰ॥৪৫নৃপতিক কহিবো বল্লৱ মোৰ নাম।যুধিষ্ঠিৰে শিখাইলন্ত সুপকাৰ কাম॥৪৬

এহি মতে থাকিবো বিৰাট নগৰত।কোন কৰ্ম্ম কৰিৱন্ত পুচা অৰ্জ্জুনত॥৪৭অৰ্জ্জুনক লাগি ধৰ্ম্মে কৰিলন্ত শোক।এহি ৰূপে গুণে ভাই কৈত লুকায়োক॥৪৮খুণ্টিভাণ্ডে হাথিকোলে পাৰে লুকাইবাক।কতনো ললাট বিধি দিলেক আমাক॥৪৯সকলে আছয় মহেন্দ্ৰৰ যত গুণ।মাধৱতো কৰি কিঞ্চিতেকো নাহি নূন॥৫০ৰূদ্ৰৰ লগত গণৈ ৰূদ্ৰৰ সমান।আদিত্যৰ লগে গণৈ আদিত্যৰ ঠান॥৫১ত্ৰিদশৰ বৈৰী ইন্দ্ৰো নোৱাৰন্ত যাক।এক খান ৰথে চড়ি মাৰিলন্ত তাক॥ ৫২অগ্নিক তুষিলা বন খাণ্ডব দহিলা।ত্ৰিদশ সহিতে ইন্দ্ৰ দেৱক জিনিলা॥৫৩মহেন্দ্ৰৰ অৰ্দ্ধাসন পায় বীৰবৰ।দিব্য অস্ত্ৰ শিখিলন্ত পঞ্চম বৎসৰ॥৫৪তিনি তোক মাঝত সমান নাহি যাৰ।সিটো কৰ্ম্ম কৰিবাক নোৱাৰে পৰৰ॥৫৫উলুপী ভগিনী সৰ্প ৰাজ বাসুকীৰ।নিজ বাহু বলে জিনিলেক মহাবীৰ॥৫৬

শঙ্কৰতে সম বল পৰাক্ৰম যাৰ।সিটো কেন মতে কৰ্ম্ম কৰিবে পৰৰ॥৫৭দুয়ো হাতে ধনু ধৰি প্ৰহাৰন্ত সৰ।বৃষভৰ কান্ধ যেন দুয়ো হাতে কৰ॥৫৮তাতে সব্যসাচী নাম খ্যাত ত্ৰিজগতে।এহি হাত দেখি নিচিনিবে কেন মতে॥৫৯দুই কৰ্ণ মানে কৰ ভৈল ধনুৰ্গুণ।তাক দেখি কোনে নুবুলিবেক অৰ্জ্জুন॥৬০আজানুলম্বিত বাহু কৰি-কৰ সম।চকোৰ নয়ন সিংহ সমান বিক্ৰম॥৬১ইন্দ্ৰে শিৰে ৰত্নময় কিৰিটি বান্ধিল।সূৰ্য্য সম জ্বলে অঙ্গ সহিতে মিলিল॥৬২ইয়ো কৰ্ম্ম অৰ্জ্জুনৰ খ্যাত পৃথিবীত।তাক দেখি লোকে নিচিনিবে কোন চিত্ৰ॥৬৩অৰ্জ্জুন বদতি নৃপতিৰ মুখ চাই।মোক লাগি ৰাজা কিঞ্চেতেকো শঙ্কা নাই॥৬৪প্ৰতিজ্ঞা কৰিয়া ধৰো নপুংসক বেশ।শৰীৰৰ চিহ্ন তেবে ঢাকিবো নিশেষ॥৬৫দুই মুষ্টি শাঙ্খ পিন্ধিবোহো দুই হাতে।দুই হাতৰ চিহ্ন মানে লুকাইবেক তাতে॥৬৬

কুণ্ডল পিন্ধিবো কৰ্ণে বাজে ৰুণ ঝুণ।ধনুৰ গুণৰ কৰ বুলিবেক কোন॥৬৭কিৰিটি ঢাকিয়া কেশ বান্ধিবোহো বেনি।অলঙ্কাৰ আছে বুলি নজানয় যেনি॥৬৮দেখেণ্ডি ৰঙ্গৰ বস্ত্ৰে আবৰিবো গাৱে।থিয় বন্ধে নূপুৰ পিন্ধিবো দুই পাৱে॥৬৯নপুংসকে পঢ়ি ফুৰে নাৰী মুখে কথা।নপুংসক বেশে মই ফুৰিবো সৰ্ব্বথা॥৭০বিবাহ উৎসবে সুমঙ্গল গীত গাইবো।অন্তেশ পুৰত আমি বৰ পূজা পাইবো॥৭১পুচন্তে বিৰাটে মোক কহিবো কাহিনী।বৃহন্নলা নামে দ্ৰৌপদীৰ সেৱকিনী॥৭২নৃত্য গীত শিখাইবোহোঁ ৰাজাৰ কন্যাক।মন্ত্ৰী পাত্ৰ সমে তুষ্ট কৰাইবো ৰাজাক॥৭৩চদ্ম ৰূপে থাকিবোহো বিৰাটৰ ঘৰে।ভস্মৰ অনল যেন নিচিনিবে পৰে॥৭৪নৃপতিৰ আগত নকুলে কহে কথা।অছোৱাৰ হইবো মই নাহি অন্যৱথা॥৭৫ভাল মন্দ লক্ষণ ঘোড়াৰ যত যত।ঘোড়াৰ চিকিৎসা গুণ আছয় সমস্ত॥৭৬

ঘূড়ীৰো যতেক গুণ সম বা বিসম।ঘোড়াক দেখিলে জানো যাৰ যেন গম॥৭৭ৰথৰ যতেক ঘোড় ৰাহুত যতেক।সবাকো শিখাইবো মই প্ৰত্যেকে প্ৰত্যেক॥৭৮শিশু ঘোড়া শিশু ঘুড়ী নুহিকয় দুষ্ট।তাক দেখি বিৰাটৰ হৈব বৰ তুষ্ট॥৭৯ৰাজা যেবে সোধে তেবে কহিবো আগত।পাণ্ডৱৰ আচাৰ গ্ৰন্থিক নাম যত॥৮০সহদেবে বোলন্ত শুনিয়ো মহিপাল।বিৰাট ৰজাৰ আমি হৈবোহোঁ গোৱাল॥৮১.গোষ্ঠক লাগিয়া তুমি পাঞ্চিলা সতত।তাতে শিখি লঞোঁ গোৱালৰ গুণ যত॥৮২গৰুৰ লক্ষণ যত মঙ্গল চৰিত।গণিবাক পাৰো যোজনৰ দূৰ স্থিত॥৮৩বৃষভৰ গুণ জানো পৃথিবীত সাৰ।যাৰ মুত্ৰ গন্ধে ধেনু ধৰে গৰ্ভভাৰ॥৮৪যুধিষ্ঠিৰে থৈলে মোৰ তন্ত্ৰীপাল নাম।নৃপতি পুচিলে কহিবোহো এহি কাম॥৮৫দ্ৰৌপদীক অনুশৌচ কৰন্ত নৃপতি।পাঞ্চাল নন্দনী যজ্ঞ মধ্যে উতপতি॥৮৬

পাণ্ডুৰ বহাৰী পাঞ্চো ভাইৰ প্ৰিয় নাৰী।সুদেষ্ণাক সেবন্তোক কোন কৰ্ম্ম কৰি॥৮৭মাতৃ সম প্ৰতিপাল কৰোঁ দিনে দিনে।ভগিনৰ সমে পূজা, কৰোঁ ভিনে ভিনে॥৮৮গন্ধ চন্দন মাইলে বসন ভূষণ।আন কিছু নজানন্ত আতেসে যতন॥৮৯দ্ৰৌপদী বেলন্ত ৰাজা নকৰিবা শোক।বিৰাট মহিষী পাইলে নেড়িবন্ত মোক॥৯০শৈৰিন্ধ্ৰী থাকয় প্ৰতি নৃপতিৰ স্থানে।অমান্য নকৰে তাক আপুনি প্ৰমাণে॥৯১শৈৰিন্ধ্ৰী স্বভাবে মহাদৈৰ পাশে যাই।আপোনাৰ কৰ্ম্ম কৰি মাগিবন্ত ঠাই॥৯২ফুল গাঁঠিবাক জানো পিসিবো চন্দন।কেশ কঙ্কিয়াবো জানো পৰম শোভন॥৯৩পূৰ্ব্বত আছিলো দ্ৰৌপদীৰ সেবকিনী।প্ৰতিপাল বিস্তৰক হৈবা এহি জানি॥৯৪আপোনাক আপুনি যে ৰাখিবা যতনে।সেবকিনী সেবক থাকোহো কোন থানে॥৯৫নৃপতি মাতিলা দ্ৰৌপদীৰ শুনি বানি।তুমি যেনে হৈবা তাক আমি আছো জানি॥৯৬

পাপী দুৰ্য্যোধন সুখী নুহি যেন মত।এহি কৰ্ম্ম কৰি থাকিবাহা সাবহিত॥৯৭ধৌম্য পুৰোহিত তুমি পাঞ্চালক যাহা।মোৰ অগ্নিহোত্ৰ তুমি ৰাখি থাকিবাহা॥৯৮দ্ৰৌপদীৰ সেৱকিনী যতেক সেবক।সূত সুপকাৰ সমে যাউক পাঞ্চালক॥৯৯ইন্দ্ৰসেন মুখ্য কৰি ৰথৰ সাৰথি।কুৰিখন ৰথ লৈয়া যাউক শীঘ্ৰ গতি॥১০০আঠাইশ হাজাৰ ব্ৰাহ্মণক মাতি আনি।নমস্কাৰ কৰি ৰাজা বুলিলন্ত বানি॥১০১হস্তিনাপুৰক লাগি যায়োক সকালে।ধৃতৰাষ্ট্ৰে পুষিব থাকিবা অবিকলে॥১০২যাত্ৰাৰ নিমিত্তে মেঘ খণ্ডিল পাতিল।সুমঙ্গলে অগ্নি জ্বালি পূৰ্ণাহুতি দিল॥১০৩দীপ ঘট পাতিলা যাত্ৰাৰ যত কৰ্ম্ম।ধৌম্য শিক্ষা মানে কৰিলন্ত সেবা ধৰ্ম্ম॥১০৪ধৌম্যৰ যতেক শিক্ষা ধৰিলা মনত।নমস্কাৰ কৰিলা ধৌম্যৰ চৰণত॥ ১০৫জ্যেষ্ঠ অনুৰূপে নমিলন্ত ভিনে ভিন।অগ্নিকো দ্বিজকো কৰিলন্ত প্ৰদক্ষিণ॥১০৬

পাঞ্চো ভাই গৈল দ্ৰৌপদীক আগ কৰি।ধৌম্য প্ৰতি মুক্ষে সবাহাঙ্কো পৰিহৰি॥১০৭যমুনাক গৈলন্ত সম্মুখে পাঞ্চো ভাই।চক্ষু দেখিলেক মানে আছিলেক চাই॥১০৮চক্ষু যেবে নেদেখৈ সেবক সেবকিনী।ধৰণীত পৰিলন্ত হিয়ে মুঠি হানি॥১০৯হৰি হৰি ৰাজা ভীমসেন ধনঞ্জয়।জৱঞ্জ কুমৰ দুই মাদৃৰ তনয়॥১০১আমাক এড়িয়া তুমি গৈলা কোন থান।কোনে সেবা কৰাইব কৰাইব কোনে স্নান॥১১১শয্যা পাৰি দিবে কোনে আসন বসন।ধনু যোগাইবেক কোনে কৰাইবে ভোজন॥১১২আপোনাৰ কৰ্ম্ম কেনে কৰিব আপনি।কেন মতে খাইবা আজি কৰঙ্গাৰ পানী॥১১৩হৰি হৰি যাজ্ঞসেনী পাঞ্চাল কুমাৰী।কোন স্থানে গৈলাহা আমাক পৰিহৰি॥১১৪কাহাক কৰিবা সেবা যাইবা কোন স্থানে।তুমি ব্যতিৰেকে কেনে ৰহিবো পৰাণে॥১১৫দীৰ্ঘৰাৱে কান্দি বোলে ব্ৰাহ্মণে ব্ৰাহ্মণী।আমাক ত্যজিয়া গৈলা দ্ৰুপদ নন্দনী॥১১৬

কাহাত খুজিবো কোনে দিবে অন্ন পান।কৈক লাগি যাইবোহো থাকিব কোন স্থান॥১১৭দ্বিজগণ গৈল ধৃতৰাষ্ট্ৰৰ সমীপ।সবাহাঙ্কা পুষিলন্ত ধৃতৰাষ্ট্ৰ নৃপ॥১১৮সেবকিনী ভৃত্যগণ ধৌম্য পুৰোহিত।দ্ৰুপদ ৰাজাৰ নগৰত ভৈলা থিত॥১১৯ইন্দ্ৰসেন প্ৰতিমুক্ষে কুৰিখন ৰথ।শোকে দুঃখে চলি ভৈল কৃষ্ণৰ ৰাজ্যত॥১২দৈত্যে বোলে পাণ্ডু পুত্ৰে এড়িলে আমাক।কিনো বিপৰ্য্যয় দিলা পাণ্ডুৰ ৰাজাক॥১২১আন্তৰে পাঞ্চো ভাই যমুনা তীৰতকৃষ্ণ বৰ্ণ কৱচ পিন্ধিলা শৰীৰত॥১২২শৰ ভৰি টোন লৈলা পিঠিৰ উপৰে।ডাৱৰ খৰগ ধনু লৈইলা বাম কৰে॥১২৩খুন মলিন বন্ত্ৰে ঢাকি সৰ্ব্ব গাৱ।ডাঁঢ়ি দেখিলন্ত যেন বাঘৰ স্বভাৱ॥১২৪পূবক সম্মুখে চলিলন্ত পাঞ্চ বীৰ।দ্ৰৌপদী সহিতে চলিলন্ত ধীৰে ধীৰ॥১২৫পাঞ্চো ভাই চলি যান্ত প্ৰেতৰ আকাৰ।বিবৰ্ণ বদন দুঃখ পাৱন্ত অপাৰ॥ ১২৬

২

ঘাম বৃষ্টি সহি হস্তী যেন চলি যান্ত।যমুনাৰ তীৰে পূৰস্কৰক চাহন্ত॥১২৭দশাৰ্নৰ উপৰে দেখিলে পাঞ্চালৰ।মাজে গৈল শুক্ৰনেমি শুৰ যে সেনৰ॥১২৮ব্যাধ বুলি বুলি দেশ অনেক এড়াইলা।অনন্তৰে বিৰাট ৰাজাৰ ৰাজ্য পাইলা॥১২৯দ্ৰৌপদী বোলন্ত আজি বঞ্চিয়োক আতে।বিশ্ৰাম কৰিয়া কালি চলিবো প্ৰভাতে॥১৩০অল্প অল্প পথক্ষেত্ৰ দেখাৱো প্ৰচুৰ।জানিলৱো মতস্য নৃপতিৰ ৰাজ্য দূৰ॥ ১৩১অৰ্জ্জুনক চাই ৰাজা বুলিলন্ত বানি।বোকা কৰি দ্ৰৌপদীক বহিবো আপুনি॥১৩২চলিবাক নোৱাৰন্ত দাৰুণ দুখত।বন এড়ি থাকো গৈয়া জনৰ মধ্যত॥১৩৩ৰাজাৰ বচনে ধনঞ্জয় মহাবলী।দ্ৰৌপদীক তেখনে বোকাত লৈলা তুলি॥ ১৩৪বন এড়ি নগৰৰ সমীপক গৈলা।দ্ৰৌপদীক তহিতে বোকাৰ নমাই থৈলা॥১৩৫যুধিষ্ঠিৰে বোলন্ত শুনিয়ো ধনঞ্জয়।ধনুসৰ কি কৰিবো কহিয়ো নিশ্চয়॥১৩৬

এহি কথা খানি লোকে মনত শঙ্কিব।যত অলচিলো কিছু কিছু নিসিজিব॥১৩৭বিশেষত তোমাৰ গাণ্ডীব ধনুৰাজ।আক কি চিনন্তা নাই তিনি লোক মাজ॥১৩৮ধনু দেখি তোমাক চিনিবে সাঙ্গেপাঙ্গে।নুগুচিবে দুখ দুনাই পৰিবো বিপাঙ্গে॥১৩৯অৰ্জ্জুনে বোলন্ত ৰাজা এড়িৱো সংশয়।দেখিয়ো সমীধ বৃক্ষ গগণে লঙ্ঘয়॥১৪০মৰা গৰু মানুষ পেলাৱে সেহি থানে।শ্মশান বুলিয়া আক নাসৈ একো জনে॥১৪১উঠিতে নপাৰে কেহো বৰ বৰ ডাল।ডালৰ তলত নিতিতয় একো কাল॥১৪২এহি শুনি গৈলা সবে শমীধৰ তল।গাৱৰ কাঢ়িলা সবে আয়ুধ সকল॥১৪৩গুণ কাঢ়ি পাঞ্চো ধনু কৰি এক খান।পাঞ্চ গোটা টোন পুৰি আছৈ দিব্যযান॥১৪৪পাঞ্চ খান খাণ্ডা থৈলা ভাবে সমন্বিতে।অস্ত্ৰ শস্ত্ৰ থৈলা মানে তাহাৰ মাজতে॥১৪৫গো চৰ্ম্মে বান্ধি তাক ঢাকি আবৰিল।নকুলে প্ৰবন্ধ কৰি বৃক্ষত উঠিল॥১৪৬

দৃঢ় কৰি বান্ধিলন্ত ডালৰ কোটৰে।বৃষ্টিত নিতিতৈ যেন থৈলা আড়ম্বৰে॥১৪৭মৃতক যে সব বুলি ডালে বান্ধি থৈলা।বৃক্ষৰ নামিয়া শ্মশানৰ বাজ ভৈলা॥১৪৮গৰু ৰখা ছাগ ৰখা যাক লাগ পান্ত।শোকে দুঃখে সবাহান্তে কহি কহি যান্ত॥১৪৯মৰিল আমাৰ মাতা আশী যে বৎসৰ।ডালে নিয়া বান্ধি থৈলো শমীধ বৃক্ষৰ॥১৫০আমাৰ দেশৰ কুল ধৰ্ম্ম এহি নয়।হেন শুনি তোৰ ৰাজ্যে নুহিবি বিস্ময়॥১৫১ধন্দনে দেশৰ ধৰ্ম্ম যদি নৰ মৰে।বৰিষেক বান্ধি থৱে বৃক্ষৰ উপৰে॥১৫২পাছে পুৰি ক্ৰিয়া কৰে প্ৰসিদ্ধি আছয়।হেন জানি কেহো তাত নুহিবা বিস্ময়॥১৫৩পাছে নগৰিৰ সমীপক লাগি গৈলা।পাঞ্চো ভাইৰ নাম পাছে গুপুত কৰিলা॥১৫৪যুধিষ্ঠিৰ জয়ন্ত অজয় ভীমসেন।বিজয় অৰ্জ্জুন নকুল যে জয়সেন॥১৫৫জয়দ্বল সহদেব এহি পাঞ্চ নাম।দুৰ্গতিৰ বেলাত সাধিব ইষ্ট কাম॥১৫৬

নিশা গোট বঞ্চিলন্ত বাহিৰ গ্ৰামত।নগৰক গৈলন্ত প্ৰভাত সময়ত॥১৫৭যেন ৰূপে আসিল এড়িলা সি বেশ।আগ যুৰা বান্ধি পাছে বান্ধিলন্ত কেশ॥১৫৮শুক্ল পুষ্প তুলসী বান্ধিলা আগ কৰি।দীৰ্ঘ তিলক শুক্লা ধুতিয়ে উত্তৰি॥১৫৯পাসৰ টোপোলা খানি লৈলন্ত কাখত।একুচি পচোৰা খানি পিন্ধি ওপৰত॥১৬০সভা পাতি মত্‌স্য ৰাজা বসিয়া আছন্তে।যুধিষ্ঠিৰ ৰাজাক দেখিলা প্ৰবেশন্তে॥১৬১নিচিনয় চন্দ্ৰ সূৰ্য্য মেঘে যেন ঢাকে।অগ্নিকো নিচিনে যেন ভস্ম মাজে থাকে॥১৬২তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ জলয়।চন্দ্ৰ সূৰ্য্য সমান জয়তি আতিশয়॥ ১৬৩সবাহাতে মৎস্য ৰাজা পুচয় সঙ্কেতে।ই বিপ্ৰক দেখি আছা কোনেবা কহিতে॥১৬৪নোহন্ত ব্ৰাহ্মণ এহি মানো মই মনে।এহে সাৰ্ব্বভৌম ৰাজা কহয় লক্ষণে॥১৬৫ৰথ ধ্বজ ঘোটক নাহিকে ধনুৰ্ব্বান।তথাপিতো জলে এহে মহেন্দ্ৰ সমান॥১৬৬

এতকতে যুধিষ্ঠিৰে পাইলন্ত সমীপ।হাত তুলি বোলন্ত কল্যান হও নৃপ॥১৬৭দৰিদ্ৰ ব্ৰাহ্মণে আসি আছে তযু থান।পালিবাহা মোক নকৰিবা অৱমান॥১৬৮এহি শুনি মৎস্য ৰাজা ভৈলা ৰঙ্গ মন।সকলে কৰিবো হেন তোমাৰ বচন॥১৬৯পাদ্যঅৰ্ঘ আচমনি আসন দিলন্ত।পাছে মৎস্য ৰাজা হাস্য কৰি পুচিলন্ত॥১৭০গোত্ৰনাম কহিৱো আছিলা কাৰ থান।কিবা কৰ্ম্ম কৰিবাক জানা বিদ্যমান॥১৭১যুধিষ্ঠিৰে কহিলন্ত মৎস্যৰ আগত।কঙ্ক হেন নাম মোৰ খ্যাত জগতত॥১৭২শ্ৰুতিৰ ব্ৰাহ্মণ মোৰ গোত্ৰ ব্যাঘ্ৰপদ।যুধিষ্ঠিৰ ৰাজাৰ অছিলো সভাসদ॥১৭৩সাজিবাক জানৱো বিচিত্ৰ পাস বল।পাস খেলিবাত আমি বৰহি কুশল॥১৭৪বিৰাটে বোলন্ত আজি মোৰ বৰ ভাগ।উত্তম পাসাল বহুকালে পাইলো লাগ॥১৭৫পাস খেলি সেবিবাহা নেদেখোহো ওগ।মোৰ প্ৰিয় সখা হোৱা ভুঞ্জা সুখভোগ॥১৭৬

তোমাকেসে সেবিবেক তোমাৰ লগৰি।মই সবান্ধবে থাকিবোহো সেবা কৰি॥২৭৭যুধিষ্ঠিৰ বোলন্ত ৰাজাৰ জয় হোক।এক বৰ দিবা লোকে নিনিন্দয় মোক॥২৭৮আৰু বৰ দিয়া পাসা খেলিবৰ ধন।কালিয় নকৰিবা দিবা তেতিক্ষণ॥২৭৯সমাজক শুনাই ৰাজা বুলিলা বচন।কঙ্কৰ বিপ্ৰিয় কৰ্ম্ম কৰে যিবা জন॥২৮০ব্ৰাহ্মণকো নিকালিবো আনক কাটিবো।যাৰ বাহুবৰ হুই তাকো সবে দিবো॥২৮২বাহিৰৰ ভিতৰৰ দিবো অধিকাৰ।একো থানে নধৰিবো তোমাৰ দুৱাৰ॥২৮২পাছে সুপকাৰ ৰূপ ধৰি বৃকোদৰ।সন্নহা কৱচ ধৰিলন্ত বাম কৰ॥২৮৩মাছ কটা খাণ্ডাখান ডাহিন হাতত।কৃষ্ণবৰ্ণ বসন পিন্ধিলা শৰীৰত॥২৮৪ধীৰ ধীৰ কৰি ৰাজ সমাজক যান্তে।বিৰাট নৃপতি দেখিলন্ত প্ৰবেশন্তে॥ ২৮৫সকল সমাজে দেখি কৰে কণাকণি।বিহ্বল স্বভাৱে ৰাজা বুলিলন্ত বানি॥২৮৬

কোন গোট আসে হেৰা আতি ৰূপৱন্ত।যেন তম ভেদি সূৰ্য্য দহিয়া আসন্ত॥১৮৭কিবা গন্ধৰ্ব্বৰ ৰাজা কিবা পুৰন্দৰ।শৰীৰ জলয় যেন গিৰি সম সৰ॥১৮৮সিংহৰ সমান কন্ধ নিচিনয় আঙ্ক।সমাজে পসিয়া যোনো লগাৱয় ঢাঙ্ক॥১৮৯মনে মনে বোলে আৰ নুবুজিলো চিত্ত।সকালে দিয়োক বীৰে যত খোজে বিত্ত॥১৯০তেখনে লৱৰি গৈলা ভীমৰ সমীপ।ৰাজাৰ বচনে সবে বুলিলা ভীমক॥১৯১কোন বস্তু খোজা তুমি শীঘ্ৰে কহিয়োক।সমস্তে দিবোহো তাক লৈয়া চলিয়োক॥২৯২তাসক কিঞ্চিতেকো নেদিয়া উত্তৰ।নৃপতিক লাগিয়া বুলিলা বৃকোদৰ॥২৯৩জানিয়ো নৃপতি মই ভাল সুপকাৰ।পুষিবাহা ৰাজা ভৈলো সেবক তোমাৰ॥২৯৪ৰাজা বোলে সেবক বুলিবো কেন মতে।তুমি সুপকাৰ হেন নুৰুচে মনতে॥২৯৫তোৰ ৰূপগুণকান্তি বচনে গমনে।চলে ইন্দ্ৰ আসি আছা হেন মানো মনে॥২৯৬

ভীমেৱো বোলন্ত জয় হোক যে নৃপতি।পাণ্ডবক জানা তুমি নাজানা সম্প্ৰতি॥২৯৭তাহান ঘৰত থাকি ৰান্ধি লৱো অন্ন।দুগ্ধ আৱটিলো আৰু ৰান্ধিলো ব্যঞ্জন॥২৯৮নামত বল্লভ মল্ল বুদ্ধত কুশলি।খুজি লুৰি নাহি পাৱো মোৰ সম বলী॥২৯৯সিংহ বাঘ গজ সমে কৰৱো প্ৰহাৰ।ৰান্ধিৱো অন্ন থাকিবন্ত তব ঘৰ॥২০০বিৰাট বোলয় মোৰ হোৱা সুপকাৰ।ৰন্ধন শালাৰ তুমি হৈবা অধিকাৰ॥২০১মইতো জানোহে তব যোগ্য নোহে কাজ।তুমি ৰাজা যোগ চাৰি সাগৰৰ মাজ॥২০২বৰ পাইয়া ভীমসেন বৰ লাসে গৈলা।বিৰাট ৰাজাৰ আতিশয় প্ৰিয় ভৈলা॥ ২০৩অজ্ঞাত আছিল ৰাজা নজানিল আনে।অনন্তৰে শুনিয়োক পাঞ্চালী পয়ানে॥২০৪খুল মলিন বস্ত্ৰ পিন্ধি একখানি।সবে কেশ বান্ধিলন্ত এক গোটা বেণী॥২০৫দক্ষিণ কন্ধৰ মাজে হস্তক যে থৈলা।ধীৰে ধীৰে নগৰিক লাগি চলি গৈলা॥২০৬

শৈৰিন্ধ্ৰী * স্বৰূপে চলি যান্ত একাকিনী।সচকিতে চাহে যেন বনৰ হৰিনী॥২০৭ভাল ৰূপ দেখি নগৰৰ নৰ নাৰী।আঞ্জৰে পাঞ্জৰে যাই তাহাঙ্ক আবৰি॥২০৮কেহহা উপহাস্যে পুছে কেহো মনে মানে।কৈৰ হন্তে আসিলাহা যাহা কোন স্থানে॥২০৯কাহাৰ বহাৰী তুমি কাহাৰ জিয়াৰীতোমাৰ সমান ৰূপে নতু দেখো নাৰী॥২১০উত্তৰ নেদন্ত তৱ দুনাই দুনা পুছে।ঝুমা ঝুমে নৰ নাৰী লগৰ নুগুচে॥২১১চক্ষুৰ লোটক ৰাখিলন্ত যত্ন কৰি।উত্তৰ দিল পাছে লজ্জা পৰিহৰি॥২১২আমি দুখুনীৰ কেনে পুছহ কাহিনী।যেয়ে অন্ন বস্ত্ৰ দেই ফুৰো তকে জানি॥২১৩আনো নানা কৰ্ম্ম মানে কিছুৱে নাজানে।তাকে শিল্পীকৰ্ম্ম কৰো জানো যত মানে॥২১৪সেহি ৰূপ দেখি শুনি মধুৰ বচন।এহে দাসী হেন নাজানিল একো জন॥২১৫

শৈৰিন্ধী পৰবেশ্মস্থা স্ববসা শিল্পকায়িকা।

শৰীৰৰ ৰূপে যাৰ নগৰি প্ৰকাশে।তেহে কি আসিল ভাত কাপৰৰ আশে॥২১৬বিৰাট মহিষী চড়ি আছয় মেঢ়ত।দ্ৰৌপদীক দেখিল বাহিৰ দুৱাৰত॥২১৭আতি ৰূপবতী এক খানি বস্ত্ৰ গাৱে।অধোমুখে চলি আসে গম্ভীৰ স্বভাৱে॥২১৮দূত পঠাই মতাই নিল আপোনাৰ থানে।দ্ৰৌপদীত পুছিলন্ত মধুৰ বচনে॥২১৯কোথাহন্তে আসি আছ কিবা তব নাম।মোহোৰ ৰাজ্যক আসি আছা কোন কাম॥২২০দ্ৰৌপদী বেলন্ত শুনা ৰাজপটেশ্বৰি।সৈৰিন্ধ্ৰী আসিয়া আছো তোমাৰ নগৰি॥২২১যেই অন্ন বস্ত্ৰ দেই থাকো তাৰ থানে।তাৰ শিল্পীকৰ্ম্ম কৰো জানো যত মানে॥২২২বিৰাট মহিষী হাসি হাসি বোলে বাণী।কাণে নোসোমাই মাৱ তোহোৰ কাহিনী॥২২৩ত্ৰৈলোক্য মোহনি ৰূপ তুমি বোলা দাসী।নুহিকয় দাসী এক ৰাজাৰ মহিষী॥২২৪হাতৰ ভৰিৰ গাস্থি একোৱে নমনি।উৰূযুগ জৱঞ্জ কোমল বুলি জানি।২২৫

বৰ্ত্তুল কোমল ঘন পীন স্তন ভাৰ।শশাভন কুন্তল পীন নিতম্ব তোমাৰ॥২২৬ওঠ অধৰ তোৰ যেন বিম্ব ফল।পূৰ্ণচন্দ্ৰ সম শোভে বদন মণ্ডল॥২২৭কমুগ্ৰীৱ গুঢ় শিৰ কৃশ মধ্য তনু।মনে গুণো বতসাতে ভাগি পৰে যেনো॥২২৮বত্ৰিশ লক্ষণ দেখো আছে তোৰ গাৱে।.তিনি গোটা গম্ভীৰ উন্নত ছয় ঠাৱে॥২২৯চাৰিখান হ্ৰস্ব সাতখান যে কোমল।চাৰিখান দীৰ্ঘ তিনিখানত বহল॥২৩০পাঞ্চখান ৰক্তদেহা লক্ষণ সুচান্দ।উৎপল সমান তোৰ শৰীৰৰ গন্ধ॥২৩১নীল উৎপল সম আয়ত লোচন।ৰাজহংস সম যেন মধুৰ বচন॥২৩২পদ্মবন এড়ি কিবা লক্ষ্মী আসি আছা।নোহা সেবকিনী মাৱ নোবোলস মিছা॥২৩৩দানৱ নাৰী কিংবা যক্ষৰ সুন্দৰী।গন্ধৰ্ব্বৰ নাৰী কিংবা তুমি অপেশ্বৰী॥২৩৪আদিত্যৰ ছায়া কিবা চন্দ্ৰৰ ৰোহিনী।বৰুণৰ সত্যবতী হৰৰ পাৰ্ব্বতী॥২৩৫

বিৰাটৰ ৰখা গাই আছে যি থানত।বহিলন্ত সহদেব তাৰ সমীপত॥২৭৬দূৰতে নৃপতি সহদেবক দেখিল।আথে বেথে ৰাজা দুৱাৰিক আদেশিল॥২৭৭আমাৰ সদৃশ এক ৰূপক বিশেষ।মোৰ সমীপত আবে কৰায়ো প্ৰবেশ॥২৭৮দুৱাৰি লৱৰ দিয়া গৈল আথে বেথে।তেতিক্ষণে প্ৰবেশ কৰাইলা সমাজতে॥২৭৯নৃপতি পুছিলা বাপু তোৰ কোন নাম।কোন কৰ্ম্ম কৰহ তোমাৰ কোন গ্ৰাম॥ ২৮০সহদেবে বোলন্ত শুনিয়ো মহীপাল।যুধিষ্ঠিৰ নৃপতিৰ আছিলোঁ গোৱাল॥ ২৮১আঠ লক্ষ ধেনু আৰু চল্লিশ হাজাৰ।একেবৰ্ণে আছিলেক পাণ্ডব ৰাজাৰ॥২৮২সেহি গৰু ৰাখিলেক য’তেক গোৱালে।তাৰ অধিকাৰী হুয়া আছিলোঁহে পালে ২৮৩যত প্ৰহৰৰ ঠাই যত গৰু থিত।তাৰ গুণ গণ মোৰ নাহি অবিদিত॥২৮৪যে বৃষৰ মূত্ৰ গন্ধে বন্ধ্যা হোৱে জাত।সিয়ো বৃষভক চিনো দশন মাত্ৰ॥ ২৮৫

নৃপতি বোলন্ত তুমি ব্ৰাহ্মণ কুমাৰ।ৰাজাৰ পুত্ৰৰ সম লক্ষণ তোমাৰ॥২৮৬গোৱাল বুলিতে মোৰ নধৰয় চিত।তুমি বোলা ইও কৰ্ম্ম তোমাৰ উচিত॥২৮৭আমিও কৰিলো তোক গোৱালৰ মুক্ষ।প্ৰথম বৰ্ণৰ ধেনু আছে একলক্ষ॥২৮৮সিয়ো ধেনু দিলো মই তোমাৰ হাতত।সুখ ভোগ ভুঞ্জি থাকা মোহোৰ ৰাজ্যত॥২৮৯ইন্দ্ৰ প্ৰস্থে যেন সুখে আছিলা আপুনে।তেন সুখ ভুঞ্জিয়া থাকিৱো মোৰ স্থানে॥২৯০হেন শুনি সহদেব ভৈলা ৰঙ্গমন।বিৰাটক সেবিয়া থাকিলা সেহি খান॥২৯১সহদেব বিৰাট ৰাজাত পাইলা বৰ।কেহো নিচিনিলা থাকিলাহা বীৰবৰ॥২৯২অৰ্জ্জুনে ধৰিলা পাছে নপুংসক বেশ।দিব্য ৰূপ চন্ন কৰি ভৈলন্ত প্ৰবেশ॥২৯৩বাহু ঢাকি পিন্ধিলন্ত শঙ্খ দুই মুঠিআগ গুৰি পিন্ধিলন্ত সোণাৰ আঙ্গুষ্ঠী॥২৯৪ৰুণ ঝুণ কৰি বাজে কুগুল পিন্ধিল।দীৰ্ঘ প্ৰচুৰ কেশে চিৰলী বান্ধিল॥২৯৫

চেৱকী উৰ্দ্ধক কৰি বান্ধিলন্ত খোপা।চত্তৰ্ভিতি বান্ধিলন্ত ৰঙ্গাপাত ঝোপা॥২৯৬ৰঙ্গাল দুখানি বন্ত্ৰ পিন্ধিলা গাৱত।সুবৰ্ণৰ মেখলা বান্ধিলা কঙ্কালত॥২৯৭নূপুৰ যুগল শোভা কৰয় চৰণ।চলি যাই বীৰ যেন প্ৰমত্ত বাৰণ॥ ২৯৮পদে পদে ভূমি কম্পি কম্পিলয়ে ঠাই।সভা পাই ৰহিলন্ত নৃপতিক চাই॥২৯৯বিৰাট নৃপতি দেখি গুণে মনে মনে।এনে ৰূপে মনুষ্য নাহিকে ত্ৰিভুবনে॥ ৩০০সিংহবন্ধ কটিস্কন্ধ পুৰুষ আকাৰ।পিন্ধি আছে গাৱত তিৰিৰ অলঙ্কাৰ॥৩০১সমাজত পুছিলন্ত কোনে দেখি আছা।কমন দেশৰ এহে কহিয়োক সাঞ্চা॥৩০২নাহি দেখো বুলিলেক সকল সমাজে।বিস্ময় স্বভাৱে বুলিলেক মৎস্যৰাজে॥৩০৩সত্য গুণে সম্পূৰ্ণ পুৰুষ মনোৰম।শ্যামল সুন্দৰ সুধা মত্ত গজ সম॥ ৩০৪শঙ্খ বলয়া বেণী বসন কুণ্ডল।আৱলি আপচু কৰি এড়িয়ো সকল॥৩০৫

ৰত্নৰ মুকুট সমে বান্ধিয়োক কেশ।বিচিত্ৰ কান পিন্ধা কবচ বিশেষ॥৩০৬বৃদ্ধ ভৈলো সুখ ভোগ নালাগে আমাক।মোৰ নগৰিক পালি সুখে থাকিয়োক॥৩০৭অৰ্জ্জুনে বোলন্ত নৃপতিৰ জয় হোক।ৰূপৰ কাহিনি মোৰ বাঢ়ি যাই শোক॥৩০৮গুৱামালী নুফুলে কি নুফলে মন্দাৰ।নোহো নাৰী পুৰুষ লক্ষণ ৰূপে ভাৰ॥৩০৯পিতৃ মাতৃ নাই মই বৰ নিমাষিতি।তোমাৰ থানক লাগি আসিলো সম্প্ৰতি॥৩১০নৃত্যত গীতত আমি বৰহি কুশলা।নৃত্যৰ লক্ষণ জানো নাম বৃহন্নলা॥৩১১তোমাৰ দুহিতা অছৈ উত্তৰ কুমাৰী।নৃত্য গীত তাহাঙ্ক শিখাইবো ভাল কৰি॥৩১২ৰাজাৰ অন্তেশ পুৰে নাছো সৰ্ব্বকাল।পুত্ৰ বা জিয় বা বুলি কৰা প্ৰতিপাল॥৩১৩বিৰাট বোলন্ত মোৰ শিখায়ো কুমাৰী।তাৰা সখিগণকো শিখাইয়ো ভাল কৰি॥৩১৪তোমাক কৰাইয়ো কৰ্ম্ম নুৰুচয় চিত্ত।সাগৰ সীমায়ে তব ৰাজ্যক উচিত॥৩১৫

কুবেৰৰ ভদ্ৰা বশিষ্ঠৰ অৰুন্ধতী॥২৩৮তাৰ যেন পৰি আছা স্বৰ্গহন্তে খসি।আছোক বুলিবো দাসী নোবোলো মানুষী॥২৩৭দ্ৰৌপদী বোলন্ত শুনা ৰাজ পটেশ্বৰী।যতেক বুলিলা নোহা কাহাৰো সুন্দৰী॥২৩৮সৈৰিন্ধ্ৰী স্বৰূপে সেৱা কৰওঁ পৰত।সত্য কথা কহিবোহো তোমাৰ আগত॥২৩৯ :কৃষ্ণৰ মানিনী সত্যভামা বুলি যাক।তাহাঙ্ক সেধিলো তেহে জানন্ত আমাক॥২৪০পাঞ্চ পাণ্ডবৰ ভাৰ্য্যা দ্ৰৌপদী সুন্দৰী।বহু কাল তাহাঙ্ক আছিলো সেবা কৰি॥২৪১যত কাল মোক অন্ন বস্তু দেই ভাল।তাঙ্ক সেবা কাৰয়া থাকিবো চিৰকাল॥২৪২চন্দন পিসিতে জানো, কঙ্কিয়াইবো কেশ।পঞ্চ বৰ্ণ বনমালা গাষ্ঠিবো বিশেষ॥২৪৩মোহোৰ মালিন নাম থৈলন্ত আপোনে।সেহি আইক হৰুৱাই আইলো তব থানে॥২৪৪উচ্ছিষ্ট নিদিবা মোক নুধুৱাইবা পাৱ।পৰৰ ঘৰক লাগি নপঠাইবা মাৱ॥২৪৫

সুদেষ্ণা বদতি দ্ৰৌপৰ মুখ চাই।যুগুত কৰিয়া মাৱ তোক দিবো ঠাই॥২৪৬উচ্ছিষ্ট নখাইবা তুমি নুধুৱাইবা ভৰি।পৰ থানে নপঠাইবো অধিকাৰি কৰি॥২৪৭এহি ৰূপে গুণে তই থাক মোৰ ঘৰে।দিনে দিনে তোমাক দেখিবে নৰেশ্বৰে॥২৪৮ৰূপ দেখি ভোল হুয়া পাতিব মহিষী।পাছে যেন হওঁ আমি তোমাৰেসে দাসী॥২৪৯মোক বেঢ়ি আছয় যতেক তিৰিলোক।ৰূপ দেখি উৰ্দ্ধমুখে চাই আছে তোক॥২৫০তিৰি ভোল ভৈল দেখি ৰূপ সুললিত।ইকি ৰূপ দেখিয়া পুৰুষে ধৰে চিত্ত॥২৫১নোহোয় আৰামে আছে যত তৰুবৰ।চম্পক কেতকী মালি যুটি নাগেশ্বৰ॥ ২৫২ৰূপ দেখি নম্ৰ ভাবে আছে সচকিত।ইকি ৰূপ দেখিয়া পুৰুষে ধৰে চিত্ত॥২৫৩দেখিলন্ত পাণ্ডবৰ যজ্ঞৰ কালত।লক্ষেক ৰাজাৰ পত্নী আসিল লগত॥ ২৫৪বদন জলয় যেন চন্দ্ৰৰ মণ্ডল।শাৰি শাৰি হুয়া যেন ফুলিল কমল॥২৫৫

তাসম্বাৰ ৰূপ দেখি থাকি থাকি চাই।ৰূপ দেখি সূৰ্য্যোৰথ বাঢ়িয়া নাযাই॥২৫৬প্ৰত্যেকত কৰি প্ৰত্যেকৰ তেজ বলে।তাসম্বাত কৰিয়া তোৰেসে ৰূপ জলে ॥২৫৭সত্যভামা প্ৰমুক্ষে কৃষ্ণৰ যত নাৰী।তাসম্বাৰ গুণনাম বৰ্ণাইতে নাপাৰি॥২৫৮কৃষ্ণৰ পত্নীৰ কথা কহিবও কিককিবা তাসম্বাৰ সম তুমিবা অধিক॥২৫৯সবাতো অধিক ৰূপে পাঞ্চাল নন্দিনী।কমল বদনী সুশোভনী মধ্যাঙ্গিনী॥২৬০নক্ষত্ৰৰ মাজে যেন জলে চন্দ্ৰ কলা।তেহো নোহে তোতোধিক সুকুমাৰি বালা॥২৬১যেনে মুঢ় নৰে মধুলোভে উঠে গাছে।মধুকো নাপাৱৈ পৰি আসি মৰে পাছে॥২৬২শিল্পী কৰ্ম্ম আসে মঞি বাসা দিবো তোক।বাসা পাইয়া মাৱ যোনো উচাদশ মোক॥২৬৩তোমাৰ কটাক্ষ দৃষ্টি পৰে যাৰ গাৱে।কাম শৰে থাকিবেক বিহ্বল স্বভাবে॥২৬৪নৃপতি তোমাক দেখিবেক নিতেনিত।স্বতন্ত্ৰ নৃপতি কেনে ধৰিবন্ত চিত্ত॥২৬৫

পুত্ৰক আশায়ে গৰ্ভ ধৰন্ত কাঙ্কৰী।সেই পুত্ৰ খুসি খাই কাঙ্কৰী যাই মৰি॥২৬৬তোকো বাসা দিবো যেবে নভোগে বসতি।মোক লঙ্ঘিবাক পাৰে কাহাৰ শকতি॥২৬৭পাঞ্চোটা গন্ধৰ্ব্ব মোৰ পতি বলৱন্ত।অদৃশ্য স্বৰূপে মোক সততে ৰাখস্ত॥২৬৮কাৰুণ্য বচনে মোক যাচৈ বহু বিত্ত।জানিবাহা তথাপিতো নচলয় চিত্ত॥২৬৯যদি মুঢ়ে লোভে মোহে পৰশয় মোক।সিয়ো ক্ষণি সিয়ো দেখিবেক পৰলোক॥২৭০সাগৰো শুখাই যদি মেৰুগিৰি লৰে।চন্দ্ৰ সূৰ্য্য খসি আসি পৃথিবীত পৰে॥২৭১পৃথিবী উলটে বহ্নি হোৱয় শীতল।তথাপি মোহোৰ চিত্ত নুহিব চঞ্চল॥২৭২মোৰ পাঞ্চ পতি পাঞ্চ গন্ধৰ্ব্ব কুমাৰ।প্ৰস্তাবত তোমাক কৰিবে উপকাৰ॥ ২৭৩সুদেষ্ণা বোল তেবে থাকা মোৰ ঘৰ।স্থান পায়া দ্ৰৌপদী বঞ্চিলা সাম্বৎসৰ॥২৭৪অনন্তৰে সহদেবে গোপৰূপ ধৰি।হাতে গোৱালৰ ডাঙ্গ পশিলা নগৰি॥ ২৭৫

ৰাজা আদেশিলে ধনঞ্জয়ো গীত গাইল।নাছন দেখাইলা বহু বিধ বাদ্য বাইল॥ ৩১৬বাদ্যৰ কোহ্লালে বহু বিধ নৃত্য গীতে।নোহন্ত পুৰুষ হেন জানিলন্ত চিতে॥ ৩১৭তেবে পঠাইলন্ত ৰাজা অন্তেশ পুৰক।অৰ্জুনতে সমৰ্পিল কুমাৰীগণক॥৩১৮নৃত্য গীত শিখাইবেক তথাতে থাকন্ত।মাতৃৰ গৰ্ভত যেন দুনাই পসিলন্ত॥৩১৯উত্তৰাক আদি কৰি যত কন্যাগণ।নিতে নিতে পূজে ধনঞ্জয়ৰ চৰণ॥৩২০একো জনে নিছিনিল আছিলা তহিতে।দ্ৰৌপদী অৰ্জুন ভীম তিনি সমম্বিতে॥৩২১অনন্তৰে নকুলে চাবুক ধৰি হাতে।অশ্ববন্ধ ৰূপ ধৰি প্ৰবেশ সভাতে॥৩২২শাৰি শাৰি ঘোড়া আছে ৰাজাৰ আগতে।তাকে চাই ৰহিলন্ত ঘোড়া ওচৰতে॥৩২৩ঘোড়াৰ ওচৰে ৰজা নকুলক দেখি।সমাজত পুছিলন্ত খানিকে নাপেক্ষি॥৩২৪এগোটা সুন্দৰ নৰে চাহি ফুৰে হয়।এহি হয় জ্ঞান জানৈ কহিলো নিশ্চয়॥৩২৫

একেশ্বৰে আসি আছে আন নাই সঙ্গে।যেন পুষ্প বনে লৈয়া আসিল অনঙ্গে॥৩২৬শীঘ্ৰে ডাকি অনো আতে পুছওঁ আপোনে।কোথেৰ পুৰুষ ইটো আইল মোৰ থানে॥৩২৭ৰাজাৰ আদেশে বীৰে সমীপ চাপিল।জয় হোক বুলি নৃপতিক আশংসিল॥৩২৮নকুলে বোলন্ত জয় হোক যে নৃপতি।পাণ্ডৱক জানা তুমি নাজানা সম্প্ৰতি॥৩২৯তেহো দিয়া আছন্ত ঘোড়াৰ কৰ্ম্ম যত।ঘোড়াৰ চিকিৎসা গুণ জানওঁ সমস্ত॥৩৩০ঘোড়াৰ যতেক গুণ সম্বাৰিয়া ঘন।ঘোড়াক দেখিলে জানো যাৰ যেন মন॥৩৩১ৰথৰ যতেক ঘোড়া ৰাহুত যতেক।সবাকো শিখাইবো মই প্ৰত্যেকে প্ৰত্যেক॥ ৩৩২আৰু এক বাক্যে বোলো শুনা নৃপবৰ।যেন ঠান হৱে হয়চয় প্ৰত্যুত্তৰ॥ ৩৩৩অন্যত্ৰ মনুষ্যে আৰ নজানয় ৰোগ।যেন ঠান হয় কহিবাক লাগে ভোগ॥৩৩৪যাহাৰ প্ৰসাদে দুষ্ট নোহে শিশু ঘোড়।নিছিনয় বৃদ্ধকো বেগৰো নাহি, যোড়॥ ৩৩৫

সবে হয় গুণ জানো কহিবওঁ কিক।সকলে চিকিৎসা জানো নামত গ্ৰন্থিক॥৩০৬বিৰাটে বোলন্ত মোৰ যতেক বাহন।ঘোড়া ৰক্ষা আছয় যতেক গুণগণ॥৩৩৭আজি হন্তে সবাতো কৰিয়া অধিকাৰ।যেবে জানা এহি কৰ্ম্ম উচিত তোমাৰ॥৩৩৮যেতিক্ষণে তোমাসাক দেখিলো নয়নে।ৰাজা যুধিষ্ঠিৰক দেখিলো মানো মনে॥৩৩৯হৰি হৰি যুধিষ্ঠিৰ কৈক লাগি গৈলা।ইহেন সেবকে কোন নগৰ এৰিলা॥৩৪০সমাজত চায়া থাকে তব ভৃত্যগণ।সেবকক এৰি কেনে সুখে আছা বন॥৩৪১জানিবা মোহোৰ ৰাজ্য পাণ্ডবৰ ৰাজ।অচিন্তে থাকিয়ো বাপু আমাৰ সমাজ।৩৪২এহিৰূপে পাঞ্চো ভাই বিৰাট নগৰে।সুখে আছিলন্ত নিছিনিল একো নৰে॥৩৪৩দ্ৰৌপদীও যত্ন কৰি সুদেষ্ণাক সেৱে।পাণ্ডবৰ পত্নী বুলি নিচিনিল কেৱে॥৩৪৪পাসা খেলি যুধিষ্ঠিৰে যত ধন পান্তচাৰি ভাইক কিছু কিছু কৰি বাঁটি দেন্ত॥ ৩৪৫

নাচয় গাৱয় ধনঞ্জয়ে পান্ত বিত।সবাহাঙ্কো যোগাৱন্ত কিঞ্চিত কিঞ্চিত॥৩৪৬ৰান্ধিবাৰ মৎস্য মাংস যতেক আগলে৷চাৰি ভাইক দেন্ত নিয়া বিকিবাৰ চলে॥৩৪৭ঘোড়া ভাল দেখিয়া প্ৰসাদ দেই নৃপে।নকুলেও বণ্টা কৰি দেই সেই চিপে॥৩৪৮সহদেবে দধিক যে বিকিয়া ফুৰন্ত।চাৰি ভাইক যোগাৱন্ত কেহো নজানন্ত॥৩৪৯পাঞ্চো ভাইৰ দুখ দেখি দ্ৰুপদ নন্দনী।সুখে দুখে আছিলন্ত কাল গুণি গুণি॥৩৫০দুৰ্য্যোধন পাপিষ্ঠক ভয়ে পাঞ্চো ভাই।মাৱৰ গৰ্ভত যেন পসিল দুনাই॥৩৫১আপোনাৰ দুখক সবাৰো গাৱে সহে।পাঞ্চালিৰ দুখে সবাহাৰো তনু দহে॥৩৫২অজ্ঞাত কালৰ ষেবে মাস চাৰি গৈল।মংস্যৰাজ্যে ব্ৰাহ্মণৰ মহোৎসব ভৈল॥৩৫৩নৰনাৰীগণে অলঙ্কাৰে সুমণ্ডিত।পতাকা তোৰণ ধ্বজ দ্বাৰ সুশোভিত॥৩৫৪ব্ৰাহ্মণগণক ৰাজা কৰাইলা ভোজন৷দক্ষিণা দিলন্ত ৰত্ন সুবৰ্ণ কঙ্কন॥৩৫৫

Comments

Loading comments…