ৰাম নিৰঞ্জন ভকতি প্ৰৱাহ

মোৰ পৰম আৰাধ্য স্বামী দেৱতা,যাক অকালতে হেৰুৱাইবৈধব্য জীবন যাপন কৰিওযাৰ সাংস্কৃতিক অনুপ্ৰেৰণাৰ ছাঁতআজিও পৰমানন্দ লাভ কৰিবলৈ সমৰ্থ হৈ আছো,যাৰ অমূৰ্ত্ত আশীষ শিৰত লৈএই বাৰ্দ্ধক্য জীৱনতোশ্ৰেয় সাধনাৰ বাট বুলিব পাৰিছোসেইজন মোৰ সেৱাৰ পাত্ৰ জীৱনানন্দনবীন চন্দ্ৰ বড়া (হেলদাৰ)ৰপবিত্ৰ নামতএই ক্ষুদ্ৰমান পুস্তকভাগিঅপৰ্ণ কৰা হ’ল।

২য় আৰু পৰিবৰ্দ্ধিত সংস্কৰণৰআগকথা।

সেৱাৰে—(শ্ৰীৰজনী কান্ত দত্ত)পদাধিকাৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

১। মূল ঘোষা:- বৰদোৱাত গুৰু শঙ্কৰ।ৰঙাজানত গুৰু মাধৱ।অ'... ধুৱাঁহাট বেলগুৰি, মণিকাঞ্চন জুৰি,অসম ভূমি কৰিলে উৰ্বৰ।ভক্তি ৰস ৰোৱাই নিৰন্তৰ॥

পদ:-মাধৱ বদতি তুমি শুনা সৃষ্টিকৰইটো অৱতাৰ কথা শুনা বিধিবৰ।অ’ পদ্মৰূপ ধৰিশূদ্ৰ কুলে হৈবো জাতহৈবোহো শঙ্কৰ নামে জগত প্ৰখ্যাত॥

দ্ৰোণসে কুসুম্ব হীৰা সত্যসন্ধ্যা হয়তাহাৰ ঘৰত মই জন্মিবো নিশ্চয়।অ’ নিজ কথা ধৰ্ম্মৰীতি প্ৰচাৰ কৰিবোজ্ঞানদানে সমস্তৰে মনক পূৰাইবো॥

মোৰ অংশে অৱতাৰ হলিৰাম-নাম ধৰমাধৱ স্বৰূপে তৈতে হৈৰ অৱতাৰ।অ’ তুমি আদি বিধি যত বৈষ্ণৱ বাঢ়য়সনকাদি পাৰিষদ নিজ ভক্তচয়॥

শুনিয়া বিধিৰ ঘোৰ নৰকে সংশয়কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগায়।অ’ কিবা হেতু শঙ্কৰৰ নামক ধৰিয়ো।ইটো কথা মোৰ আগে নিষ্ঠ কৰি কৈয়ো॥

নাৰায়ণে কহিলন্ত পূৰ্ব্বৰ কথাকহৰে প্ৰাৰ্থিলন্ত তান নাম ধৰিবাক।অ’ আগম কৰিয়া মোক ঢাকিলন্ত হৰেঅমোচন পাপ সিজিলন্ত নিৰন্তৰে॥

কৰিলন্ত স্তুতি হৰে বহু বাৰম্বাৰভৈলোহো সন্তুষ্ট মই তুতিত তাসম্বাৰ।ভৈলোহো সন্তুষ্ট মই হৰৰ স্তুতিততযুনাম ধৰিলোহোঁ যুগৰ কলিত॥

ভাঙনি ঘোষা:-শঙ্কৰ ৰূপে অৱতাৰ বৰদোৱা গ্ৰামে।জগতকে উদ্ধাৰিলে ভক্তি পন্থ দানে॥

পদ:-জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়॥সেহি স্থানে নিজ গুৰু পাতিলন্ত হাটৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত॥পূব দিশে নিৰ্মিলা এক নামঘৰমণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়তাতে আঁউজিয়া গুৰু পুস্তক লিখয়॥দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্ম্মিলসাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল॥উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰমধ্য ৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ॥চাৰিফালে চাৰিহাটী মহাভক্ত গণচৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্তন॥সেহিস্থানে নিজ গুৰু কৰিলন্ত বাসকহয় পুৰুষোত্তম দাসৰো দাস॥লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তিধৰতাহাৰ চৰণে কৰো শত নমস্কাৰ॥

২। মূল ঘোষা:-হেৰা অসমীয়া চিৰ যুগমীয়াআমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।কুসুম্বৰ গৃহে ঈশ্বৰৰ অংশেসেই জনাই সৰ্ব্বগুণাকৰ॥

পদ:-প্ৰথমে গুৰুক কৰো নমস্কাৰশিৰ দিয়া চৰণত।যাৰ উপদেশে জ্ঞানক প্ৰকাশেগুচিল অবিদ্যা যত॥কৃষ্ণ পাদপদ্ম মকৰন্দ পানেভক্তি ভাৱে হৈয়ো মত্ত।বাসুদেৱ বুদ্ধি সবাতে দেখয়জ্ঞানৰ বুজিয়া তত্ব।বদতি শঙ্কৰ শুনা নিৰন্তৰকিনো কৃপাময় হৰি।পদ্মৰ যুগত দুখনি চৰণকিয়নো থাকো পাহৰি॥

ভাঙনিঃ- (খৰচাপৰি) মূল ঘোষাতঅনৰ্থ শৰীৰ পোৱাৰে পৰাইনামত কৰিও ৰতি।নিন্দাবাদ তৰ্ক অসূয়া তেজিয়ালৈয়োক সাধু সংগতি॥ঘোৰ কলিযুগে ভৈলা একাকাৰথিৰ বুদ্ধি কৰি দেখা।

চিত্তবিত্ত পাত্ৰ সবে আপবিত্ৰমাথো মনুষ্যৰ বেশা॥হেন জানি আন দুৰতে তেজিয়াভকতিক কৰা সাৰ।শ্ৰৱণে কীৰ্তনে সংসাৰক তৰেমহা সুখে পাই পাৰ।জানিয়া কৃষ্ণৰ চিন্তিয়ো চৰণমুখে লোৱা কৃষ্ণ নাম।কৈত কেতিক্ষণে মিলয় মৰণডাকি বোলা ৰাম ৰাম॥

৩। মূল ঘোষা:-শঙ্কৰ জিলিকিছে কীৰ্ত্তনৰ পাততমাধৱ জিলিকিছে ঘোষাৰে মাজত।::চোৱা যতনে আছে পুথিৰ মাজতদুয়োজনা গুৰু সদা আমাৰ কাষত॥

পদ:-ইসৱ ধৰ্ম্মত তুষ্ট নহওঁ সিমতযেনমতে হওঁ মই গুৰু ভজনত,যদি হওঁ সমস্তৰে আত্মা আন্তযামীতথাপিতো গুৰু সেৱাতেসে তুষ্ট আমি॥যিটো জনে ভকতি জ্ঞানক দান কৰেতাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে,এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তমজগতত আন আৰু নাহি তাৰ সম॥জন্মদাতা পিতৃত কৰিয়া শ্ৰেষ্ঠ আতি

উত্তম গুৰুৰ কথা শুনা কৰ্ণ পাতি,ভক্তি জ্ঞানদাতা গুৰু বিনে সেব্য নাই,কহিলোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥এহি হেতু জানিবাহা ধৰ্ম্ম নাহি আন,গুৰুৰেসে সেৱা যত ধৰ্ম্মতে প্ৰধান,উত্তম গুৰুৰ পাৱে কৰোক ভকতিতেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥অ' হৰি অ' অ' অ' হৰি' নাৰায়ণ......(খৰ চাপৰি) ৰাম হৰি অ'.....অ' অ' হৰি ৰাম নাৰায়ণ,

পদ:-বেদৰ ৰহস্য তত্ব সকলে জানন্তকৃষ্ণক ভকতি বলে সাক্ষাত কৰন্ত,এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতিইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি॥শাস্ত্ৰক জানয় যদি নুহিকে ভকততাৰ উপদেশে বোধ নুপজে লোকত,যদি বা ভকত হোৱে শাস্ত্ৰ নজানয়নপাৰে খণ্ডিতে সিটো শিষ্যৰ সংশয়॥জ্ঞান দাতা গুৰু বিনে সেব্য নাহি আনগুৰু সেৱা বিনে ধৰ্ম্ম নাহিকে প্ৰধান,সংসাৰক তাৰে গুৰু চৰণ সেৱাইহেন জানি গুৰু সেৱা কৰিও সদায়॥শুনিলাহা সবে গুৰু-সেৱাৰ মহত্বজানিয়া গুৰুৰ সেৱা কৰিয়ো সতত,কলিৰ প্ৰধান ধৰ্ম্ম কৃষ্ণ গুণ নামজানিয়া সদা সবে বোলা ৰাম ৰাম।

৪।মূল ঘোষা:-অ’ গুৰু শ্ৰীমন্ত শঙ্কৰ।মাধৱক লগে লৈ মেলিলা পানচৈঅ' গুৰু ভক্তি সৰোবৰ॥

পদ:-জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰযাক এৰি নাহিকে উপাম,তোহৰি চৰণক ৰেণু শতকোটিবাৰেক কৰোহোঁ প্ৰণাম॥দৰশিত সুন্দৰ গৌৰ কলেৱৰযৈচন সুৰ পৰকাশ,সকলে সভাসদ ৰঞ্জন যাকেৰিদৰশনে পাপ বিনাশ।বিনে অংগভূষণ পেশী সুশোভনগহীন গম্ভীৰ ধীৰমতি,আয়ত কমল নয়ন বৰ সুন্দৰবয়নে চান্দকহো জ্যোতি॥লীলা গজ গতি গমন বিলোকনবাণী মেঘ গম্ভীৰ,পাষণ্ড মৰ্দ্দন কলিকো কালেযাকু সম নাহি ধীৰ॥সোহি নাৰায়ণ মায়া বিস্তাৰিত্ৰিজগত কৰো নিৰ্মাণ,সনক সনাতন যোগী যাকেৰিমহিমা কবোহোঁ নজান॥সকল চৰাচৰ পালন কাৰিযো হৰি দেবকো দেবা,

চতুৰ বয়ন শিৱ সুৰপতি যাকেৰিকৰো নিতে চৰণহি সেৱা॥

পদ:-চাৰি বেদ শিৰোমণি মাজেযাকেৰি চৰণ বিকাশ,সোহি দেৱকো কয়লি কলিকোশঙ্কৰদেৱ পৰকাশ॥ত্ৰিভুবন বন্দন দৈৱকী নন্দনযোহৰি মাৰল কংসজগজন তাৰণ দেৱ নাৰায়ণশঙ্কৰ তাক এৰি অংশ॥মায়া নৰতনু ধৰি হৰি ভকতিকয়লি বহু পৰচাৰ,সব নৰ পাপ পয়োধি মজ্জলতাহে কয়লি উদ্ধাৰ॥পণ্ডিত মানী বেদ বখানিগৰৱ কয়লি সব চুৰ,গীত কবিত্ব গুণ শঙ্কৰ দেৱৰকীৰিতি গৈয়ো বহু দূৰ॥শ্ৰীযশ দান মান ভূত দায়াসবগুণসম্পন্ন ঠিক,ভকতক ভকতি দানে কৰো গুৰুদায়া তনয় আধিক।কি কবহু শঙ্কৰ দেৱৰ মহিমাজানি জ্ঞানী অন্ত পাই,

যাকেৰি চৰণকু ৰেণু শিৰে পৰশিমুকুতি সুখ সুখে পাই॥মাধৱ দীন মুৰুখমতি কহয়বাণী শুন সব লোই,বিনে গুৰু চৰণে ভকতি ৰকতিমুকুতি কবহুনা হুই॥ওহি পৰমতত্ব বেদক বাণীজানি নৰ নকৰ বিৰাম,ধৰমক কৰমক গৰবক চোৰিডাকি বোলহু ৰাম ৰাম॥

মূল ঘোষা:-এ শঙ্কৰ গুৰু কি নামে বান্ধিলা ভেটি-শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি।মাধৱক লগত লৈ,ধৰ্ম প্ৰচাৰিলা,জগততে নামৰ মেলা পাতি-শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি॥

পদ:-হৰি নাম ৰসে এ শঙ্কৰ গুৰুবৈকুণ্ঠ প্ৰকাশে এ শঙ্কৰ গুৰুপ্ৰেম অমৃতৰ নদী শঙ্কৰ গুৰু কি নামে...শ্ৰীমন্ত শঙ্কৰে এ শঙ্কৰ গুৰুপাৰ ভাঙি দিলে এ শঙ্কৰ গুৰুবহে ব্ৰহ্মাণ্ডক ভেদি শঙ্কৰ গুৰু কি নামে...গুবিন্দৰ প্ৰেম এ শঙ্কৰ গুৰুঅমৃতৰ নদী এ শঙ্কৰ গুৰু

বহে বৈকুণ্ঠৰ পৰা শঙ্কৰ গুৰু কি নামে...চাৰি পুৰুষাৰ্থ এ শঙ্কৰ গুৰুতাহাৰ নিজৰা এ শঙ্কৰ গুৰুহৰি নাম মূল ধৰা শঙ্কৰ গুৰু কি নামে....হৰি ভক্তি দান এ শঙ্কৰ গুৰুদিয়া জগতক এ শঙ্কৰ গুৰুতাৰিলা সংসাৰ সিন্ধু শঙ্কৰ গুৰু কি নামে...হেনয় কৃপালু এ শঙ্কৰ গুৰুশঙ্কৰ বিনাই এ শঙ্কৰ গুৰুনাহি নাহি আন বন্ধু শঙ্কৰ গুৰু কি নামে....হৰি ভকতিৰ এ শঙ্কৰ গুৰুপাতিলন্ত হাট এ শঙ্কৰ গুৰুশঙ্কৰে জগত জুৰি শঙ্কৰ গুৰু কি নামে...ৰাম নাম ৰত্ন এ শঙ্কৰ গুৰুবেহায়া জগতে এ শঙ্কৰ গুৰুচলয় বৈকুণ্ঠ পুৰী শঙ্কৰ গুৰু কি নামে...শ্ৰীমন্ত শঙ্কৰ এ শঙ্কৰ গুৰুহৰিভকতৰ এ শঙ্কৰ গুৰুজানা যেন কল্পতৰু শঙ্কৰ গুৰু কি নামে....তাহন্ত বিনাই এ শঙ্কৰ গুৰুনাই নাই নাই। এ শঙ্কৰ গুৰুআমাৰ পৰম গুৰু শঙ্কৰ গুৰু কি নামে...

ভাঙনি ঘোষাঃ-দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শঙ্কৰ।গুৰু দেৱ নামেই শ্ৰেষ্ঠ পন্থ ভকতৰ॥

পদ:-মাধৱ বদতি তুমি শুনা সৃষ্টিকৰইটো অৱতাৰ কথা শুনা বিধিবৰ।পদ্মৰূপ ধৰি শূদ্ৰ কুলে হৈবো যাতহৈবোহো শঙ্কৰ নামে জগতে প্ৰখ্যাত।দ্ৰোণসে কুসুম্ব হীৰা সত্য সন্ধ্যা হয়তাহাৰ ঘৰত মই জন্মিবো নিশ্চয়।নিজ যশ ধৰ্ম্মৰীতি প্ৰচাৰ কৰিবোজ্ঞান দানে সমস্তৰে মনক পূৰাইবো।মোৰ অংশে অৱতাৰ হলিৰাম নাম ধৰমাধৱ স্বৰূপে তৈতে হৈব অৱতাৰ।শুনিয়া বিধিয়ে ঘোৰ নৰকে সংশয়কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগয়।কি কাৰণে শঙ্কৰ নামক ধৰিয়োমোৰ আগে প্ৰভু ইটো নিষ্ঠ কৰি কৈয়ো।নাৰায়ণে কহিলন্ত পূৰ্ব্বৰ কথাকহৰে পাৰ্থিলন্ত তান নাম ধৰিবাক।সিকাৰণে শঙ্কৰৰ নামক ধৰিলো।তযু আগে বিধি মই নিষ্ট কৰি কৈলো।

মূল ঘোষা:-শঙ্কৰে আনি দিলে ভক্তিৰ পানচৈ।মাধৱে বুজাই দিলে পাৰ হবলৈ।বুজা মন ভাই, লোৱা মন ভাই,মুক্তি মন্ত্ৰ দিলে আমাক গুৰু দুজনাই॥

পদ:-গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।বান্ধৰ মাধৱ পদে কৰো নমস্কাৰ।লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ,ৰাম নাম মহা ৰত্ন কৰিলা প্ৰচাৰ॥শুদ্ধৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।শৰণ ভজন মালা ভকতক দিলা৷তিনি সন্ধ্যা গুৰু সেৱা কৰে সিটোজন,গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥অশেষত আছে গুৰু সংসাৰ ভিতৰ।নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডৰ,গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥সংসাৰত যাতহন্তে লভয় জনম।আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম।আনো সৱ যত যত পূজনী আছয়,সবাতো অধিক পিতৃ পূজনী হোৱয়॥

খৰচাপৰি: অ' হৰি অ’ ৰাম নাৰায়ণ ....ৰাম হৰি অ' অ' ... ৰাম নাৰায়ণ।

পদ:-গুণৱন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম।সদ্-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥যজ্ঞসুত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়,ইহাক দ্বিতীয় গুৰু বোলয় নিশ্চয়॥জন্মদাতা পিতৃকো কৰিয়া শ্ৰেষ্ঠ আতি।তৃতীয় গুৰুৰ কথা শুনা কৰ্ণ পাতি।সৱ আশ্ৰমীতে কহে ঈশ্বৰ জ্ঞানক,দেয় উপদেশ যিটো ভকতি পন্থক॥

সিয়োজন জানা মই সাক্ষাতে ঈশ্বৰ।জগততে পূজ্য আৰু নাহি তাত পৰ।সিটোজনে ভকতি জ্ঞানক দান কৰে,তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।জগতত আন আৰু নাহি তাৰ সম।ভক্তি জ্ঞান দাতা গুৰু বিনে সেব্য নাই,কহি লোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥একাদশ স্কন্ধে আছে তৃতীয় অধ্যায়ত।প্ৰবুদ্ধে কহন্ত নিমি ৰাজাৰ আগত।উত্তম গুৰু পাৱে কৰোক ভকতি,তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

৭। মূল ঘোষা:-ভক্তিৰসৰ সুধা বাৰু কোনে নমালে।হৰি নামৰ নিজৰা কোনে বোৱালে।কোনে বাৰু দিলে মেলি ভক্তি সৰুবৰ,সেইজনাই নহয়জানো শ্ৰীমন্ত শঙ্কৰ॥

পদ:-পূৰ্ব্বকালে ইদেশত নাছিল ভকতি।নানা ধৰ্ম্ম কৰ্ম্ম সবে কৰয় সম্প্ৰতি।অ’ নান দেৱ পূজয় কৰয় বলিদান,হংস, ছাগ, পাৰ কাটে অসংখ্য প্ৰমাণ॥তল গৈল লোক কলি পাপ সাগৰত।কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত।অ’ সিটো জীৱ সমস্তক কৰিবে উদ্ধাৰ,শঙ্কৰ মাধৱ ৰূপে ভৈলা অৱতাৰ

সকলো লোকক মুখ্য দিবৰ কাৰণে।কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।অ’ কলিৰ পৰম পাপ সাগৰ সংকাশ,প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ॥সমস্ত পূণ্যৰ ফল কীৰ্তনতে পাৱে।মিলিবে মুকুতি আহি হৰি নাম গাৱে।অ’ সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়,::নোপজয় পাপ আৰু চিত্ত শুদ্ধি হয়॥এতেকে ভকতে কৰে সদায়ে স্মৰণ।কহিলো সমস্ত কথা নামৰ লক্ষণ।অ’ নিচিনিয়া বিহ খায়ো যেন মৰে নৰ,নজানি অমৃত খায়ো হোৱয় অমৰ॥অজ্ঞানতো হাত দিলে দহয় অগনি।কলিযুগে হৰি নাম ধৰ্ম্ম শিৰুমণি।অ’ হেন নাম উচ্চাৰিয়া দ্বিজ অজামিল,কৰ্মৰ বন্ধন ছিঙি মুকুতি লভিল॥

ভাঙনি ঘোষা:-শঙ্কৰ গুৰু কিনো তোমাৰ লীলা।দিনে ৰাতি ভকতক নামেৰে মুহিলা॥

পদ:-জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়,সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট,ৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত।পূব দিশে নিৰ্মিলা এক নাম ঘৰ,মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়,

তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মল,সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল।উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ,মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,হয় পুৰুষোত্তম দাসৰো দাস।লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,তাহাৰ চৰণে কৰো কোটি নমস্কাৰ।

৮। মূল ঘোযা:-শঙ্কৰদেৱে লিখি গৈছে কীৰ্ত্তনৰ পাতত।মাধৱদেৱে দোহাৰিছে ঘোষাৰ মধ্যত॥ভকতিত পৰে আন পথে গতি নাই।চাৰি বেদ চৈধ্য শাস্ত্ৰ এহি অভিপ্ৰায়॥

পদ:-শঙ্কৰেসে শুদ্ধমতে ঈশ্বৰ ভকতি তত্বপ্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি।ইহাক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰেআপোনাৰ মহত্ব বখানি॥শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদিপ্ৰচাৰিলে কৃষ্ণৰ ভকতি।তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰুকিনো লোক মহামূঢ়মতি॥নজানে শাস্ত্ৰ নয় যোহি আহে তাকে কয়ছেদিবাক নপাৰে সংশয়।

তথাপিতো গুৰু বোলাই লোকৰ মাজত ফুৰেমান্য সতকাৰ খুজি লয়॥আগম নিগম তৰ্ক পুৰাণ ভাৰত যতইতিহাস তন্ত্ৰ-মন্ত্ৰ-চয়।হে হৰি তোমাতেসে খেলাৱে কেৱল বদতোমাৰ মহিমা নজানয়।ঐশ্চৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰতপৰামুখ ভৈল যিটোজন।যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহাপঙ্কে পৰি হোৱয় মগন।হৰি নাম ধ্বজ কৰি বেদ পথ পৰি হৰিফুৰে আতি পাষাণ্ডসকল।ইহ পৰলোক ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰফুৰে আতি পৰম নিস্ফল॥

ভাঙনি ঘোষা:-শঙ্কৰে মাধৱে মহামন্ত্ৰ দিলেনাম-বৃক্ষ-কল্পতৰুহেন নাম বিন আন পন্থ কহেনুবুলিবা তাঙ্ক গুৰু॥

পদ:-শবদ ব্ৰহ্মৰ পাৰ ভৈল যিটোকৃষ্ণত ভকতি নাই।তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফলযেন ৰাখে বাজী গাই॥ৰজা প্ৰজা জানি লেক ভক্তিপন্থশঙ্কৰৰ মত শুদ্ধ।

সিটো মত লাড়ি আন আচৰয়পৰম সিটো মুগুধ॥আপুনি পণ্ডিত নুহি মহন্তকনুপাসিলে কদাচিত।তথাপিতো গুৰু বোলাৱে কৃষ্ণৰমায়ায়ে হুয়া মুহিত॥নজানে শাস্ত্ৰক শিষ্যৰ সংশয়নপাৰে দূৰ কৰিত।তাৰ উপদেশে আন নতৰয়আপুনো ভৈল বঞ্চিত।শাস্ত্ৰমত এৰি যি কথা কহয়কেৱলে পাষণ্ড নয়।আছোক কৃষ্ণক পাইবে কদাচিতনুগুচে সংসাৰ ভয়॥অন্ন যোনি কিছু নকৰে বিচাৰজাতি কুল গৈল ভ্ৰষ্ট।বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়বেদ পন্থ কৰি নষ্ট।পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰগুণৰ নাহিকে অন্ত।ইহাৰ তত্বক জানিবা কেৱলেশঙ্কৰে মাত্ৰ জানন্ত।

৯। মূল ঘোষা:-শঙ্কৰদেৱে সাচী পাতত বোলাই আছে মহী।মাধৱে সুধিলে গুৰু আছে কিবা লিখি।

অ’ হে কলিযুগ পাপৰ প্ৰলয়;সেই কাৰণে কীৰ্ত্তন-দশম লিখি আছো মই অ’

লিখি আছো মই॥

পদ:-শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।নানা যুগে ধৰা তুমি নানা অৱতাৰ,কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।সমস্ত লোককে মোক্ষ দিবৰ কাৰণে,কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।কলিৰ পৰম পাপ সাগৰ শংকাশ,প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ।সমস্তে পুণ্যৰ ফল কীৰ্ত্তনতে পাৱে,মিলিবে মুকুতি আহি হৰি নাম গাৱে।সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়,পুণ্যৱন্ত হোৱে যেৱে বৈৰাগ্য মিলয়।এতেকে ভকতে কৰে সদায়ে স্মৰণ,কহিলো সমস্ত কথা নামৰ লক্ষণ।

ভাঙনি ঘোষা:-কীৰ্ত্তন মানে গুৰুৰ মূৰ্ত্তিদশমতে দেৱ হে,নাম ঘোষাই নামৰ মূৰ্ত্তিৰত্নাৱলী ভকত হে॥

পদ:-গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।বান্ধৱ মাধৱৰ পদে কৰো নমস্কাৰ॥লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।ৰাম নাম মহা মন্ত্ৰ কৰিলা প্ৰচাৰ॥

শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।শৰণ–ভজন দুই মালা ভকতক দিলা॥তিনিসন্ধ্যা গুৰু সেৱা কৰে যিটোজন।গুৰু কৃপাহন্তে তত্ব মিলয় সিজন।অশেষত আছে গুৰু সংসাৰ ভিতৰ।নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥সংসাৰত যাত হন্তে লভয় জনম।আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম॥গুণৱন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম।সদ্‌-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥যজ্ঞ-সূত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়।ইহাক দ্বিতীয় গুৰু বোলায় নিশ্চয়॥যিটোজনে ভকতি জ্ঞানক দান তৰে।তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।জগতত আন আৰু নাহি তাৰ সম॥ভক্তিজ্ঞান দাতা গুৰু বিনে সেব্য নাই।কহিলোহোঁ প্ৰতি প্ৰতি তোমত বুজাই॥উত্তম গুৰুৰ পাৰে কৰোক ভকতি।তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

১০| ঘোষা:-সুমধুৰ সুৰেৰে শ্ৰীমন্ত শংকৰেনামেৰে গাঠিলে মালা।

ভকতি ফুলেৰে গাঠি মালা ধাৰীমাধৱে ভকতক দিলা॥

পদ:-শঙ্কৰক লাগ পায়া মহা ভাগসেবিলা কৃষ্ণৰ চৰণ।শ্ৰীমন্ত শঙ্কৰ দেৱৰ চৰণেকৰিলা দেহা অৰ্পন॥সেহি দিন ধৰি চিত্তস্থিৰ কৰিচিন্তিয়া গুৰু চৰণ।আত্ম শুদ্ধি হুয়া সূদৃহ বিশ্বাসেগুৰুতে ভৈলা মগন।নাম কীৰ্ত্তনত পৰে মনুষ্যৰনুহি কৰ্মবন্ধ ছেদ।সমস্তে সংসাৰ নামেসে উদ্ধাৰকহিলো পৰম ভেদ॥ইহাৰ প্ৰমাণ সুলভে জানিয়াযিজনে নামক ৰড়ে।তাৰ আউৰ তীৰ্থ ব্ৰত তপ জপকৰ্মতো মন নপৰে॥ভকতিসে মাত্ৰ কৰিবে নিশ্চয়জীৱন তাৰ সম্ফল।নামক নধৰি মৰে কৰ্ম কৰিনুগুছে মনৰ মল॥স্বৰ্গ নৰকক কৰে আয়া যাতপৰম মলিন মতি।নাহি নাহি জানা ইটো সংসাৰতনাম বিনে আন গতি॥

পৰম গোপন কথা ইটো সিটোশুনে ভনে ভক্তি ভাৱে।নাপায় যাতনা যমদূত তাকচক্ষুয়ে মেলি নাচাৱে॥আৰু অদভূত নেদেখিবা ৰাজানামৰ মহা মহিমা।পাপৰ অন্তক কিকৈবো মহিমানামেসে মোক্ষ ৰ সীমা॥সুদৃঢ় বিশ্বাসে যিজনে লৈলেককৃষ্ণত এক শৰণ।জানি নিজ ধৰ্ম সততে মুখতনেৰয় হৰি কীৰ্ত্তন।

১১। ঘোষা:-শঙ্কৰদেৱ জগততে নামৰ আধাৰ।ঘোষামধ্যে মাধৱদেৱে কৰিলে প্ৰচাৰ॥নামে পৰম ধন কলিত হৰি নাম।গুৰুজনাই শাস্ত্ৰ ৰচি দিলে মহাজ্ঞান।

পদ:-জগত গুৰু শঙ্কৰদেৱ কৰো নমস্কাৰ।ভকত বান্ধৱ মাধৱদেৱ কৰো নমস্কাৰ॥শান্তি স্থাপন হেতু ভৈলা অৱতাৰ।ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥প্ৰচাৰ কৰিয়া গুৰু ক্ষান্ত নাথাকিলা।শৰণ ভজন দুধাৰমালা ভকতক দিলা॥শিশু কালে শঙ্কৰদেৱে মাতৃ হেৰুৱালে।খেৰসুতি আয়ে তেওঁক ডাঙৰ দীঘল কৈলে।দহ বছৰ পাৰ কৰি ক্ৰীড়া কৰি কৰি।লৈয়া গৈলা শঙ্কৰক মহেন্দ্ৰ কন্দলী।গুৰুমানি কন্দলীক শাস্ত্ৰ পঢ়িলেক।

পুৰাণ ভাৰত কাব্য কণ্ঠস্থভৈলেক॥ভৈলা অপ্ৰমাদি লোক জগতে প্ৰক্ষাত।কৰতল কমল কবিতাত হৈলা খ্যাত॥হে শঙ্কৰ তুমি গুৰু পৰম ঈশ্বৰ।বাৰ বছৰ তীৰ্থ ভ্ৰমি লভিলা বিস্তৰ॥নৰবলি প্ৰেত পূজা অভক্ষ ভক্ষণ।কৰিছিলে মনুষ্যৰ উদৰ পুৰণ॥হিংসাদেষে ঢাকিছিল আমাৰ অসম।জন্ম ললে শঙ্কৰ গুৰু পুৰুষোত্তম॥হাঁহ, পাৰ শুকৰ ছাগলী বলি দি।দুৰ্গাদেৱী পুজা পাতিছিলে যথা বিধি॥শংকৰ গুৰু জনাই সবাকো এৰিলে।এজন ঈশ্বৰক মাত্ৰ শৰণে পশিলে॥নামে পৰম ধন কলিত হৰি নাম।গুৰুজনাই শাস্ত্ৰ ৰচি দিলে মহাজ্ঞান।ভাগৱত সাৰ আনি আখ্যান ৰচিলে।প্ৰহ্লাদৰ জ্ঞানে ভকতক ভক্তি দিলে॥সমস্ত শাস্ত্ৰক মথি আখ্যান ৰচিলে।কীৰ্ত্তনতে থাপি থৈ প্ৰচাৰ কৰিলে॥সদায়ে চিন্তিবে যোগ্য এহিসে চৰণ।ভকতক কৰে ইসে বাঞ্চিত পুৰণ॥মহা সুখময় ইটো চৰণ দুখানি।ব্ৰহ্মা হৰে আকেসে সেবয় সত্যমানি॥

১২। ঘোষা:-দ্বাপৰ যুগৰ দৈৱকী নন্দনকলিত কুসুম্বৰ ঘৰে।কৃষ্ণেসে শঙ্কৰ স্বৰূপ ধৰিয়াজগত উদ্ধাৰ কৰে॥

পদ:-বদতি শঙ্কৰ শুনা নিৰন্তৰকিনো কৃপাময় হৰি।পদ্মৰ যুগত দুখনি চৰণকিয়নো থাকা পাহৰি॥অনৰ্থ শৰীৰ কৰিল পৰাইনামত কৰিয়ো ৰতি।নিন্দাবাদ তৰ্ক অসূয়া তেজিয়ালৈয়োক সাধু সংগতি॥ঘোৰ কাল সৰ্পে দংশিলে সবাকেহৰাইল চেতন জ্ঞান।ইহাৰ ঔষধ সুধা ৰাম নামবিনে নাহি নাহি আন॥বৰপেটা নাম থান অনুপামতৈতে ৰহি কত কাল।ভকতি বিস্তাৰি লোককো নিস্তাৰিআছিলা প্ৰভু দয়াল।তাত অনন্তৰে বেহাৰ নগৰআসিলন্ত কৰি লীলা।::তৈতে দিব্য স্থান কৰিয়া নিৰ্মাণভকতিক প্ৰচাৰিলা॥মহা শুদ্ধাশয় নিজ ভক্ত চয়সেহি স্থান থাপি থৈলা।মনষ্য শৰীৰ কৰি পৰিহাৰবৈকুণ্ঠক চালি গৈলা॥প্ৰভূৰ বচন ধৰি সৰ্ব্বক্ষণঅদ্যাপি সেহি স্থানতআছা সাধু গণ শ্ৰৱণ কীৰ্ত্তনকৰিয়া ৰঙ্গে সতত॥

বৈষ্ণৱ সকল পৰম উজ্জলযাত হৰি গুন গাই।কীৰ্ত্তনৰ ৰোল শুনিয়া কল্লোলপাষণ্ড ভাগি পলায়॥ঘোৰ কলি যুগে ভৈলা একাকাৰঠিৰ বুদ্ধি কৰি দেখা।চিত্ত বিত্ত পাত্ৰ অপবিত্ৰ গাত্ৰনাহি শৰীৰতো লেখা॥সাধুৰ চৰিত্ৰ পৰম পবিত্ৰতাক যিটো নুশুনয়।যদি চাৰিবেদ পঢ়ে অবিচ্ছেদতভোতাৰ কিছু নয়॥মোহোৰ জীৱন দেৱ নাৰায়নভগৱন্ত কৃপাময়।তোমাৰ ভক্তৰ মই অনুচৰকহিলো কৰি নিশ্চয়॥

ভাঙনি:-সত্যযুগে নাৰায়ন ত্ৰেতাত ৰঘুবৰ।দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ॥

পদ:-পূৰ্ব্ব কালে ই দেশত নাছিল ভকতি।নানা ধৰ্মকৰ্ম্ম সবে কৰয় সম্প্ৰতি।নানা দেৱ পুজয় কৰয় বলি দান।হংসে ছাগ পাৰ কাটে অসংখ্য প্ৰমান।তল গৈল লোক কলি পাপ সাগৰত।কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত॥সিটো জীৱ সমস্তক কৰিবে উদ্ধাৰ।শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ॥সকলো লোকক মোক্ষ দিবৰ কাৰণে।

কৰিলা বিবিধ শাস্ত্ৰ শংকৰ মাধৱে॥কলিৰ পৰম পাপসাগৰ সংকাশ।প্ৰথমতে দহিতাক কৰে সৰ্ব্বনাশ॥

১৩। ঘোষা:-কোনে বাৰু ৰচিলে বৰগীত ভটিমাকোনে বাৰু বোৱালে নাম।কোনে বাৰু গঢ়িলে খোল তাল ডবা কাঁহচৰণে কৰো প্ৰণাম॥

পদ:-শুনা পৰমাৰ্থতত্ব শ্ৰীমন্ত শঙ্কৰ মতধৰিয়োক সজ্জন সকল।হৰিৰ কীৰ্তন কৰি সুখে সংসাৰক তৰিপাইবা ভক্তি পৰম নিৰ্ম্মল॥শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়হৰিগুণ ভাগৱত সাৰ।সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্ত্তন কৰাপৰিহৰা পাষণ্ড আচাৰ॥বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰেসুখ আৰ নাহি পুৰুষৰ।হৰি বিনে পৰিত্ৰান কৰ্তা আৰু নাহি জানাৰিপু নাহি সংসাৰত পৰ॥লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলতাহাৰ দুৰ্লভ কিছু নাই।নাৰায়ন পৰ ভৈল তথাপি কিঞ্চিতো আননবাঞ্চয় সেৱা সুখ পাই।কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস স্থানসুখ নয়নৰ পান পাত্ৰ।

দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহুভকতৰ পাদ-পদ্ম মাত্ৰ॥পৰম ঈশ্বৰদেৱ কৃষ্ণক নাপাই লাগতপ জপ যাগ মোগ দানে।একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথেঅভিষেক নকৰয় মানে॥

ভাঙনি:-কৰ্ম পথ জ্ঞান পথ কৰি পৰিহাৰ।দিলা ভকতিৰ পথ অমৃততো সাৰ॥৷

পদ:-নাম দিলা ধৰ্ম্ম দিলা আৰু দিলা জ্ঞান।খোল তাল ডবা কাঁহ তযু অৱদান॥টোটয় চপয় গুণমালা আৰু বৰগীত।শ্ৰৱনে কীৰ্ত্তনে যেন পিয়াইলা অমৃত॥গায়নে বায়নে নাট কৰি অভিনয়।মৰ্ত্যত পাতিলা যেন বৈকুণ্ঠ দুতয়॥মণিকুট নামঘৰ কৰিলা নিৰ্মিত।অসমীয়া সমাজক কৰি একত্ৰিত॥মিলনৰ এনাজৰি ৰাখিলা ধৰ্ম্মত।দিক্ষীত কৰিলা গুৰু হৰিৰ নামত।সোণত সুৱগা মিলি কৰিলে উজ্জ্বল।নামৰসে ভক্তিৰসে বোৱাই মহাঢল।বিষ্ণু অংশে অৱতাৰ হৈয়া দুয়োজন।কৰিলা উদ্ধাৰ পঙ্কে যত নৰগন॥দুয়োজনা গুৰু আমাৰ পৰম বান্ধব।জয় জয় বন্দো মাত্ৰ শঙ্কৰ মাধৱ॥সাৰ্বভৌম ভট্টাচাৰ্য্য কবি যাৰ নাম।গুৰুৰ চৰণ শিৰে সহস্ৰ প্ৰণাম॥

১৪। ঘোষা:-কৃষ্ণৰ কিঙ্কৰ শ্ৰীমন্ত শঙ্কৰস্বৰূপতে গুৰু মানৱৰ।কোনে কয় অসমৰ কোনে কয় ভাৰতৰগুৰু তেওঁ সৰ্ব জগতৰ॥

পদ:-ৰাখি নিজ সত্যবাক নৰকুল তৰিবাকঅৱতাৰ ৰূপে আসে হৰি।দিকভ্ৰান্ত সমাজৰ নিৰোধি যত অসুৰকবোৱালে সুৰৰ প্ৰেম জুৰি॥বিজয়া দশমী তিথি প্ৰতিমা বিসৰ্জি উঠিশূণ্য হিয়া নাই কাৰো মাত।মধ্যনিশা অন্ধকাৰ খণ্ডিবে ভূমিৰ ভাৰজনমিল শঙ্কৰ ধৰাত॥বিজয়াক কৰি ক্ষয় মোহমায়া কৰে জয়বিষয়ীৰ হৃদয়ৰ পৰা।নাম ধৰ্ম্ম শৰণৰ ঈশ পদ স্মৰণৰভকতিৰে পৰিপূৰ্ণ ধৰা॥মহেন্দ্ৰ কন্দলি বোলে তযুবিদ্যা আৰম্ভ কালেসৰস্বতী লাগে পুজিবাক।শঙ্কৰে গুৰক কয় বিষ্ণুক পুজিলেই হয়পূজা কৰা সৰ্ব্বদেৱতাক।গছকিল পাঠশালা শিকি লই বৰ্ণমালাবিভূৰ মহিমা গীত গায়।সুমধুৰ ৰচি গীত মোহিলে গুৰুৰ চিতহিয়া মন জুৰ পৰি যায়॥ডেকাগিৰি শঙ্কৰ কলেৱৰ মনোহৰবলে বুদ্ধি ত্যাগি মহীয়ান।সাহস কৌশল দেখি ডেকাই প্ৰমাদ গণিগুৰু মানি লয় শিক্ষা দান।

নৃত্যনাট সংগীতৰ ক্ষেত্ৰৰূপে নামঘৰস্থাপন কৰিলা সযতনে।গাওঁ সভা ন্যায়ালয় সকলোটি সৃষ্টি হয়নাম ধৰ্ম্ম উচ্চাৰিলে ঘনে॥শাক্ত ধৰ্ম্ম প্ৰবৰ্তক লগ পাই মাধৱকশাস্ত্ৰ যুক্তি কৰি উত্থাপন।পণ্ডিত প্ৰৱৰলোক গোবিন্দগিৰি সূতসেৱি ৰল তোমাৰ চৰণ॥শ্ৰীশঙ্কৰ মধুকৰ মৌৰসে মানৱৰমধুচক্ৰ কৰিলা নিৰ্ম্মাণ।নৱফুলনিৰ পৰা বনালা যি ৰহঘৰানাই তাৰ সমতুল্য দান।শ্ৰীশঙ্কৰ দিবাকৰ দিব্যজ্যোতি জগতৰঅজ্ঞান আন্ধাৰ কৰা নাশ।শাস্ত্ৰ ব্যৱসায়ী দল ভূৱা পণ্ডিতৰ বলচিহ্ন হ’ল মায়া মোহ পাশ।সূৰুযৰ আগমনে নিশাচৰ প্ৰাণীগণেভয়ে ভয়ে আতৰি পলায়।অজ্ঞলোকে ভয় পায় আহিল আতৰি হায়সাধুসন্তে বেঢ়ি নাম গায়।সংস্কৃতি কৰি খেতি একতাৰে বান্ধি ভেটিছটিয়ালা বীজ ভকতিৰ।নদন বদন কৰি শাক শস্য দেশ জুৰিনাচে হিয়া আই অসমীৰ॥অসমৰ কৰ্ণধাৰ শাস্ত্ৰবিদ কলাকাৰৰক্ষা কৰি জাতিৰ সন্মান।এৰি অন্য লোকাচাৰ অসমত সভ্যতাৰউৰুৱালা জাতিৰ নিচান॥

পাতে সৌৰজগতৰ নানা গ্ৰহ নক্ষত্ৰপিতৃ ৰূপে দেৱ দিবাকৰ।তুমি হ’লা অসমৰ পিতৃ ৰূপে বৈষ্ণৱৰজ্যোতিমান শঙ্কৰ ভাস্কৰ॥

১৫। ঘোষা:-শিৰত থাপিলো শঙ্কৰ শিৰোমণিকণ্ঠত থাপিলো নাম।হৃদয়ত থাপিলো প্ৰভু নাৰায়ণমনে বিচাৰিলেই পাম॥

পদ:-তুমি ব্যতিৰেক নাহি বন্ধু আনগ্ৰাহ মুখে উদ্ধৰয়।তুমি হেন নাম পাওঁ যদি প্ৰভুকহিতো নাহিকে ভয়॥তাৰ কুল শীল বিদ্যা সৱে ব্যৰ্থনকৰে জীৱ উদ্ধাৰ।কৰ্ম্মৰ বন্ধনে বিষয়ত বান্ধিআয়যাত কৰে নৰ॥বেদে ভৈলা বৃক্ষ কণ্ঠে পুষ্প তাৰস্বৰ্গে ভৈলা বৃক্ষফল।যতেক বিষয় ফল ৰস ভৈলাসুখে তাৰ স্বাদ ফল॥জানিলে ঈশ্বৰ বৃক্ষতে আছয়নজানয় অবিচাৰে।আদি অন্ত স্থিত স্বৰূপ নাজানেমায়া মোহে থাকি মৰে॥ইটো বৃক্ষবৰ ব্ৰজ সমসৰছেদিবাক কহো ভেদ।

সাধু সঙ্গ কৰি মমতাক এৰিবৈৰাগ্য কুঠাৰে ছেদ।দেৱাসুৰ নৰে তোমাক আৰাধিপাইলেক পৰম সিদ্ধি।জানিয়া তোমাক নুপুজিবে কোনোতুমি ভকতৰ নিধি॥তুতি কৰিবাক নোৱাৰে তোমাকব্ৰহ্মা আদি দেৱজাক।মনুষ্য বুদ্ধিৰে কেন মতে মইকৰিবো স্তুতি তোমাক॥যিটো মূঢ়ভাৱে কৰিলোহো স্তুতিতাক ক্ষমিয়োক মোক।যদি অপৰাধ কৰো তথাপিতোক্ষমা কৰা সাধুলোক॥হেন জানি প্ৰভূ হুয়োক প্ৰসন্নতোমাৰ সেৱক আমি।ভক্তিভাৱে যিটো কৰিলোঁহো তুতিসঙ্গ হৌক সবে স্বামী॥হেন জানি যত দূৰতে তেজিয়াভকতিক কৰা সাৰ।শ্ৰৱণ-কীৰ্ত্তনে সংসাৰক তৰেমহাসুখে পাই পাৰ॥কৃষ্ণৰ সঙ্গত আছে যত প্ৰাণীউৎসৱে কীৰ্ত্তন কৰে।চলি গৈল প্ৰভু সমস্ত ভকতেআপোন নিজৰ ঘৰে॥

হেন জানি যত সামাজিক লোকতেজিয়া যত চাতুৰি।কৃষ্ণৰ চৰণ সেৱা ব্ৰত ধৰিভাবি বোলা হৰি হৰি॥

১৬। ঘোষা:-বিষ্ণুৰ অংশে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ।মানৱী ৰূপত তুমি গুৰু মাধৱৰ॥ভকতিৰ পথে হৰি সেৱা মনোহৰ।সিজৈ পুৰুষাৰ্থ অপ্ৰয়াসে মনুষ্যৰ॥

পদ:-এক দিনা দৈৱ যোগে সত্য সন্ধ্যা মাতৃ।অদভূত এক স্বপ্ন দেখে শেষ ৰাত্ৰি।শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি।গৰুড়ৰ স্কন্ধে চৰি আসিয়া মুৰাৰী॥মোক মাৱ দিয়া স্থান বুলিলা বচন।গৰুড়ৰ পৰা নামি আসি নাৰায়ণ॥অভ্যন্তৰে পশি হৰি অন্তৰ্ধান ভৈলা।কৈত গৈলা হৰি মাতৃ দুনাই নেদেখিলা॥নিদ্ৰা ভঙ্গ হৈয়া মাৱ শৰ্য্যাত বসিয়া।কি স্বপ্ন দেখিলা বুলি আছন্ত ভাবিয়া॥কিনো অদভূত মই দেখিলো সপোন।সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ন॥আনন্দে লোতক বহে তনু ৰোমাঞ্চিত।দেখয় ৰজনি শেষ আদিত্য উদিত॥শয্যা তেজি সত্য সন্ধ্যা মাৱ উঠি গৈলা।স্বপ্নৰ বৃতান্ত সৱে স্বামীত বৰ্ণাইলা॥স্বপ্নৰ বৃতান্ত শুনি কুসুম্বৰ ভূঞা।ইষ্টদেৱ সুঁৱৰিলা আনন্দিত হুয়া॥ইটো মহা শুভ স্বপ্ন জানিলা নিশ্চয়।

এহি বুলি গুণিলন্ত গুৰু কৃপাময়॥নৰ ৰূপে বৰদোৱাতে জন্ম নাৰায়ন।গহীন গম্ভীৰ যাৰ দেহৰ গঠন॥হাস্য বদনে যাৰ মধুৰবচন।পাপ নাশ হয় যাক কৰিলে স্মৰণ॥

ভাঙনি:-সত্য যোগে নাৰায়ন ত্ৰেতাই ৰধুবৰ।দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শঙ্কৰ॥

পদ:-অনন্ত অচ্যুত প্ৰভূ মধ্যে নিৰাকাৰ।জীৱক তৰিবে লাগি ভৈলা অৱতাৰ॥ব্ৰহ্ম শাস্ত্ৰ গীতা দিলা জলৰ মধ্যত।ব্ৰহ্মপুত্ৰই শৰণ-লৈলেক শঙ্কৰত॥হেন ব্ৰহ্ম পুত্ৰৰ পাৰে শঙ্কৰ ৰৈলন্ত।পৃথিৱীত আসি বৈকুণ্ঠক নিৰ্মিলন্ত॥যৈত আহি গুৰুজনে ভৈলা অৱতাৰ।অন্য ভূমি কোনসম হৈব বৰদোৱাৰ॥সত্ৰ থান চক্ৰ আদি যত থান চয়।চাৰি ৰূপে চাৰি বস্তু আসিয়া আছয়॥কদম্ব, শিলি, বেল আৰু বৃক্ষ আম।চাৰি বৃক্ষ আসি চাৰি দিশে ভৈলা ধাম॥ধ্বজ আদি পদশিলা মধ্যে নামঘৰ।মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ॥জগতৰ লোকে যাৰ সেৱয় চৰণ।কলিৰ ভকতে যাৰ কৰয় বন্দন॥সেহিসে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ।আন কোন সম হৈব দয়াৰ সাগৰ॥নৰৰূপে বৰদোৱাত জন্ম নাৰায়ন।গহীন গম্ভীৰ যাৰ দেহৰ গঠন॥

হাস্য বদনে যাৰ মধুৰ বচন।পাপ নাশ হয় যাক কৰিলে স্মৰণ॥সাধু সঙ্গে ৰাম নাম লোৱা সবে বেঢ়ি।আপুনি পলাইবে কলি ভকতক এৰি॥দান্তে তৃণ ধৰো এৰিয়োক আন কাম।গোপাল চৰণে ভনে বোলা ৰাম ৰাম॥

১৭। ঘোষা:-চিৰ যুগমীয়া মহান অসমীয়াজগতৰে গুৰু শঙ্কৰ।দৈৱকীৰ পুত্ৰ কুসুম্বৰ গৃহেঅৱতাৰ সৰ্ব্বগুণাকৰ॥

পদ:-শুনা সভাসদ ভাগৱত পদভক্তিৰ কেনে উত্তৰ।হৈয়া শুদ্ধমতি একান্ত ভকতিভজিয়োক দামোদৰ॥কলিৰ ভয়ত পলাই ধৰ্ম্মমতনামত লৈয়ো শৰণ।সমস্ত ধৰ্ম্মক সিটো পাইৱে লাগকৰে যি হৰি কীৰ্ত্তন।স্বভাৱে জানিবা সমস্ত ধৰ্ম্মৰমোহোৰ নামেসে ৰাজা।আন ধৰ্ম্ম যত নামৰ কিঙ্কৰকহিলো শাস্ত্ৰৰ মজ্জা॥কলিত নামেসে কলিত নামেসেনামেসে গতি লোকৰ।কৃষ্ণৰ নামেসে জানিবা নিশ্চয়স্বধৰ্ম্ম কলি যুগৰ॥

কৃষ্ণৰ নামক পাষণ্ড সকলেফুৰিবে কৰি ধিক্কাৰ।মহা পাপী দুষ্ট দুৰ্জন সকলেভূঞ্জিবে বহু নিকাৰ॥একান্ত শৰণে যিটো শুনে ভনেকৃষ্ণৰ জন্মৰ কথা।জগত দুৰ্লভ যদি হোৱে পাৰসুলভ হুয়ো সৰ্ব্বথা॥সংসাৰ মধ্যত আনো আছে সতমহা মহা পাপী জন।ইহাৰ শ্ৰৱন কীৰ্ত্তন শুনিয়াসমস্তে পাপ মোচন॥শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুনাকৰসাক্ষাতে কৃষ্ণৰ অংশ।দৈৱকী তনয় যিটো কৃপাময়উদ্ধাৰিলা যদু বংশ॥পৰম গম্ভীৰ মহাযশী ধীৰনামত শঙ্কৰ দেৱ।কৰুণা সদন পাষণ্ড মৰ্দ্দনযাৰ সম নাহি কেৱ॥বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱনেসেতাহাৰ ফল উদয়।সাধুৰ চৰিত্ৰ পৰম পবিত্ৰতাক যিটো নুশুনয়।ৰাতুল চৰণ কোলাত থৱন্তমহাপ্ৰেমে যদুৰায়।কৃষ্ণৰ পৰম ভক্ত নিৰুপদ্মসাধুজন সবে কয়॥

১৮। ঘোষা:-গুৰু ৰূপে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ।বৰদোৱা ধামে তযু পিতা কুসুম্বৰ॥মাতৃ নামে সত্য-সন্ধ্যা পূজনীয় যাৰ।খেৰসুঁতিৰ পালনতে সৰ্ব্ব-গুণাকাৰ॥

পদ:-আই-মাতৃ সত্যসন্ধ্যা পিতা কুসুম্বৰ।তান পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ॥এক দিনা দৈৱ যোগে সত্য–সন্ধ্যা মাতৃ।অদভূত এক স্বপ্ন দেখে শেষ ৰাত্ৰি॥শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি।গৰুড়ৰ স্কন্ধে চাৰি আসিয়া মূৰাৰী॥মোক মাৱ দিয়া স্থান বুলিলা বচন।গৰুড় স্কন্ধৰ পৰা নামি নাৰায়ন।অভ্যন্তৰে পশি হৰি অন্ত ধ্যান ভৈলা।কৈক গৈলা হৰি মাতৃ দুনাই নেদেখিলা॥নিদ্ৰাভঙ্গ হৈয়া মাৱ শয্যাত বসিয়া।কি স্বপ্ন দেখিলো বুলি আচন্ত ভাবিয়া।কিনো অদভূত মই দেখিলো সপোন।সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ন॥আনন্দে লোতক বহে তনু ৰোমাঞ্চিত।দেখিয়ো ৰজনী শেষ আদিত্য উদিত॥শয্যা তেজিসত্য সন্ধ্যা মাৱ উঠি গৈলা।স্বপ্নৰ বৃত্তান্ত সবে স্বামীত বৰ্ণাইলা॥স্বপ্নৰ বৃত্তান্ত শুনি কুসুম্বৰ ভূঁঞা।ইষ্টদেৱ সুঁৱৰিলা আনন্দিত হুয়া॥ইটো মহা শুভ স্বপ্ন জানিলা নিশ্চয়।এহিবুলি গুণিলন্ত গুৰু কৃপাময়॥অদ্ভুত অদ্ভুত প্ৰভু-মধ্যে নিৰাকাৰ।

জীৱাক তাৰিবে লাগি ভৈলা অৱতাৰ॥কহয় পুৰোষোত্তম দাসৰো দাস।তাহাৰ চৰণে কৰে শত নমস্কাৰ॥

১৯। ঘোষা:-চাৰি বেদ চৈধ্য শাস্ত্ৰ ওঠৰ পুৰাণ।শঙ্কৰদেৱে পাতি থৈছে নামৰ দোকান॥চাৰি বস্তু যোগে লোৱা নামত শৰণ।তেবে পৰিপূৰ্ণ হৈব মানৱী জনম॥

পদ:-কলি যুগে পাপী-তাপী কিসে হৈব পাৰ।অংশ ৰূপে হৰি ভৈলা মানৱী সাকাৰ॥শঙ্কৰ স্বৰূপে আসি পাতিলা বাহাৰ।বেদ মাৰ্গ এৰি ভক্তি কৰিলা প্ৰচাৰ॥জন্ম লৈয়া গুৰুজনে পাতিলন্ত থান।চাৰিফালে চাৰি হাটী মহা ভক্তগণ॥আদ্যস্থলী বৰদোৱাত থান পাতিলা।বৰপেটা নামে স্থানে নাম বস্তু থৈলা।সত্ৰ সভা স্থাপন কৰিল স্থান স্থান।বিলাই দিলে নামধৰ্ম্ম অমূল্য ৰতন॥নামৰ দোকান দিলা, গুৰু নামৰ দোকান দিলা।কলিৰ ভকতে পাই হৰিষিত ভৈলা॥হৰি নামৰ প্ৰেমৰ ৰস অমৃতৰ সম।যাক পায়া গুপ্ত কৰি থৈলা দেৱগণ॥শ্ৰীমন্ত শঙ্কৰে পাই সবাকো বিলালে।প্ৰাণ পাইয়া তৃপ্ত ভৈলা বৈষ্ণৱসকলে॥নাম-ৰস ভক্তি ৰস বহে ধাৰা ধাৰ।

যত লাগে তত পাই নাহি পাৰা-পাৰ॥হৰি নামৰ ৰস মিলে মহন্তৰ সঙ্গে।অঞ্জলি ভৰিয়া পান কৰা সৰ্ব্বজনে॥জগতৰে গুৰু শঙ্কৰ নামৰে সাগৰ।যিটো নাম লৈলে কভো নালাগে ভাগৰ॥মানৱৰূপী শঙ্কৰগুৰু কিনো তোমাৰ লীলা।গাৰো-নগা যৱনকো নামেৰে মুহিলা॥গৈ পাবা সত্ৰ সমাজ ৰৈ পাবা নাম।পূৰ্ণ কৃষ্ণক চিন্তি তযু গুণ গান॥সকল প্ৰাণীয়ে পায় বিষয়ৰ সুখ।কৃষ্ণৰ বাসুদেৱ পদ পঙ্কজত।যিটোজনে ভকতিক কৰয় সতত॥যৈত হৰি ভক্তজন সাধু সদাচাৰ।হৰি ভক্তি কৰন্তে নিৰ্ম্মল চিত্ৰ তাৰ॥হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল।মাধৱৰ পূজা যেন বৃক্ষ মূচল জল॥কৃষ্ণৰ প্ৰসাদে মিলে ভকতি মুকুতি।বোলা ৰাম ৰাম পাপ মাউক অধোগতি॥

২০। ঘোষা:-ভকত বৎসল কৃপাময় মহা হৰি।ভকতক ৰক্ষা সদা কৰয় মূৰাৰি॥ভকতক কৃপায়ে কলিত দেৱহৰি।আসিল শঙ্কৰ ৰূপে নৰতনু ধৰি॥

পদ:-জগতৰ গুৰু শঙ্কৰ কৰো নমস্কাৰ।ভকতৰ বন্ধু মাধৱ কৰো নমস্কাৰ॥শান্তি স্থাপন হেতু ভৈলা অৱতাৰ।ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥

শুদ্ধ পথ দিয়া গুৰু প্ৰচাৰ কৰিলা।শৰণ-ভজন-ভক্তি মহিমা বৰ্ণাইলা॥হেন জানি গুৰু মই পশিলো শৰণে।নেৰিবা নেৰিবা গুৰু জীৱনে মৰণে॥ভক্তি কৰিবাক লাগে ভকত জনত।ভক্তিসে তৰাইবে ইটো ঘোৰ সংসাৰত॥কিনো মহাভাগ্যোদয় লোকৰ কলিত।নাম সমে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত॥ইহেন কলিত যিটো নহৈল উদ্ধাৰ।কোটি জনমেও তাৰ নাহিকে নিস্তাৰ॥ভকতক কৃপায়ে কলিত দেৱ হৰি।যশ বিস্তাৰিলা দৈৱকীত অৱতৰি॥এহি যশ গুণ নাম গাইবে মাত্ৰ সুখে।এতেকে মুকুতি পদ পাইবে মহা সুখে।কৃষ্ণৰ বাক্যত আবে কৰিয়ো প্ৰত্যয়।ভজিবাক লাগে মাত্ৰ জানিয়া নিশ্চয়॥হেন জানি সত্বৰে হুয়োক সাৱধান।অথিৰ জীৱন যাইব কেতিক্ষণ প্ৰাণ॥

ভাঙনি:-নাম লোৱা নাম লোৱা কলি যুগৰ প্ৰজা।নাম শুনি গতি পাইলে পৰীক্ষীত ৰাজা॥

পদ:-একবাৰ উচ্চাৰিলে নামৰ আভাস।কিমতে সমস্ত পাপ তাৰ ভৈল নাশ॥এক নাম উচ্চাৰিলে পাপ হোৱে ক্ষয়।যত পূণ্য আছয় গৰ্ভতে বাস লয়॥আৰ বাৰ উচ্চাৰিলে সৰ্ব্ব পাপ ক্ষয়।তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠে চলয়॥শ্ৰদ্ধায়ে সততে ভক্তিভাৱে নাম ধৰে।

তাহাৰেসে সমস্ত পাতেক নামে হৰে॥বিজুলি চমক যেন জীৱন অথিৰ।কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ॥প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত।কৃষ্ণ গুণ নাম ইসে পৰলোক বিত্ত॥এক নামে যত পাপ সংহৰিতে পাৰে।ততেক পাতকী পাপ কৰিতে নপাৰে॥নামৰ মহিমা ইটো কমনে কহিবা।ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা॥ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয়।তাহৰেসে জানিবা মিলিল মহোদয়॥ৰাম কৃষ্ণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ॥হেন জানি নিৰন্তৰে এৰি আন কাম।কৈতৱ এৰিয়া এক চিত্তে লোৱা নাম॥

২১। ঘোষা:-প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥বৈকুণ্ঠত থাকা তুমি বিষ্ণুৰূপ ধৰি।কুসুম্বৰ গৃহে জন্ম লৈলা সেহি হৰি॥

পদ:-শঙ্কৰ স্বৰূপে আহি ভৈলা অৱতাৰ।ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥তোমাৰ সহিতে বহু কৰি অৰ্থবাদ।সংশয় গুছিল আৰু মিলিল আহ্লাদ॥কতো জনে ৰাজাত দিলে গৈয়া জান।নষ্ট কৰে বেদ পন্থ শীঘ্ৰ কৰি আন॥

দুতক পাঞ্চিয়া ৰজা ধৰায়া আনিলা।বেদ পন্থ নষ্ট কৰা বুলিয়া সুধিলা॥ইষট হাঁসিয়া পাছে শ্ৰীমন্ত শঙ্কৰে।উত্তৰ প্ৰদান কৈলা শাস্ত্ৰ প্ৰমানেৰে॥বৃক্ষৰ মূলত যদি দিয়া হয় জল।হোৱয় তৃপিতি তাৰ যত পত্ৰ ফল॥মূল এৰি যদি জল সিঞ্চে প্ৰত্যেকত।কদাপি নোহয় তৃপ্তি একো পুষ্প পত্ৰ॥আৰু যেবে প্ৰাণৰ ভোজনে আতিশয়।নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপিতি নিলয়॥নকৰে ভোজন যেবে ক্ষুধাতুৰ নৰে।বস্ত্ৰ অলঙ্কাৰ ফুল চন্দন পিন্ধাৱে॥কদাপি নোহয় তৃপ্তি একো ইন্দ্ৰিয়ৰ॥প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ॥সেহিমতে জগতৰে প্ৰভূ নাৰায়ণ।মূলক পুজিলে তুষ্ট হোৱে সৰ্ব্বজন॥পূৰ্ব্ব দিশে নিজ অংশে হৰি অৱতাৰ।নিজ যশ ধৰ্ম্মৰীতি কৰিব প্ৰচাৰ॥নামত শঙ্কৰ শূদ্ৰ কুলে হৈব জাত।ব্ৰহ্মা আদি কৰি সবে জন্মিব তথাত॥নিজ যশ ধৰ্ম্মৰীতি প্ৰচাৰ কৰিব।জ্ঞান দানে সমস্তৰে মনক পূৰাইব॥সাৰ্ব্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ।হেন শঙ্কৰক কৰো কোটি নমস্কাৰ॥পদ্ম পুৰাণৰ পদ বিৰচিলো জানি।বিষয়ক তৰা শঙ্কৰক গুৰু মানি॥

হেন জানি নিৰন্তৰে এৰি আন কাম।পাতক চাবোক ভাকি বোলা ৰাম ৰাম॥

২২। ঘোষা :-শঙ্কৰ স্বৰূপে প্ৰভূ নাৰায়ণেঅংশ অৱতাৰ ভৈলা।ভকতি সুবাস বিলাই পাপ নাশজগতকে উজাৰিলা॥

পদ :-আহিন মাসত শুকুলা পক্ষততিথিয়ে দশমী ভৈলা।বৈকুণ্ঠৰ পতি শ্ৰীমন্ত শঙ্কৰআসি অৱতাৰ ভৈলা।শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুণাকৰসাক্ষাতে কৃষ্ণৰ অংশ।দৈৱকী তনয় যিটো কৃপাময়উদ্ধাৰিলা যদু বংশ॥গহীন গম্ভীৰ মহাযশী ধীৰনামত শঙ্কৰ দেৱ।কৰুণা সদন পাষণ্ড মৰ্দ্দনযাক সম নাহি কেব॥দয়াৱন্ত সন্ত শীতল স্বভাৱপৰম গুণে মহন্ত৷কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়াপাতকীক তাৰিলন্ত॥পৰম দয়ালু শ্ৰীমন্ত শঙ্কৰেলোকক কৰিয়া দয়া।পৰম নিৰ্ম্মল ভকতি প্ৰকাশকৰিলা শাস্ত্ৰক চায়া॥

পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰগুণৰ নাহিকে অন্ত।ইহাৰ তত্বক জানিবা কেৱলেশঙ্কৰে মাত্ৰ জানন্ত॥

ভাঙনি:-আই মাতৃ সত্য-সন্ধ্যা পিতা কুসুম্বৰ।বট দ্ৰৱাই কৃষ্ণশঙ্কৰ সৰ্বগুণাকৰ॥

পদ :-জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়।সেহি স্থানে নিজা গুৰু ভৈলন্ত উদয়॥সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট।ৰাম-নাম মহাৰত্ন বেহাইলন্ত তাত॥চাৰিওফালে চাৰিহাটী মহাভক্ত গণ।চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥পূবদিশে নিৰ্ম্মিল একনামঘৰ।মণিকূট গৃহবান্ধি ৰহিলা শঙ্কৰ॥দক্ষিণে যাত্ৰাৰ দৌল শঙ্কৰে নিৰ্মিলা।সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইলা॥উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ।মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়।তাতে আউজিয়া গুৰু পুস্তক লিখয়॥কহয় পুৰোযোত্তম দাসো দাস।সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস।নাম দিলা ধৰ্ম্ম দিলা আৰু দিলা জ্ঞান।খোল তাল ডবা কাঁহ তোমাৰ অৱদান।চপয় টোটয় গুণমালা আৰু বৰগীত।শ্ৰৱণে কীৰ্তনে যেন পিয়াইলা অমৃত॥

গায়নে বায়নে লাট কৰি অভিনয়।মৰ্ত্যত পাতিলা গুৰু বৈকুণ্ঠ দুতয়॥বিষ্ণু অংশে অৱতাৰ হুয়া দুয়োজন।উদ্ধাৰিলা জাতি কৰি পাপ বিমোচন॥মণিকূট নামঘৰ সৰ্বত্ৰে নিৰ্মিত।অসমীয়া সমাজক কৰি একত্ৰিত॥হেন শঙ্কৰৰ পদে কৰো নমস্কাৰ।জনম সম্ফল ইেক ওহি আশা মোৰ॥

২৩। মূল ঘোষা:-গুৰুজনাৰ নামঘৰ ভক্তি ভেটি ভকতৰদ্বিতীয় বৈকুণ্ঠ ধাম।মণিকূটৰ সিংহাসন গুণমালা পুথিখনতাতেই আছে ভকতৰ প্ৰাণ।

পদ:-শুনিয়োক সৰ্ব্বজন কৃষ্ণত অৰ্পিয়ো মনমহাভাগৱত কথাসাৰ।ইসে পুৰাণৰ সূৰ্য ভকতি প্ৰকাশকসমস্তে শাস্ত্ৰৰো সাৰোদ্বাৰ।শুনা আৰু তত্বভেদ কল্পতৰু ভৈলা বেদতাৰ ফল মহাভাগৱত।নাহি সাৰ সিঠাছাল নাছিলেক অতকালস্বৰ্গ-মৰ্ত্য পাতাল মধ্যত॥স্বাদত আনন্দময় কেৱলে আনন্দ ৰসপূৰ্ব্বত আছিল বৈকুণ্ঠত।কৃষ্ণৰ কৃপাত পাছে অৰ্দ্ধেক বয়স গৈলেপাইলে ব্ৰহ্মা পদ্ম কলপত॥

ব্ৰহ্মাই দিলা নাৰদক ইটোফল ৰহস্যকনাৰদে ব্যাসক আনি দিলা।তিলেক নগৈল ভাগি ইডালে সিডালে লাগিশুক মুখে ভূমিত পৰিলা॥কৰা পান ফল ইটো যাৰ ভাগ্য আছে যিটোৰস বিভাৱনত চতুৰ।সাধু সঙ্গ যত্ন কৰি কৰ্ণে কৃষ্ণ কথা ভৰিসমস্ত আপদ কৰা দূৰ॥মাধৱেসে পিতা মাতা ভকত অভয় দাতামাধৱত বিনে আন নাই।হেন জানি যত্ন কৰি ডাকি বোলা হৰি হৰিহৰি বিনে বৰ্থে আয়ু যায়।

ভাঙনি ঘোষা:-নামঘৰত নামৰ নদী বোৱালে শঙ্কৰে।তাতে বহি নাম লয় ভকত বান্ধৱে।

পদ:-শঙ্কৰে কীৰ্ত্তনঘৰ সাজিবাক লৈলা।ভেটি বান্ধিবাক লাগি সবেও আসিলা॥আপুনি শঙ্কৰে কোৰ নালক ধৰিলা।পৃথিৱীক চতুৰ্ভুজ মূৰ্ত্তিক দেখিলা॥শিলৰ প্ৰতিমাখান কলা অতিশয়।চিকমিক কৰে গাৱ অতীকে শোভয়॥যত্ন কৰিলেও যিটো মূৰ্ত্তিক নাপাই।দেখিয়োক হৰি আনি দিলেক ঠেকাই॥সিজিবে ঈশ্বৰ ঐত সিদ্ধি হৈবে কাম।দেৱী পূজা এৰি সবে লৈব কৃষ্ণ নাম॥যিটো জগতৰ গুৰু ঈশ্বৰ মূৰাৰী।শঙ্কৰ স্বৰূপে ভক্তি ধৰ্ম্মক প্ৰচাৰী॥

সিটো জীৱ জগতক উদ্ধাৰিবে মনে।দৈৱকী নন্দন কৃষ্ণ আইলা এহি গুণে॥

২৪। মূল ঘোষা:-নামৰ ঘৰ নামঘৰ সেৱাৰ ঠাই সেৱকৰসাধু সঙ্গ বিচাৰি যোৱা।ভকতৰ সেৱা ধৰি গুৰুক স্মৰণ কৰিআনন্দে হৰি নাম গোৱা মোৰ মন ভাইআনন্দে হৰি নাম গোৱা॥

পদ:-প্ৰথমে গুৰুক কৰো নমস্কাৰশিৰ দিয়া চৰণত।যাৰ উপদেশে জ্ঞানক প্ৰকাশেগুচিল অবিদ্যা যত॥কৃষ্ণ পাদ পদ্ম মকৰন্দ পানেভক্তিভাৱে হৈয়া মত্ত।বাসুদেৱ বুদ্ধি সবাতে দেখয়জ্ঞানৰ বুজিয়া তত্ব॥বদতি শঙ্কৰ শুনা নিৰন্তৰকিনো কৃপাময় হৰি।পদ্মৰ যুগত দুখানি চৰণকিয়নো থাকা পাহৰি॥অনৰ্থ শৰীৰ পোৱাৰে পৰাইনামত কৰিও ৰতি।নিন্দাবাদ তৰ্ক অসূয়া তেজিয়ালৈয়োক সাধু সংগতি।ঘোৰ কলিযুগে ভৈলা একাকাৰ

থিৰ বুদ্ধি কৰি দেখা।চিত্ত বিত্ত পত্ৰ সবে অপবিত্ৰমাথো মনুষ্যৰ বেশা॥হেন জানি আন দুৰতে তেজিয়াভকতিক কৰা সাৰ।শ্ৰৱণে কীৰ্ত্তনে সংসাৰক তৰেমহা সুখে পাই পাৰ॥জানিয়া কৃষ্ণৰ চিন্তিয়ো চৰণমুখে লোৱা কৃষ্ণ নাম।কৈত কেতিক্ষণে মিলয় মৰণডাকি বোলা ৰাম ৰাম॥

ভাঙনি ঘোষাঃ-সপ্তবৈকুণ্ঠক আনি থৈলা মণিকূটে।তত্বভেদি নাম লয় একান্ত ভকতে।

পদঃ-নমো নমো নাৰায়ণ আনাদি অনন্ত।নিত্য নিৰঞ্জন পূৰ্ণব্ৰহ্ম ভগবন্ত॥প্ৰকৃতিতে পৰ পৰমাৰ্থ ৰূপদেৱ।তোমাৰ চৰণে কৰো লক্ষ কোটি সেৱ॥ব্ৰহ্মা ৰূপ ধৰি স্ৰজা যত চৰাচৰ।বিষ্ণু ৰূপে জগতকে পালা নিৰন্তৰ॥ৰূদ্ৰ ৰূপে কৰা প্ৰভু প্ৰলয় আপুনে।তথাপি তোমাক নোচৰয় দোষ গুণে।কৰিলা অধীন মায়া নিজ যোগ বলে।তুমি মাত্ৰ সঞ্চা আন প্ৰপ্ৰঞ্চ সকলে।জানিয়া তোমাক মাত্ৰ যিটো মহাজন।তষু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন॥

কায় বাক্য মনে লৱে শৰণ তোমাত।সিসে এৰাই জানিবাহা সংসাৰৰ হাত॥

২৫। মূল ঘোষা:-বৰদোৱা বৰপেটা গুৰুজনাৰ হাট,হৰিনামৰ ৰসৰ নদী বৈ আছে তাত।অ’ নেলাগে নেলাগে যাব কাশী বৃন্দাবন,ভকত-সঙ্গতে আছে দেৱ নাৰায়ণ॥

পদ:-ভকতক ভজিলেহে বুলিব ভকতি,আগে বন্দে পিছে নিন্দে পৰম দুৰ্ম্মতি॥অ’ ভকতক জানিলেহে বুলিব ভজন,আগে বন্দে পিছে নিন্দে পৰম দুৰ্জ্জন॥হে ভকতক এৰি মহা মূঢ় নৰে,শৱ তুল্য শৰীৰক আত্ম বুদ্ধি কৰেঅ’জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে,এহি চাৰি বুদ্ধি মহাজনত নকৰে।জানিলো জগত হেতু তুমি নাৰায়ণ,যাৰ নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন।অ’ ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণতে,নিৰ্গুণ গুণক প্ৰভু জানি বো কিমতে॥ভকতত পৰে শ্ৰেষ্ঠ কতো নাই নাই,হৰি যাৰ পাছে আছে ফুৰন্ত সদায়।অ’ ভক্তি কৰিবাক লাগে ভকত জনত,ভক্তিসে ভৰাইবে ইটো ঘোৰ সংসাৰত॥

খৰ চাপৰি:-অ' হৰি অ’ নাৰায়ণ...ৰাম হৰি অ' অ'...ৰাম নাৰায়ণ,

পদ:-গাহৰি আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি,

ভকত পালক প্ৰভু নৰসিংহ তুমি।ত্ৰৈলোক্যক অক্ৰমিলা তুমিসে বামন,প্ৰণামো পৰশুৰামে ক্ষত্ৰিয় উচ্চন।ধ্যানত নাপাৱে যাক সিদ্ধ মুণিগণ,কিনো মোৰ ভাগ্য হেন দেখিলো চৰণ।বিবিধ কল্পনা মায়াই নোচোৱে যাহাক,পৰম ঈশ্বৰ কৰো প্ৰণাম তোমাক।সংসাৰ সাগৰ পাৰ কৰেযোৰ নামে,হেন ঈশ্বৰক হেলাকৰা কোন কামে।আল জাল এৰি তৰিবাৰ কৰা কাম,নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।

২৬। মূল ঘোষা:-বেদে কলে ধৰ্ম্ম শ্ৰেষ্ঠ।গীতাই দিলে শৰণ মন্ত্ৰ।উপনিষদে দিলে জ্ঞান তত্ব,ভাগৱতে সৎ সঙ্গ ভক্তি ৰত্ন।অ’ গুৰু কীৰ্ত্তনে সামৰি থৈলা নাম তত্ব।৷

পদ:-শুনা সভাসদ ভাগৱত পদআত নকৰিবা শংকানামত ভকতি কৰি একমতিবানৰে মাৰিলে লংকা।অনেক ভালুক ৰাক্ষক বানৰলগতে পাইলা মুকুতি,ভকতি কৰিলে নপাইবে মনুষ্যেমুকুতি কোন যুগুতি।

অনেক অসুৰ পিশাচ পশুৰভকতি সাধিতে গতি,কিনো অন্ধলোক যাতনাত মৰেমাধৱত নেদে মতি।গকুলৰ গৰু যত তৃণ তৰুসবে পৰমপদ পাইল,মিছাতেসে মজে কৃষ্ণক নভজেদিনতে দুচক্ষু খাইল।

খৰ চাপৰি:-অ' হৰি অ’ ৰাম নাৰায়ণ....ৰাম হৰি অ’ অ’ .....ৰাম নাৰায়ণ.......

পদ:-বাল্মীকি দুৰ্ঘোৰ আছিলন্ত চোৰৰাম বুলি ভৈলা ঋষি,পাপী অজামিল বৈকুণ্ঠ চলিলনাৰায়ণ নাম ঘুষি।দাসীৰ কুমাৰ ভৈলা অৱতাৰনাৰদ নামৰ বলে,হেনয় নামক সততে নলৱেকোননো বিধাতাৰ চলে।নাহি তপ জপ কলিৰ যুগতনামেসে পৰম ধৰ্ম্ম,ইটো নাম এৰি আনমত ধৰিশাস্ত্ৰৰো নুবুজে মৰ্ম্ম।আন দেৱ তেজি মোকে মাত্ৰ ভজিভৈলেক এক শৰণ,

সাধু সেহিজন অৰ্জ্জুনৰ আগেবুলিলে কৃষ্ণে বচন।যাৰ আছে বুদ্ধি ধৰিয়ো ঔষধিসংসাৰ ব্যাধিৰ নাম,কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰেডাকি বোলা ৰাম ৰাম।

২৭। মূল ঘোষাঃ-শঙ্খ চক্ৰ গদা পদ্ম মাথে মৈৰা পাখি।কুৰুক্ষেত্ৰ মহাৰণে অৰ্জ্জুনৰ সখি॥বান্ধৱ বুলিয়া মই, তোমাক দিলো শাক।মোত বিনে নভজিবা আন দেৱতাক॥

পদ:-এক চিত্তেতুমি মাত্ৰ মোকে কৰা সেৱ,পৰিহৰা দূৰতে যতেক আন দেৱ।নলঙ্ঘিয়া মোহোৰ বাক্যক মহা ভাগ,দেৱক তীৰ্থক মানে কৰা পৰিত্যাগ॥নাম নুশুনিবা তুমি অন্য দেৱতাৰ,মোহোৰ ভকতি যেবে নহয় ব্যভিচাৰ।পাষানৰ ৰেখা মোৰ বচন নিশ্চয়,হেন জানি ভকতিক ধৰা ধনঞ্জয়॥সমস্ত ধৰ্ম্মকে বিদুৰৰে পৰিহৰি,ভাৱিয়ো মোহোৰ নাম মহাযত্ন কৰি।মোৰ বাক্য সুদৃঢ় বিশ্বাসে সখি স্মৰি,আন দেৱ ধৰ্ম্ম মানে কাহাৰো নাদৰি।পৰম সুদৃঢ় নাওঁ নামেসে আমাৰ,সংসাৰ সাগৰে মই সুজান কাণ্ডাৰ।

একে একে নামে মোৰ জগত উদ্ধাৰ,স্মৰণতে কৰে পাপ সমস্ত সংসাৰ॥যিটো কথা কওঁ সখি আত কোন চিত্ৰ,কোটি কোটি তীৰ্থে যাক নকৰে পবিত্ৰ।কোটি প্ৰায়চিত্ত আচৰিলে নাহি শুদ্ধি,মোহোৰ নামেসে মাত্ৰ হোৱে মহা সিদ্ধি॥

ভাঙনি ঘোষা:-এক দেৱ এক সেৱ কৃষ্ণসে বান্ধৱ।প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাথৱ॥

পদ:-শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ,আত পৰে আন পুণ্য নাহিকে কলিত।অন্য ধৰ্ম্ম কৃষ্ণৰ লগত গুচি গৈলা,এক স্থানে হুয়া হৰি নামৰ মাজে ৰৈলা।এতেকেসে নামত সমস্ত পুণ্য পাই,জানিয়া যতনে ফুৰা হৰি নাম গাই।নামেসে কৰিবে সৱ মনোৰথ সিদ্ধি,জানিবাহা হৰিৰ নামেসে নৱ নিধি।নামে তপ নামে জপ নামে যোগধ্যান,নামে দান নামে পুণ্য কোটি তীৰ্থস্নান।নামে ধন জন বন্ধু নামে পিতা মাতা,নামে নিজ সুহূদ নামেসে গতি দাতা।ইহ পৰলোকে নাম বিনে গতি নাই,চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়।হেনজানি নামৰ চৰণে চাপি ধৰা,গৃহতে থাকিয়াসুখে সংসাৰক তৰা।কৃষ্ণৰ নামেসে ৰাজা সমস্ত ধৰ্ম্মৰ,

সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,বোলা হৰি হৰি জুই লাগোক পাপত।

২৮। মূলঘোষা:-কৃষ্ণে অন্ত নপাইলে কৃষ্ণ নামৰ মহিমা অ’অৰ্জ্জুনৰ প্ৰশ্ন বাণে।প্ৰিয় সখাক কলে তেওঁৰ নামৰ মহিমাভকতেহে মাত্ৰ জানে॥

পদ:-নামৰ মহিমা কহন্তে কেশৱে অ'আপুনো বিস্ময় ভৈলা।শৰীৰো ৰোমাঞ্চ বচন নোলাইনিচুকী তম্ভিয়া ৰৈলা॥দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ অ’গন্ধৰ্ব চাৰণ গণে।হৰি নামৰ গোপ্য মহিমাকতেসম্বো কেহে নজানে॥কৃষ্ণৰ চৰণ চিন্তিয়া থাকয় অ’কৰিয়ো কীৰ্ত্তন কৰ্ম্ম।মনুষ্য লোকত এহিমানে মাত্ৰপুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম॥যাহাৰ জিহ্বায়ে নোবোলৈ কৃষ্ণৰ অ’গুণ নাম সৰ্ব্বক্ষণ।যিজনৰ মনে হৃদয় পদ্মতনিচিন্তে কৃষ্ণৰ চৰণ॥

সিটো পাপীসৱ দৈৱে ভৈলা হত অ’আপোন চিন্তিবে মাৰ।উপজি মৰিবে যাতনা ভূঞ্জিবেতাহাৰ নাহি নিস্তাৰ॥শুক নিগদতি শুনা কুৰুপতি অ’কহিলো পৰম সাৰ।কৃষ্ণ নাম বিনা ইটো সংসাৰতকাহাৰো নাহি নিস্তাৰ॥মহাযোগী জনো যদি ব্ৰহ্ম চিন্তে অ’হৰিৰ নাম নলৱৈ।সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰৈচাৰি বেদে হেন কৱৈ॥হৰি হেন ইটো দুগুটি অক্ষৰ অ’জিভা অগ্ৰে থাকৈ যাৰ।গংগা গয়া কাশী প্ৰয়াগ সেতুকযাইবাক নলাগৈ তাৰ॥

ভাঙনি ঘোষা:-কৃষ্ণে বোলে কৃষ্ণ নামসমতুল্য নাই।এক শৰণ হুয়া যিটোকৃষ্ণ নাম গায়।

পদ:- গোবিন্দে বোলন্ত সখা শুনা স্বৰূপত।নজানোহো ইটো কৃষ্ণ নামৰ মহত॥হওঁ যদি এনে কোটি কোটি অৱতাৰ।তথাপি নাপাওঁ কৃষ্ণ নাম মহিমাৰ॥ইটো কৃষ্ণ নামৰ মহিমা আছে যত।সবে কহিবাক সখি নুহিকে শকত॥

কৃষ্ণ নাম বলিষ্ঠ বীয্যৰ নাহি সীমা।তাতেসে নকৈলো কৃষ্ণ নামৰ মহিমা॥কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেৱ আন।শুনিয়োক সখি তাক কৰো যেন মান॥মনে মনে কৃষ্ণ বোলে যদি বা বেকত।তথাপি সদায় ভ্ৰমো তাহাৰ লগত॥কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰ ৰোমাঞ্চিত।নেত্ৰৰ লোতক বহে দ্ৰৱ হোৱৈ চিত্ত॥ভকতিৰ আনন্দত আকুল হৃদয়।সিজনত গৈলা জানা আপুনি বিক্ৰয়॥মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন।নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান।মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি।আকেহে বুলিয় সখি উত্তম ভকতি॥

২৯। মূল ঘোষা:-ৰাম নাম, নোলাই মুখত।হৰি নাম, নপশে কৰ্ণত।অ’ মানবী জনম লৈ সিটো মন্দমতি,নকৰিলে যিটোজনে কৃষ্ণত ভকতি॥

পদ:-একাদশ ইন্দ্ৰি মায়া মদ অহঙ্কাৰ,পঞ্চভূত সুক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ।অ’ এহিসে চৌবিশ তত্ব দেহে হুয়া যুত,দেহকেহে জানিবা বোলয় অধিভূত॥জিভা মুখ দিলে সদা কৰোক কীৰ্ত্তন,নামক স্মৰণে মন দিলে সৰ্ব্বক্ষণ।

অ’ বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপক চিন্তোক,চিত্তক দিলন্ত কৃষ্ণ অচলে ৰহোক॥অহঙ্কাৰৰ সহিতে দিলন্ত অভিমান,ঈশ্বৰ কৃষ্ণৰ মই ভৃত্য হৈবো জ্ঞান।অ’ সবাৰো আশ্ৰয় ইটো আছে দেহাগুটি,কৃষ্ণ ভকতৰ পদধূলি লৈব লুটি॥উপালম্ভা নাকৰিবা নামেসে ঈশ্বৰ,নামে পিতা মাতা বুলি মন কৰা দৃঢ়।অ’ কাশ্যেপেও গুৰু মানি নাম লৈতে আতি,নাৰদে মানিলে গুৰু চণ্ডাল নীচ জাতি॥ইন্দ্ৰে নমানিয়া গুৰু আছিলে স্বৰ্গত,চণ্ডালীনি ৰূপে লক্ষ্মী দেখাইলা পথত।অ’ আকে গুৰু মানি ইন্দ্ৰে ভৈলা কৃত-কৃত্য,হেন গুৰু নমানিবে কোন ইটো চিত্ৰ॥

ভাঙনি ঘোষা:-

নাম লোৱা নাম লোৱা কলিযুগৰ প্ৰজা।নাম শুনি গতি পালে পৰীক্ষীত ৰাজা॥

পদ:-

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ,আত পৰে আন পূণ্য নাহিকে কলিত।অন্য ধৰ্ম্ম কৃষ্ণৰ লগত গুচি গৈল,একস্থান হুয়া হৰি নাম মাজে ৰৈল।এতেকেসে নামত সমস্ত পূণ্য পাই,জানিয়া যতনে ফুৰা হৰি নাম গাই।নামেসে কৰিবে সৱ মনোৰথ সিদ্ধি,জানিবাহা হৰিৰ নামেসে নৱ নিধি।নামে তপ নামে জপ নামে যোগ ধ্যান,নামে দান নামে পূণ্য কোটি তীৰ্থস্নান।

নামে ধন জন বন্ধু নামে পিতা মাতা,নামে নিজ সুহৃদ নামেসে গতি দাতা।ইহ পৰলোক নাম বিনেগতি নাই,চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়।হেনজানি নামৰ চৰণে চাপি ধৰা,গৃহত থাকিয়া সুখে সংসাৰক তৰা।কৃষ্ণৰ নামেসে ৰাজা সমস্ত ধৰ্ম্মৰ,সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,বোলা হৰি হৰি জুই লাগোক পাপত।

৩০। মূল ঘোষা:-নামৰ মহিমা শুনি তপস্যা এৰিলে মুনিযোগীয়ে এৰিলে যোগ ধ্যান।গকুলৰ গোপীয়ে গৃহ সংসাৰ এৰিলেলয় মাথো কৃষ্ণ নাম॥

পদ:-নুহিকে যশোদা নন্দন গুবিন্দনিশ্চয়ে বুলিলো বাক।তুমি সমস্তৰে বুদ্ধি সাক্ষী সখিপ্ৰাৰ্থিলা ব্ৰহ্মা তোমাক॥জনত ৰাখিবে লাগি যুদ্ধ ফলেআপুনি ভৈলা উদিত।শুনা মহাভাগ জগতক ত্যাগকৰিবে নুহি উচিত।

বিনাশৈ সংসাৰ ভয় ভকতৰপুৰৈ মনোৰথ যত।হেন হস্তপদ আনি প্ৰাণনাথদিয়োক আসি শিৰত॥হে ব্ৰজ ধন দুখহাৰী হৰিআমি কিঙ্কৰিত ভজ।যেহেন হাসিত কটাক্ষে সহিতদেখায়ো মুখ পঙ্কজ॥সমস্ত প্ৰাণীৰ পাপ হৰে যিটোআছিলা কালীৰ ফনে।কামক মৰ্দ্দিয়া হেন পাদ পদ্মঅৰ্পিলে আমাৰ তনে॥পঙ্কজ লোচন নেদেখি তোমাৰমৰো হেৰা সৱে দাসী।মধুৰ বচনে অধৰ অমৃতেআমাক জীয়ায়ো আসি॥

ভাঙনি ঘোষা:-নামে তপ নামে জপ, নামে যোগধ্যান।নামৰ অধীন যত আছে কৰ্ম্ম জ্ঞান॥

পদ:-সংসাৰত নাহি মোৰ নামক উপাম,সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।মহাযাগ যোগ আদি নুহিকে সমান,তাহাৰ অধিক এক নামেসে প্ৰধান।যিটো জপ যজ্ঞ সৰ্ব্ব-ধৰ্ম্মত উত্তম,লক্ষ ভাগো নুহি জানা নাম মোৰ সম।

সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,নামৰ সমান সিটো কোটিভাগো নূয়।মোৰ নাম লৱে যেবে বাঢ়য় অগনি,শুখান পাতক বন লাগৈ তাতে ছানি।হওঁ অনুকূলে মই প্ৰচণ্ড বতাস,তিলেকো লাগে দহি কৰো সৰ্ব্বনাশ।হেনজানি আন ধৰ্ম্ম এৰি লোৱা নাম,পাতক দহিবে যত পূৰ্ণ হৈব কাম।কৃষ্ণৰ কিঙ্কৰে জানি ৰচিলা শঙ্কৰে,নামক কৰিয়া সাৰ ডাকি বোলা নৰে।

৩১। মূল ঘোষা:-গোপাল গোবিন্দ হেৰা প্ৰাণৰ যদুৰাই,নজানো কোনদিনা প্ৰাণ বায়ু যায়।তোমাৰ মায়ায়ে মন বান্ধিছে দুনাই,হে প্ৰভু কোন দিনা নিবা মোকলাই।

পদ:-মায়াতেসে দেখয় বিবিধ পৰিচ্ছদে,স্বৰূপতে তোমাৰ নাহিকে কিছুভেদ।চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন,তোমাকে বুলিবে দৈত্য কোন অজ্ঞজন॥নিশ্চল নিৰ্ম্মল সুখৰূপ যিটো স্বামী,দেবে যাক নজান কেনে জানো আমি।মায়াৰ শৰ্য্যাত শূতি আছে সৰ্ব্বজন,কেনে নকৰাহা হৰি চৰিত্ৰ কীৰ্ত্তন॥বোলে মোৰ পুত্ৰ ভাৰ্য্যা মুকুতিৰ দ্বাৰ,শ’ গোটা শ’ লৈয়া হোৱে সিন্ধুপাৰ।

সেহিমতে পুত্ৰ ভাৰ্য্যা জানিবা নিস্ফল,নাহি তাত সুখ মাত্ৰা দুখেহে কেৱল॥দুখ দূৰ হৈবে বুলি সুখ হৈব মনে,পোষে পুত্ৰ ভাৰ্য্যা ধন অনেক যতনে।মহাদুখে বোজা লৈয়া পাৱে গৈয়া ঘৰ,তথাপিতো বুঢ়া বুলি কৰে অনাদৰ॥ভাৰ্য্যায়ে নধৰে বোজা পুত্ৰই থাকে চাই,দুখৰ বোজাত ৰাজহাড় ভাগি যায়।ভাৰ্য্যাৰ আগত কথা কহে যশ কৰি,তথাপিতো পাপী নুসুমৰে ৰাম হৰি॥

ভাঙনি ঘোষা:-সাধু সঙ্গ লোৱা ভাই, সাধু সঙ্গ লোৱা।ঈশ্বৰক পাইবা তেবে নিস্তাৰিয়া মায়া।

পদ:-দেন্ত উপদেশ হৰে দশ প্ৰচেতাক,শুনিয়োক ৰাজপুত্ৰ সবে মোৰ বাক।কহে তোমাসাত সবে শাস্ত্ৰৰ সন্মত,কৰিবা প্ৰাৰ্থনা সবে চৰণ কৃষ্ণত।তযু পদ স্মৰণে মনৰ হল হৰে,পাদোদক্‌ গঙ্গাৱে বাহিৰ শুদ্ধি কৰে।এহি দুই তীৰ্থ সেৱী মহন্ত সকল,বাহিৰে ভিতৰে হোৱে পৰম নিৰ্ম্মল।এতেকে ভূতক দয়া কৰে নিৰন্তৰ,লোভ মোহকাম ক্ৰোধ গুচিল মনৰ।হেন ভকতৰ সঙ্গ কৰিয়োক দান,আমাক তোমাৰ অনুগ্ৰহ এহিমান।জন্মে জন্মে হৌক তযু সঙ্গ ভকতৰ,মিলোক প্ৰসঙ্গ প্ৰভূ দিয়ো এহি বৰ।

বুলিলা তোমাৰ সঙ্গ নুখুজিলো কিক,ভকত সবৰ সঙ্গ তোমাতো অধিক।যথাত থাকন্ত তযু একান্ত ভকত,তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।ইটো কথা মৃত পান কৰে যিটো জন,গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱে মন।দূৰ হোৱে বৈৰীভাৱ সমস্তে ভূতত,একো উপসৰ্গ তাৰ নুপজে মনত।হেনয় মহন্ত সৱ থাকন্ত যথাত,থাকা তুমিনাৰায়ণ সাক্ষাতে তথাত।

৩২। মূল ঘোষা:-তোমাক ভজিম বুলি ভক্তি পাত্ৰ লৈ।আহিছিলো মায়াময় সংসাৰলৈ॥বজাৰ দেখি ভোল গলো হৰি হৰি ঐ।উভতিবৰ হ'ল খালি মোনা লৈ॥

পদ:-ভক্তিসে প্ৰধান বস্তু জানা সৰ্ব্বজন।কেনে নকৰয় হৰি চৰিত্ৰ কীৰ্ত্তন।অনেক সংযোগে নৰতনু আছে পায়।নাহিকে শ্বাশ্বত আৰু ক্ষণিকে পৰায়॥ধনজন পুত্ৰ ভাৰ্য্যা যত অভি লাস।কালে পাইলে হুইব সৱ যে বিনাশ॥যিকালত স্ৰৰ্জিলন্ত আদি নিৰঞ্জন।সি কালত পুত্ৰ কৈত পালা কোন জন॥মায়াতেসে মায়াৰ পাশত কৰি বন্দী।যেন নাক বিন্ধি বলধিক আছে ছান্দি।ধন জন পুত্ৰ ভাৰ্য্যা স্নেহ দৰশাই।তাতে পাচে ওপজয় এৰন নাযাই॥

জানি পুত্ৰ ভাৰ্য্যা তাত এৰা আসকতি।কৃষ্ণৰ চৰণে কৰা একান্ত ভকতি॥বিলম্ব নকৰা ভকতৰ সঙ্গ লোৱা।নাম গলে বান্ধি সংসাৰত পাৰ হোৱা॥

ভাঙনি ঘোষা:-হৰি ভজি হৰি নাম নলৱে সাক্ষাত।আপোনাক আপুনি কৰিলে আত্মা ঘাত॥

পদ:-শুনা সভাসদ পদ মহাভাগৱত,কৃষ্ণৰ মুখৰ বাণী বাক্য সাৰোগত।আনক নভজি লয় মোহোত শৰণ,কায় বাক্য মনে নমে মোহোৰ চৰণ।মোত অৰ্পি কৰ্ম্ম কৰেনজানয় আন,ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰান।অৱতাৰ ধৰি ভাৰ হৰো পৃথিৱীৰ,নিৰাকাৰ বুলি মোক নজানে বিস্তাৰ।মোক নজানয় মহাদেৱ ঋষি যত,অনাদি অব্যক্ত অজ নাহি আদি অন্ত।মইসে নিয়ন্ত্ৰা স্বামী লোক মহেশ্বৰ,মোক সদা এহি বুদ্ধি কৰে যিটো নৰ।মোহোৰ কথাত মাত্ৰ ৰতি সদা যাৰ,অন্যত্ৰ বস্তুত ৰতি নাথাকন্ত আৰ।সেহি ভকতক ৰাখিবাক যথাভাৱে,সৰ্ব্বক্ষণ ফুৰো চক্ৰ ধৰি ভূমি পাৱে।

৩৩। মূল ঘোষা:-হৰি নাম লবলৈ অ’ পাপী মন।নালাগে যাব কাশী-বৃন্দাবন॥

বৃন্দাবনৰ গোঁসায়ে মোহন বাঁহী লৈ।ভকতৰ সঙ্গতে আছেহি ৰৈ॥

পদ:-যদ্যপি অজিত তুমি তিনিও জগতে,তথাপি তোমাক জিনৈ সেহিসে ভকতে।মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি,তাঙ্ক এৰি জ্ঞান পথে যিটো কৰে ৰতি॥ক্লেশ মাত্ৰ পাৱৈ সিটো নিস্ফল প্ৰয়াসে,বাহানে পতান যেন তণ্ডুলক আশে।যিটো জনে ভূঞ্জৈ নিজ কৰ্ম্মৰ বিপাক,আপেক্ষিয়া থাকে প্ৰভূ তোমাৰ কৃপাক॥কায় বাক্য মনে নমৈ চৰণ তোমাৰ,সি সি জন মুকুতি পদৰ অধিকাৰ।ভকতত পৰে শ্ৰেষ্ঠ কতো নাই নাই,হৰি যাৰ পাছে পাছে ফুৰন্ত সদায়॥নলাগয় গঙ্গা গয়া তীৰ্থক কৰিতে,বিচাৰি দেখোক সবে আছে শৰীৰতে।হৃদয়তে আছে কৃষ্ণ পাবাহা বিচাৰি,মহাপাপীজনো তৰে কৃষ্ণক সুমৰি॥হৰি পদ হন্তে গঙ্গা হুয়া উত পতি,ভৈলা এৰা এৰি সিটো চৰণে সহিতি।সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত॥

ভাঙনি ঘোষা:-নালাগে তীৰ্থক হৰি হৃদয়তে আছে।ভকতেহে পৰমতীৰ্থ সৰ্ব্ব শাস্ত্ৰে কহে।

পদ:-ভকতিৰ প্ৰতিবন্ধ যত পাপচয়,ভকত জনৰ সেৱাতে সে নষ্ট হয়।

কৃষ্ণৰ সেৱক সৱ পৰম নিৰ্ম্মল,জগত পৱিত্ৰ কৰে তাহাৰা সকল।তাসম্বাক সেৱা আতি কৰন্তে সদায়,ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।হৰি পদ হন্তে গঙ্গা হুয়া উতপতি,ভৈল এৰা এৰি সিটো চৰণে সহিতি।সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।মুকুতি সুখক প্ৰতি ইচ্ছা আছে যাৰ,কহিলো সন্তৰ সঙ্গ প্ৰাৰ্থনি তাহাৰ।লভিবে মুকুতি পায়া সাক্ষাতে কৃষ্ণক,তাৰাসবো বাঞ্চা কৰে সাধুৰ সঙ্গক।লৈয়োক প্ৰমাণ আৰ ধ্ৰুৱৰ বচনে,কৰন্ত প্ৰাৰ্থনা আতি কৃষ্ণৰ চৰণে।সদায়ে তোমাত যিটো কৰয় ভকতি,পৰম নিৰ্ম্মল তাৰা সমস্তৰ মতি।তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হৌক,হেন অনুগ্ৰহ নাথ কৰিয়োক মোক।

৩৪। মূল ঘোষা:-কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে;বসুদেৱে থৈলে আনি যমুনাৰ ইপাৰে।নন্দৰ ঘৰে গৰু চাৰি কৰা লীলা যত;শঙ্কৰদেৱে নিবন্ধিলে পুথি দশমত॥

পদ:-ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস,লৈলা দৈৱকীৰ উদৰত হৰি বাস।গৰ্ভতো বিধাতা তুতি কৰিলন্ত আসি,

দৈৱকী দেবীক বাক্য বুলি আশ্বাসী।পাছে নিজ ৰূপে উপজিলা দামোদৰ,দেখি পিতৃ মাতৃ তুতি কৰিলা বিস্তৰ।উপৰি জন্মৰ কথা নাৰায়ণে কৈলা,কংসৰ ভয়ে বসুদেৱে গোকুলত থৈলা।দেখি পুত্ৰ মুখ নন্দে আনন্দে বিহ্বল,তনয়ৰ জাত কৰ্ম্ম কৰাইলা সকল।দৈত্যক বধিবে আৰম্ভিলা গোকুলত,পুতনাৰ চেতনা শুষিলা প্ৰথমত।শকটৰ তলে থৈলা যশোদা শুৱাই,পেলাইলাহা পাৱে শকটক ওভতাই।তুলিলাহা হামি যশোদাৰ পিয়া স্তন,গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভূৱন।বিস্ময় হুয়া আসি মুদিলা সুন্দৰী,তাত পাছে চক্ৰবাতে নিলা চুৰি কৰি।গলত চিপিয়া ধৰি পেহলাইলা শিলাত,মৰি গৈল দুষ্ট দৈত্য তোমাৰ লীলাত।জাত কৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম,ক্ৰীৰন্তে ফুৰন্তে গোকুলত কৃষ্ণ ৰাম।

ভাঙনি ঘোষা:-কৃষ্ণ অৱতাৰ শান্তৰূপী দৈৱকীত।দৃঢ়-ভক্তিত বান্ধ লৈলা মাতৃ যশোদাত॥

পদ:-নিৰ্ঘাত শঙ্কিয়া খেদি আহিলা গোপজাক,বন্দী হুয়া আছ নন্দে দেখিলে তোমাক।হাসিলেক কোনে হেন কৰিলেক বুলি,বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি।কিনো আতি নন্দ যশোদাৰ মহাভাগ,

পূৰ্ণ ব্ৰহ্মা তোক গৃহতে পাইলা লাগ।ভকতৰ আনন্দ বঢ়াইয়া সৰ্ব্বক্ষণে,শিশুলীলা অনেক কৰিলা নাৰায়ণে।কেহো বেলা গোপীগণে গাৱা গীত,তাসম্বাৰ প্ৰীতি সাধি কত কৰা নৃত্য।কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত,ভকতৰ বশ্য হেন দেখাইয়া লোকত।শয়ন সময়ে সব গোপ গোপীগণ,যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ।বৈকুণ্ঠবাসীৰ সবে মহিমা দেখাই,গোকুলক লাগি প্ৰভূ আনিলা দুনাই।পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ,তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্ত্তন।কৃষ্ণৰ কিঙ্কৰে কহে ৰচিলা শঙ্কৰে,ডাকি বোলা হৰি হৰি সমস্ত নৰে॥

৩৫। মূল ঘোষা:-কৃষ্ণ গোসাঁই বাঁহী বজাই কদম্বৰ তলে;ব্ৰজৰ গোপীয়ে বেঢ়ি নাচে তালে তালে।বজোৱা বজোৱা কানাই বাঁহীটি তোমাৰ;দূৰ কৰা যত তৃষ্ণা মাধৱ আমাৰ।

পদ:-নিস্তাৰ কাৰক নাহি হৰি নাম বিনা,কতো গোপী বোলে সখি কৃষ্ণ কথা শুনা।বাম বাহুত এক গোপীক ধৰিয়া,মধুৰ বেণুক আনি অধৰে অৰ্পিয়া॥ৰন্ধ্ৰ মধ্যে কোমল আঙুলিচয় চালি,যেতিক্ষণে বাংশী ডাক দেন্ত বনমালী।

তাক শুনি দেৱনাৰী সমস্তে মুৰ্চ্ছিত,কাম বাণে চিত্ত আতি হুয়া জৰ্জৰিত॥বস্ত্ৰ মহা মোহ হুয়া তনু এৰি পৰে,স্বামীৰ কাষত পাছে লজ্জা হোৱৈ বৰে।হেন হৰি যেখনে বাংশীক নাদ কৰৈ,গৰু মৃগ গণৰো তেখনে চিত্ত হৰৈ॥নাম ধৰি ধেনুক ডাকন্ত বাংশীৰায়ে,নদীসবো শুনি স্তম্ভি থাকৈ মৌনভাৱে।কতো গোপী বোলৈ সখিসব শুন শুন,গোপগণে তেখনে বৰ্ণাৱে কৃষ্ণ গুণ॥বাংশীৰ নিদানে হৰি ডাকি আনা ধেনু,শুনি তৰু লতা প্ৰেম পুলকিত তনু।কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি,সুন্দৰ অধৰে সেবে কৰে বাংশী ধ্বনি॥

ভাঙনি ঘোষা:-গোপীয়ে কৰিলে ত্যাগ বিষয় জঞ্জাল।তাকে দেখি খেলা কৰে মদন গোপাল॥

পদ:-গোপীকাৰ দেখি প্ৰেম ভাৱ বিপৰীত,ভৈলন্ত গোপাল আতি আকুলিত চিত্ত।আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত,পৰম মধুৰ মুক্তি ভৈলন্ত বেকত।দেখি ৰূপ মদনৰো মোহন সাক্ষাত,উঠিল আনন্দে সবে গোপী অসংখ্যাত।এক দৃষ্টি কৰি কতো কতো গোপ গণে,মুখ পঙ্কজক পিয়ে তবধ নয়নে।নাহিকে তৃপিতি যদি পিয়ন্ত সততে,কৃষ্ণৰ চৰণ যেন চিন্তত ভকতে।

বহৱৈ আনন্দে নয়নৰ নীৰ ধৰি,মহাযোগীজনে যেন যাকৈ ধ্যান কৰি।এহিমানে কৃষ্ণক চাহন্তে গোপীগণ,মিলি গৈল উৎসৱ শীতল তনু মন।এৰাইল বিৰহ তাপ আনন্দে ভৰিল,ভকতক পায়া যেন সংসাৰী তৰিল।প্ৰাণ বন্ধু মাধৱক কৰিয়া সন্মান,আঞ্চল পাৰিয়া দিলা বসিবাৰ স্থান।

৩৬। মূল ঘোষা:-পূৱাইল ৰজনী উঠা বনমালী অ’ধেনু চাৰিবাক লাগে।ত্ৰিজ গত পতি ৰাখোৱাল আজিকেনেকৈ যশোদাই পালে।

পদ:-;জগত ৰাখিবে লাগি যদু কুলে অ’আপুনি ভৈলা বিদিত,শুনা মহাভাগ ভকতক ত্যাগকৰিবে নুহি উচিত।বিনাশে সংসাৰ ভয় ভকতৰ অ’পুৰে মনোৰথ যত,হেন হস্ত পদ্ম আনি প্ৰাণ নাথদিয়োক আসি শিৰত।হে ব্ৰজ ধন দুঃখ হাৰী হৰিআমি কিঙ্কৰিক ভঞ্জ,মোহন হসিত কটাক্ষে সহিতদেখায়ো সুখ পঙ্কজ।

ব্ৰজহস্তে ধেনু চাৰিবাক সহোআমাৰ মনে আসুখ,যেনে পাদ পদ্ম তৃণশীলা লাৰিপ্ৰাণ নাথে পান্ত দুখ।তোমাৰ চিন্তায়ে দিন বহি যায়গধূলি গোপাল আসি,অলকা আকৃত গোৰঞ্জে ৰঞ্জিতদেখুৱা মুখ প্ৰকাশি।পুনু পুনু দেখাই বদন পঙ্কজমনত অৰ্পা মদন,তোমাৰ সঙ্গতি নাপাই দুখে ৰাতিজানিয়া চিন্তো চৰণ।আমাৰ হৃদয় জানি কৃপাময়এৰিয়ো কপট মতি,দিয়া দৰিশন আমাৰ জীৱনৰাখিয়োক প্ৰাণ পতি।

ভাঙনি ঘোষা:-কৃষ্ণসে পৰম তত্ব জানি ব্ৰজবাসী।কৃষ্ণতে শৰণ লৈ আন যত ত্যেজি।

পদ:-শ্ৰদ্ধাভাৱে কৰে যিটো কীৰ্ত্তন সতত,পৰম ভকতি তাৰ মিলয় কৃষ্ণত।জানিবা কীৰ্ত্তন পৰ ভৈল যিটো নৰ,সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ।হৰি গুণকীৰ্তনত কৰিয়োক ৰতি,কীৰ্ত্তনেসে মাধৱৰ উত্তম ভকতি।নমো নমো কৃষ্ণ অনাথৰ নাথ দেৱ,

মোত পৰে অনাথ নাহিকে আন কেৱ।হেন মই দুখিতক তুমি বিনে আন,নেদেখো কৃপালু যিটো কৰিবেক ত্ৰাণ।জানো কৃষ্ণ তযু গুণ পৰম অমৃত,তোমাৰ ভক্ত সঙ্গে পিয়ায়োক নিত।তেবেসে দুৰ্ঘোৰ ভৱ ৰোগ হৈবে দূৰ,কৰিয়োক কৃষ্ণ মোক কৰুণা প্ৰচুৰ।তোমাৰ অভয় দুই চৰণ পঙ্কজে,তাতে মোৰ মন মজি ৰহোক সহজে।মই অভাগীক সিদ্ধি কৰা মনস্কাম,সমাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

৩৭। মূল ঘোষা:-অশ্বস্থৰ তলে উদ্ধৱে কান্ধিছেঢাকুৰি ঢাকুৰি হিয়া।প্ৰাণ কৃষ্ণনাথ নকৰা অনাথলগতে আমাকো নিয়া।

পদ:-স্বামীৰ আদেশ শুনিয়া উদ্ধৱউঠিলন্ত চালি গাৱ,কৃষ্ণৰ বিয়োগে অগনি উধাইলঅধিকে আকুল ভাৱ।কৃতাঞ্জলি ধৰি প্ৰদক্ষিণ কৰিঘূৰিলন্ত বাৰ সাত,কৃষ্ণ কৃষ্ণ ৰতি দণ্ডৱতে পৰিকৰিলন্ত প্ৰণিপাত।

ইটো পাদ পদ্ম দুনাই নেদেখিবোকৰিবো কাহাক সেৱ,ইজন্মক লাগি আজি এৰি যাওঁমোৰ প্ৰাণ ইষ্টদেৱ।দেৱৰো দুৰ্ল্লভ দুখানি চৰণকত পুণ্যে পাইলো লাগ,চিৰকাল আক সেৱিতে নাপাইলোমিলিল মোৰ অভাগ।আউৰ কাক দেখি ৰাখিবো জীৱনভৈলো অন্ধ সমুদায়,ঐ প্ৰাণ হৰি পৰিচ্ছেদ কৰিক্ষণিতেক থাকো চাই॥এহি বুলি পদ পঙ্কজক তুলিথৱন্ত কতো মাথাত।কতো আখি মুখে ঘসন্ত সাবতিথাপ কতো মাথাত॥

ভাঙনি ঘোষা:-বৈকুণ্ঠলৈ যোৱাৰ আগে অশ্বস্থৰ তলে।ৰহস্য ভকতি কৃষ্ণে উদ্ধৱক কলে॥

পদ:-শুনিয়ো উদ্ধৱ আৰ ৰহসা ভকতি,কৰিবা অভ্যাস তুমি থিৰ কৰি মতি।সমস্ত ভূততে ব্যাপি আছো মই হৰি,সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল,দাতাত চোৰত যেন দৃষ্টি একতুল।

নীচত সাধুত যাৰ ভৈল এক জ্ঞান,তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন।বিশেষত মনুষ্যগণত যিটো নৰে,বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায় মান্য কৰে।ঈৰিষা অসূয়া অহংকাৰ তিৰস্কাৰ,সবে নষ্ট হোৱৈ তেবে তাৱক্ষণে তাৰ।কুকুৰ শৃগাল গৰ্দৰ্ভৰো আত্মাৰাম,জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে,কায় বাক্যমনে অভ্যাসিবা এহিভাৱে।বিষ্ণুময় দেখে যিটো সমস্ত জগতে,জীৱন্তে মুকুত সিটো অচিৰ কালতে।সকল প্ৰাণীক দেখিবাক আত্মসম,উপায় মধ্যত ইটো আতি মুখ্যতম।এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ,যিবা জানা-শুনামানে এৰা আন গ্ৰন্থ।এক মাত্ৰ মোতে তুমি লৈয়োক শৰণ,নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।

৩৮৷ মূল ঘোষা:-নাকান্দা নাকান্দা তুমি, ঐ উদ্ধৱ গকুলক যোৱা।ব্ৰজৰ গোপীয়ে কান্দে ঐ উদ্ধৰ ভক্তিজ্ঞান দিয়া॥বিদুৰক দিবে জ্ঞান ঐ উদ্ধৱ মৈত্ৰেয় মহা মুনি।লুপ্ত হৈৰ ভক্তি পন্থ ঐ উদ্ধৱ গলে তুমি আমি॥

পদ:-নিগদতি শুক মুনি ঐ শুনা নৃপবৰ,ভকতৰ সন্তাপ ঐ দেখি পিতাম্বৰ।

ভৈলন্ত আকুল কৃষ্ণ ঐ জগত জনক,কমল লোচন ভৰি ঐ বহৱৈ লোতক।পীত বস্ত্ৰে মুচি মুখ ঐ পেহলাইলা নিশ্বাস,স্নেহে উদ্ধৱক ধৰি ঐ বুলিলা আশ্বাস।এৰি চিন্তা চিত্ত থিৰ ঐ কৰা মহাশয়,তযু দুখ দেখি মোৰ ঐ নসহে হৃদয়।এবেসে জানিলা তুমি ঐ আমাৰ আশয়,বংশক সংহৰি আমি ঐ চলিবো নিশ্চয়।দ্বাৰকা নগৰ যাব ঐ সাগৰত তল,মই গৈলে লোকত ঐ মিলিবে-বিমঙ্গল।পীড়ীবে দুৰ্ঘোৰ কলি ঐ গুচিবে আচাৰ,অধৰ্মত ৰতি হৈব ঐ যতেক প্ৰজাৰ।তুমি আমি দুয়ো গৈলে ঐ মিলিবে অনৰ্থ,লুপ্ত হৈব জ্ঞান ইটো ঐ ভকতিৰ পথ।অধৰ্মে পীড়ীবে যাইব ঐ লোক অধোগতি,ভকতিক ৰাখি তুমি ঐ থাকিয়ো সম্প্ৰতি।মোৰ উপদেশে সখি ঐ নছৰিবা ভূমি,শ্ৰৱন-কীৰ্ত্তন কৰি ঐ থাকিবাহা তুমি।

ভাঙনি ঘোষা:-উদ্ধৱে কান্দিছে বাগৰি বাগৰিকৃষ্ণৰ দুই পাৰে ধৰি।ভকত ভগৱন্ত দুয়োকে দহিছে।আজি হব এৰা এৰি॥

পদ:-শোকে মক মকি কান্দন্ত বিকলেকতো চৰণত ধৰি,সন্তাপতে আতি লোতকে তিয়াইলমাধৱৰ দুই ভৰি।

কৃষ্ণ উপদেশ জানিবা নিঃশেষঅদ্যপি পৰম জ্ঞান,তথাপি কৃষক এৰিবে খোজন্তযেন ফুটি যাই প্ৰাণ।ভৃত্যৰ সন্তাপ দেখি কৃপাময়নয়ন ভৈল সজল,উদ্ধৱক ধৰি প্ৰবোধ বোলন্ততেজিয়ো আবে বিকল।আমাৰ দুইখানি খৰম লৈ যাহাকৰা শোক পৰিহাৰ,আকে সেৱা কৰি থাকা প্ৰাণসখিপালিয়া আজ্ঞা আমাৰ।উঠা উঠা ঝাণ্টে ইটো দ্বাৰকাততুমি নাথাকিবা ৰৈ,কৃষ্ণৰ সুদৃঢ় আদেশ শুনিয়াউঠিল আকুল হুই।দুখানি খৰম মাথাত বান্ধিয়াপুনু প্ৰণামিলা পৰি,কৃতাঞ্জলি ধৰি পাছে পাছে ডৰিধীৰে ধীৰে যান্ত লৰি॥

৩৯। মূল ঘোষা:-মাতৃৰ গৰ্ভতে নাৰদৰ কৃপাতেপ্ৰহ্লাদে ঈশ্বৰক পালে।পাঁচ বছৰতে ভকতি কৰোতেদৈত্যৰাজে শাস্তি দিলে।

গুৰুৰ পুত্ৰক চাহি দৈত্যপতিপাৰিবে লগিলা গালি,শুনৰোঅ অধম ব্ৰাহ্মণ শিশুকএহিসে পাঠ শিখাইলি।ষণ্ডামৰ্কে বোলে আন নিশিকাওইটো নপঢ়াও আমি,তোমাৰ তনয় স্বভাবে বোলয়কোপ এৰা দৈত্যস্বামী।হেন শুনি পাছে হিৰণ্যকশিপুসোধয় কথা পুত্ৰত,গুৰু নিশিখাইল হেন অদভূতবাণী বোল কেনমত।প্ৰহ্লাদে বোলন্ত শুনিয়োক তাতবিষয়ীৰনাহি গতি,গুৰু উপদেশে আপোনাৰ হন্তেনোপজে কৃষ্ণত ৰতি।আপুনি বিষয়ী হুয়া যিটোজনেবিষয়ীক গুৰু মানে,যেন অন্ধলোক অন্ধে উপদেশবিষ্ণুক সিটো নজানে।হেন শুনি পাছে ক্ৰোধে দৈত্যৰাজজ্বলি গৈল অহংকাৰী,মাটিত লাগিয়া পুত্ৰক পেহলাইলাকোলাৰ পৰা আচাৰী।

ভাঙনী ঘোষাঃ-প্ৰহ্লাদে ঈশ্বৰত ভকতি কৰিলেমানি ইটো শুদ্ধ পন্থা।গুৰুকো তেজিলে পিতৃকো এৰিলেজানি কুল ধৰ্ম্ম মিছা।

পদ:-ৰাক্ষস গণক ক্ৰোধে আদেশয়মাৰ পাপীষ্ঠক বেঢ়ি,ভাতৃ বৈৰী বিষ্ণু তাকেসে সেৱয়আমাৰ সৌহাদ্য এৰি।প্ৰচণ্ড আদেশ শুনিয়া অশেষৰাক্ষস উঠিল ৰাগী,হাতে ক্ষুৰ ধৰি খেখট্‌ কৰিয়াধাইলা প্ৰহ্লাদক লাগি।কাট মাৰ বুলি বেঢ়িয়া সন্ধানেদিলেক শূলৰ ঝাক,বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰেকটাক্ষো নকৰে তাক।বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্লাদেআছন্ত নিৰ্ভয় ভাৱে,দেখি দৈত্যপতি মনত চিন্তয়শ্ৰুতি নাই তাৰ গাৱে।আছোক মৰিব ভয় নোপজয়নেড়য় নামৰ পাশ,ইহাৰ বিৰুদ্ধে জানিলা অৱশ্যেমোহৰ হৈব বিনাশ।জানি ঈশ্বৰক ধৰা সামাজিকতন্ত্ৰ মন্ত্ৰ পূজা এৰি,কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰেডাকি বোল হৰি হৰি॥

৪০। মূল ঘোষা:-হৰি অংশে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ,মানৱৰূপত তুমি গুৰু জগতৰ।মুক্তি মন্ত্ৰ হৰি নাম কৰিলা প্ৰচাৰ,আজি শুভক্ষণে গুৰু সুঁৱৰো এবাৰ॥

পদ:-গুৰ শঙ্কৰ পদে কৰো নমস্কাৰ।বান্ধ মাধৱৰ পদে কৰো নমস্কাৰ॥লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।ৰাম নাম মহা ৰত্ন কৰিলা প্ৰচাৰ॥শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।শৰণ ভজন মালা ভকতক দিলা॥তিনি সন্ধ্যা গুৰু সেৱা কৰে যিটোজন।গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥অশেষত আছে গুৰু সংসাৰ ভিতৰ।নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।গুৰুৱে কৰিবে পাৰে সংসাৰৰ পাৰ॥সংসাৰত যাতহন্তে লভয় জনম।আদ্যগুৰু পিতৃ সিটো পূজনী উত্তম।আনো সৱ যত যত পূজনী আছয়।সবাতো অধিক পিতা পূজনী হোৱয়॥যিটোজনে ভকতি জ্ঞান দান কৰে।তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।জগতত আন আৰু নাহি তাৰ সম॥

ভাঙনি ঘোষা:-বৈকুণ্ঠৰ মূলমন্ত্ৰ ভাগৱত।শঙ্কৰদেৱে দিলে আনি মাধৱক॥

হেনো ভাগৱতৰ ৰসেৰে।ভকতক মোহিলে নামেৰে॥

পদ:-বোলন্ত শুকে শুনা নৃপবৰ্য্য।বায় স্কন্ধৰ যি-তাত পৰ্য্য॥অ’ কৃষ্ণ বিনে নাই অপৰ দেৱ।জানিয়া কৃষ্ণক কৰিয়ো সেৱ॥যাহাৰ আছে পুণ্য অসংখ্যাত।সিসে পাতে কাণ কৃষ্ণ কথাত॥অ’ সেহিসে কৃষ্ণক বোলৈ আপোন।শুনিয়ে কৃষ্ণ দেৱতাৰ গুণ॥ভকতে যত লৱৈ গুণ নাম।তাহাৰ মালা গান্থি অনুপাম॥অ’ পিন্ধন্ত কণ্ঠত কৰি উৎসৱ।হেনসে ভকত বন্ধু মাধৱ।যিজনে যায় হৰিনাম সেৱি।পাছত ফুৰৈ যত দেৱ-দেৱী॥অ’ যতেক তীৰ্থ তাক তুতি কৰৈ।তাৰ বায়ু পাপ সমস্ত হৰৈ॥যি জনে ফুৰৈ নাম উচ্চাৰি।তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥অ’ বৎসক স্নেহে যেন ধনু ধায়।ভজিয়ো জানি হেন হৰি পায়॥মহাপাপী আতি অধম জাতি।তাকো নামে কৰে পবিত্ৰ আতি॥অ’ হেনসে নাম ধৰ্ম্ম শিৰোমণি,পাপ অৰণ্যৰ যেন অগনি॥

হেনজানি তেজি বিষয় ধান্দা।হৰিৰ নামক গলত বান্ধা॥অ’ কত পুণ্যে পাই মনুষ্য তনু,ইহাক বিফল নকৰা পুনু॥মোহ নিদ্ৰা এৰি লোৱা চেতন।কৃষ্ণৰ সেৱাত কৰা যতন।অ’ সত্বৰে কৰা পৰলোক কাম,ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥

৪১। মূল ঘোষা:-ভাগৱত আছিলে বৈকুণ্ঠত।ব্ৰহ্মায়ে পাই দিলে আনি নাৰদক॥ব্যাসে পাই দিলে পুত্ৰ মুণি শুকক,সাত দিনে কৈলে ৰাজা পৰীক্ষীতক।

পদ:-শুনিয়োক সৰ্ব্বজন কৃষ্ণতে অৰ্পিয়ো মনমহাভাগৱত কথা সাৰ।ইসে পুৰাণৰ সূৰ্য্য ভকতি প্ৰকাশকসমস্ত শাস্ত্ৰৰো সাৰোদ্বাৰ॥শুনা আৰু তত্বভেদ কল্পতৰু ভৈলা বেদতাৰ ফল মহাভাগৱত,নাছিল সাৰ সিঠা ছাল নাছিলেক অতকালস্বৰ্গ মৰ্ত্ত পাতাল মধ্যত॥স্বাদত অমৃত ময় কেৱলে আনন্দ ৰসপূৰ্ব্বত আছিল বৈকুণ্ঠত,কৃষ্ণৰ কৃপাত পাছে অৰ্দ্ধেক বয়স গৈলাপাইলা ব্ৰহ্মা পদ্ম কলপত॥

ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যকনাৰদে ব্যাসক আনি দিলা,তিলেকো নগৈল ভাগি ইলে সিডালে লাগিশুক মুখে ভূমিত পৰিলা॥কৰা পান ফল ইটো যাৰ ভাগ্য আছে যিটোৰস বিভাৱনত চতুৰ,সাধু সঙ্গ যত্ন কৰি কৰ্ণে কৃষ্ণ কথা ভৰিসমস্ত আপদ কৰা দূৰ॥

ভাঙনি ঘোষা:-পুৰাণৰ সূৰ্য্যশাস্ত্ৰ মহাভাগৱত।সাধু সঙ্গ মূল মন্ত্ৰ আৰু ভক্তিতত্ব।

পদ:-শুনিয়োক সবে সাধু সভাসদ জন,কৃষ্ণৰ অভয় পদে লৈয়োক শৰণ।গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত,তেজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।একমাত্ৰ মোতে তুমি লৈয়োক শৰণ,নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।এহি মানে কহিলন্ত গীতাৰ শকতি,জানি সাধুজন যাৰ আছয় সুমতি।লৈয়োক শৰণ এক ঈশ্বৰ কৃষ্ণৰ,এহিমানে তাত পৰ্য্য সমস্তে শাস্ত্ৰ।তৰ্ক বেদ বেদান্তৰো এহিমানে সীমা,এবে শুনা ভাগৱত শাস্ত্ৰৰ মহিমা।বৈকুণ্ঠৰ শাস্ত্ৰ যিটো মহাভাগৱত,ব্যাস মহা ঋষি আক কহিছে মহত্ব।আৰ অন্ত গৰ্ত পৰমাৰ্থ তত্ব যত,

মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত।শুদ্ধভাবে লৈলে যিটো কৃষ্ণত শৰণ,ভকতিৰ আনন্দে আকুল যাৰ মন।সিসি মহাজনে আৰ তত্বক পায়,চাৰিবেদ পুৰাণৰ এহিসে নিৰ্ণয়॥

১২। মূল ঘোষা:-মন তই কি দেখি পাগল হলি,মন তই ঈশ্বৰক পাহৰিলি।পুত্ৰ ভাৰ্য্যা ধনতাতেই দিলি মন।মন তই নিজেই নিজৰ নাশ চপাইললি॥

পদ:-মনে যিবা কৰে জীৱে বোলে মই কৰো।মনৰ মৰণে জীৱে বোলে মই মৰো -মনঈশ্বৰক পাহৰিলি॥যেন সূৰ্য্য বিম্ব লৰে জলৰ লগত।জল স্থিৰ ভৈলে বিম্ব হোৱে পূৰ্ব্বত -মনুঈশ্বৰক পাহৰিলি॥মনৰ কৰ্ম্মক যিটো মোৰ বুলি আছে।কৰ্ম্ম পথে বন্দী জীৱ এহিসে নিদানে -মনঈশ্বৰক পাহৰিলি॥মনে পাপ মনে পূণ্য মনেসে নৰক।মনেসে কৰিছে ভেদ আপোন পৰক - মনঈশ্বৰক পাহৰিলি।যতেক ইন্দ্ৰিয়গণ মনৰ অধীন।মনৰেসে আজ্ঞা পালি থাকে ৰাত্ৰি দিন - মনঈশ্বৰক পাহৰিলি।

ভাঙনি ঘোষা :-যাৰ মনে লৈলে মাত্ৰ নামতে শৰণ।হৈবে পূৰ্ণানন্দ হুয়া বিঘিনি বাৰণ॥পদ :-মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন,নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান।মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি,আকেসে বুলিয় সখি উত্তম ভকতি।এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সব কাম,সুদৃঢ় বিশ্বাসে সখি স্মৰা মোৰ নাম।ইটো কৃষ্ণ নামতে সমস্তে আছে গুণ,হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন।যদ্যপি অক্ষৰ দুই দেখা কৃষ্ণ নাম,তথাপি ত্ৰৈলোক্য নাহি ইহাৰ সমান।যতেক পাতেক আছে ব্ৰহ্মাণ্ড ভিতৰে,সবাকো কৰিব পাৰে ভষ্ম একবাৰে।হেন জানি সমস্ত ধৰ্ম্মকে পৰিহৰি,তৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি।কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি,বোলা হৰি হৰি পাপ যাউক অধো গতি॥

৪৩। মূল ঘোষা :-আই মোক কেলৈ জনম দিলা।আই মোক নদীত উটাই দিলা।সুত পুত্ৰ বুলি কৰ্ণ সমাজে তেজিলাআইৰ হৃদয়ে বাৰু কেনেকৈ সহিলা - মোৰআই অ', বুকুৰ বেদনা মোৰ নুবুজিলা॥

পদ:-কৰ্ণে বোলে ৰাজ মাতা নুবুলিবা আৰ,যিবেলা জন্মিলো মই গৰ্ভত তোমাৰ -আইবুকুৰ বেদনা মোৰ নুবুজিলা।সিবেলা নুতুলি মোক ধৰ্ম্ম পথ চাই,মাৰিবেক মনে মোক দিলে উটুৱাই-আইবুকুৰ বেদনা মোৰ নুবুজিলা।কন্যা হুয়া নুগুনিলা কৰিলাহা পাপ,আগে মোক তেজি পাছে কৰাহা বিলাপ -আইবুকুৰ বেদনা মোৰ নুবুজিলা।মাতৃ হুয়া নুগুনিলা নিদাৰুণী ভৈলা,শত্ৰুৰ পুত্ৰক যেন গঙ্গাত পেলাইলা -আইবুকুৰ বেদনা মোৰ নুবুজিলা।স্বামী গৃহে যাইবে ভাৱি নুগুনি মনত,তেবে মোৰ কুযশ ৰাখিলা জগতত -আইবুকুৰ বেদনা মোৰ নুবুজিলা।কুন্তীয়ে কৰ্ণক বুলিলেক যত মানে,তাকে শুনি মনে গুণি বুলিলাক কৰ্ণে -আইবুকুৰ বেদনা মোৰ নুবুজিলা।দুহান্তৰ বাক্য কৰ্ণে অনেক গুণিলা,নিজ সত্য হন্তে অনুমাত্ৰ নলৰিলা -আইবুকুৰ বেদনা মোৰ নুবুজিলা।

ভাঙনি ঘোষা:-বিধিৰ বিধানে ভীক্ষা পাত্ৰ হাতে লৈ।পুত্ৰক মাগিলে ভীক্ষা কুন্তী মাৱে গৈ॥

পদ:-তযু গৃহে ক্ষত্ৰিয় কুলত জাত ভৈলো,তোমাৰ নিমিৰ্ত্তে মই জাতি হেৰুৱাইলো॥

বৈশ্য জাতি ভৈলো অধিৰথ পিতৃ যাৰ,জাত ধৰ্ম্ম নাম কৰ্ম্ম কৰিলো আমাৰ।মাতৃয়ে তেজিলে শত্ৰু তুলিলেক পাই,পিতৃ মাতৃ অনুবদ্ধ তাসম্বৰ ঠাই।এবে চিনা দিয়া আপোনাৰ হিত মানি,জানো কৰ্ণে মাৰে মোৰ পুত্ৰ পাঞ্চখানি।একেশ্বৰে কৰিয়া স্বজিলে বিধাতাই,এতকাল বহি গৈলা নাহি বন্ধু ভাই।আকাশতে ৰহিয়া দেখিলা দিবাকৰে,জানো কৰ্ণে জননীৰ বচন নামানে।এহি মনে গুণি শীঘ্ৰে বেগে লৰি গৈলা,কৰ্ণৰ আগত সূৰ্য্য উপস্থিত ভৈলা।পিতা পুত্ৰ আলাপনে হৈব মনস্কাম,সামাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

৪৪। মূল ঘোষা:-ৰাম নাম ভকতৰ গলৰ মণি,হৰি নাম পাতকৰ জলন অগ্নি।অ’ কৃষ্ণ নাম মুকুতিৰ মধ্যমণি,হয় যদি একশৰণ তত্ব জানি।

পদ:-মোৰ কথা শ্ৰৱন কীৰ্ত্তন বিনে আন,নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান,অ’ মোৰ কথা শ্ৰৱনত কৰিবেক ৰতিআকেসে বুলিয় সখি উত্তম ভকতি।এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সৱ কাম,সুদৃঢ় বিশ্বাসে স্মৰা মোৰ কৃষ্ণ নাম।

ইটো কৃষ্ণ নামতে সমস্তে আছে গুণহেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন॥কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেব আনশুনিয়োক সখি তাক কৰো যেন মান॥অ’ মনে মনে কৃষ্ণ বোলে যদি বা বেকত,তথাপি সদায়ে ভ্ৰমো তাহাৰ লগত॥কৃষ্ণ নাম সমস্তে নামতে শ্ৰেষ্ঠতৰ,হুয়া এক শৰণ আমাত যিটো নৰ।অ’ হেন জানি সমস্ত ধৰ্ম্মক পৰিহৰিতৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি॥হাঁ কৃষ্ণ কৃষ্ণ বুলি স্মৰৈ প্ৰেম ভৱে,তাৰ পাছে ফুৰো চক্ৰ ধৰি ভূমি পাৱে।অ’ভকতিৰ আনন্দত আকুল হৃদয়সিজনত গৈলো জানা আপুনি বিক্ৰয়॥বেদৰো পৰম তত্ব কহিলোহো বাচি,একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী।অ’ মোৰ অংশে নৰ তুমি, নাৰায়ণ মইজীৱ পৰমাত্মা ভেদে কিহলো নিশ্চয়॥

ভাঙনি ঘোষা:-অ’ হৰি অ’ ৰাম নাৰায়ণ ....(খৰ চাপৰি) ৰাম হৰি অ' অ' অ'.......ৰাম নাৰায়ণ।

পদ:-সংসাৰতনাহি মোৰ নামক উপাম,সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।অ’ মহাযাগ যোগ আদি নুহিকে সমান,তাহাৰো অধিক এক নামেসে প্ৰধান।যিটো জপ যজ্ঞ সৰ্ব্ব ধৰ্ম্মত উত্তম,লক্ষভাগো নুহি জানা মোৰ নাম সম।

অ’ সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,নামৰ সমান সিটো কোটি ভাগে নয়॥মোৰ নাম লৱে যেবে বাঢ়য় অগনি,শুখান পাতেক বন লাগৈ তাতে চানি।অ’ হওঁ অনুকুলে মই প্ৰচণ্ড বতাস,তিলেকো নালাগে দহি কৰো সৰ্ব্বনাশ।সৰ্ব্ব ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত,সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত।অ’ নকৰিবা ভয় হেৰা কৰো অঙ্গিকাৰ,সমস্ত পাপতে মই কৰিবো নিস্তাৰ॥নামৰ মহিমা কোনে কৰিবেক সীমা,ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা।অ’ হেন জানি বোধজন এৰি আন কাম,পাতেক চাবোক ডাকি বোলা ৰাম ৰাম॥

৪৫। মূল ঘোষা:-হনুমন্ত জাম্বৱন্ত বিভিষণ সমে,উদ্ধৱ বিদুৰ মৈত্ৰ আদি ভক্ত গণে।সৰ্ব্ব ত্যাগ কৰি কৈলা ঈশ্বৰৰ সেৱা,কলি যুগে গৃহে থাকি নাম মাত্ৰ লোৱা॥

পদ:-কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি,শুনা সাবধানে তাক থিৰ কৰি মতি।বিষ্ণু ভকতৰ সঙ্গ লৈবে প্ৰথমত,গুৰু মানি শুশ্ৰূষা কৰিবে ভালমত॥লৈব উপদেশ মাধৱক আৰাধিব,যতেক সুকৃতিমানে কৃষ্ণতে অৰ্পিব।

কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।আছন্ত ঈশ্বৰ কৃষ্ণ সমস্তে ভূতত॥হেনজানি প্ৰাণাধিক কৰিবে সতকাৰ,তেবেসে কৃষ্ণত ৰতি বাঢ়িব তোমাৰ।কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈবে মন,সৰ্ব্বদায়ে কৰিব কৃষ্ণৰ কীৰ্ত্তন॥কৃষ্ণ কথা শ্ৰৱণত নাহিকে প্ৰয়াস,আপুনি লৈৱন্ত হৰি হৃদয়ত বাস।আপুনি ঈশ্বৰ সাক্ষী কৃষ্ণ কৃপাময়,তাঙ্ক এৰি সামান্যক সেৱে দুৰাশয়॥ধন জন প্ৰাণ পুত্ৰ সবে পৰিবাৰ,সমস্তে অবস্তু অনুমাত্ৰ নুহি সাৰ॥হেন অনুমানি মাধৱতে কৰা ৰতি,কৃষ্ণ গুণ নামে ইহ পৰলোক গতি॥

ভাঙনি ঘোষা:-সবে কৰ্ম্ম-জ্ঞান অৰ্পে যিটো ঈশ্বৰত।সেহিসে বৈৰাগ্য আৰু উত্তম ভকত॥

পদ:-নিত্য নৈমিত্তিক কৰ্ম্ম কৰয় শ্ৰদ্ধায়,মই কৰ্ম্ম কৰো বুলি অভিমান নাই।নিস্কামে কৰিয়ো কৰ্ম্ম কৰি ফলত্যাগ,সেহি সত্ব গুণ কৰ্ম্ম জানা মহাভাগ।বেদে যাক বিহি আছে তাক বুলি কৰ্ম্ম,বেদে যাক নিষেধিছে সেহিটো অকৰ্ম্ম।বেদৰ ৰহিত যত সেহিসে বিকৰ্ম্ম,জানি ঈশ্বৰৰ অৰ্থে কৰিয়োক কৰ্ম্ম।প্ৰায়চিত্ততপজপ তীৰ্থ যজ্ঞ দান,এতেকে প্ৰকাৰে অকৰ্ম্মীত নাহি ত্ৰাণ।

বিকৰ্ম্মী গৰ্হিত কৰ্ম্ম কৰে গুৰুত্বৰ,অকৰ্ম্মীত কৰি বিকৰ্ম্মীসে ভদ্ৰতৰ।প্ৰায়চিত্ত জানিবাহ বিকৰ্ম্মীক লাগি,কৰি প্ৰায়চিত্ত পাচে হোৱে পুণ্যভাগি।বেদৰ পৰমতত্ব কহিলোহো বাচি,একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী।মোৰ অংশে নৰ তুমি নাৰায়ণ মই,জীৱ পৰমাত্মা ভেদে কহিলো নিশ্চয়।

প্ৰচাৰিয়া বেদ শাস্ত্ৰ ওঠৰ পুৰাণ,নাহি শান্ত চিত্ত ভৈল পৰাশ-নন্দন।নাৰদৰ উপদেশে লিখি ভাগৱত।কলিৰ প্ৰজাক দিলে মুকুতিৰ পথ॥

নাৰদ বদতি শুনা মহামুণি ব্যাস,তুমিসে কৰিলা সবে জগতকে নাশ।নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ,নাহি মন্দ কৰ্ম্ম আৰ ইহাৰ সমান॥আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম্ম,নুবুজিলা তুমিও বেদৰ তত্ব মৰ্ম্ম।গৰিহিত কৰ্ম্মকো কহিলা ধৰ্ম্ম বুলি,তোমাৰ বচনে লোক নাশিল সমূলি॥স্বভাৱে লম্পট বিষয়ত অনুৰাগ,স্বৰ্গ পাইবো বুলি ৰঙ্গে কাটে হংস ছাগ।কৰে নানা হিংসা ধৰ্ম্ম নানা দেৱ পুজে,পূণ্য ক্ষয় ভৈলে পুনু নৰকত মজে॥

প্ৰকটি কহিলা তুমি আনসে ধৰ্ম্মক,নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্ত্তনক॥সিজিল তোমাত ঋষি পৰম অন্যায়,নাহি সুস্থ চিত্ততৱ সেহিঅভিপ্ৰায়॥মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ,প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ।শ্ৰবণ কীৰ্ত্তন মাত্ৰ কনোক নিশেষ,দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ॥

ব্যাস নামে অৱতাৰ পৰাশ নন্দন,দিলা ভকতিৰ পথ শ্ৰৱণ কীৰ্ত্তন॥

যদ্যপি ভকতি নৱবিধ মাধৱৰ,শ্ৰৱণ কীৰ্ত্তন তাতো মহা শ্ৰেষ্ঠতৰ।অৰ্চ্চন বন্দন ধ্যান সমস্ততে কৰি,যশ কীৰ্ত্তনত আতি তুষ্ট হোন্ত হৰি।যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ,উচ্চিষ্ট গতৰ্ত কৰি সিটো অপবিত্ৰ।কাক তুল্য কামী পুৰুষৰ তাত ৰতি,ভকতৰ নাই তাত অভিৰ্লাষ মতি।যিটো বাক্যে আছে গুণনাম মাধৱৰ৷সিটো বাক্যে হৰে পাপ জন সমূহৰ।ভকতি বিহীন জ্ঞান কৰ্ম্মে সবে ব্যৰ্থ,কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।আৱে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ,কেৱলে দিয়োক ভকতিৰ উপদেশ।স্বধৰ্ম তেজি ভজে কৃষ্ণক সম্প্ৰতি,তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি॥}}

ব্ৰহ্মাৰ বাঞ্চনি দুৰ্ল্লভ মানৱীভাৰতে নকৰা বৃথা।ভকতৰ সঙ্গে যতন কৰিয়াশুনা সদা হৰি কথা॥

উদ্ধৱক প্ৰতি মাধৱে বোলন্তশুনিয়োক মহাশয়,পৰম দুৰ্লভ নৰতনু-নৌকাসুলভে পায়া আছয়।বিনাশী যদ্যপি সাধয় তথাপিপুৰুষাৰ্থ সমস্তক,নতু পৰে যাৱে শীঘ্ৰে যত্ন তাৱেকৰোক মোক্ষ-সুখক।উদ্ধৱৰ আগে মাধৱে বোলন্তআতি শ্ৰেষ্ঠ নৰতনু,দেৱৰ বাঞ্চনি পৰম দুৰ্লভনাপায় জানা আক পুনু।হেন নৰতনু পায়া ভাৰততনকৰি আমাত ৰতি,পৰম দুৰ্ঘোৰ নৰকত পৰিভূঞ্জয় ঘোৰ দুৰ্গতি।ভাৰতে দুৰ্ল্লভ নৰ-দেহ পায়াকেশৱক নসুমৰে,সিটো জ্ঞানশূণ্য অজ্ঞান পৰমমূৰ্খ নাহি তাত পৰে।

অ’ হৰি অ’ অ’ ৰাম নাৰায়ণৰাম হৰি অ অ ৰাম নাৰায়ণ .

নৰ দেহা বিনে জ্ঞান ভক্তি দুইকোসাধিবাক নপাৰয়,এতেকে নাৰকী স্বৰ্গীয়ো ইহাকসদায় বাঞ্চা কৰয়।আত্মা অন্তৰ্যামী আনন্দ স্বৰূপ।পাৱয় মোক সাক্ষাত,এতেকে পৰম শ্ৰেষ্ঠ নৰতনুকহিলো মই তোমাত।মুকুতিৰ ইটো মেলান দুৱাৰভাৰতে নৰ শৰীৰ,হেন দেহা পায়া গৃহে কৰি ৰতিনকৰি সেৱা হৰিৰ।বিষয় ভোগাদি কৰিবে সমৰ্থহোৱয় সিটোসকল,এতেকে কৃষ্ণৰ সেৱায়েসে মাত্ৰমনুষ্য-দেহৰ ফল।জ্ঞান-বিজ্ঞানক সাধয় শৰীৰভাৰত-ভূমিক পাই,কৃষ্ণৰ চৰণ সেৱা কৰিবাকতথাপি যতন নাই॥আন পৰিহৰি লৈয়ো যত্ন কৰিসাধু সঙ্গ অবিশ্ৰাম,গুচিবে দুৰ্গতি মিলিবে মুকুতিবোলা সদা ৰাম ৰাম।

প্ৰকৃত মহত্ব অহংকাৰ বুদ্ধি মন,বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ।জানিয়া সবাকো যিটো পুজে ঈশ্বৰক,লিঙ্গদেহ এৰি পাৱে স্থান বৈকুণ্ঠক।

মুকুতি মিলিবে ভকতিৰ প্ৰসাদত,লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত।যেন প্ৰাণী অন্ন পান ভূঞ্জে যত যত,উদৰৰ বহ্নি জিৰ্ণ কৰয় সমস্ত॥সেহিমতে ভকতিয়ো লিঙ্গ জীৰ্ণ কৰে,বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে।হেন জানি ভকতিক দৃঢ়ে কৰা সাৰ,ভকতিত পৰে সংসাৰত নাহি আৰ॥এক বাসুদেৱতে সে কৰিব ভকতি,নকৰিব আন একো দেৱতাতো ৰতি।ভকতি পন্থত এক দেৱ নাৰায়ণ,শুনা সাৱধানে আক থিৰ কৰি মন॥সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে,ধৰা তিনি মূৰ্ত্তি এক পুৰুষ আপোনে।ৰজো গুণে ব্ৰহ্মা হৈয়া স্ৰজে চৰাচৰ,সত্ব গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ॥তমো গুণে ৰুদ্ৰ হুয়া সৃষ্টি সংহৰন্ত,তিনি গুণে তিনি ৰূপে একে ভগৱন্ত।যদ্যপি ভজনি হোৱে তিনিও ঈশ্বৰ,তথাপিতো বিষ্ণুতেসে সিদ্ধি মনুষ্যৰ।

প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ।সমস্তৰে আত্মা হৰি পৰম বান্ধব॥

সমস্তে দেৱক পূজা কৰিলেক আতি,পৃথকে পূজিলে কেহো নুহন্ত তৃপিতি।বৃক্ষৰ মূলত যেন দিলে আনি জল,হোৱয় তৃপিতি ডাল-পুষ্প-পত্ৰ-ফল।মূল এৰি জল যদি সিঞ্চে পত্ৰ ডালে,কদাচিতো তৃপিতি নুহিকে একো কালে।পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট,মিলে মহা সুখ অতি হোৱে হৃষ্ট পুষ্ট।ক্ষুধাতুৰ প্ৰাণী যদি নকৰে ভোজন,পিন্ধে গন্ধ চন্দনাদি নানান ভূষণ।একো ইন্দ্ৰিয়ৰ তাত তুষ্ট নাহি হয়,প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে ইন্দ্ৰচয়।সেহিমতে অচ্যুতক যিজনে পূজয়,সমস্তে দেৱক পূজিলেক অতিশয়।কৃষ্ণৰ কীৰ্ত্তনে কৰে মনক নিৰ্ম্মল,বোলা ৰাম ৰাম হৌক জন্মৰ সাফল॥

জীৱন ভৰা সুঁতি নাপাওঁ লগি মাৰিকেনেকৈ পাৰ হৈ যাওঁ।দুনাৱে দুভৰি নিদিবি মনাই ঐমাজতে ডুবিব নাওঁ॥

মিনতি বচন বোলো সৰ্ব্বজনশুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম,

আপোন কুশল চোৱা যেবে তেবেনেৰিবাহা যুগ ধৰ্ম্ম।সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞদ্বাপৰ যুগত পূজা,কলিত হৰিৰ কীৰ্ত্তন বিনাইনাহিকে আৱৰ দুজা।কলিত হৰিৰ কীৰ্ত্তন বিনাইঅন্যত ধৰ্ম্ম আচৰে,মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱেএকোৱে ফল নধৰে।কলিত হৰিৰ কীৰ্ত্তন বিনাইআনমতে চাহে গতি,যেন কুল বধু নিজ স্বামীতেজিভজে গৈয়া উপপতি।সংসাৰ তৰিতে ইচ্ছা আছে যাৰকৰিয়ো হৰি কীৰ্ত্তন,পৰম নিৰ্ম্মল গতি পাইবা সুখেছিণ্ডিয়া কৰ্ম্ম বন্ধন।সকলে নিগম কল্পতৰু তাৰফল মহাভাগৱত,ইটো ফল ৰস হৰি নাম যশপিয়োক সাধু সঙ্গত।পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰেলোকক কৰিয়া দয়া,পৰম নিৰ্ম্মল ভকতি প্ৰকাশকৰিল শাস্ত্ৰক চায়া॥

অ' হৰি অ' অ'.... ৰাম নাৰায়ণ ..ৰাম হৰি অ' অ', অ' হৰি, ৰাম নাৰায়ণ ....

এৰি আন মন চিন্তিয়ো চৰণজানি সবে আন মিছা,নুখুজিলে তাক কৰোহো কল্যাণযদি নকৰয় ইচ্ছা।শ্ৰদ্ধাভাৱে ভজে আন দেৱ পূজেসিয়ো পূজা হোৱে মোৰে,যত দেৱ পুনু সবে মোৰ তনুকিন্তু বিধি এৰি কৰে।যত চৰাচৰ সমস্তে ঈশ্বৰঈশ্বৰত নাহি বিনে,আন দেৱ ৰূপে মোক্ষক নেদিওঁবিধিহীন সি কাৰণে।ঈশ্বৰ নৈবেদ্য আন দেৱ পূজেনিষ্টে কহোঁ মহাবল,পূজাও নোহয় ব্যৰ্থে কষ্ট যায়নপাৱে একো সুফল।যত চৰাচৰ আশ্ৰয় ঈশ্বৰসাক্ষীৰূপে হৈয়াথিত,ঈশ্বৰত বিনা সকলোৱে মিছাসবে মানে বিনাশিত।মোৰ স্বৰূপ নজানয় তত্বমোহে বুদ্ধি ভৈলা হত,নানা কৰ্ম্ম মজি ক্ষুদ্ৰদেৱ পূজিএতেকে পৰে অধত।

শুনা সৰ্ব্বজন কৃষ্ণৰ চৰণকলিযুগ ধৰ্ম্ম দেখা,নামৰ সমান ধৰ্ম্ম নাহি আনআৰ কৰ্ম্ম কেনে লিখা৷

আত্ম তত্ব জানিলে যি বৈষ্ণৱ বোলয়।বৈৰাগ্য ঘটিল যাৰ ভকত হোৱয়॥বৈষ্ণৱে জানিলে যাক, মানিলে ভকত।জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥

ভকতৰ কোন ধৰ্ম কিবা প্ৰবৰ্ত্তন,কোনবা স্বভাৱ ভক্তে কিবোলে বচন॥হৰিক মনত স্মৰি বোলন্ত ৰজাক,ভকতৰ যিবা ধৰ্ম্ম শুনা কহোঁ তাক॥ঈশ্বৰক দেখে যিটো সমস্ত প্ৰাণীত,প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক।সমস্ত ঐশ্বয্য ব্যাপি আছে জগতত,হেন যিটো দেখে সিটো মহাভাগৱত॥শুনা সাৱধানে আৱে ঈক্ষাকু নন্দন,কহোঁ আৰু মহাভাগৱতৰ লক্ষণ।সৰ্ব্ব হৃদয়তে আছে কৃষ্ণৰ মূৰুতি,পৰম ভকতে তাত নিতে কৰে ৰতি॥কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়,দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়।নকৰে আক্ৰোশ দ্বেষ নুহিকে মনত,সেহিজন জানিবা উত্তম ভাগৱত॥

একান্ত কৰয় প্ৰেম যিটো ঈশ্বৰত,মৈত্ৰতা আচৰে হৰি সবে ভকতত।অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত,সেহিজন জানিবা মধ্যম ভাগৱত॥নুপুজে ভক্তক মান্য নকৰে প্ৰাণীক,এক মাত্ৰ প্ৰতিমাত আৰাধৈ হৰিক।সেহিজন জানিবাহা প্ৰাকৃত ভকত,আৰূহ হৈ আছে তেহোঁ ভক্তিৰ পথত॥

বৈষ্ণৱে জানিলে যাক মানিলে ভকত।জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥

তযু পদ স্ম ৰণে মনৰ মল হৰে,পাদোদক গঙ্গায়ে বাহিৰ শুদ্ধি কৰে।এহি দুই তীৰ্থ সেৱি মহন্ত সকল,বাহিৰে ভিতৰে হোৱে পৰম নিৰ্মল।এতেকে ভূতক দয়া কৰে নিৰন্তৰ,লোভ মোহ কাম ক্ৰোধ গুচিলে মনৰ।হেন ভকতৰ সঙ্গ কৰিয়োক দান,আমাক তোমাৰ অনুগ্ৰহ এহিমান।জন্মে জন্মে হোক তযু সঙ্গ ভকতৰ,মিলোক প্ৰসঙ্গ প্ৰভূ দিয়ে ওহি বৰ।বুলিলা ভোমাৰ সঙ্গ নুখুজিলো কিক,ভকতসৱৰ সঙ্গ তোমাত অধিক।যথাত থাকন্ত তযু একান্ত ভকত,তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।

ইটো কথামৃত পান কৰে যিটো জন,গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱেমন।হেনয় মহন্তসৱ থাকন্ত যথাত,থাকা তুমি নাৰায়ণ সাক্ষাত তথাত॥

আত্ম-তত্ব জানে যিটো সোহসে বৈষ্ণৱ,আত্ম দৰ্শন হোৰে যাৰ সেহিসে ভকত।লিঙ্গদেহ নদহিলে নহয় মুক্তি জীৱ,ভকতৰ সঙ্গ পাইলে জীৱ হৈব শিৱ॥

আত্ম জ্ঞানী গণো হোৱৈ মায়ায়ে মুহিত,জানি মোৰ সেৱাত একান্তে দিয়ো চিত।নকৰিবা সেৱা সখি আন দেৱতাৰ,নুহি যেন আমাৰ ভকতি ব্যভিচাৰ॥ভকতৰ সঙ্গ সখি লৈব প্ৰথমত,শ্ৰৱণ কীৰ্ত্তন মোৰ কৰিব সতত।দেৱতো তীৰ্থতো কৰি ভকতেহে বৰ,ভকতক ভজিলে গুচয় কৰ্ম্মজড়॥ভকতি বিহীন জ্ঞান কৰ্ম্ম সবে ব্যৰ্থ,কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।মই বিনে ভকতে নিচিন্তে কিছু জান,ভকতত পৰে মই নজানোহো আন॥মই ভকতৰ হৃদি জানিবা নিশ্চয়,ভকতজনৰ মই জানিবা হৃদয়।মুকুতি মিলিবেভকতিৰ প্ৰসাদত,লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥

যেন প্ৰাণী অন্ন পান ভূঞ্জে যত যত,উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত।সেহিমতে ভকতিয়ো লিঙ্গ জীৰ্ণ কৰে,বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥হেন জানি সাধুজন এৰি আন কাম,ভকতৰ সঙ্গে পাতা নামৰ দোকান।হেন মোক বিচাৰিয়ো ভকতৰ সঙ্গত,জ্ঞান বিজ্ঞান তেবে হৈবেক বেকত॥

জীৱই কৰিলে ভক্তি মিলিবে মুকুতি।সৰ্ব্ব শাস্ত্ৰ কহে মাত্ৰ এহিসে যুগুতি॥

কৰৈ মোত ভকতি যদ্যপি দুষ্ট চিত্তে,দহৱৈ পাতেক তাৰ তথাপি ত্বৰিতে।একোৱে নৰাখৈ পাপ পূণ্য যত আছে,যেন মহা বহ্নি কেঞ্চা শুখান নবাছে।আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মতিমহা দুৰাচাৰো কৰৈ আমাত ভকতি।সেহিসে পৰম সাধু জানা মহাশয়,যিহেতু আমাক মাত্ৰ কৰিল নিশ্চয়।এতেকে নোছোৱৈ পাপে পূণ্য কলেৱৰ,পৰম মুক্তিৰ পাত্ৰ হোৱৈ সিটো নৰ।কুতৰ্কী পণ্ডিতে যেবে নমানে ইহাক,ডোল কোবাই উৰ্দ্ধবাহু খণ্ডা তাৰ বাক।দুৰাচাৰো তৰৈ আত ইটো কোন চিত্ৰ,চণ্ডালিকো কৰৈ মোৰ ভকতি পবিত্ৰ।চাৰিয়ো বেদৰ তত্ব কৰিয়া নিশ্চয়,অৰ্জ্জুনতো গীতাত কহিছা কৃপাময়।

তপ জপ পৰম সন্যাস মহাদানে,নপাৱে আমাক সাঙ্খ্যযোগ তত্ব জ্ঞানে।কেৱলে ভকতি মাত্ৰ মোক কৰৈ বশ্য,কহিলো উদ্ধৱ ইটো তোমাত ৰহস্য॥

ভাগৱত পুৰাণ মথি,বেদৰো তত্বক আনি,শঙ্কৰদেৱে লিখে কীৰ্ত্তন ঘোষা॥গীতা উপনিষদ মথি,গুৰুৰো মহাত্ম্য আনি,মাধৱদেৱে লিখে নামঘোষা।ঐ ৰাম অসমীয়াৰ দুয়ো আয়ুস ৰেখা॥

শঙ্কৰেসে শুদ্ধমত ঈশ্বৰ ভকতি তত্বপ্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি,ইহাক নজানি মূঢ়ে জীৱীকাৰ অৰ্থে ফুৰেআপোনাৰ মহত্ব বখানি।শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদিপ্ৰচাৰিলা কৃষ্ণৰ ভকতি,তাঙ্ক এৰি কিকাৰণে আনক বোলয় গুৰুকিনো লোক মহা মূঢ়মতি।নজানে শাস্ত্ৰৰ নয় যোহি আহে তাকে কয়ছেদিবাক নপাৰে সংশয়,তথাপিতো গুৰু বোলই লোকৰ মাজত ফুৰেমান্য সতকাৰ খুজি লয়।

আগম নিগম তৰ্ক পুৰাণ ভাৰত যতইতিহাস তন্ত্ৰ মন্ত্ৰচয়,হে হৰি তোমাকেসে খেলাৱে কেৱল বদতোমাৰ মহিমা নজানয়।ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰতপৰামুখ ভৈল যিটো জন,জেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহাপঙ্কে পৰি হোৱয় মগন।হৰি নাম ধ্বজ কৰি বেদ পথ পৰিহৰিফুৰে আতি পাষণ্ড সকল,ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰফুৰে আতি পৰম নিস্ফল।

শঙ্কৰদেৱ কিনো তোমাৰ লীলা।নাম ধৰ্ম্ম মহিমাৰে সবাকো মুহিলা॥

জয় দয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়,সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত।পূব দিশে নিৰ্ম্মিলা এক নামঘৰ,মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।দক্ষিণে শিলিখা বৃক্ষ হালিয়া আছয়,তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।উত্তৰে আকাশী গঙ্গা ভক্তি সৰুবৰ,মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।চাৰিফালে চাৰিহাটী মহাভক্তগণ,চৌধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন।

সেহি স্থানে নিজগুৰু কৰিলন্ত বাস,কহয় পুৰুষোত্তম দাসৰো দাস।লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,তাহাৰ চৰণে কৰো কোটি নমস্কাৰ।

আহিনৰ শুক্ল পক্ষ দশমী তিথিত,শঙ্কৰ স্বৰূপে হৰি জন্ম ধৰণীত।অজ্ঞান আন্ধাৰ ঠেলি বিলালে পোহৰ,হেন হৰি আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।

মাতৃ সত্য সন্ধ্যা দেৱী পিতা কুসুম্বৰ,তান পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।এক দিনা দৈব যোগে সত্য সন্ধ্যা মাতৃঅদভূত এক স্বপ্ন দেখে শেষ ৰাতি॥শঙ্খচক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি,গৰুড়ৰ স্কন্ধে চৰি আসিয়া মুৰাৰী।মোক মাৱ দিয়া স্থান বুলিলা বচন,গৰুড় স্কন্ধৰ পৰা নামি নাৰায়ণ।অভ্যস্তৰে পক্ষি হৰি অন্ত ধ্যান ভৈলা,কৈক গৈলা হৰি মাতৃ দুনাই নেদেখিলা।নিদ্ৰাভঙ্গ হৈয়া মাৱ শয্যাত বসিয়া,কি স্বপ্ন দেখিলো বুলি আচন্ত ভাৱিয়া।কিনো অদভূত মই দেখিলো সপোন,সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ণ।আনন্দে লোতক বহে তনুৰোমাঞ্চিত,দেখয় ৰজনী শেষ আদিত্য উদিত।

শয্যা তেজি সত্য সন্ধ্যা মাৰ উঠি গৈলা,স্বপ্নৰ বৃতান্ত সবে স্বামীত বৰ্ণাইলাস্বপ্নৰ বৃতান্ত শুনি কুসুম্বৰ ভূঞা,ইষ্ট দেৱ সোঁৱৰিলা অনন্দিত হুয়া॥

মাতৃ মোৰ সত্য সন্ধ্যা পিতা কুসুম্বৰ।খেৰসূতী আয়ে মোক কৰিলে ডাঙৰ॥

শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।নানা যুগে ধৰা তুমি নানা অৱতাৰ,কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।মহেন্দ্ৰ কন্দলী গুৰু শিক্ষা দান দিলা,গুৰু জনাৰ আগে তব সুকৃতি দেখাইলা।তাৰ পাছে গুৰু জনে বুলিলন্ত বাণী,ভাগ্যক্ৰমে শঙ্কৰক ছাত্ৰ পাইলো আমি।জগতৰ লোকে যাৰ সেৱয় চৰণ,কলিৰ ভকতে যাৰ কৰয় বন্দন।সেহিসে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ,আন কোন হৈব সম দয়াৰ সাগৰ।যাহাৰ প্ৰতিভাবানে জগত মুহিলে,যি জনে আন্ধাৰ ঠেলি পোহৰ বিলালে।যাহাৰ কৰুণাদানে জ্ঞানচক্ষু পাইল,গুৰু ৰূপে জগতক অমৃত পিয়াইল।নৰৰূপে বৰদোৱাত জন্ম নাৰায়ণ,গহীন গম্ভীৰ যাৰ দেহৰ গঠন।হাস্যবদনে যাৰ মধুৰ বচন,পাপ নাশ হয় যাক কৰিলে স্মৰণ॥

বসুদেৱক অৰ্পণ কৰে চেনেহৰ ভগিনী।ৰথে তুলি ভগ্নীসহ চলে মহামানী।অ’ দৈৱ বাণী শুনিলে হঠাতে,প্ৰাণ যাইব কংসতোৰ, অষ্টম পুত্ৰৰ হাতে।

কংসৰাজে দৈব বাণী শুনে আকাশত,ৰথত বসিয়া ৰাজা হৈলন্ত উদ্ধত।দৈব বাণী কেন মতে কৰিব খণ্ডন,বসুদেৱ দৈৱকীক কৰিলে বন্ধন।অন্ধকাৰ কাৰাগাৰে ৰাখে বন্দী কৰি,যত পুত্ৰ জন্ম হৈব মাৰিব আচাৰি।ছয় গুটি পুত্ৰ কংসে মাৰিল আছাৰি,অৱশেষে জন্ম লৈল মুকুণ্ড মুৰাৰী।নিজ কৰ্মদোষে তাৰ ভাগ্যৰ লিখন,দৈববাণী তোৰ কংস নহ’ব খণ্ডন।বসুদেৱ দৈৱকী নোহে প্ৰাণ বৈৰী,বিনা দোষে কিয় কংস ৰাখ বন্দী কৰি।নহৈব নিষ্টাৰ কংস কৰি অত্যাচাৰ,তোৰ প্ৰাণ বৈৰী কৃষ্ণ হৈল অৱতাৰ।ভৈলা শিশু ৰূপে তৈত প্ৰভূ নাৰায়ণ,কোলে লৈয়া বসুদেৱ লৰিলা তেখন।ভাঙিল নিহাল ভৈল মেলান কপাট,দেখি ভয়ে যমুনা আপুনি দিলা বাট।বৰিষে কণিকা মেঘে ওপৰত গাজে,ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে।

কাৰাগাৰে জন্ম লৈয়া নন্দ ঘৰে যায়,কাৰ গৰ্ভে জন্ম লৈয়া কাক বোলে আই।

কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ,শিশু কালে নাম লৈলা নন্দৰ কুমাৰ।দৈৱকীৰ গৰ্ভ হৰি লভিলা জনম,যশোদাক মাতৃ বুলি লগাইলা মৰম।কিনো আতি নন্দ যশোদাৰ মহাভাগ,পূৰ্ণ ব্ৰহ্ম পুত্ৰ ৰূপে গৃহে পাইলা লাগ।গৰ্গ ঋষি বোলে শুনা নন্দ মহা সতী,তোমাৰ তনয় ইটো বৈকুণ্ঠৰ পতি।খাণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ,কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।বসুদেৱ দৈৱকীয়ে দেখিল নয়নে,শঙ্খ চক্ৰ গদা পদ্ম ধৰে নাৰায়ণে।পৰম সুন্দৰ চতুৰ্ভুজৰূপ ধৰি,বসুদেৱ দৈৱকীক দেখা দিলা হৰি।দেখি পুত্ৰ মুখ পিতৃ মাতৃ গৈল ডৰি,কংসৰ ভয়তে কাম্পে দুয়ো সৰ সৰি।শুনিয়া ব্যাকুল স্ততি দেৱ নাৰায়ণ,কলে মোক থৈয়া আসা নন্দৰ ভৱণ।দৈৱকীয়ে কাৰাগাৰে কান্দে হিয়া ভাঙি,পুত্ৰ পাই আত্ম হাৰা হৈল নন্দ ৰাণী।সোহি হৰি ধৰে নিজে নন্দৰ নন্দন,ত্ৰি জগতে কৰে যাক চৰণে বন্দন॥

ৰত্নাকৰ মহাদস্যু জগতে বিদিত।পৰৰ ঐশ্বয্য হৰি আতি আনন্দিত॥ব্ৰহ্মা নাৰদৰ সঙ্গ যেতিক্ষণে পাইলা।দস্যু গুচি একদিনা মহামুণি ভৈলা॥

পাপ পুণ্য কৰ্মক নকৰি বিচাৰপৰৰ ঐশ্বৰ্য্য আনে কৰি অত্যাচাৰ।তাৰ ফলে হৈবি তই মহা পাপৰ ভাগিমিছাতে মৰিছতই পুত্ৰ ভাৰ্যাক লাগি।আপোনাৰ কৰ্মফল আপুনি ভূঞ্জিবতোৰ কৰ্মফল দোষ কোনেনো লভিব।আপুনি আপোন তৰি আপুনিয়ে বৈৰীআপুনি ভূঞ্জিব শাস্তি অকৰ্মক কৰি।ব্ৰহ্মা নাৰদৰ মুখে পাইলা ৰাম নামবুলিব খোজন্ত মুখে আসে আম আম॥ব্ৰহ্মায়ে বোলন্ত বাপুমন কষ্ট এৰা।ৰাম বাক্য ওলোটাই মৰা মৰা বোলা।পাপীৰ মুখত কদাচিত নাহে ৰামমৰা মৰা বোলন্তে আসিল ৰাম ৰাম।নামত শৰণ লৈয়া মুকুতি লভিলাহৰিৰ কৃপাতে পাচে সৰ্ব্ব সিদ্ধি হৈল।ৰাম নাম বলে পাপী মুকুতি লভিলামহাকাব্য ৰামায়ণ ৰচনা কৰিলা।মহাপাপী ৰত্নাকৰে পাইল দিব্যজ্ঞানবহু বছৰ ধৰি কৰে মহা মন্ত্ৰ ধ্যান।

সাধু সঙ্গৰ বিনে গতি নাই নাই নাইনিতে নিতে সাধু সঙ্গ লোৱা মন ভাই।

ভকতিৰ প্ৰতিবন্ধ যত পাপচয়ভকত জনৰ সেৱাতেসে নষ্ট হয়।তাসম্বাৰ সঙ্গ সদা লৈলা যিটো জনেনুহিবে ভকতি শঙ্কা নকৰিবা মনে।কৃষ্ণৰ সেৱক সৱ পৰম নিৰ্মল।জগত পবিত্ৰ কৰে তাহাৰা সকল।তাসম্বাক সেৱা আতি কৰেন্তে সদায়ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।হৰিপদ হন্তে গঙ্গা হুয়া উতপতিভৈল এৰা এৰি সিটো চৰণে সহিতি।সন্তৰ হিয়াত হৰি সদা প্ৰকাশন্তএতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰুতাহাৰ পৰম কৃপা ৰস কল্পতৰু।তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধানভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান।

অন্ধ মুনিৰ পুত্ৰ এক সিন্ধুমুণি নামশব্দ ভেদি বাণে দশৰথে লৈলে প্ৰাণ।মুনিৰ শাপতে ৰাজা চাৰিপুত্ৰ ভৈলাশাপ ভ্ৰষ্টে পুত্ৰ শোকে প্ৰাণ বায়ু গৈলা।

দশৰথ মহা ৰাজা সৰযুৰ তীৰেব্ৰাহ্মণ বধিলে ৰাজা শব্দ ভেদি শৰে।অন্ধমুনিৰ পুত্ৰ আহে পানী আনিবাকহস্তী অনুমানি ৰাজা বধিলন্ত তাক।শৰবিন্ধ সিন্ধু বুলিলন্ত দুখ কৰিকোনে প্ৰহাৰিলে শৰ বিষে যাওঁ মই মৰি।পাছে দশৰথ ৰাজা পাইলা সেহিঠাই।আৰ্ত্তনাদ কৰি সিন্ধু আছন্ত কেকাই।দশৰথে বোলে মই কি কাৰ্য কৰিলোশব্দ ভেদি বাণে মই ব্ৰাহ্মণ ভেদিলো।সিন্ধু বলে পিতা মাতা আছে বাট চাইশীঘ্ৰে লৈয়া ব’লা মোক পিতা মাতাৰ ঠাই।

অন্ধ মুনিৰ পুত্ৰ এক সিন্ধমুনি নামশব্দ ভেদি বাণে দশৰথে লৈলে প্ৰাণ।

মৰা সিন্ধুক কান্ধে লৈ দশৰথ ৰায়,অন্ধ মুনি আশ্ৰমলৈ ধীৰে ধীৰে যায়॥শব্দ অনুমাণি অন্ধ বুলিলা বচন,অত দেৰি বাচা তই কৰ কি কাৰণ॥দশৰথ বোলে মুণি মই মহা পাপী,তযুপুত্ৰ বধিলোহো ভষ্ম কৰা শাপী॥মুনি বোলে দশৰথ কি কাৰ্য কৰিলি,পুত্ৰৰ লগতে ৰাজা আমাকো মাৰিলি॥শুন হেৰ দশৰথ দুৰ্জ্জন ৰাজন,পুত্ৰ শোকে আজি আমি এৰিবৰা জীৱন॥

ৰাম কান্দে বনে বনে লক্ষ্মন কান্দে সঙ্গে।শূণ্য গৃহ পায়া সীতাক হৰিলে ৰাৰণে॥

ৰাম কান্দে লক্ষ্মন কান্দে শূণ্য গৃহ চাই।ডালত বহি হনু কান্দে সীতাক নপাই॥ৰামে বোলে লক্ষ্মন ভাই কি কৰ্ম্ম কৰিলা।শূন্য গৃহে সীতাক কিয় এৰিয়া চলিলা॥লক্ষ্মন বোলে দাদা দোষ নাহিকে আমাৰ।অকস্মাত আৰ্ত্তৰৱ শুনিয়া তোমাৰ॥মায়াৱী ৰাক্ষকে জানো ছলিলে তোমাক।সি কাৰণে সীতা মাৱে পঠাইলে আমাক॥তোমাৰ বিক্ৰম কথা বুজাইলো অনেক।কিন্তু সীতা মাৱে কুবচন কৈলা মোক॥সিকাৰণে দাদা সীতাক শূণ্য গৃহে এৰি।তোমাৰ পাশক শীঘ্ৰে আসিলো লৱৰি॥

হনু বোলে প্ৰভূ ৰাম নকৰিবা শোক।সীতাক বিচাৰি যাওঁ আজ্ঞা দিয়া মোক॥

ৰামে বোলে হনু তুমি যোৱা শীঘ্ৰে কৰি।কৈত আছে প্ৰাণ সীতাৰ আনিয়ো বাতৰি॥দন্দৱতে ৰামক প্ৰনামি হনুমন্ত।শিৰে পদধূলা লৈয়া ধীৰে চলিলন্ত॥চলি গৈলা হনুমন্ত ৰামক সূমৰি।মহা যত্নে পাহলা লঙ্কা ৰাৱন নগৰী॥তথাত অশোক বনে দেখিলা সীতাক।ৰামৰ আঙুঠি দিয়া কহিলা বাৰ্ত্তাক।

শুনা শুনা প্ৰভূ ৰাম সীতাৰ মাৱ বাৰ্ত্তা।লঙ্কাৰ অশোক বনে আছে আই সীতা॥ফুৰিলোহো স্থানে স্থানে সীতাক বিচাৰি।চাহিলো মাৱক দ্বীপ দ্বীপান্তৰ ঘূৰি॥নদ নদী গিৰি গুহা আউৰ পৰ্ব্বতক।ঘূৰিয়া ফুৰিয়া পাইলো সাগৰৰ পাশ॥জাম্প দিয়া সাগৰৰ পাৰ হৈ গলো।ৰাৱণৰ ৰাজ্যস্বৰ্গ লঙ্কা গৈয়া পাইলো॥সুনিয়ো গোসাঁঞী সাদৰে মন দিয়া।মহেন্দ্ৰ পৰ্ব্বত হন্তে দেও মাৰি গৈয়া॥সাগৰ তৰঙ্গে যেন মিলিলা বিঘিনি।যুৰেকা মৈনাক আষাৰিকা সমে তিনি॥সবাকো এৰিয়া আমি সিবেলা চলিলো।নিসন্ধি কৰিয়া লঙ্কা নগৰী ফুৰিলো॥তুমি আমি লক্ষ্মণ যাইবোহো সৱ সাজে।আন সেনাগণক লাগয় কিবা কাজে।এতেকে সহিতে সৱ ৰাক্ষসক মাৰি।ৰাৱণক বধি সীতা আনিবো উজাৰি॥

দৈৱকীৰ জন্ম লৈয়া প্ৰভূ নাৰায়ণ।শিশু লীলা আচৰিলা লৈয়া গোপ গণ॥নন্দৰ ঘৰে গৰু চাৰি গোবিন্দ গোপাল।গোপীৰ সঙ্গে ৰাসলীলা কৰিলা কৃপাল॥

ঘোৰ অন্ধকাৰ ৰাতি কংস কাৰাগাৰে।শ্ৰীকৃষ্ণ জন্ম লৈলে দৈৱকী উদৰে॥

শুকনি গদতি শুনিয়োক পৰীক্ষিত।ৰোহিনী নক্ষত্ৰ যেবে ভৈল উপস্থিত॥মধ্য ৰাতি অতি অন্ধকাৰে ভৈল ছন্ন।সেহি সময়ত উপজিলা নাৰায়ণ॥দৈবকীৰ গৰ্ভে আসি ভৈলন্ত বেকত।চন্দ্ৰযেন প্ৰকাশন্ত পূৰ্বৰ দিশত॥কমল লোচন চাৰি ভূজে চাৰি অস্ত্ৰ।কণ্ঠত কৌস্তভ শোভে গাৱে পীত বস্ত্ৰ॥অমূল্য কিৰিটি ৰত্ন গলে পৰি জিকি।তাৰে ৰশ্মি কেশ চয় দেখি চিকিমিকি॥মকৰ কুণ্ডলে সুসজ্জিত দুই কৰ্ণ।সুন্দৰ শৰীৰ যেন মেঘ শ্যাম বৰ্ণ॥

উপজিলা শ্ৰীহৰি শঙ্খ চক্ৰ গদাধৰিবসুদেৱে দেখিলা অদ্ভূত।ঢাকা প্ৰভূ শঙ্খচক্ৰ ৰাখী প্ৰভূ বন্ধুবৰ্গছদ্মৰূপে থাকা গোকুলত॥

কৃষ্ণক কোলাত লৈয়া যান্ত বাসুদেৱে।পালি পহৰীয়া সবে নাজানিলে কেৱে॥বৰিষে কনিকা মেঘে ওপৰত গাজে।ফনায়ে ধৰিয়া ছত্ৰ আসি সৰ্প ৰাজে॥বাৰিষা যমুনা নদী ফেনে ফুটুকাৰে।ঢৌ দেখি লাগে ভয় ভাগে বাজোৱাৰে॥কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে।ৰামক দিলন্ত যেন পস্থসিন্ধু ৰাজে॥অ প্ৰয়াসে বসুদেৱে যমুনা চৰাইলা।

এক নিমিষতে গৈয়া গোকুলত পাইলা॥নিদ্ৰা গৈয়া গোৱাল সকল সুতি আছে।অচেতন যশোদাক দেখিলন্ত পাছে॥কৃষ্ণক থৈলন্ত তান শৰ্য্যাত শুৱাই।তাহান কন্যাক লৈয়া আসিলা দুনাই॥দৈৱকীৰ লগে শুৱাই থৈলামহা বল।পূৰ্ব্বতে পিন্ধিলন্ত আপুনি নিহল॥দুনাই দুৱাৰত সবে কপাত লাগিল।শিশুৰ ক্ৰন্দন শুনি প্ৰহৰি জাগিল॥লৱৰত্ন ৰখীয়া কংসক জান দিল।শুনা প্ৰভূ দৈৱকীৰ পুত্ৰ উপজিল॥শুনি কংস উঠিল বিহ্বল হুয়া বৰ।এহি মোৰ মৃত্যু বুলি দিলেক লৱৰ॥

জীৱ আত্মা পৰম আত্মা ব্ৰহ্মাণ্ডৰ সীমা।কিবা হেতু ব্ৰহ্মাণ্ডলৈ নমাইলা প্ৰতিমা।

একদিনা ব্ৰহ্মাদেৱে বিষ্ণুক সোধয়।কোনবা উত্তম ক্ষেত্ৰ তোমাৰ আছয়॥হেন শুনি দিলে পাছে ব্ৰহ্মাৰ উত্তৰ।ব্ৰহ্মাক্ষেত্ৰ কথা শুনাহা সৃষ্টিকৰ॥জগতকে কৰি মই যিহেতু উত্তম।সিকাৰণে নাম মোৰ পুৰুষ উত্তম।ভৈলা সিটো ক্ষেত্ৰ মই আপুনি সাক্ষাত।পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে বিখ্যাত॥বিনা যজ্ঞ দান তপ যোগৰ যুগুতি।চাৰিও কৰ্ণক দেন্ত ভুকুতি মুকুতি॥

যাৰ ছাঁয়া পৰশনে হোৱে মহোদয়।দৰশন মাত্ৰে ব্ৰহ্মহত্যা হোৱে ক্ষয়॥যমৰাজা বোলে ইটো ক্ষেত্ৰ থাকে যাৰ।ইন্দ্ৰ নীলময় আত প্ৰতিমা তোমাৰ॥পাপী অনাচাৰী তাক অপ্ৰয়াসে চাৱে।তোমাৰ প্ৰসাদে স্থান শ্বেত দ্বীপে পাৱে॥মোৰ অধিকাৰ ভৈল সকলে লুপুত।হেন জানি প্ৰতিমাক কৰিয়ো গুপুত॥পাছে ময়ো যমৰায়ৰ বচনত থাকি।পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি॥জগন্নাথ নাম ইটো পৰম ৰহস্য।তাক সদালৱে যিটো কৰিব ৰহস্য॥সিটো জনে অপ্ৰয়াসে ছিঙে কৰ্ম বন্ধ।হাততে মুকুতি তাৰ নালাগে প্ৰৱন্ধ॥হৰত সাক্ষাতে কহি আছন্ত শ্ৰীহৰি।নাহি আন ধৰ্ম্ম জগন্নাথ নাম সৰি॥এহি জগন্নাথ নাম যিটো সুমৰে সততক্ষমিব তাহাৰ নিতে অপৰাধ শত॥জগন্নাথ নাম যিটো হেলাত উচ্ছৰে।ব্ৰহ্ম হত্যা আদি পাপ পলাই তাক ডৰে।

মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম্ম হয়।অহিংসাই পৰম ধৰ্ম্ম গুৰুজনাই কয়॥শুদ্ধ চিত্তে নাম ললে অ’ পাপী মন।কে,লৈ যাব লাগে কাশী বৃন্দাবন।

তযুনাম কীৰ্ত্তনে সবাৰো দুখ দূৰ।তোমাৰ নামৰ প্ৰভূ মহিমা প্ৰচুৰ॥জানিয়া কলিত যিটো কৃষ্ণৰ নামক।আপুনি কীৰ্ত্তন কৰে কৰাৱে আনক॥মহাভাগ্যৱন্ত আক নাহি তাৰ সম।তৰিল সংসাৰ সুখে সি সি নৰোত্তম॥তোমাৰ নামত প্ৰভূ শৰণ নলৈলো।তোমাৰ চৰণ প্ৰভূ জানি নভজিলো॥মই দুৰাচৰ ভৈলো তোমাৰ সেৱাত।নানা দুখ ক্লেশ ভোগো তোমাৰ মায়াত॥জানিয়া শৰণ লৈলো তোমাৰ চৰণে।চৰণে শৰণ লই ভজিলো অজ্ঞানে॥

নলাগয় গঙ্গা গয়া তীৰ্থক কৰিতে।বিচাৰি দেখোক সবে আছে শৰীৰতে॥

হৃদয়তে আছে কৃষ্ণ পাবহি বিচাৰি।মহাপাপী জনো তৰে কৃষ্ণক সুমৰি॥এক পুৰুষৰ বিনে আন গতি নাই।কৃষ্ণক ভজিলে আৰে সবে তীৰ্থ পায়॥মাধৱত পৰে আবে আন গতি নাই।সকলো শাস্ত্ৰৰ জনো ইসে অভিপ্ৰায়॥দেৱৰো দেৱতা সিটো ব্ৰহ্মাৰো নমস্য।ভৈলো ভকতিত আসি ভকতৰ বৈশ্য।মহাজ্ঞানী গণো যাক ধ্যানও নপান্ত।অনেক সহস্ৰ মুখে যাৰ গুণ গান্ত॥হেন হৰি ভৈলা গোপ গোপীৰ সন্ততি।

কেমনে নসাধে বন্ধু কৃষ্ণৰ ভকতি॥হেন জানি লৈয়ো সবে কৃষ্ণত শৰণ।কৃষ্ণ পদ নৌকা বিনে নাহিকে তৰণ॥

জীৱ আত্মা পৰমাত্মা দুই ককাই ভাই।হিয়াৰ মধ্যে বহি আছে চিনা জনা নাই॥তাতে এখন নদী আছে বয় তীক্ষ্ণ ধাৰে।কাল বিকাল দুটি পক্ষী ইপাৰে সিপাৰে॥

একেসে ঈশ্বৰ আছে সমস্তে জনত।পৰমাত্মা ৰূপে আছেসমস্তে ভূতত॥দুই জনা আছে ব্যাপি পুৰুষ প্ৰকৃতি।জীৱ আত্মা ৰূপেৰে পঞ্চভূতে স্থিতি॥তিনি জনে আছে জানা সত ৰজ তম।ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ ৰূপে দেৱতো উত্তম॥চাৰি যুগে চাৰি বৰ্ণ জানিবা দেহাত।সত্য ত্ৰেতা দ্বাপৰ আৰু শৈশৱ কলিত॥পঞ্চ ভূত পঞ্চমালা পিন্ধিয়া আচয়।পঞ্চ জ্ঞানেন্দ্ৰিয় বুলি শাস্ত্ৰতো কহয়॥ছয় চক্ৰ শৰীৰৰ ছয় থানে আছে।ছয় ৰিপু বুলি তাক শাস্ত্ৰই বসানিছে॥অস্ত্ৰ প্ৰকৃতিক সবে মায়া বুলি কয়।আৰু অস্ত্ৰ বসু ৰূপেশাস্ত্ৰে বসানয়॥নবদ্বাৰে নবগ্ৰহ দ্বাৰী হৈয়া ৰৈলা।মধ্যে পৰমাত্মা গুৰু কাণ্ডাৰী যে ভৈলা॥একৰ লগত শূণ্য দিলে দহ হয়।

এহিমতে মনুষ্যৰ দেহ স্থিতি হয়॥হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়।ৰাম নামে মাৰণা মাৰে পাপ কটকৰ ক্ষয়॥জানি হৰি কথা শুনা মহন্তৰ মুখে।ৰাম ৰাম বুলি তৰা সংসাৰত সুখে॥

নহয় নৰ জীৱন শ্যমন্তক মণি।এইয়াই হ’ল জগতৰ নিয়তিৰ বাণী।ৰাতিপুৱা গধূলি হৰি নাম পাহৰি।মহা মহা পাপত পৰিলো আমি॥

মনুষ্য শৰীৰ দেখা মাটিৰেহে ভাণ্ড।যেন মেঘে আন্ধাৰ কৰয় শশী খণ্ড॥নুহি স্বতন্ত্ৰৰ মৃত্যু বেঢ়িয়া আছয়।তথাপিতো মুঢ়মতী নৰে নাজানয়॥যেতিয়া স্বপ্নত সবে ঐচৰ্য্যক পাই।জাপিয়া উঠিলে মাত্ৰ চাৰখাৰ হয়।জীৱ থাকে মানে দেহা আৰামে থাকয়।প্ৰাণ বায়ু অবিহনে গেলি পচি যায়।মোৰ ধন ধন বুলি সদায় থাকা ৰাখি।মৃত্যুৰ কালত তাৰ নাই দেখা দেখি।ধন জন পত্নী পুত্ৰ থাকিব অকলে।আগতে বান্ধিয়া ধৰি লৈ যাব কালে॥ধন জন পুত্ৰ পত্নী মৰিলে নাপাই।সপোনৰ নিধি যেন হাততে হেৰাই॥ধন জন পুত্ৰ পত্নী সবে হোৱে চন্ন।

সকলে কৰিবা পৰলোকক গমন॥যম যাতনাক নিষ্ঠে ভূঞ্জিবাক লাগে।হেন ঈশ্বৰক কেনে নভজয় আনে॥সংসাৰ সাগৰ পাৰ কৰা যাৰ নামে।হেন ঈশ্বৰক হেলা কৰা কোন কামে॥হেন নাম উচ্চাৰিয়া দ্বিজ অজামিল।কৰ্মৰ বন্ধন চিণ্ডি মুকুতি লভিল॥

তুমি সৃষ্টি তুমি স্থিতি তোমাত প্ৰলয়।সত ৰজ তম গুনে তুমি কৃপাময়॥আকাৰ বিহীন দীন দয়া শীল নাম।বিৰিঞ্চ কুলত জন্ম নৱ ঘনশ্যাম॥

ভক্তিসে কল্যান পথ কহিলো বুজাই।ঈশ্বৰত চিত্ত দিলে মুকুত হোৱয়॥মন শুদ্ধ আদি কৰি যতেক আচয়।সৎ সঙ্গ সবাৰো মূল জানিবা নিশ্চয়॥হেন জানি যিটো নৰ বুদ্ধিমন্ত হয়।প্ৰথমতে ভকতিত কৰিবে নিশ্চয়॥তেবেসে সংসাৰ দুখ তৰে অপ্ৰয়াসে।মহা সুখে চলে ঈশ্বৰৰ সিটো পাশে॥মোহ অহঙ্কাৰ মূল প্ৰকৃতি আচয়।ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয়॥এই অষ্ট প্ৰকৃতিসে সবাৰো কাৰণ।প্ৰকৃতিৰ তিনিগুণ শুনা কৰি মন॥সত ৰজ তম প্ৰকৃতিৰ গুণ চয়।

প্ৰকৃতিৰ গুণ বিনে ভিন্ন নাহি কয়॥কপিল প্ৰমূখ্যে মুনি কহয় ইয়াক।ষোৰশ বিকাৰ কহো শুনা আবে তাক।এঘাৰ ইন্দ্ৰিয় সম পঞ্চ ভূত চয়।এসম্বাৰ সাক্ষী জীৱ জানিবা নিশ্চয়॥সহদাদি সাত কাৰ্য্য কাৰণ হোৱয়।প্ৰবৃত্তি নিবৃত্তি বুলি তাহা কেনে কয়॥ইন্দ্ৰিয় সকল কাৰ্য্য কাৰণ হোৱয়।বিকাৰ বুলিয়া আৰু শাস্ত্ৰত কহয়॥স্থাৱৰ জঙ্গম যত প্ৰপঞ্চ আচয়।সমস্ত জগত আত্মা ব্যাপিতে নিশ্চয়॥এতেকতে আত্মক বিচাৰে যিটোজন।তেবেসে তাহাৰ পাছে শুদ্ধ হোৱে মন॥আত্মা নিৰমল দ্বাৰে কৰে বিচৰণ।জগতত ব্যাপি আছা শুদ্ধ সনাতন॥

তুমি দেৱ নাৰায়ণ সবাৰ ঈশ্বৰ।তোমাত আছয় যত সেহি চৰাচৰ॥তোমাৰ মায়ায়ে মুহি আছে যত প্ৰাণী।সমস্তকে কৰা দয়া প্ৰভূ চক্ৰপানী।

জানিলো জগত হেতু তুমি নাৰায়ণ।যাৰ নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন॥ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণতে।নিগুৰ্ণ গুনক প্ৰভু জানিবো কিমতে॥ভকতৰ মনে তুমি পৰম ঈশ্বৰ।

মতিভেদে তোমাকেসে পুজে নিৰন্তৰ॥নমো মহা মৎস্য প্ৰলয়ৰ জলচৰ।নমো কুৰ্ম ৰূপপৃঠে ধৰিলা মন্দৰ॥শুকৰ আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি।ভকত পালক প্ৰভূ নৰসিংহ তুমি॥ত্ৰৈলোক্যক আক্ৰমিলা তুমিসে বামন।প্ৰনামা পৰশুৰাম ক্ষত্ৰিয় উচ্চন্ন।ধ্যানতো নাপাই যাক সিদ্ধ মুনি গণ।কিনো মোৰ ভাগ্য হেন দেখিলো চৰণ॥বিবিধ কল্পনা মায়াই নোচোৱে যাহাক।পৰম ঈশ্বৰ কৰো প্ৰণাম তোমাক॥দিনে দিনে যায় আয়ু মৃত্যু চাপে পাসে।তেতিক্ষনে কাল অজগৰে কৰে গ্ৰাসে॥ধন জন পুত্ৰ ভাৰ্য্যা সবে হোৱে ছন্ন।অকলে কৰিব পাৰ লোকক গমন॥মনে ত প জপ জানা মনেসে মৰণ।মনতেসে আছে জানা চৈধ্যয় ভূৱন॥অন্তৰ্য্যামি ভগৱন্ত জগত আধাৰ।ভক্তি বিৰকতি তাক কৰিয়া বিচাৰ॥হেন জানি কৰা সবে ভকতক প্ৰবন্ধ।ভক্তি বিনা সংসাৰত নচাৰয় বন্ধ॥হেন জানি নিৰন্তৰে এৰি আন কাম।পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥

কাশী গয়া মথুৰা বৃন্দাবন দ্বাৰকাসকলোতে প্ৰভূ তোমাৰ নাম।

আকাশত হৰিনাম বতাহত হৰিনামহৰি নাম অমৃত সমান।

শুনিয়োক সভাসদ মহাভাগৱত পদসমস্তে শাস্ত্ৰৰ এহি সাৰ।কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্ত্তনতআন ধৰ্ম্মে নাহিকে নিস্তাৰ॥শুক দেৱ মহাজ্ঞানী তান বাক্য সত্য মানিহৰিৰ চৰণে দিয়া চিত্ত।আন ধৰ্ম্ম কৰ্ম যত তেজি সাধু প্ৰসঙ্গতকৃষ্ণ কথা শুনা প্ৰতিনিত॥নমো নমো কৃষ্ণদেৱ তযু পাৱে কৰো সেৱমোক আসি পাইলে অন্তকালে।কেশ চয় পকি গৈল দন্ত সৱ জীৰ্ণ গৈলসোতোৰা সুতুৰি ভৈল ছাল॥নয়নে বহয় নীৰ শৰীৰ নুহিকে থিৰবাক্য আৰ নবজাই ভাল।জীৱন জল ৰেখা তথাপি নুগুছে আশানিছিণ্ডয় মহামায়া জাল॥আকে কেনে হৈবে মোৰ কেতিক্ষনে কাল চোৰপৰমায়ু হৰি লৈয়া যায়।জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰামোৰ বন্ধু আন নাই নাই॥তোমাৰ ভক্তৰ সঙ্গে তযু কথা শুনো ৰঙ্গেমুখে লৈবো তুৱা গুণ নাম।এহি বাঞ্চা সিদ্ধি হোক যত সমাজিক লোকৰাম কৃষ্ণ বোলা সবে ৰাম॥

তিনিও লোকত সাৰ ভকতিত পৰে আৰনাহি নাহি আক জানা নিষ্ট।হৃদয়ত ৰূপ ধৰে তাহান নামক স্মৰেসিসি জন মহন্ত বিশিষ্ট।আলোক মনুষ্য আন দেৱে তীৰ্থে কৰি স্নানভকতৰ ফুৰে পাছে পাছে।ত্ৰৈলোক্যত নাহি সৰি জ্ঞানতো কৰ্মতো কৰিভকতেসে শ্ৰেষ্ঠ হুয়া আছে॥হেন জানি চিন্তা কৰি কৃষ্ণক চিন্তিবো বেঢ়িকৃষ্ণেসে কৰিব পাৰে ত্ৰান।জীৱন বিজুলী প্ৰায় অথিৰ মনুষ্য কায়কৈত কেতিক্ষনে পৰে প্ৰাণ।

নামে তপ নামে জপ নামে যোগ্যধ্যান।কলি যুগে নাম পূণ্য কোটি তীৰ্থ স্নান॥শিশু কালে নাম ললে প্ৰহ্লাদ কুমাৰনোৱাৰিলে বধিবাক কৰি অত্যাচাৰ॥

সত্য কৰিবাক লাগি নিজ ভৃত্য বাণী।স্তম্ভতে বেকত ভৈলা প্ৰভূ চক্ৰপাণি॥অদ্ভুত দেখিয়া দৈত্যপতি ভৈলা চুপ।নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ॥ঘোৰ মূৰ্ত্তি ধৰি নৰ সিংহ ভৈলা বাজ।দেখি মহা নামে কাম্পে দানব সমাজ॥তপ্ত সুবৰ্ণৰ সম জলে চক্ষু দুই।পৰ্ব্বত সমান কায় আছে স্বৰ্গ চুই॥

শৰীৰৰ ৰোম চন্দ্ৰ, সম শুক্ল বৰ্ণ।তুলি আছে উদ্ধক স্তবধ দুই কৰ্ণ॥পাইলা সুখ যেন গিৰি গহ্বৰ পৰায়।প্ৰচণ্ড বতাস যেন নিশ্বাসে বজায়॥প্ৰকাশয় কেশ শিৰে বৰিষ কিৰণ।ভ্ৰূকুটি কটিল মুখ বিকট দৰ্শন।লহ লহ কৰে ডিহ্বা যেন ক্ষুৰ ধাৰ।জ্বলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ॥বহল হৃদয় দীৰ্ঘ গ্ৰীবা কৃশ কটি।জিব্বা মেলি আছা দুয়ো দশন প্ৰকতি।হেন দেখি দৈত্যেন্দ্ৰৰ মনত গুণে ভৰি।আমাক বধিয়ে বিষ্ণু আইলা মায়া কৰি॥মনে বিমৰিষি পাছে গদাক উচ্ছাই।দানব যাতঙ্গ গৈল নৃসিংহক ধাই॥নেদেখিয়া দৈত্যন্দ্ৰক নৃসিংহৰ পাশে।লুকায় পতঙ্গ যেন অগণিত জাসে॥ছিন্দ্ৰ চাই পাক ফুৰে দৈত্য দুৰাচাৰ।নৃসিংহক দিল ঘোৰ গদাৰ প্ৰহাৰ॥এৰাইলন্ত নৰসিংহ কাতি কৰি কায়।পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই॥গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।গৰুড়ৰ হাতত বাজিল যেন সৰ্প।

ওলালো যাবলৈ বৈকুণ্ঠ ধামলৈনাকান্দা উদ্ধৱ তুমি।

ভকতৰ সঙ্গতে ভকতি কৰন্তেপাইবা মোক মহামানি॥

স্বামীৰ আদেশ শুনিয়া উদ্ধবউঠিলন্ত চালি গাৱ।কৃষ্ণৰ বিয়োগে অগনি উধাইলঅধিকে আকুল ভাৱ॥কৃতাঞ্জলি ধৰি প্ৰদক্ষিন কৰিফুৰিলন্ত বাৰ সপ্ত।কৃষ্ণ কৃষ্ণ বড়ি দণ্ডৱতে পৰিকৰিলন্ত প্ৰনিপাত॥ইটো পাদ পদ্ম দুনাই নেদেখিবোকৰিবো কাহাক সেৱ।ইজন্মক লাগে আজি এৰি যাওমোৰ প্ৰাণ ইষ্টদেৱ॥দেবৰো দুৰ্লভ দুখানি চৰণকত পূণ্যে পাইলো লাগ।চিৰকাল আক সেবিতে নপাইলোমিলিল মোৰ অভাগ॥আউৰ কাক দেখি ৰাখিবো জীৱনভৈলো অন্ধ সমুদায়।ঐ প্ৰাণ হৰি পৰি ছেদ কৰিক্ষণিতেকো থাকো চাই।এহিবুলি পদ পঙ্কজক ধৰিথৱন্ত কতো মাথাত।কতো খানি মুখে ঘসন্ত সাবতিথাপন্ত কতো হিয়াত॥

শোকে মক মকি কৰন্ত কিঙ্কৰে।কতো চৰণত ধৰি।সন্তাপত আতি লোতকে তিয়াইমাধৱৰ দুই ভৰি॥কৃষ্ণ উপদেশে জানিলা নিঃশেষঅদ্যাপি পৰম জ্ঞান।তথাপি কৃষ্ণক এৰিবে খোজন্তেযেন ফুটি যায় প্ৰাণ॥ভৃত্যৰ সন্তাপ দেখি কৃপাময়নয়ন ভৈলা সজ্জ্বল।উদ্ধৱক ধৰি প্ৰবোধে বোলন্ততেজিয়ো সবে বিকল॥আমাৰ দুখানি খৰম লৈ যায়কৰা শোক পৰিহাৰ।আকে সেৱা কৰি থাকা প্ৰাণ সখিপালিয়া আজ্ঞা আমাৰ।

কৃষ্ণ যায় বৈকুণ্ঠলৈ অশ্বস্থৰ তলেপৰম ৰহস্য ভক্তি উদ্ধৱক দিলে

শুনিয়ো উদ্ধৱ আৰু ৰহস্য ভকতি।কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি॥সমস্ত ভূততে ব্যাপি আছোঁ মঞি হৰি।সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি॥ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাকি কুল।দাতাত চোৰত যেন দৃষ্টি এক তুল॥নীচত সাধুত যাৰ ভৈল এক জ্ঞান।তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন॥

বিশেষত মনুষ্য গণত যিটো নৰে।বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায়ে মান্য কৰে॥ইৰিষা অসূয়া তিৰস্কাৰ অহংকাৰ।সবে নষ্ট হোৱে তেবে তাৱক্ষনে তাৰ॥এতেকে উদ্ধৱ তুমি তেজা বেদ-পন্থ।যি জানা শুনা সৱে এৰা আন গ্ৰন্থ॥একমাত্ৰ মোতে তুমি লৈয়োক শৰণ।নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ॥

কৰ্মপথে বন্দী জীৱ সংসাৰত পৰে।বিধি বিধান সিটো খণ্ডাব নোৱাৰে॥শকুনিৰ কুমন্ত্ৰনাত ৰাজা দুৰ্যোধনে।পাশা খেলি পাণ্ডৱক পঠাইলাহা বনে॥

ৰজনী প্ৰভাতে পঞ্চ পাণ্ডৱ নন্দন।সুখে দিব্য সভামধ্যে কৰিলা গমন॥একে একে সম্ভাষণ কৰি সৰ্ব্বজনে।বসিলেক অপূৰ্ব্ব স্বৰ্ণৰ সিংহাসনে।হেন কালে শকুনি আসিল পাশা সহিতি।যত ক্ৰীড়া কৰা আজি ধৰ্ম্ম নৃপপতি॥যুধিষ্ঠিৰে বোলে পাশা অনৰ্থৰ ঘৰ।ক্ষত্ৰিয়ৰ পৰাক্ৰম ইটো নহয় বৰ॥গৰিহিত কৰ্ম্ম ইটো কপত ব্যাখ্যান।অনিতি কৰ্ম্মত মোৰ নাহি কিছু মন॥শকুনি কুলিলা পাশা সুবুদ্ধিৰ কৰ্ম্ম

যুধিষ্ঠিৰে বোলে পাশা অনৰ্থৰ মূল।অধৰ্ম্ম চিন্তিয়া মোক বোলাহা মাতুল॥শকুনি বদতি শুনা ধৰ্ম্মৰ কুমাৰ।নিবতিয়া গৃহে তব যাওঁ আপোনাৰ॥শুনিছো ধৰ্ম্মৰ মনে মিলিল বিষাদ।পাশা খেলিবাক চিন্তা কৰিলা তথাত।দুয়োজনে কতোক্ষনে পাশা আৰম্ভিলা।দেখিবাক সৰ্ব্বজন সভাত বসিলা॥

বিলম্ব নকৰি ৰাজা ধৰ্ম নৰপতি।শুভক্ষনে কৰা সবে অৰণ্যৰ গতি॥

বসন ভূষণ আদি সকলো তেজিয়া।নগ্নবেশ ধৰিলোক বাকলি পিন্ধিয়া॥একে একে সবাকো বুলিলা ধৰ্ম্মৰায়।আজ্ঞা কৰা বনে যাইবো মাগিছে বিদায়॥মনে মনে সৰ্ব্বজনে আশীষ কৰিল।লজ্জায়ে মলিন মুখ মাথা নুতুলিল॥দ্ৰোপতিতেজয়াি বস্ত্ৰ হৃদয় বিকল।লম্বিত কোমল কেশ পিন্ধিয়া বাকল॥পাণ্ডৱৰ বেশ দেখি কান্দে সৰ্ব্বজন।বাল বৃদ্ধ যুৱা যত আছে নাৰী গণ॥বিকেদৰে ক্ৰোধে উঠে হাতে গদা ধৰি।যুধিষ্ঠিৰে নিবাৰণ কৰে ধৈৰ্য্য ধৰি॥বন্দিনী দ্ৰোপদি কান্দে দুখ অপমানে।এহি অপমানে মোক ৰক্ষা কৰে কোনে॥

পাৰ্থৰ পুত্ৰ অভিমন্যু মহা ধনুধৰ।সপ্তৰথী বেঢ়ি মাৰে অন্যায় সমৰ॥

শুনা সভাসদ পদ মহাভাৰতৰ।বেহু মধ্যে প্ৰবেশিলা অভিমন্যু বীৰ॥নাহি দিল জয়দূৰ্থ প্ৰবেশিত পথ।চিন্তিত ভৈল ভীম পৰি বিপদত॥বেহু ভেদি গৈল পুত্ৰ নিজ বীৰপনে।প্ৰবেশ কৰিল কিন্তু নিগম নাজানে॥তথাপি সন্মুখ সৈন্য সাজে গৈলা ৰণ।সঙ্কতে পৰিলে ৰক্ষা নপাইব কেখন।অভিমন্যু নেদেখিলে নিজ সৈন্য পাশে।নিগমক নাহি জানা চিন্তিল নিৰাশে।বিধিক চিন্তিয়া স্থিৰ কৰি মহাবীৰ।বান বৃষ্টি কৰি সৈন্য কৰিল অস্থিৰ॥একেশ্বৰে অভিমন্যু কৰে মহামাৰ।দৈখিয়া কৌৰৱ গণে দেখে চমৎকাৰ॥চৌদিশে বেঢ়িয়া যত কুৰু ক্ষেত্ৰ চয়।ঝাকে ঝাকে বান মাৰে অভিমন্যু কায়॥এক মাত্ৰ ধনুত জুৰিলে পঞ্চবান।নোৱাৰে সন্মোষেকেহে কৰিতে সন্ধান॥পাছে সৰ্ব্বজনে চিন্তি কৰে আলোচন।ন্যায় যুদ্ধে অভিমন্যু নহৈব পতন॥দুৰ্যোধনে বোলে শুনা আমাৰ বচন।সপ্তৰথী এক কালে কৰিয়োক ৰণ॥শুনিয়া সমৰে বেঢ়ি সপ্তৰথী গল।এককালে সন্ধানকৰিলা অস্ত্ৰ গল॥

বেহুমধ্যে অভিমন্যু পাৰ্থৰ নন্দন।হাহা পিতৃমাতৃ বুলি কৰয় ক্ৰন্দন॥

অস্ত্ৰৰ সন্ধানে বীৰ হৰাই চেতন।হাহা পিতৃ মাতৃ বুলি কৰয় ক্ৰন্দন॥চাৰিদিশে বেঢ়ি অস্ত্ৰ কৰে বৰিষন।আজি ৰক্ষা নাহি মোৰ অৱশ্যে মৰণ॥কৃষ্ণ মোৰ মামা আৰু পাৰ্থ মোৰ বাপ।মৃত্যুকালে নেদেখিলে এহি মনস্তাপ॥কৈক গৈলা জেষ্ঠ পিতা ভীম মহাবীৰ।ইসময়ে নেদেখিলো চৰম তোমাৰ॥কৈক গৈলা পিতা মোৰ পাৰ্থ ধনুদ্ধৰ।ধৰ্মৰাজ নকুল সহদেৱ সহোদৰ॥নেদেখিলো মাতৃ মোৰ তোমাৰ চৰণ।এহি বুলি দীৰ্ঘৰাৱে কান্দে ঘন ঘন॥ৰক্তে তনু আৱৰিল বিকল শৰীৰ।পৰিল ভূমিত ধাৰা যুহিছে ৰুধিৰ॥অস্ত্ৰ ঘাটে অভিমন্যু হৈল অচেতন।পুনঃ সপ্ত ৰথী কৰে অস্ত্ৰ বৰিষন॥অভিৰ ওপৰে কৰে গদাৰ প্ৰহাৰ।দেখিয়া সমৰ গণে কৰে হাহাকাৰ॥এনুৱা অন্যায় কৰে দুষ্ট দুৰ্যোধন।এহি পাপে হৈব তাৰ সবংশো নিধন॥পুত্ৰৰ বিয়োগে পাণ্ডৱৰ সেনাগণ।কৰয় ক্ৰন্দন সবে কপিল গগন।কুৰুগণে কৰে নানা বাদ্য কোলাহল৷

জয় জয় বুলি সবে আনন্দে মগন॥মহাভাৰতৰ কথা অমৃত সমান।কাশী ৰামদাসে কহে শুনা পূণ্য বান॥

শুনাহে উদ্ধৱ মোৰে প্ৰাণ বান্ধৱবদৰিকা শ্ৰমে চলা।প্ৰাণ বিদূৰক দেখা মই নাপালোবৈকুণ্ঠ যাবৰে বেলা॥

স্বামীৰ আদেশ শুনিয়া উদ্ধৱউঠিলন্ত চালি গাৱ।কৃষ্ণৰ বিয়োগে অগণি উধাইলঅধিক আকুল ভাৱ॥কৃতাঞ্জলি ধৰি প্ৰদক্ষিন কৰিফুৰিলন্ত বাৰ সাত।কৃষ্ণ কৃষ্ণ কৰি দণ্ডৱতে পৰিকৰিলন্ত প্ৰণিপাত॥ইটো পদ পদ্ম দুনাই নেদেখিবোকৰিবো কাহাক সেৱ।ইজন্মক লাগি আজি মৰি যাওমোৰ প্ৰাণ ইষ্ট দেৱ॥দেৱৰো দুৰ্ল্লভ দুখনি চৰণকত পূণ্যে পাইললা লাগ।চিৰকাল আক সোবতে নাপাইলোমিলিল মোৰ অভাগ॥

আউৰ কাক দেখি ৰাখিবা জীৱনভৈলো অন্ধ সমুদায়।ঐ প্ৰাণ হৰি পৰিশ্চেদ কৰিখানিতেকো থাকে চাই॥এ-ৰাম-এহি বুলি পদ পঙ্কজক তুলিথৱন্ত কতো মাথাত।কতো আসি মুখে সমস্ত সাবতিথাপন্ত কতো হিয়াত॥শোকে মক মকি কান্দন্ত বিকলেকতো চৰণত ধৰি।সন্তাপতে অতি লোতকে তিয়াইলমাধৱৰ দুই ভৰি॥কৃষ্ণ উপদেশে জানিলা নিঃশেষেঅদ্যাপি পৰম জ্ঞান।তথাপি কৃষ্ণক এৰিবে খোজন্তেযেন ফুটি যায় প্ৰাণ॥ভৃত্যৰ সন্তাপ দেখি কৃপাময়নয়ন ভৈলা সজল।উদ্ধৱক ধৰি প্ৰবোধে বোলন্ততেজিয়া আবে বিকল।আমাৰ দুই খনি খৰম লৈ যাহাকৰা শোক পৰিহাৰ।আকে সেৱা কৰি থাকা প্ৰাণ সখিপালিয়া আজ্ঞা আমাৰ॥

কৃষ্ণ যায় বৈকুণ্ঠলৈ অশ্বত্থৰ তলেপৰম ৰহস্য ভক্তি উদ্ধৱক কলে॥

শুনিও উদ্ধৱ আৰু ৰহস্য ভকতি।কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি॥সমস্ত ভূততে ব্যাপি আছো মই হৰি।সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি॥ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।দাতাত চোৰত যেন দৃষ্টি এক তুল॥নীচত সাধুত যাৰ ভৈলা এক জ্ঞান।তাহাকেসে পণ্ডিত বোলয় সৰ্ব্বজন॥বিশেষত মনুষ্য গণত যিটো নৰে।বিষ্ণু বুদ্ধি ভাবে সৰ্ব্বদায় মান্য কৰে॥ঈৰিষা অসূয়া তিৰস্কাৰ অহংকাৰ।সবে নষ্ট হোৱৈ তেৱে তাৱক্ষনে তাৰ॥দেখি সখি গণে জোনো হাসৈ আসি বেঢ়ি।মই সাধু ইটো চোৰ হেন লজ্জা এৰি॥কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে।কায় বাক্য মনে অভ্যাসিবা এহি ভাৰে॥বিষ্ণু ময় দেখে যিটো সমস্ত জগত।জীৱন্তে মুকুত হয় অচিৰ কালত॥সকল প্ৰাণীক দেখিবেক আত্ম সম।উপায় মধ্যত ইটো অতি মুখ্য তম॥

কৃষ্ণ তুমি জন্ম ললা কংস কাৰাগাৰে।বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে॥

সুৰভি শীতল সুমঙ্গল বহে যাত।কৃষ্ণপক্ষ অন্ধকাৰ দুপৰ ৰাতিত॥অষ্টমীত ৰোহিনী নক্ষত্ৰ মিলিল।সেহি সময়ত প্ৰভূ জনম লভিল॥গন্ধৰ্ব্ব অপস্বৰা, গণে কৰে নৃত্য গীত।মধুৰ শবদে গৰ্জে মেঘে আকাশত॥দেৱগণে পুষ্প বৃষ্টি কৰিতে লাগিল।বসুদেৱে কৃষ্ণৰূপী ব্ৰহ্মক দেখিল॥পৰিপ্ৰণামিলা শঙ্খ চক্ৰ গদাধৰ।বোলে দিব্য ৰূপ ঢাকা প্ৰভূ বিশ্বম্ভৰ॥তুমি জন্ম হোৱা কথা কংসই জানিব।এতিক্ষনে সৰ্ব্বনাশ আমাৰ মিলিব॥দৈবকী দেখিলা দিব্য ৰূপী নাৰায়ন।কাতৰ কৰিয়া বোলে হৈয়োক প্ৰসন্ন॥চতুৰ্ভূজ ৰূপ ঢাকি হৈয়োক বালক।অৱতাৰী বুলি কংসে যেন নাজানোক॥কৃষ্ণে বোলে পিতৃ মাতৃ ভয় তেজিয়োকউপায় দিছোহো মই তাকে কৰিয়োক॥মোকলৈ নন্দঘৰে সত্বৰে চলিয়ো।যশোদাৰ বুকে দিয়া কন্যাক আনিয়ো॥কন্যা মাত্ৰ দেখিবেক কংস দুৰাশয়।গকুলতে নন্দ ঘৰে বাঢ়িবো নিশ্চয়॥এহিবুলি নাৰায়নে কেচুৱা হৈইলা।কাৰাৰূদ্ধ বসুদেৱে শৃঙ্খল ছিগিলা॥যোগমায়া দেবীৰ প্ৰভাবে সৰ্ব্বজন।পৰিপৰি নিদ্ৰা গৈল হুয়া অচেতন॥

বসুদেৱে কেচুৱাক কোলাত লৈলন্ত।গৃহৰ বাহিৰ হৈ গোকুলে গৈলন্ত॥ঘোৰ বৃষ্টি ভৈলা বাৰিষা নিশাত।পাৰাপাৰ পনাজানিয়া যমুনা নদীত।ভাদৰ পানীৰ সোতে সাপৰ নেজ ছিগে।অনন্ত আসিলা লৰি ছাটি দিল মেঘে॥

নন্দৰ ঘৰে ডাঙৰ দীঘল হলা বাছাধন।ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন॥

অন্য গোপবালকক সঙ্গে ঘনশ্যাম।গৰু চাৰি ফুৰিলন্ত লগে বলৰাম॥কংসৰ আদেশক্ৰমে যতেক আসিছে।একে একে সবাহাংক বিনাশ কৰিছে॥বকৰূপী কংস সখা অসুৰ দুৰ্জ্জন।ঠোট ছিৰি বধিলন্ত যশোদা নন্দন॥গধুলি গৰুক আনি গোপ গণ যত।পথ বুলি পাসিলন্ত তাহাৰ গৰ্ভত॥অথন্তৰ দেখি কৃষ্ণ পৰম ঈশ্বৰ।একে লগে পসিলন্ত গৰ্ভত তাহাৰ॥বৈষ্ণৱী মায়াক কৰি প্ৰভূ দামোদৰ।বাহিবে লাগিলা পাছে গৰ্ভৰ ভিতৰ॥বাঢ়ি যায় অসুৰৰ মূধা ফুটিলন্ত।প্ৰাণ বায়ু বাজ হুয়া প্ৰাণ এৰিলন্ত॥গৰু গোপে জীয়াই আছে যশোদা নন্দন।গৰখীয়া খেলা ধুলায় হইলা মগন॥কতো বেলা অন্ন খান্ত মাজত বসিয়া।

চাৰিফালে বহি খাই গোপ শিশু গৈয়া॥এহিমতে মুখ্য গৰখীয়া কৃষ্ণ ৰাম।সপ্তঋষি বৰি ভৈল দেখিতে সুঠাম॥বসন্ত শৰত বৰ্ষা ছয়োটা ঋতুত।বৃন্দাবনে গৰু চাৰে যমুনা কুলত॥জয় নমো নাৰায়ন দেখা হাদিশ্বৰে।কিঞ্চিত কৰিছে কৃপা জগত ঈশ্বৰে॥

নামঘৰ শুৱনি নামৰ প্ৰতিধ্বনিভকতৰ শুৱনি সেৱা।মণিকূট শুৱনি চন্দ্ৰতাপ এখনিনামলয় গধুলি পুৱা॥

শুনা সভাসদ ভাগৱত পদভক্তিৰ কেনে উত্তৰ।হৈয়া শুদ্ধ মতি একান্ত ভকতিভজিয়োক দামোদৰ॥অনৰ্থ শৰীৰ পৰিল পৰাইনামত কৰিয়ো ৰতি।নিন্দা বাদ তৰ্ক অসূয়া তেজিয়ালৈয়োক সাধু সঙ্গতি॥ঈশ্বৰৰ নাম কেহো নোহে সমকেৱলে মোক্ষৰ হেতু।স্মৰণ মাত্ৰকে দহে নিৰন্তৰেপাতকৰ ধূমকেতু॥

পদ্ম নেত্ৰ দল ভকত বৎসলভক্তবাক্য ৰাখি নিষ্টে।দ্বাপৰ শেষত কলিৰ আদিতপাৰ্থক কহিলা কৃষ্ণে॥যদি সঙ্গে পূৰ্ণ কলিত নপাৰেঈশ্বৰত হউক মতি।যেন গঙ্গা যাত্ৰী পথে প্ৰাণ যায়তভো পাৱে তীৰ্থ গতি॥তুমি নিজ গুৰু প্ৰপন্ন শিষ্যক,শিক্ষা দিতে লাগে স্বামী।পিতৃয়ে পুত্ৰৰ নিয়মৰ কৰ্ত্তাদণ্ডদাতা প্ৰভূ তুমি॥গুৰু ইষ্ট দেৱ সৰ্ব্বভাৱে সেৱকৰিতে লাগে সন্তোষ।প্ৰপন্ন শিষ্যক নকহে গুহাকগুৰু পাৱে বহু দোষ॥ঈশ্বৰৰ অৰ্থে ৰাগ দ্বেষ এৰিগৃহে থাকি কৰ্ম কৰে।জানিবা সন্ন্যাস সিজিল তাহাৰঅনায়াসে সিটো তৰে॥

শঙ্কৰৰূপে অৱতাৰ ব্ৰহ্মাণ্ডৰ পতি।শৰণ-ভজন লৈয়া কৰা কৃষ্ণত ভকতি॥

শুনা সভাসদ পদ শংকৰ চৰিত্ৰ।আপোনি ঈশ্বৰ আহি হৈলন্ত বিদিত॥নানা যুগে ধৰা তুমি নানা অৱতাৰ।কলি যুগে গুৰু ৰূপে আসিলা ইবাৰ॥

সমস্ত লোককে মুখ্য দিবৰ কাৰণে।কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে॥কালিৰ পৰম পাপ সাগৰ সংকাশ।প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ।সমস্ত পূণ্যৰ ফল কীৰ্ত্তনত পাৱে।মিলিবে মুকুতি আহি হৰি নাম গাৱে॥সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়।নোপজয় পাপ আৰু চিত্তশুদ্ধি হয়।

ধৰ্ম অৰ্থ কাম মোক্ষ আনো সিদ্ধি যত।সৱে সিদ্ধি হোৱে যাৰ চৰণ সেৱাত॥অকপটে ভজো হেন মাধৱৰ ঠাই।ভকত ভ্ৰমৰে যত নাম ফুৰে গাই॥

যেন মতে হৰি তোত হৈ বন্ত বিদিত।যেন মতে পাইবি সবে মনৰ বাঞ্চিত॥পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাত।মধুবনে নামে এক বন আছে তাত॥তাত পৰে আৰু পুণ্য ক্ষেত্ৰ নাহি আন।যাত সৰ্ব কামে গোবিন্দৰ অধিষ্ঠান॥সেহি বনে থাকি গোবিন্দক আৰাধিবি।স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি॥কুশ কৃষ্ণা জিন শব্দ আসন কৰিবি।প্ৰাণায়ম কৰি প্ৰাণ মনে নিয়মিবি॥প্ৰণব উচ্চাৰি হৃদি পঙ্কজ মধ্যত।

আপোনাৰ সমুখে থাপিয়া পাছে হৰি।ভকতৰ অৰ্থে যিটো আছ মূৰ্ত্তি ধৰি॥ভকতৰ মনোৰম সদায়ে পুৰন্ত।যেই যেন খোজে তাক সৰ্ব্বদায়ে দেন্ত॥প্ৰসন্ন বদন পুৰ্ণচন্দ্ৰ সম সৰ।উন্নত নাসিকা কৰ্ণকুসুম সুন্দৰ॥অৰুণ নয়ন নৰ পঙ্কজ পৰায়।সকৰুণ দৃষ্টি যাৰ থাকে সৰ্ব্বদায়॥ত্ৰিবলী ললিত ভ্ৰব যুগ মনোহৰ।ললাতে অৰুণময় তিলক সুন্দৰ॥কপালে কুটিল নীল অলকা ৰজিত।মনোহৰ হাসেৎ যেন বৰিষে অমৃত॥অৰুণ অধৰ বিশ্ব ফল নুহি সৰি।দশন নিবিৰ যেন নব কুন্দ কৰি॥

কৃষ্ণৰ চৰিত্ৰমাত্ৰ সদা কৰা সাৰ।ধৰ্ম্ম অৰ্থ কাম-মোক্ষ অধীন ইহাৰ॥

সুন্দৰ দুই কৰ্ণ তলে মকৰ কুণ্ডল।অমূল্য ৰতন মণি কিৰীটি উজ্বল॥সুন্দৰ ৰচিত বায়ু কণ্ঠ মনোহৰ।প্ৰকাশে কৌস্তভ যেন সূৰ্য্য প্ৰভাতৰ॥সিংহ বন্ধ কাটি সুবহ বক্ষ স্থল।হৃষ্টপুষ্ট তুষ্ট দেখি নিতম্ব বহল॥নব নীল মেঘ যেন শৰীৰৰ কান্তি।আপাদ লম্বিত গলে জ্বলে বৈজয়ন্তী॥সুবলিত চাৰি বাহু যেন কৰী কৰ।

শঙ্খ, চক্ৰ, গদা পদ্ম চাৰি অস্ত্ৰ ধৰ॥বক্ষ, স্থল ভাৰ্হিলে শ্ৰীবৎস মোখ পান্তি।বাখ বক্ষ স্থলে লক্ষ্মী দেৱী প্ৰকাশন্তি॥চৰণ নিৰথি থাকা জগ মাতা।জ্বল গজমতি হাৰ গল গল পাতা॥কৰীকৰ সমান সুঠাম দুই উৰু।নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু॥কটিত মেখলা দিব্য ৰতনে খচিত।তড়িত জড়িত দিব্য পীত ভূমি পীত।পদযুগে শোভে নব কখ লক গজি।ৰত্নময় সুন্দৰ নুপুৰে আছে ৰঞ্জি।নখ চন্দ্ৰচয় চাৰু দেখি আৰকত।পদতষে চিহ্নচয় দেখি প্ৰত্যেকত॥এহি মূৰ্ত্তি চিন খনে কৰিবি সাক্ষাত।সৰ্বাঙ্গ চিন্তিয়া মন ৰাখিবি হিয়াত॥

মাতৃৰ গৰ্ভত দশমাস থাকিভূঞ্জন্ত জীৱে যাতনা।ই কথা পাহৰি ভকতকো এৰিনকৰে হৰি সাধনা॥

মাতৃৰ গৰ্ভত পৰি আছো মইদণ্ডে যুগ সম যায়।আত থাকন্তেও যাৰ দুখ নাইপ্ৰণামো তাহান পাৱ॥

পঞ্চভূত দেহে পৰি আছো মইবন্দি হুয়া চিৰকাল।ইটো দেহে যাক বান্ধিৱে নপাৰেপ্ৰণামো হেন কৃপাল॥ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবেইহাক কিবা লাগয়॥যদি বোলা ইটো অজ্ঞান বন্দনজ্ঞানতেসে নিবৰ্ত্তয়॥পদ জঙঘা উৰু সমান সুচাৰুঅনুন্নত জানু দুই।ইসৱ সুন্দৰ সঙ্গে কলেবৰআছে দৰ্শনীয় হুই॥শৰত কালৰ পঙ্কজ পত্ৰৰসমসৰ নৱ কান্তি।তাতে নখচয় অধিক জ্বলয়যেন চন্দ্ৰমাৰ কান্তি।ভকত জনৰ মহাভয় হৰযিটো ৰূপ মনোহৰ।দিয়া দূৰশন প্ৰভূ নাৰায়নপৰিয়ো বাঞ্চা মনৰ॥যিটো অজ্ঞচয় একো নজানয়তাসম্বাক কৃপা কৰি।দেখায়োক পথ পুৰি মনোৰমগুৰুৰূপে তুমি হৰি॥কত পুণ্য কৰি নৰতনু ধৰিবৃথা যে তাক গোৱাইলো।

তোমাৰ ভকতি তেজিয়া কুমতিবিষয় গৰল খাইলো॥কতনো দুখিত কৰো প্ৰতিনিতকোনে তাক সীমা কৰে।একদিন আসি গলে দিয়া ফাঁচিনিবেক যম কিঙ্কৰে॥

জীৱ আত্মা পৰম আত্মা দুয়ো ককাই ভাইএকেলগে থাকে দুয়ো চিনা জনা নাই॥

এক গুটি গৃহ মধ্যে চৌধ্য গুটি গৰু।মন হইলে গৰখীয়া চিত্ত হইলে লৰু॥মন আগে বুদ্ধি পাছেগৰু নিয়ে মেলি।পৰ শস্যত গৰু মেলি হাঁহে খলখলি॥পৰ শস্যত গৰু মেলি মনে আছে চাই।দশ ইন্দ্ৰই ভোগ কৰে জীৱত লাগে দায়॥ধনতে কৰিলো আশা সিও থাকিল পৰি।পুত্ৰ ভাৰ্যা কৰে আশা লগে নাযায় চলি।দেহাতে কৰিলো আশা পুৰি কৰে ছাই।পাপ কৰো পূণ্য কৰে লগে চলি যায়॥তযু পদ স্মৰণে মনৰ মল হৰে।পাদোদক গঙ্গাৱে বাহিৰ শুদ্ধি কৰে॥ইটো তত্ব নজানিয়া ইন্দ্ৰিয়ভোগ কৰে।বুদ্ধি ভ্ৰান্ট হুয়া চিৰ পাপে বেঢ়ি ধৰে॥মনে পাপ মনে পূণ্য মনেসে নৰক।মন সমে কায় অৰ্পণ কৰা ঈশ্বৰক॥ঈশ্বৰেসে আছৈ ইটো দেহৰ মধ্যত।

যাৰ প্ৰতিবিম্ব সদা লাগিছে মনত॥ইটো মন অৰ্পি কৃষ্ণে সংসাৰক তৰা।একান্ত ভক্তৰ পদ সদা অনুসৰা॥হেন জানি নিৰন্তৰে এৰি আন কাম।পাতক চাবোক ডাকি বোলা ৰাম ৰাম॥

তযু ভকতৰ প্ৰাণ প্ৰভূ জনাৰ্দ্দন।শ্বেত ছত্ৰ দিয়া ৰক্ষা কৰা সৰ্ব্বক্ষণ॥দশ অৱতাৰে আসি নিজে নাৰায়ণ।পৃথিৱীৰ মহাভাৰ কৰিলা হৰণ॥

মৎস্য ৰূপ ধৰি হৰি মৎস্য ৰূপ ধৰি।প্ৰলয়ৰ বেদে জল আনিলা উদ্ধাৰি॥কুৰ্ম্মৰূপ ধৰি হৰি কুৰ্ম্ম ৰূপ ধৰি।সাগৰ মথাইলা প্ৰভূ মন্দৰক ধৰি॥বৰাহ-ৰূপ ধৰি হৰি বৰাহ-ৰূপ ধৰি।দন্ত অগ্ৰে পৃথিৱীৰ আনিলা উদ্ধাৰি॥নৃসিংহ মুৰাৰী ৰূপে তুমি অৱতৰি।হিৰণ্যক বধিলা নখে হিয়া ছিৰি॥বামন স্বৰূপে অদিতিৰ বাক্য ধৰি।বলিক চলিলা ভূমি ত্ৰিপদ বিচাৰি॥পশু ৰাম ৰূপ ধৰি নিজে তুমি হৰি।নিক্ষত্ৰীয় কৰিলা সমস্ত বসুন্ধৰি॥ৰাম ৰূপ ধৰি প্ৰভূ অনন্ত মুৰাৰী।ৰাৱনক বধি সীতা আনিলা উদ্ধাৰি॥বলৰাম ৰূপ ধৰিলাহা তুমি হৰি।দুষ্টক বিনাশী প্ৰভূ গৈলা নিজ পুৰী॥

বুদ্ধৰূপে অৱতাৰ ভৈলা তুমি হৰি।বেদ পথ পৰিহৰি আছা সত্য ধৰি॥কল্কি ৰূপ ধৰি প্ৰভূ কল্কিৰূপ ধৰি।সংহাৰিলা ম্লেছক হাতে খাণ্ডা ধৰি॥পূৰ্ণ কৃষ্ণৰূপে অৱতাৰ লক্ষ্মী পতি।সৰ্ব্ব অৱতাৰৰ কাৰণ যদুপতি॥কলিত শঙ্কৰৰূপে ভৈলা অৱতাৰ।অমূল্য ৰতন নাম কৰিলা প্ৰচাৰ॥ৰাম নামৰ নদীখনি ভক্তি তাৰ সোঁত।শঙ্কৰদেৱে দিলে আনি এহি মৰতত॥বৈকুণ্ঠৰ কল্পতৰু যাৰ ফল নাম।শুদ্ধচিত্তে লৈলে ভাইহোৱে পূৰ্ণ কাম।হেন জানি নিৰন্তৰে এৰি যত কাম।মুকুতিৰ পদে ডাকি বোলা ৰাম ৰাম॥

দশটা ইন্দ্ৰিয় ভৈল দশপাৰজীৱক মেৰিয়াই ৰাখে।সাৰথি ঈশ্বৰ কৰিব উদ্ধাৰপশিলে তযু চৰণে॥

জগতকে যিটো দেখে ব্ৰহ্মময়জ্ঞানীগণ মধ্যে খ্যাত।ঈশ্বৰ মূৰুতি কৃষ্ণক নেদেখেধ্যানতো সিটো সাক্ষাত॥হেন মাধৱক বান্ধৱ মানিয়ামুখে পদ্ম দেখি নিতে।

দুৰ্লভ প্ৰভূক অপ্ৰয়াসে পাইলাগুণা গুণ একচিত্তে॥যাৰ বাবে বেদ পাদোক গঙ্গাত্ৰৈলোক্য পবিত্ৰ কৰে।যাৰ কীৰ্তি যশ শ্ৰৱণে কীৰ্ত্তনেজগত আতি উদ্ধাৰে॥যাৰ নাম মাত্ৰ স্মৰণে নিস্তাৰপৰম পাতকীচয়।হেন মাধৱক সদা দেখা কিনোদুৰ্লভ ভাগ্য উদয়॥কালে নাশ গৈলে যাহাৰ মহিমাইনোপজে শস্য কিঞ্চিত।যাৰ পাদ পদ্ম পৰশে সম্পূৰ্ণভৈল ভূমি কৃত কৃত॥যেই যিবা আবে বাঞ্চে পৃথিৱীতপূৰ্ণহোন্তে সেহিকাম।যাহৰ প্ৰসাদে জগতৰে ভৈলমহাদুখ উপশম॥হেন ঈশ্বৰক দৰশন পাইপৰশ আপোন হাতে।মূখ্য সুখ এৰি কৃষ্ণৰ সেৱাতসুখ দুখ অভিলাষে॥কিনো মহাভাগ্য গৃহটি কৰন্তআপুনি বিষ্ণু নিবাস।নলাগে তীৰ্থক জপ-যজ্ঞ-যাগ।আছন্ত প্ৰভূ বিদিত॥

যিটো সাধু নৰে সমস্তকে তেজিঈশ্বৰক সদা চিন্তে।ব্ৰহ্মক সাক্ষাত কৰিয়া আছন্তসিসৱ মহা মহন্তে।তাসম্বক হৃদি এৰিব নোৱাৰেভগৱন্ত কৃপাময়।গুৰুকে ভাবিবা গুৰুকে চিন্তিবাগুৰুৱে সৱে হোৱয়॥চৈধ্য বন্ধু লৈ বাণিজ্য বেহালানৰলা একোকে বাকী।পাপ-পূণ্য জোখোতে সাক্ষীহৈ ৰবগৈমাৰিব নোৱাৰা থাকি॥অকৰ্ম্ম এৰিয়া মহন্তৰ সঙ্গেধৰিবা ধৰ্ম্মৰ গুৰি।নিজেও তৰিবা আনকো তৰাইবাডাকি বোলা হৰি হৰি॥

শঙ্খ-চক্ৰ-গদা-পদ্ম চতুৰ্ভূজ ধৰি।ধৰাধৰি পূৰ্ণব্ৰহ্মা আসিলা মূৰাৰী॥ভৈল শিশু ৰূপ তৈতে প্ৰভূ নাৰায়ণ।নন্দ যশোদাৰ গৃহে কৰিলা পালন॥

গোপী বোলে গকুলত কিনো অদভূত।কাঠ-বাজী যশোদাই দেখে পুত্ৰ মুখ॥খীৰ লৱন ঘৃত ভাণ্ড কৰি হাতে।কৃষ্ণ দৰশনে হৈব কিনো সু-প্ৰভাতে॥

আহা সখি আহা ভাই নন্দঘৰে যাওঁ।যশোদাৰ পুত্ৰ মুখ নয়ন ভৰি চাওঁ॥যশোদাৰ আগে গোপী যেৱে ভৈলা থিয়।আশীৰ্বাদ দিলে শিশু হৌক চিৰঞ্জীব॥যশোদা জননী হেৰা চৰণত ধৰো।বৃদ্ধ কালে হোৱে পুত্ৰ দিয়া চুম্বন কৰো॥আসিলন্ত ঋষি-মুনি নন্দৰ আলয়ে।গোপীয়ে আনন্দ কৰে কৃষ্ণ কোলে লৈয়ে॥কান্দিছে যশোদা যাৱে কৃষ্ণক নাপাই।কোলা শুদা ভৈলে মোৰ কৈগিলে পুতাই॥নাকান্দা নাকান্দা আই গোপীসবে বোলে।লৱৰি কৃষ্ণক দিলে জননীৰ কোলে॥গোপীসৱে বোলে আই কিনো তপসাইলা।ত্ৰিজগত পতি হৰি পুত্ৰৰূপে পাইলা॥কিৰূপ দেখাইলা প্ৰভূ শ্যামল সুন্দৰ।শিশুৰূপ ধৰি মুহিলা লোকৰ॥কিনো ইটো ভাগ্য দেখা ৰাণী যোশোদাৰ।যাৰ স্তন পাইয়া তুষ্ট জগত ঈশ্বৰ॥যদ্যপি নিৰ্গুণ প্ৰভূ গুণে প্ৰবেশিল।নিৰ্গুণ হোৱই জীৱ সেহি গুণ গাইল॥সহজে অকৰ্তা কৰ্ম্ম কৰা অপৰ্য্যন্ত।সেহিকৰ্ম্মে জীৱৰ কৰ্ম্ম কৰা অন্ত॥গকুলৰ সবে প্ৰজা পূৰ্ণ ভৈলা কাম।নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

ধৰিয়া মানৱী ৰূপ প্ৰভূ নাৰায়ণ।কান্দিয়া অস্থিৰ কৈলা জননীৰ মন।

অৰূপ নয়ন মুদি কান্দে যদুমণিচান্দ মুখ মচি কোনে লৈলন্ত জননী।কান্দোনতে চক্ষুৰ জল ধাৰে বহি পৰে।মৰকত মণিযেন শ্যামল শৰীৰে॥জননীৰ মুখ চাই কান্দে যদুপতি।মৰি যাওঁ বাচা মই তোমাৰ পালতি॥পাৱে ধৰো মাথে লওঁ নাকান্দা পোতাই।মুখে স্তন লৈয়া কান্দে জগত গোসাঁই॥মাণিক জ্বলায় যেন নয়নৰ জল।ক্ৰোধত শুকাইল তব বদন কমল॥মোৰ বাচা মোৰ ধন ধুলায়ে ধূসৰ।কান্দোতে কান্দোতে বাচা ভাগিল শৰীৰ॥ধূলা জাৰি বোলে লৈলা মুখে দিলা স্তন।তাৰ পাছে খলখলি হাসে নাৰায়ণ॥কিনো অদভূত ভাগ্য ৰাণী যশোদাৰ।যাৰা স্তন খায়া তুষ্ট জগত ঈশ্বৰ॥কিনো ভাগ্য গকুলৰ ধেনু বৎসগণ।দুগ্ধ খায়া তুষ্ট হৈলা জনাৰ্দ্দন।কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ লোকৰ।নয়নে সাৰ্থক ৰূপ দেখিল হৰিৰ॥যাগে যাগে মুনিয়ে নাপাৱে দৰিশন।গোপ শিশু সঙ্গে খেলে দেৱ নাৰায়ণ॥হেনয় পৰম দেৱ ৰাম-কৃষ্ণ হৰিপাইলা মোক্ষ পদব্ৰজে সংসাৰক তৰি॥

ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ব্ৰহ্ম সত্য-সনাতন।ব্ৰজবাসীৰূপে আসে ৰাম কৃষ্ণ ধন।গোপ শিশু সঙ্গে ৰঙ্গে কৰে মহালীলা।গকুলৰ কিনো ভাগ্য যোগীয়ে বুলিলা॥

তাল বাজে মৃদং বাজে, বাজে শিঙা বেনু।আকাশে দুন্দুভি বাজে আহে ৰাম-কানু॥গধূলি গোধেনু আইল হাম্বাৰাৱে কৰি।কৃষ্ণ চন্দ্ৰ উদয় হৈছে গকুল নগৰী॥আহিছে বিনন্দ কানাই দেখা দেখা আই।কোলে লোৱা তোমাৰ পুত্ৰ চৰণ ধুৱাই॥আহা কৃষ্ণ বলো আহাঁ দুয়ো ভাই।ৰোহিনি যশোদা ডাকে পদূলি ওলাই॥দৈ থৈছো দুগ্ধ থৈছো আৰু থৈছো লাৰু।শীতল পাটী পৰি থৈছো তাতে থৈছো গাৰু॥খোৱা যোগাৰ কৰি থৈছো পেট ভৰি খাবা।সোণৰ বাংশী গঢ়াই থৈছো ৰংমনে বাবা॥গধূলিৰে ধেনু চাৰি আহে নীলমণি।ধুলা জাৰি কোলে ললে নন্দেৰ ঘৰিণী॥নন্দন নন্দন বাচা আইলা যদুবাই।ৰৌদ তাপে দুখ পাইল মাৰ মুখ চাই॥কুলুকুলু বৈয়া আছে যমুনাৰ নৈ।গোপ শিশু সঙ্গে চলে বৃন্দাবনলৈ॥গুণৰ অতীত তুমি নিত্য নিৰঞ্জন।বনমালীৰূপে ব্ৰজে আইলা নাৰায়ণ॥চোৱা চোৱা নন্দৰাণী নয়নভৰি চোৱা।ধেনু বৎস সঙ্গে বাংশী আসিলা কলীয়া॥

ধৰা ধামে ধৰ্ম্ম ৰক্ষাহেতু কৃষ্ণ ৰাস।নন্দঘৰে উপজিলা কৰি পূৰ্ণকাম॥তপ জপ ধ্যানে যাক নপাই যোগীগণে।নন্দ যশোদায়ে পাইল কিনো পুণ্য বলে॥কহয় মাধৱ মাই কিনো তাপসাইলা।ত্ৰিজগতৰ পতি-হৰি ৰাসোৱাল পাইলা॥হেন ভগৱন্ত প্ৰভূ দেৱাদিৰো দেৱ।তোমাৰ চৰণে মাত্ৰ সদা কৰে সেৱ॥

কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে।বসুদেৱে থৈলে আনি যমুনা সিপাৰে॥দৈৱকীৰ পুত্ৰ পালে যশোদাৰ ঘৰে।গোৱালৰ বেশে আহি জগত উদ্ধাৰে॥

সুৰভি শীতল সুমঙ্গল বহে যাত।কৃষ্ণ পক্ষ অন্ধকাৰ দুপৰ ৰাতিত॥অষ্টমীত ৰোহিনী নক্ষত্ৰ মিলিল।সেহি সময়ত প্ৰভূ জনম লভিল॥গন্ধৰ্ব অপ্সৰা গণে, কৰে নৃত্য গীত।মধুৰ শবদে গৰ্জে মেঘে আকাশত॥দেৱগণে পুষ্প বৃষ্টি কৰিতে লাগিল।বসুদেৱে কৃষ্ণৰূপী ব্ৰহ্মীক দেখিল॥পৰি প্ৰনামিলা শঙ্খ চক্ৰ গদাধৰ।বোলে দিব্য ৰূপ ঢাকা প্ৰভূ বিশ্বম্ভৰ॥তুমি জন্ম হোৱা কথা কংসই জানিব।এতিক্ষনে সৰ্ব্বনাশ আমাৰ মিলিব॥

দৈৱকী দেখিলা দিব্যৰূপী নাৰায়ণ।কাতৰ কৰিয়া বোলে হৈয়োক প্ৰসন্ন॥চতুৰ্ভূজ ৰূপ ঢাকি হৈয়োক বালক।অবতাৰী বুলি কংসে যেন নজানোক॥কৃষ্ণে বোলে পিতৃ মাতৃ ভয় তেজিয়োক।উপায় দিলোহো মই তাঙ্ক কৰিয়োক।মোক লৈয়া নন্দৰ ঘৰে সত্বৰে চলিয়ো।যশোদাৰ বুকে দিয়া কন্যাক আনিয়ো॥কন্যা মাত্ৰ দেখিবেক কংস দুৰাশয়।গকুলত নন্দঘৰে বাঢ়িবো নিশ্চয়॥এহিবুলি নাৰায়ণ শিশুৰূপ ভৈল।কাৰাগাৰে বসুদেৱৰ জিঞ্জিৰি ছিগিল॥যোগমায়া দেৱীৰ প্ৰভাৱে সৰ্ব্বজন।নন্দসবে নিদ্ৰা গৈল হুয়া অচেতন॥বসুদেৱে শিশু পুত্ৰ কোলে তুলিলৈ।তাৱক্ষণে গৈলা চলি বুলি গকুললৈ॥ঘোৰ বৃষ্টিপাত ভৈলা বাৰিষা নিশাত।ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজ॥

গোৱালৰ ঘৰে থাকি দৈৱকী নন্দন।ধেনুচাৰি পবিত্ৰ কৰিলা বৃন্দাবন॥

যশোদাৰ পুত্ৰ দেখি আনন্দিত মন।সমস্তৰে আত্মা যিটো গোকুলৰৰ ধন॥যত গোপ বালকৰ সঙ্গে ঘনশ্যাম।গৰু চাৰি ফুৰিলন্ত লগে বলৰাম॥কংসৰ আদেশক্ৰমে যত দৈত্য আসে।তুমি অগনিত যেন পুৰি মৰে জাসে॥

বকৰূপী কংস সখা অসুৰ দুৰ্জ্জন।ঠোট ছিৰি বধিলন্ত যশোদা নন্দন॥গধূলি গৰুক আনি গোপগণ যত।পথবুলি পশিলন্ত তাহাৰ গৰ্ভত॥অথন্তৰ দেখি কৃষ্ণ পৰম ঈশ্বৰ।একেলগে পশিলন্ত গৰ্ভত তাহাৰ॥বৈষ্ণৱী মায়াক কৰি প্ৰভূ দামোদৰ।বাঢ়িবে লাগিল পাছে গৰ্ভৰ ভিতৰ॥বাঢ়ি গৈয়া অসুৰৰ মুধা ফুটাইলস্ত।মুকুতিক পায়া অঘে প্ৰাণ এৰিলন্ত॥কতো বেলা অন্ন খাই বসিয়া মাজত।চাৰিওফালে বসি খাই গোপ শিশু যত॥এহিমতে গৰখীয়া মুখ্য কৃষ্ণ-ৰাম।সপ্তম বৰিষ ভৈল দেখিতে সুঠাম॥গোপ লগে লৈয়া গুৱালৰ সুত।বৃন্দাবনে গৰু চাৰে যমুনা তীৰত॥ত্ৰিজগতে বন্দে যাক নমো হৃদিশ্বৰ।তাহাৰ চৰণে কৌটি কৌটি নমস্কাৰ॥

দশঅৱতাৰ ধৰি প্ৰভূ নাৰায়ণ।বলিক চলিলা ৰূপ ধৰিয়া বামন॥তিনিপদ দান লৈয়া স্বৰ্গকো উদ্ধাৰি।ভকতকো উদ্ধাৰিলা দেৱ শ্ৰীহৰি॥

মৎসৰূপে অৱতাৰ ধৰা প্ৰথমত।বামন স্বৰূপে অৱতাৰ পঞ্চমত॥

ঔৰসে–কাশ্যপ ঋষি গৰ্ভে অদিতিৰ।ত্ৰৈলোক্যৰ ৰক্ষা হেতু আসিলা ঈশ্বৰ॥সেহি সময়ত বলী নাম এক দৈত্য।প্ৰহ্লাদৰ নাতি সিটো বিৰোচন পুত্ৰ।ব্ৰহ্মাক আৰাধি বৰ লৈয়া দৈত্যপতি।ইন্দ্ৰক খেদায়া স্বৰ্গ লৈলা অম্লাৱতী॥দেৱগণে স্বৰ্গ এৰি বৈকুণ্ঠ চলিলা।বিষ্ণুৰ কাষত আহি শৰণ পৰ্শিলা॥বোলে সবে কাতৰ কণ্ঠে কৰি কৰযোৰ।কিমতে থাকিম প্ৰভূ এৰি স্বৰ্গপুৰ॥দেৱতাৰ স্তুতিবাণী শুনি চক্ৰপাণি।প্ৰবোধিয়া বুলিলন্ত দেবে তাক জানি॥বলিক চলিয়া মই দিবো ৰাজ্যভাৰ।উপায় কৰিম মই দেবতা উদ্ধাৰ॥এহিবুলি বিষ্ণুদেৱ বৈকুণ্ঠ চলিলা।কাশ্যপৰ গৃহে আহিজনম ধৰিলা॥ধৰিলন্ত কপট বামন দিব্য ৰূপ।নিত্য নিৰঞ্জন সৰ্ব্ব ব্যাপক স্বৰূপ॥এহিমতে ভগৱন্ত পুনঃ জন্ম ধৰি।ভকতক ৰক্ষা কৰে দুষ্টক সংহাৰি॥বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন।তাৰ কি অৰ্থ পাৱে যেই সেইজন॥শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ।ভকতিৰ প্ৰসাদে নিৰ্ম্মল যাৰ মন॥সেহি মহাজনে আৰ তত্বক জানায়।চাৰিবেদ পুৰাণৰো কহিলো নিৰ্ণয়॥

ভকতে সাকাৰ ৰূপ চিন্তি নামম্মৰে।জ্ঞানীয়ে নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে॥হেন জানি হৃদয়ে ৰূপ চিন্তি স্মৰা নাম।নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

ৰাম নামে মহাশক্তি কৃষ্ণ নামে গতি।হৃদয়তে কৃষ্ণ আছে চাৰি অস্ত্ৰ ধৰি॥হেন কৃষ্ণ ভগৱন্ত দেবাদিৰো দেব।তাহাৰ চৰণ মাত্ৰ সদা কৰে সেৱ॥

ভকত ৰঞ্জন প্ৰভূ ভকত জীৱন।হৃদয়তে থাকি নাম দিয়া দৰিশন॥ৰাম নাম প্ৰেমলতাই জগৰ আছে জুৰি।নামকে বিচাৰি ফুৰো ব্ৰহ্মাণ্ডত ঘূৰি॥দুষ্টক দমিলা প্ৰভূ সন্তক পালিলাৰাম নাম দিয়া হৰি সংসাৰ তৰিলা॥ক'ত আছা হৰি বুলি নাপাওঁ বিচাৰি।শৰীৰতে আছা প্ৰভূ আত্ম ৰূপ ধৰি॥বুজি লবা শাস্ত্ৰ তত্ব জপি লবা নাম।ৰাম জপিলেহে জীৱৰ পৰিত্ৰাণ॥শুনা শুনা সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ।অপ্ৰয়াসে মুক্তি পাবে হৰি কীৰ্ত্তনত॥তীৰ্থ–ব্ৰত যাগ-যোগ যত ধৰ্ম্ম আছে।কলিত কীৰ্ত্তনে সৰ্ব্ব ধৰ্ম্ম ৰহি আছে॥হৰি নাম হৰি নাম লোৱা বাৰে বাৰ।আৰ কি ভৰষা আছে মানৱী হোৱাৰ॥

অবোধ সন্তানে চোৱা নাজানো ভকতি।নিজ গুণে তুষ্টি হোৱা প্ৰভূ যদুপতি॥তুমি যে কেৱল সত্য মিছা সবে আন।জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান॥হৰি কীৰ্ত্তনত যাৰ মিলয় সন্তোষ।সৰ্ব্ব সুখভাগী হোৱে হৰে কলি দোষ।আনত নভজি লয় মোহত শৰণ।কায় বাক্য মনে নমে মোহোৰ চৰণ॥মোত অৰ্পি কৰ্ম্ম কৰে নজানয় আন।ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰাণ॥ভকতিৰ আছে যত জ্ঞান বিৰকতি।জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি।কৃষ্ণৰ চৰণ নিতে চিন্তা হৃদয়ত।কৃষ্ণৰসে অংশবিশেষ জানিবা মনত॥নেদেখিবা তক্ষককো পাৱত দংশন্ত।এতেকে তোমাক নিস্তাৰিবা ভগৱন্ত॥জনম স্মৰণ ইটো দেহৰেসে ধৰ্ম্ম।মনে স্ৰজে জীৱৰ শৰীৰ গুণ-কৰ্ম্ম।যত পৰামাৰ্থ তত্ব কহিলো বিদিত।হেন মনে জানা তুমি স্থিৰ কৰি চিত্ত॥যিটো মই সেহি ব্ৰহ্ম মানা হেন মনে।যিটো ব্ৰহ্ম সেহি মই জানা সৰ্ব্বক্ষণে॥তোমাৰ কিশোৰ মোহ গুচিল নিশ্চয়।আউৰ নুপজে মনে মোহ মৃত্যু ভয়॥

.......................

অশ্বস্থৰ তলে বহি প্ৰভূ যোগেশ্বৰে।দাৰুকক আদেশিলা দ্বাৰকা নগৰে॥প্ৰিয় সখা অৰ্জ্জুনক দিবা মোৰ জান।বৈকুণ্ঠক লাগি যাওঁ এৰি ওহি স্থান॥

দাৰুক তুমি মোৰ বাৰ্ত্তা অৰ্জ্জুনক দিবা।ষোড়শ হাজাৰ ভাৰ্যা ইন্দ্ৰ প্ৰস্থে নিবা॥গোসাঁই গ'ল বৈকুণ্ঠলৈ দাৰুকে কান্দিলে।ধন-জন-সহ-ভাৰ্যা অৰ্জ্জুনক দিলে॥অৰ্জ্জুনে বোলন্ত মোৰ হাঁ প্ৰাণ সখি।কিয় প্ৰাণ নযাই মোৰ তোমাক নেদেখি॥কিবা দোষ আচৰিলে নপৰয় মনে।প্ৰিয় সখা অৰ্জ্জুনক এৰি গৈলা কেনে॥কৃষ্ণক নেদেখি পাৰ্থ বিয়াকুল হৈলা।পঞ্চভাতা সঙ্গে এৰি বৈকুণ্ঠে চলিলা॥দ্বাপৰ যুগৰ কৰ্ম্ম সম্পূৰ্ণ কৰিলা।গোসাঁই গ'ল বৈকুণ্ঠলৈ হৰি হৰি বোলা॥যমুনাৰ তীৰে তীৰে উদ্ধৱ ফুৰে কান্দি।বিদুৰে পুছয় বাৰ্তা কৃতাঞ্জলি কৰি॥উদ্ধৱত সোধে বাৰ্তা বিদুৰ মহন্ত।মাধৱৰ পুত্ৰ-ভাৰ্যা কুশলে আচন্ত॥কান্দি কান্দি কয় কথা উদ্ধৱ বান্ধৱ।বিদুৰক লগ পাই কৈলা বাৰ্তা সৱ॥প্ৰভূ গ’ল বৈকুণ্ঠলৈ কাক থাকিম চাই।হেন হৰি বঞ্চিত কৰিলে বিধাতাই॥উদ্ধৱ-সহিতে গৈলা বিদুৰ মহন্ত।ভকতিৰ বাণী দিলা সৱ সাধু-সন্ত॥

অৰ্জ্জুনৰ আগমনে ৰজা যুধিষ্ঠিৰ।পাইলা বাৰ্ত্তা ভগৱন্ত দেৱ দামোদৰ॥কৃষ্ণৰ বিয়োগে দিলে বিৰহ বেদনা।ৰাজ্য ত্যাগি পাঞ্চো ভাই বনে চলি গৈলা॥কৃষ্ণৰ বিৰহে গকুলৰ গোপী যত।গৃহ এৰি দিনে ৰাতি যমুনাৰ বালিত॥আউলি বাউলি হৈয়া হিয়া ঢুকি কান্দে।উদ্ধৱৰ আগমনে কৃষ্ণৰ বাৰ্ত্তা পাইলে॥শুনা সভাসদ পদ মহাভাগৱত।গোপীৰ ভক্তিত ভৈলা আশ্চৰ্য ভকত॥কেৱলে ভকতি মাত্ৰ সংসাৰ তৰণ।আত পৰে আন যত সবে বিড়ম্বন॥হেন জানি নিৰন্তৰে এৰি আন কৰ্ম্ম।হৃদয়ত পাদ-স্মৰি লোৱা কৃষ্ণ নাম॥কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত॥বোলা হৰি হৰি সবে যত সভাসদ।

যমুনাৰ তীৰতে কদমৰ তলতেমোহন মূৰুতি বেশে।নাম ধৰি ধৰি ডাকিছে গোসাঁয়েমধুৰ মূৰুলী ৰসে॥

বংশী ধ্বনি শুনি গোকুলৰ গোপিনী।গ’ল যমুনাৰ জলে।কাষত কলসীলৈ সকলো ঘাটলৈ।স্নান কৰিবৰ চলে।

যমুনাৰ পাৰতে গোপীনি সকলেযাৰ সেই বস্ত্ৰ থৈ।কেৱল শৰীৰে যমুনাৰ জলতেসকলো নামিলে গৈ॥যমুনাৰ বালিতে গোপীৰ বস্ত্ৰ হেৰালেবিচৰা-বিচৰি কৰি।গৈ গৈ পালেগৈ কদম্বৰ গছতেকৃষ্ণই কৰিলে চুৰি॥জলৰ মধ্যত গোপীনি সকলেবোলয় কাকূতি কৰি।চৰণতে ধৰি স্তুতিকৈ মাতিছোঁবস্ত্ৰখনি দিয়া হৰি।গোপী গইছিল স্নান কৰিবলৈগোসাঁই গইছিলে পাছত।গোপীৰ বস্ত্ৰ হৰণ কৰিলা কৃষ্ণইউঠে কদম্বৰ গছত॥যমুনাৰ জলতে গোপী পৰি আছেকেশ আউল-জাউলী কৰি।বস্ত্ৰ দিয়া হৰি বিলম্ব নকৰিলাজতে মৰিবো আমি॥বস্ত্ৰ দিয়া নাথ প্ৰভূ জগন্নাথকৰা লজ্জা নিবাৰণ।কায় বাক্য মনে তোমাক ভজিলোৰক্ষা কৰা নাৰায়ণ॥একহস্তে গোপী অঙ্গত ঢাকয়একহস্তে কৰি মোৰ।

দুয়ো হস্ত মেলি কৰাহে কাকুতিতেহে দিম বসন তোৰ॥এহি বুলি কৃষ্ণে গোপীক তুষিলাপৰীক্ষা কৰিব হেতু।যত ব্ৰজ গোপী হাতযোৰ কৰিসেৱিলা গৰুড় কেতু।যত লাজ কাজ মায়াৰ অধীনভকতিত নোহে স্থান।সামাজিক লোক হৰি ভজিয়োকডাকি বোলা ৰাম ৰাম॥

কদম্বৰ গছে কৃষ্ণে যমুনাৰ তীৰে।গোপী সঙ্গে ক্ৰীড়া কৰে ভকত বৎসলে॥

কৃষ্ণৰ বচনে গোপী সমূলি মৰিল।জলৰ মাজত সবে ধ্যানত বহিল॥সবে গোপী বোলে প্ৰভূ মূৰাৰী মোহন।আজি পৰিচয় দিলা হৰিয়া বসন॥একমাস কৰি আছে কাত্যায়নী ব্ৰত।তাৰ কিবা এহি ফল দিলা জগন্নাথ।গোপীৰ স্তৱত তুষ্ট হুয়া বংশীধাৰী।দিলন্ত গোপীৰ বস্ত্ৰ ভাগে ভাগ কৰি॥তিনিফালে তিনিআলি মধ্যে চাৰিআলি।তাতে বহি বনমালী পাতিলে ধেমালি॥গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল।বেঢ়িয়া গুঞ্জৰে যেন ভ্ৰমৰে গীতাল॥শিৰকো কম্পাৱৈ খসে খোপাৰ আউল।তুষ্ট হুয়া কেশৱে বৰিষে যেন ফুল॥

এহিমতে গোবিন্দ দিলন্ত নৃত্য ভঙ্গি।কতো গোপীকাক লৈয়া ধৰন্ত আলিঙ্গি॥কতো গোপীকাক মোহি হোৱে অন্তৰ্দ্ধান।লাজ ঢাকিবাৰ মনে নাহি কিছু জ্ঞান॥ভকতিৰ আনন্দত আকুল হৃদয়।কৃষ্ণৰ সঙ্গে কৰে কেলি সবে গোপীচয়॥কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত।বিষয়ক তৰি পাইবা বৈকুণ্ঠৰ পথ॥হেন জানি নিৰন্তৰে লোৱা হৰি নাম।পাপক সংহৰি সবে হৈবা পূৰ্ণ কাম॥

ধ্বজ ব্ৰজ অঙ্কুশ খোজত আছে পৰি।পলালে কলীয়া কৃষ্ণ মেলিয়া দামুৰি॥ব্ৰহ্মাণ্ডৰে অধিকাৰী অনন্ত মূৰাৰী।গোৱালীৰ সঙ্গে খেলা কৰে শ্ৰীহৰি॥

কিছুকিছু ছলে খোজত চিনি পায়।শুনা শুনা আহে আই নন্দৰ কানাই॥প্ৰভাত সময়ে ৰাম-কৃষ্ণ দুয়ো ভাই।গোৱালীৰ গৃহে গৈয়া দামুৰি মেলয়॥কোনবনে ধেনুগণ চৰায়া আনিলে।দুগ্ধ ন-পাইয়া গোপী শিশুক সুধিলে॥বালকে বোলয় আই বহু তৃণ খায়।যমুনা নদীত সৱে জলক পিয়ায়।কৃষ্ণৰ অকাৰ্য গোপী সহিব নোৱৰি।সবে গোপী চলি যায় যশোদাৰ বাৰী॥

কিনো দুষ্ট কিনো দুষ্ট নন্দৰ কুমাৰ।কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ॥প্ৰভাততে যশোদা পুত্ৰক বোলে লৈয়া।ব্ৰহ্মাণ্ডৰ সুখে আছে পুত্ৰ মুখ চায়া॥গোকুলৰ গোপী আহি দিলেহি গোচৰ।কতনো সহিবো আমি কৃষ্ণৰ জগৰ॥কতো দেখা নাই আই কতো শুনা নাই।এনুৱা দুষ্টালি লৰা ব্ৰহ্মাণ্ডতো নাই॥গকুলৰ যত গোপী সবাৰো গোচৰ।কতনো সহিবো আই কৃষ্ণৰ জগৰ॥শিথিল মেখলা থোপা মুখে ঘৰ্মজল।গাৱৈ কৃষ্ণ গুণ-গীত গোপীকা সকল॥কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জ্বলৈ মেঘনয়।প্ৰকাশে বিজুলী যেন তাত গোপীচয়॥ঘৰ্ম্মজলে কণিকা গৰ্জনে ভৈল গীত।আকাশৰ পৰা দেবে দেখে বিপৰীত॥কৃষ্ণ আলিঙ্গন পাই অশেষ হৰিষ।কৃষ্ণ গুণ গীতে পুৰিলেক দশোদিশ॥এহিমতে নৃত্য গীতে কৃষ্ণক তুষিলা।সাধু সাধু বুলিয়া মাধৱে প্ৰশংসিলা॥তাসম্বাক বহুমান দিলন্ত মাধৱ।আনন্দে আকুল মিলৈ মহা মহোৎসৱ॥কৃষ্ণৰ চৰিত্ৰ যেন জগততে সাৰ।বোলা হৰি হৰি যেবে তৰোক সংসাৰ॥হেন জানি নিৰন্তৰে এৰি আন কাম।পাতক চাৰোক ডাকি লোৱা কৃষ্ণ নাম॥

......................

৮৫। মূল ঘোষাঃ—যম-কাল-মৃত্যু মায়া কৃষ্ণৰ অধীন।কালীক দমিলা প্ৰভূ ভক্তৰ কাৰণ॥যশোদা কান্দিলা কালী কৃষৰ লৈলা প্ৰাণ।বলো প্ৰবোধিলা এহি মায়া নাৰায়ণ॥পদঃ— বলো বোলে মা তুমি কান্দা কিকাৰণ।মায়া কৰি আছে কৃষ্ণই মুদিয়া নয়ন॥উঠা উঠা মা তুমি নকৰিবা শোক।এতিক্ষণে আহিব হৰি দমিয়া কালীক॥আকাশে দুন্দুভি বাজে বাজে শঙ্খধ্বনি।কালীৰ শিৰে পাৱ দিয়া নাচে যদুমণি॥ইফেনাৰ পৰা হৰি সিফেনালৈ যায়।তলবল কৰে কালী ৰুধি বহে হায়॥কালীৰ শিৰে মৃত্যু কৰে দেৱ গদাধৰ।ফনা ভাগি ছিগি মুখে বহয় ৰুধিৰ॥কালীৰাই শিৰে শিৰে নাচে যদুৰাই।কালীক দমিলা প্ৰভূ মোহন বাংশী বাই॥যমুনাৰ বালিত কালী কিনো তপসাইলা।ভগৱন্ত পদধূলা শিৰপাতি লৈলা॥কালীৰ শিৰত হৰি আনন্দে নাচয়।নাগপত্নী স্তুতি কৰে কৃতাঞ্জলি হই॥পাতালৰ নাগকন্যা পৰি কৰে স্তুতি।স্বামীদান দিয়া প্ৰভূ অগতিৰ গতি॥নাগপত্নী স্তুতি কৰে হৰি মোৰ প্ৰাণআঞ্চল পাতিয়া মাগো দিয়া স্বামীদান॥

ভাঙনি ঘোষাঃ—বৈকুণ্ঠৰ খেলা আনি বৃন্দাবনত থৈ।পূৰ্ণ ব্ৰহ্মই ভোজন কৰে গোপ শিশুলৈ॥পদঃ—লীলা কৰি পূৰ্ণ ব্ৰহ্মই বহুবিধ অন্ন।পৰম হৰিষে শিশুক ভোজন কৰান্ত॥মাধৱক মধ্য কৰি পাতিলন্ত কেলি।পদ্মৰ চকাক যেন পাত্ৰে আছে বেঢ়ি॥পেলাইবাক চাহন্তে মুখৰ দধি যত।দেখিয়া গোবিন্দে নিষেধিলা তুলি হাত॥ভয় খাই সখিসৱ নেৰিবা ভোজন।এতিক্ষনে বিচাৰি আনিবো বৎসগণ॥যমুনাৰ বালিত যেবে ভূঞ্জিবাক লৈলা।গোৰক্ষ-দামুৰি ব্ৰহ্মাই চুৰ কৰি নিলা॥ধেনু নাই বৎস নাই শ্ৰীদাম–সুদাম।দামুৰি হেৰুৱাই চিন্তে পূৰ্ণ ঘনশ্যাম॥কৈক গৈলা শ্ৰীদাম সুদাম দুয়ো ভাই।কৈক গৈল ধেনু–বৎস নাপাইলো উপাই॥হাতত ভাতৰ গ্ৰাস প্ৰভূ যদুবাই।যমুনাৰ তীৰে তীৰে ধেনু বৎস চাই॥উপৰে উৰিছে পক্ষী তাকে সোধে কানু।এহি পথে দেখিলানে আমাৰ বৎস ধেনু॥শাম–কানু বৎস হেতু চতুৰ্পাশে যায়।ব্ৰহ্মাই কৰিলে চুৰি কতে বাৰু থয়।বৃন্দাবনে মাজে প্ৰভূ বহি যোগাসনে।ব্ৰহ্মাই কৰিলে চুৰি জানিলা ধিয়ানে॥কহয় কিঙ্কৰ জানি প্ৰভূ ঘনশ্যাম।পাপৰ নিৰ্মাণ হোক বোলা ৰাম ৰাম॥

....................

৮৬। মূল ঘোষাঃ—হৰি গ'ল কোনস্থানে কোনেও নাজানে।হাততে হেৰাল হৰি বিচাৰয় বনে॥নপান্ত হৰিক একোজনে অঙ্গভাবে।গৰ্ৱশূণ্য হুয়া ভক্তি নকৰয় মানে॥পদঃ- ৰূপে বিনন্দীয়া শ্যাম গৈল কোন ঠাই।গোবিন্দৰ বিনে আৰ বান্ধৱ নাই॥কৈক গৈলা ঐ শ্যাম আমাক এৰিয়া।নিশ্চয়ে জানিলো তোমাৰ নিদাৰুণ হিয়া॥কৈত এৰি গৈলা প্ৰভূ গোপী প্ৰাণ ধন।আনিলা নিশাতে মাতি কৰিলা বৰ্জন।এৰিলা বনতে প্ৰভূ বনতে হেৰালা।দাসীৰ হিয়াত প্ৰভূ অগনি জ্বলালা।কিনো দোষ আচৰিলো নপৰশে মনে।অনাচাৰি তিৰি দেখি এৰি গৈলা বনে।কাহাক দুখিম প্ৰভূ অভাগী কপাল।হিয়াৰ বিষাদ প্ৰভূ গুচায়ো গোপাল॥যিটো বনে বিচাৰিলো সিটো বনে নাই।কৰ্মদোষে হেৰুৱালো জানিলো গোসাঁই॥বৃন্দাবনৰ মাজে প্ৰভূ আছিলা লুকাই।তেবেসে গোপীনি কান্দে বিচাৰি নাপাই॥বিচাৰিলো বিচাৰিলো অনেক প্ৰবন্ধে।পাইলো গৈয়া তযু পাদ তুলসীৰ গন্ধে॥তযু কৃপাই পাইলো প্ৰভূ চৰণৰ ধূলি।ব্ৰহ্মা-হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি॥নবাঞ্চিবা দুনাই প্ৰভূ ধৰো চৰণত।অনুতাপে দহি আছে আমি গোপী যত॥

নিজ অহঙ্কাৰে তল গৈলো প্ৰভূ আমি।পৰীক্ষা নকৰা তযু ভৃত্য বুলি জানি॥আমি অজ্ঞানীৰ যত দোষ ক্ষমিয়োক।তযু ৰস দানে ক্ৰীড়া পুনঃ কৰিয়োক॥হৃদয়ৰ বাসনা প্ৰভূ আমি গোপীকাৰ।সঙ্গ দান দিয়া দূৰ কৰা নৰেশ্বৰ॥কৰ্ম্ম-বন্ধ এৰাই কৰে তোমাৰ ভকতি।নিজ স্বামীৰূপে দিয়ে এহি মতি॥ভকতৰ দেখা কেনে ঈশ্বৰতে প্ৰাণ।বোলা হৰি হৰি তেজি আন যত কাম॥৮৭। মূল ঘোষাঃ-দুৰাচাৰী কংসে অজুক আদেশিলা।আনি দিয়া প্ৰাণবৈৰী কৃষ্ণ নন্দ লালা॥মহামতি অক্ৰুৰ শুনিয়া আনন্দিত।কৃষ্ণ-দৰশনে হৈব জীৱন মন্দিত॥পদঃ- অক্ৰুৰক পাঞ্চিলা কংস নিজে নাহা।কৃষ্ণক আনিবে তুমি গকুলক যাহা॥শিশু হন্তে তোমাৰ আমাৰে মিত্ৰ আতি।ইটো কাৰ্য সাধি মোক দিয়ো দান পতি॥শুনি দানপতিৰ আনন্দ ভৈলা আতি।প্ৰভাতে লৰিলা মথুৰাত বাঞ্চি ৰাতি॥কৃষ্ণক দেখিবো আজি কিনো সু-প্ৰভাত।জানিলো প্ৰসন্ন ভৈলা বিধাতা আমাত॥নয়নে দেখিবো মই চৰণ কমল।আজিসে জন্মৰ মোৰ হৈবেক সম্ফল॥

দণ্ডৱতে পৰিবোহোঁ কৃষ্ণৰ চৰণে।কৃষ্ণে মোক আশ্বাসিবে মধুৰ বচনে।খুড়া বুলি কৃষ্ণে মোক কৰিবে আহ্লাদ।ব্ৰহ্মৰ দুৰ্ল্লভ তেবে লভিবো প্ৰসাদ॥হেন মনে গুণি ৰথে লৰিলা অক্ৰুৰ।গোধুলিকা বেলাত পশিলা গোপ পুৰ॥মাধৱৰ খোজচয় দেখিলা ভূমিত।ধ্বজ-ব্ৰজ-পঙ্কজ অঙ্কুশ-সুশোভিত।পাইলো পাইলো হৰি পদ পঙ্কজৰ ধূলি।ব্ৰহ্মাহৰে শিৰে লৱে শুদ্ধ হওঁ বুলি।ৰথ–হন্তে নামি বেগে কৃষ্ণ কৃষ্ণ বুলি।শিৰে আনি সাধিলা খোজৰ যত ধূলি।পাছে গৈয়া কৃষ্ণক দেখিলা আনন্দতে।কৃষ্ণ কৃষ্ণ বুলিয়া পৰিলা দণ্ডৱতে॥কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালী তুলি।সৎকাৰ কৰিলা অক্ৰুৰক খুড়া বুলি॥অক্ৰুৰে ভকতি পথে যতেক বাঞ্চিলা।কৃষ্ণে তান সবে মনোৰথক পুৰিলা॥কহিলন্ত অক্ৰুৰে কংসৰ বিচেষ্টাক।মথুৰাক যাইবাৰ সাজিল গোপজাক॥দেখা কেনে অভকতে নিজ নাশ মাতে।ভকতে ভকতি কৰি নিজ কাৰ্য সাধে॥হেন জানি সাধুজন ভকতি কৰা সাৰ।কৰ্ম্মবন্ধ ছিঙি হোৱা সংসাৰৰ পাৰ॥কেৱলে ভকতি তৰে বিষয়-জঞ্জাল।শুদ্ধ চিত্তে লোৱা নাম এৰি আল-জাল।যিহেতু কৃষ্ণসে মাত্ৰ সৰ্বোত্তম দেব।তাহাৰ চৰণমাত্ৰ সদাকৰো সেৱ ||

গৰু চাৰি চাৰি ভাতে মোকলাইলোলৱণু কৰিলো চুৰি।কোটি ব্ৰহ্মাণ্ডক গৰ্ভতে দেখাইলোনুবুলিলা মোক হৰি॥

নাৰায়ণ ৰূপে অনন্ত শৰ্যাতজলত কৰি শয়ন।নাভি পদ্মহন্তে ব্ৰহ্মাক সুজিলোস্ৰজিলো তিনি ভূৱন॥বেদক পঢ়াইলো তত্বজ্ঞান কৈলোঅজ্ঞান কৰিলো দূৰ।তোহোৰ ঘৰত যতেক ঐশ্বৰ্যসবে ভৈল মষিমূৰ॥হংসৰূপে মই স্বৰ্গক কম্পাইলোব্ৰহ্মাৰ সভাত ৰৈলো।মুনি সমস্তৰ সংশয় ছেদিলোআত্ম তত্বজ্ঞান কৈলো॥সিদ্ধ মুনি সবে সাদৰিলে মোকপ্ৰণামিলে সৃষ্টি কৰে।আবে আসি মই পূৰ্ব্ব কথা মতেপুত্ৰ ভৈলো তোৰ ঘৰে।ব্যাসৰূপে মই চাৰিয়ো বেদৰকৰিলোহো শাখা ভেদ।জ্ঞান-কৰ্ম্ম-ভক্তি প্ৰবৃত্তি-নিবৃত্তিদিলো সবে পৰিচ্ছেদ।

বেদৰ ৰহস্য ভাগৱত ধৰ্ম্মনিবান্ধিয়া থৈলো পুনু।মূৰ্খতো অধিক কৰি আৱে তইমোক বোল জড় কানু॥অসুৰৰ ভয়ে পূৰ্বে দেবগণেচিন্তিলো গৈয়া আমাক।চতুৰ্ভূজ ৰূপে আসি তাবক্ষণেদেখা দিলো তাসাম্বাক॥মোৰ ৰূপ দেখি চমক লাগিলত্ৰিদশে পৰিল ঢলি।আবে তই মোক বিগুটিয়া মাতকলিয়া কলিয়া বুলি॥ভকত লক্ষণ পৰম ৰহস্যনাহিকে জানন্তা তাক।জ্ঞানী মুনিমানে কেহো নজানয়মঞি মাত্ৰ জানো তাক॥মালমতি আক শুনিয়ো নুবজেমোত নাহিতাৰ বুদ্ধি।প্ৰথমতে মোক একচিত্ত কৰিতুমি হৈবা মহাশুদ্ধি।জগত ব্যাপক নিৰ্মল পুৰুষমোতে আছে যত লোক।চিদানন্দময়{{gap|3em}মই নিৰঞ্জনজানিয়া স্মৰিয়ো মোক।যত তীৰ্থদেৱ সবাকো পবিত্ৰভকতে কৰে আমাৰ।

তাৰ পাছ লাগি ফুৰে যত দেৱশুনাকহো নাম তাৰ॥ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বৰুণবায়ু বহ্নি প্ৰজাপতি।কমলা কাৰ্তিক চণ্ডিকা শঙ্কৰগণেশ্বৰ সৰস্বতী॥অশ্বিনী কুমাৰ ধৰ্ম্ম যমৰায়আন যতদেৱ আছে।শুদ্ধ হওঁ বুলি সদায়ে ভ্ৰমন্তভকতৰ পাছে পাছে॥তৰ্ক বেদাগম জ্ঞানযোগ শাস্ত্ৰে।পুৰুষক কৰে অন্ধ।কোটি কোটি জন্মে মোক নজানিবেইহাত যাৰ প্ৰবন্ধ।আন দেব ধৰ্ম্ম সবে মায়াময়জানিয়া তেজিয়ো তাক।মোক বেদ মন্ত্ৰ যেন স্তুতি কৰেশুনা সখি বেদবাক॥

পলাল বনমালী ভাণ্ড ভাঙি থৈ।গোপালক বান্ধিলে মাতৃ গৰু পঘালৈ॥ভকতিত হুয়া তুষ্ট ভকত বৎসল।দিলন্ত মুকুতি কৃষ্ণে অৰ্জ্জুণ-যমল॥

নযাইবি-নযাইবি কানু গোৱালীৰ পাৰ।কতনো শুনিম মই তোমাৰ জগৰ॥

কেহোঁ বোলে চুৰি কৰি খাৱল-লবনী।সব দধি দুগ্ধ খাইল বোলে কেহোঁজনী।কেহোঁ বোলে ভাঙিলে যতেক মোৰ ভাণ্ড।এখন বয়সে তুমি ওত মান চাণ্ড॥মোৰ ঘৰে দধি দুগ্ধ লবণুকে আদি।প্ৰতিদিনে বোৱাইবাক পাৰৰ নদ-নদী॥তথাপি নোজোৰে কানু খাইবাক তোমাৰে।চুৰি কৰিবাক যায় গোৱালীৰ ঘৰে॥নানান সুৰস কৰি নানান বাসৰে।যতন কৰিয়া থওঁ খাইবাক তোমাৰে॥যত পাৰমানে খায়ে পেট ভৰি ভৰি।দুখীয়া ছৱাল যেন ফুৰা চুৰি কৰি॥পলাই যাবে বনমালী ভাণ্ড ডাঙি থৈ।যশোদাই বান্ধি থবো ভক্তিজৰি লৈ॥অনন্ত ব্ৰহ্মাণ্ড পতি হইয়া আপুনে।ধৰিলা লৱণু চোৰ নাম কিবা গুণে॥ব্ৰহ্মা হৰে আৰাধে যাহাঁৰ দুই পাৱ।হেন তুমি লৱণু মাগা গোৱালীৰ ঠাৱ॥কাল মায়া কাম্পে যাৰ নাম সুমৰনে।যশোদাৰ ভয়ে তুমি কম্পা কিকাৰণে॥

গকুলৰ লীলা এৰি আহাঁ মথুৰালৈ।বাসুদেৱ-দৈৱকী কান্দে তযু নামলৈ॥

বন্ধন শালত পৰি আচন্ত দৈৱকী।আকাশৰ দেৱগণে কৰিলন্ত স্তুতি।দৈৱকী জননী ভয় নকৰিবা মনে।তোমাৰ গৰ্ভে জাত লৈছে দেৱ-নাৰায়ণে॥

আশ্বাসিয়া কহিলন্ত দেৱ ভগৱান।শুনা শুনা বসুদেৱ তোমাৰ কাৰণ॥আছিলাহা পূৰ্বতে সুতপা নামে ৰজা।আছিলন্ত দৈৱকীয়ো পৃষ্ণি নামে ভাৰ্যা।ৰাজ্য সুখ এৰি দুয়ো তপস্যাৰ বেশে।পুত্ৰ কামনাৰে মোক পুজিলা আশেষে॥তাপ-তুষ্ট হুৱা পূৰ্ণ কৰিলো সাধন।তিনি জন্ম তোমাসাৰ হৈবোহো নন্দন॥সেই জন্মে পুত্ৰভৈলে পৃষ্ণি গৰ্ভে হৰি।যুগে যুগে জগৰৰ বাঞ্চা পূৰ্ণ কৰি॥দ্বিতীয়ে লভিল জন্ম অদিতি কাশ্যপ।সেই জন্মে পুত্ৰ ভৈলো বামন স্বৰূপ॥তৃতীয়তে বাসুদেৱ দৈকৱী যে নাম।কৃষ্ণৰূপে তোৰা দুইৰো পূৰ্ণ কৰো কাম॥গকুলৰ লীলা মই সামৰিয়া থৈ।কংসৰ বধ হেতু আই যাবো মথুৰলৈ॥কাৰাগাৰ হন্তে মুক্ত কৰি পিতা-মাতা।উগ্ৰসেন সবে ভক্ত পিতামহ-ভাতা॥ভকতক ৰক্ষাহেতু মোৰ অৱতাৰ।সিকাৰণে নাশ হৈবে কংস চদুৰাচাৰ॥সবে ভকতৰ মনোৰমক পুৰাইবো।যত কাৰ্য সিদ্ধি কৰি বৈকুণ্ঠক যাইবো॥

ৰাম নামৰ প্ৰেমৰ ভাণ্ডাৰ হিয়াত আছে ৰৈ।ভকতৰ মুখ-পদ্মে ধীৰে ধীৰে বৈ॥

গোলোকলৈ কৰে গতি নাম-নামীলৈ।ভকতক ভকতি প্ৰেম সাগৰত থৈ॥

ৰাম নাম লৈয়া পাপীজনো তৰে সুখে।হে ৰাম নামৰ ভাণ্ডাৰ ভৈলা মুখে॥যি মুখে বুলিবা ৰাম সিমুখে ভাণ্ডাৰ।সদায়ে ভাৱিয়ো ৰাম ক্ষয় নাহি যাৰ॥অনন্ত ৰসৰ নিধি ৰাম কৃষ্ণ নাম।মুখ ভৰি সদায়ে ডাকিয়ো ৰাম ৰাম॥ৰাম কৃষ্ণ হৰি ৰাম মুখে থাকে যাৰ।সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ॥ৰাম কৃষ্ণ নাম ভকতৰ মহাধন।সদা নাম লৱয় আনন্দ কৰি মন॥যাৰ মুখে ৰাম বাণী আসে সৰসৰী।জানিবা নিশ্চয় তাৰ বৈশ্য ভৈল হৰি॥হৰি সেৱা বিনে আউৰ সফল অসাৰ।এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ॥নামৰ ভাণ্ডাৰ মুখে লৈ কত পুণ্যভাগে।আনন্দে ভাবিয়ো ৰাম যাক যত লাগে॥ৰাম কৃষ্ণ নাম যাৰ মুখে ভৈল গীত।নামৰ প্ৰসাদে সিটো ভৈল কৃত কৃত্য॥হৰিৰ চৰণ চিন্তি হৰি সেৱা কৰা।দুৰ্লভ মনুষ্য জন্ম বিফল নকৰা॥নিত্যানন্দ ৰাম ভকতৰ মহাধন।হৰি বিনে আন ধৰ্ম্ম সবে অকাৰণ॥ৰাম কৃষ্ণ নাম যা থাকয় মুখত।যম যম-দূতক নেদেখে সপোনত॥

আন ধৰ্ম্ম নাহি হৰি নামৰ উপাম।হৰিৰ বল্লভ সিটো সদা বোলে ৰাম॥হৰি কীৰ্ত্তনত সবে নকৰিয়ো হেলা।এহিসে ৰাখিবে মোৰ সঙ্কটৰ বেলা॥ৰাম নাম প্ৰেমলতাই জগত আছে জুৰি।নামকে বিচাৰি ফুৰো ব্ৰহ্মাণ্ডতে ঘূৰি॥দুষ্টক দমিলা প্ৰভূ সন্তক পালিলা।ৰাম নাম দিয়া হৰি সংসাৰ তৰিলা॥ক'ত আছ হৰি বুলি নাপাওঁ বিচাৰি।শৰীৰতে আছা প্ৰভূ আত্মৰূপ ধৰি॥হেন জানি নিৰন্তৰে এৰি আন কাম।হৃদয়তে চৰণ চিন্তি বোলা ৰাম ৰাম॥

বিদুৰ বিভীষণে দধিচি কৰ্ণৱেতেজি বিষয়ৰ ধৰ্ম্ম।দেহ-গেহ যত অৰ্পিলে কৃষ্ণতেকৰি মাধৱৰ কৰ্ম্ম॥

ধৰ্ম্মে পৃথিৱীৰ আগত কহিলামহাভাগৱত ধৰ্ম্ম।মুকুতি সুখৰ কেৱলে আশ্ৰয়জানা মাধৱৰ কৰ্ম্ম।কৃষ্ণৰ চৰণ চিন্তিয়া থাকয়কৰিয়ো কীৰ্ত্তন কৰ্ম্ম।মনুষ্য লোকত এহিমানে মাত্ৰপুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম।

কৃষ্ণ গুণনাম ধৰ্ম্মসে পৰমমঙ্গলৰো সুমঙ্গল।কৃষ্ণৰ কীৰ্ত্তন ৰসেহে কেৱলমুকুতি সুখৰ ফল॥যিহেতু কৃষ্ণৰ কীৰ্ত্তন ধৰ্ম্মতনাহিকে পাত্ৰ নিয়ম।কেৱলে কৃষ্ণৰ কীৰ্ত্তন কৰয়সমস্তকে নৰোত্তম॥হৰিৰ সেৱাত নাহিকে প্ৰয়াসজানিবা নিশ্চয় কৰি।নাম মাত্ৰ লৈলে হোৱন্ত সন্তুষ্টকিনো কৃপাময় হৰি॥হৰিৰ চৰণ সদা আৰাধন্তব্ৰহ্মা হৰ পুৰন্দৰ।হেন হৰিপদে শৰণ নলৱেকিনো বুদ্ধিহীন নৰ॥ভাৰত ভূমিত জনম লভিয়ানভজে হৰি চৰণে।সিটো জ্ঞানশূণ্য পশুতো অধমজনম ধৰিলা কেনে॥কলি গ্ৰাহে ধৰি সবাকো গিলয়নাহিকে চেতনমনে।ত্ৰাহি হৰি বুলি শৰণে পশিয়োঅভয় হৰি চৰণে॥জ্ঞানে বা অজ্ঞানে মাধৱৰ নামযিজনে ফুৰে সুমৰি।

তাক মোৰ বুলি হাতে চক্ৰ তুলিৰাখিয়া ফুৰন্ত হৰি॥ভৃত্য ভয়হাৰী অপৰ দেৱতাহি হৰি সমসৰ।প্ৰপন্ন জনৰ জানিবাহা হৰিব্ৰজৰ যেন পঞ্জৰ॥শ্ৰৱণ কীৰ্তন কৰে যিটোজনতাৰ হৃদি কলমত।অতি অল্পকালে ভকত বৎসলেহৈবন্ত আসি বেকত॥ভক্তৰ হিয়াত থাকিয়া সাক্ষাতহৱন্ত সমস্তে মন।যেনে জলচৰ শৰতে কৰয়নিৰ্ম্মল আতি উজ্বল॥কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰিনেৰে কৃষ্ণ পদ আৰ।যেন পৰবাসী ৰৈল গৃহে আহিএৰায়া দুখ নিকাৰ॥শ্ৰৱণ কীৰ্ত্তন কৰা সৰ্ব্বক্ষণকৃষ্ণ পাৱে দিয়া মতি।সমস্ত ভকত মাতি আনি নিতেশিকায়ো হৰি ভকতি॥কৃষ্ণ পদসেৱা এহিমানে মাত্ৰদৃঢ় কৰি ধৰা সাৰ।বিষয় যাতনা ভূঞ্জিব নালাগেসুখে মাত্ৰ তৰা সংসাৰ॥

হেন জানি যত সমস্যাৰ প্ৰাণীএৰি আন যত কাৰ্য।কৃষ্ণৰ কিঙ্কৰে কহে নিৰন্তৰেডাকি বোলা ৰাম ৰাম॥

নামঘৰ মনোহৰ জাতীয় সভাঘৰদ্বিতীয় বৈকুণ্ঠ ধাম।কোটি সূৰ্য সম প্ৰকাশ কৰয়ভকতৰ ৰহস্য স্থান।

ৰত্নৰ মন্দিৰ স্তম্ভ বৈদুৰ্যৰপদ্মৰাগ ৰত্নে চ’তি।প্ৰবাল ৰাসৰে জলমল কৰেহৰি মন্দিৰৰ জ্যোতি॥কাটিলা জিঞ্জিৰি শুদ্ধ সুবৰ্ণৰখাটিবো লগায়া ধাৰ।চিকিমিকি কৰে হিয়াৰ দুৱাৰেমানিক কপাট তাৰ॥মুকুতা মুৰাৰী চন্দ্ৰতাপ আঁৰিজলীয়া ধৰ্ম্মৰ বন্তি।বৈকুণ্ঠ সম্পদ ৰশ্মিয়ে ৰঞ্জিতহৰিৰ গৃহৰ কান্তি॥ৰতনে ৰচিত সূবৰ্ণ খচিতথাপি ৰত্ন সিংহোসন।ৰত্ন আসনতে পৰম আনন্দেপ্ৰকাশন্ত নাৰায়ণ॥

মৌক্তিবৰ ছত্ৰক ধৰি দুই কাছেধবল চামৰে বিছে।সঘনে সুৰভি সু-শীতল বায়ুসুগন্ধি কুসুম সিছে॥কৌটি কন্দৰ্পক জিনিয়া বিৰাজেপ্ৰভূৰ ৰূপ বিপুল।চৈতন্য স্বৰূপে প্ৰকাশ কৰয়জগতৰ আদি মূল॥হেনয় আনন্দ মুৰ্ত্তিক নিৰেক্ষিএকান্ত ভকতি ভাৱে।ৰাতুল অভয় চৰণ দুখানিউপাসান্ত লক্ষ্মীমাৱে॥কাষে পৰিষদ আগত বৈষ্ণৱআছে কৃতাঞ্জলি কৰি।সিংহ দুৱাৰতে আছে জয়বিজয়বৈকুণ্ঠ মুখ্য দুৱৰী॥ওপৰে চন্দ্ৰতাপ আসনত জগন্নাথপূৰ্ণব্ৰহ্ম ভগৱন্ত।বসি ঠাৱেঠাৱে হৰিনাম গাৱেপ্ৰভূৰ নিজ ভকত॥আজি নামেঘৰত পদ্মফুল ফুলিছেভকতে আছন্ত বেৰি।হৰনািম ৰসে অমৃত বৰষেতনু ৰোমাঞ্চিত কৰি॥জগতৰ গুৰুৱে কৰিছা নিৰ্মাণউপাসনাৰ ঠাই।

পাছে যোগবলে মহাভক্ত সবেসেহিস্থান পাইলা যায়॥অপূৰ্ব বৈকুণ্ঠ দেখি সিদ্ধসবেপৰম আনন্দ ভৈলা।ইথান সিথান কৰি ছয়থানদুৱাৰ এৰায়া গৈলা॥নীলবৰ্গ আতি শোভে চাৰিবাহুদেখিতে আতি সুন্দৰ।হাতে দিব্য গদা ধৰিয়া আছন্তদেখা অতি ৰুচিকৰ॥বান্ধৱ কৃষ্ণৰ মই অধমককৃপাকৰা হেনমত।তযু ভক্ত সঙ্গে গুণনাম গায়াযিমতে থাকো সতত॥

পৰম ৰহস্য জনম মনুষ্যবসুদেৱ দৈৱকীৰ ঘৰে।মায়া নামে কংস কৰি নিজে ধ্বংসভকতক উদ্ধাৰ কৰে॥

গুৰু নিগদতি শুনা কুৰুপতিজাত ভৈলা ভগৱন্ত।যেখনে তেখনে ধৰ্ম্ম নষ্ট ভৈলেতাহাঙ্ক আসি ৰাখন্ত॥অধৰ্ম্মীৰ নাশ জগত নিবাসবেকত হোৱে আসিয়া।

আপোনাক তেন্তে আপুনি স্ৰজন্তমনুষ্য নাট কৰিয়া॥কৰ্মে বা তাহান জন্ম কৰাৱয়ইটো কথা নুহিকয়।যোগ মায়া ধৰি ভগৱন্ত হৰিঅধৰ্ম্ম কৰয় ক্ষয়॥যোগৰ নিয়ন্তা ঈশ্বৰ সাক্ষাতসাক্ষী প্ৰভূ জগতৰ।সৰ্ব্বব্যাপি যিটো আনন্দ স্বৰূপঅন্তৰ্যামী সমস্তৰ॥এতেকে তাহান জন্ম আদি কৰ্ম্মনুহকিা কেহো কাৰণ।মায়া বিনোদিয়া ব্যতিৰেক আনব্ৰহ্মাৰ নাহি জানন॥শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰঅমৃত ইসে প্ৰধান।ধন-জন যত পুত্ৰ পৰিবাৰইসৱ বিষ সমান।এতিক্ষণে আছে এতিক্ষণে নাইটাটেক নাটেক মায়া।পদ্ম পত্ৰ জল জীৱন চঞ্চলঅথিৰ মনুষ্য কায়া॥কেতিক্ষণে আসি ধৰিলেক পৰাবিষম অন্তক বাঘে।জানিয়া সত্বৰে ধৰিয়ো কৃষ্ণৰচৰণত অনুৰাগে॥

কৃষ্ণ হেন দেৱ আউৰ নপাইবাউপকাৰী কৃপাময়।নাম মাত্ৰ লৈলে এতেকে কৰন্তসমস্তে পাতক ক্ষয়।ভুকুতি মুকুতি পদকো সাধন্তশ্ৰৱণ যশ কীৰ্ত্তনে।হেনয় বান্ধৱ দেৱক নভজেকোননো অধমজনে।আন দেৱ তেজি মোকে মাত্ৰ ভজিভৈলেক এক শৰণ।সাধু সেইজন অৰ্জ্জুণৰ আগেবুলিলা কৃষ্ণে বচন॥প্ৰভূ ভগৱন্ত অনন্ত ঈশ্বৰভকত বৎসল হৰি।মায়াক তৰিয়া বৈকুণ্ঠক পাইবাতযু নাম সদা স্মৰি॥

ভকতক উদ্ধাৰমনে আদেশ কৰিলা কৃষ্ণেযোগমায়া গকুলক যোৱা।দৈৱকীৰ গৰ্ভহৰি ৰোহিনীত থৈয়া নিয়াতুমি যশোদাত উপজাহা॥

অধৰ্ম্মীক নাশহেতু ইবাৰ গৰুড় কেতুবেকত হোৱন্ত নিজে আসি।আপোনাক ভগৱন্ত আপুনি স্ৰজিলন্তমনুষ্যৰ নাটক প্ৰকাশি॥

গগণে গৰজে ঘন বোলে লৈয়া নাৰায়ণচলে বসুদেৱ ধীৰে ধীৰে।দেখিয়া সহস্ৰানন ভিজে প্ৰভূ নাৰায়ণফনায়ে ধৰিলা ছত্ৰ শিৰে॥যমুনাৰ পাৰ হৈয়া গকুলৰ পথ পায়াচলি যাৱে বসুদেৱ সন্ত।মুখ্যদ্বাৰ পাৰভৈলা কেহোঁ তাক নাকলিলানন্দৰ মন্দিৰে পশিলন্ত।তৈতো প্ৰহৰীয়াসৱ নিদ্ৰাজালে নিশৱদহৈয়া সবে আছিলা শুতিয়া।পৰশন্তে বসুদেৱ নয়নৰ পৰে নীৰৰোমাঞ্চিত ভৈল সৰ্ব্বকায়া॥পুত্ৰক শৰ্যাত থৈয়া কন্যাক কোলাত লৈয়াপুনু পালতিলা বসুদেৱ।মথুৰা নগৰীপায়া কাৰাগাৰত বন্দীহৈয়াথাকিলন্ত নাজানিয়া কেৱ॥হৰিকথা ৰসে আতি প্ৰৱেশ ভৈলেক মতিশুনিয়োক তাক ফলচয়।বিভৎস বিষয় যত তাত কৰি বিষয়তকৃষ্ণপদে ৰতি জনমায়।জানি শুনা কৃষ্ণ কথা জন্মক নকৰা বৃথা।সমস্ত শাস্ত্ৰৰ ইসে সাৰ।কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্মকৰিসিটো চিন্তে আপোনাৰ যাৰ॥যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰিকৰি আছা হিয়াত নিবাস।

তাঙ্ক কৰি অনাদৰ অধম অবোধ নৰকৰে আন কৰ্ম্মৰ বিশ্বাস।সানিয়াত মাৰে গাষ্ঠি পিন্ধে গলে কাচ কাণ্ঠিকোচত আছত্ত হেমহাৰ।হাতৰ অমৃত তেজি মৰে যেন বিষ ভূঞ্জিভৈল সেহি পটন্তৰ তাৰ॥সাধেমহা সৰ্ব্ব সিদ্ধি ভকতৰ নৱনিধিমাধৱৰ অৰুণ চৰণ।শৰণ লৈয়োক তা নিতে হোৱে আয়ুপাতঅদ্যপিও নেদেখা মৰণ॥আছোক মনুষ্য আন দেৱে তীৰ্থে কৰি মানভকতৰ ফুৰে পাছে পাছে।ত্ৰৈলোক্যত নাহি সৰি জ্ঞানীতে কৰ্ম্মতো কৰিভকতেসে শ্ৰেষ্ঠ হুয়া আছে॥হেনজানি চিন্তা হিত কৃষ্ণক চিস্তিয়ো নিতকৃষ্ণসে কৰিব পাৰে আন।জীৱন বিজুলি প্ৰায় অথিৰ মনুষ্যকায়কৈত কেতিক্ষণে পৰে প্ৰাণ।

..............

৯৫। মূল ঘোষাঃ-{{Block center|<poem>জীৱৰ সাৰথি নামহে বান্ধৱজীৱৰ সাৰথি নাম।নাৰায়ণ নাম লৈয়া অজামিলেপালে বৈকুণ্ঠত থান॥

সূৰ্যসম সবে জলন্ত আছাহাসমস্ত দিশ প্ৰকাশি।

ইটো মহাপাপী বিপ্ৰক নোহন্তেকিসক বাধিলা আসি॥হেন শুনি হাসি চাৰি বিষ্ণু দুতেদিলন্ত পাছে উত্তৰ।কোন পাপ পুণ্য একো নজানয়শুনৰে যম কিঙ্কৰ॥মৰিবাক বেলা ইটো অজামিলেনাৰায়ণ নাম লৈলে।কোটি জনমৰ যত মহাপাপতাৰ প্ৰায়চিত্ত ভৈলে॥সংসাৰত যত আনো অসংখ্যাতআছে মহাপাপী গণ।সৱাৰো এহিসে মুখ্যপ্ৰায়চিত্তহৰিৰ নাম কীৰ্ত্তন।মাধৱৰ মতি হোৱে তাক প্ৰতিযিফুৰে নাম সুমৰি।ইটো মোৰ দাস নছাৰন্ত পাশৰাখিয়া ফুৰন্ত হৰি॥হৰিত ভকতি কৰে সৰ্ব্বদায়েকৰিয়া কীৰ্তন কৰ্ম্ম।মনুষ্য লোকত এহিমানে মাত্ৰপুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥হৰিনাম ধৰ্ম্ম স্মৰণ মহিমাদেখিয়ে দুত সম্প্ৰতি।পাপী অজামিলে নাৰায়ণ বুলিপাইবে পৰম গতি॥

উৰণ বুৰণ গজন ভ্ৰমণএহি চাৰিমুঠি জীৱ।সবাৰো হৃদত আত্মৰূপে আছেপূৰ্ণব্ৰহ্ম সদাশিৱ॥মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠদিব্য জ্ঞান আছে পাই।পৰম মঙ্গল হৰিৰ নামকসততে ফুৰিবা গাই॥মৰণ জীৱন সকলেসে ভ্ৰমসুখ দুখ যত ভাৱে।দেখে আত্মাপৰ অবিদ্যা ভিতৰঅজ্ঞান নুগুচে যাৱে।দেহৰ লগত আত্মাৰ মৰণকহে অজ্ঞানৰ প্ৰায়।ব্যাপক আত্মাক পৰিচ্ছেদ কৰেযাৰ আদি অন্ত নাই॥মন ইন্দ্ৰি প্ৰাণ সমস্তে থাকয়অৱস্থাহে দুৰ যায়।আতো সেহিমতে শৰীৰসে নষ্টআত্মাৰ বিনাশ নাই॥জীৱৰ মৰণ কহে যিটো জনসবে মিছ মহাভাগ।কৰ্ম্মৰ সংস্কাৰে আন দেহ লবেপূৰ্বদেহ কৰি ত্যাগ।

হেন জানি নৰ কৃষ্ণৰ চৰণ।মধুপিয়া কৰ্ণ ভৰি।কৃষ্ণ বিনে ত্ৰাণ কোন আছে আনডাকি বোলা হৰি হৰি॥

দেহা নামঘৰে হৃদয় মণিকুটেপ্ৰকাশন্ত নাৰায়ণ।যিটো জানে তত্ব দেখয় হিয়াততীৰ্থে নাই প্ৰয়োজন।

নামঘৰ সভাঘৰ দেখোতে মনোহৰবৈকুণ্ঠপুৰ সমান।কোটি সূৰ্য সম প্ৰকাশ কৰয়।কৃষ্ণৰ ৰহস্য থান॥ৰত্নৰ মন্দিৰ স্তম্ভ বৈদুৰ্যৰপদ্ম ৰাগে ৰত্নে চটি।প্ৰবাল বাসৰে জলমল কৰেহৰিমন্দিৰৰ জ্যোতি॥কাটিলা জিঞ্জিৰি শুদ্ধ সূৱৰ্ণৰফটিক লগায়া বাৰ।চিকিমিকি কৰে হীৰাৰ দুৱাৰে।মানিক কপাট তাৰ॥মুকুতা মুৰাৰী চন্দ্ৰতাপ আঁৰিজ্বলায়া ধৰ্ম্মৰ বন্তি।বৈকুণ্ঠ সম্পদ ৰশ্মিয়ে ৰঞ্জিতহৰিৰ গৃহৰ কান্তি॥

ৰতনে ৰচিত সুবৰ্ণ মচিতথাপি ৰত্ন সিংহাসন।ৰত্ন আসনতে পৰম আনন্দেপ্ৰকাশন্ত নাৰায়ণ॥মৌক্তিক ছত্ৰক ধৰি দুইকাষেধৱল চামৰে বিচে।সঘনে সুৰভি সুশীতল বায়ুসুগন্ধি কুসুম সিছে॥কোটি বন্দপৰ্ক জিনিয়া বিৰাজেপ্ৰভূৰ ৰূপ বিপুল।চৈতন্য স্বৰূপে প্ৰকাশ কৰয়জগতৰ আদি মূল॥হেনয় আনন্দ মূৰ্ত্তিক নিৰেক্ষিএকান্ত ভকতি ভাৱে।ৰাতুল অভয় চৰণ দুখানিউপাসান্ত লক্ষ্মীমাৱে॥

নামঘৰত নামৰ নদী বোৱালে শঙ্কৰে।তাতে বহি নাম লয় ভকত বান্ধৱে॥

ভকততে পৰে শ্ৰেষ্ঠ কতো নাই নাই।হৰি যাৰ পাছে পাছে ফুৰন্ত সদাই॥ভক্তি কৰিবাক লাগে ভকত জনত।ভক্তিসে তৰাইবে ইটো ঘোৰ সংসাৰত॥ভকতক ভজিলেহে বুজিব ভজন।আগে বন্দে পাছে নিন্দে পৰম দুৰ্জ্জন॥ভকতক ভজিলেহে বুলিব ভকতি।

আগে বন্দে পাছেনিন্দে পৰম দুৰ্মতি॥হেন ভকতক এৰি মহামূঢ় নৰে।শৱতুল্যশৰীৰক আত্ম বুদ্ধি কৰে॥জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে।এহি চাৰি বুদ্ধি মহাজনত নকৰে॥ভকতৰ মিত্ৰ হৈবা মোৰ যেন প্ৰাণমই মহাভিক্ষুক দিয়োক ওহি দান॥কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।সদায়ে ৰহোক ডাকি বোলা ৰাম ৰাম॥

জীৱ আত্মা পৰম আত্মা দুয়ো ককাই ভাই।দেহ নামে ঘৰে থাকে চিনা জনা নাই॥সংসাৰ সাগৰে থাকে জীব নামে ভাই।মন সমে দশানন ভোগ কৰোৱাই॥

এটি ঘৰ নৱদ্বাৰ গুৰু হাতে ছাৱি।কোনদিনা যাবদেহা নপাইলোহো ভাৱি॥কোন পথে আনিছিলা কোন পথে নিবা।পাপ-পুণ্য কৰ্ম্মফল যমপুৰে দিবা।একে গৃহে থাকি গলা দুয়ো ককাই-ভাই।যমদুতে লৈয়া যাব জীৱভোক্তাক পাই॥পৃথিৱীতে পৰি ৰব তনু-ধন সোণ।শুদাহাতে যাবানেকি ভাৱি চোৱা চোন॥যমদণ্ড এইবাৰ যদি কৰা মন।গুৰু বাক্য ৰাখি চিন্তা দেৱ নাৰায়ণ॥ৰাম নাম দুটি অক্ষৰ হৃদয়ত বান্ধি।

দুৰ্লভ মনুষ্য জন্ম কৰিয়োক সিদ্ধি॥ধন-জন পুত্ৰ-ভাৰ্যা মহাস্বাদ পাই।হৰিনাম মহাৰাম তাতে ইচ্ছা নাই।বোলে মোৰ পুত্ৰ-ভাৰ্যাই কেনমতে খাই।ভকতিয়া ভৈলে মোৰ নুযুৱাই গায়।এহিমতে হেৰা কৰি কয় ভকতি।জানিবা নাৰদ সিটো ভৈলা অধোগতি॥চাৰিকুৰি চাৰিখন নৰক আছয়।সিটো নৰ্ক পোতা যাইবে কলিত নিশ্চয়।বোলে মোৰ পুত্ৰ ভাৰ্যা মুকুতিৰ দ্বাৰ।শগোটে শলৈয়া হোৱে সিন্ধুপাৰ॥মনে মাধৱক নকৰিবা পৰিহাৰ।তৰিবা কলিত সুখে ইটো মহাভাৰ॥যিটো ৰাজহংস সৰোবৰত চৰয়।শামুকক লাগি মনে বাঞ্চা নকৰয়॥অথিৰ শৰীৰ হেনজানি মনে চিত্তে।নকৰিবা পাপ বুদ্ধি ইহাৰ নিমিত্তে॥ধন-জন-পুত্ৰ পত্নী সবে হোৱে ছন্ন।অকলে কৰিব পৰলোক গমন॥হেনজানি সৰ্ব্বজনে এৰি আন কাম।পাতক চাবোক ডাকি বোলা ৰাম ৰাম॥

Comments

Loading comments…