এমুঠি বনকৰা কিংখাপ কবিতা

এমুঠি বনকৰাকিংখাপ কবিতা

কৌস্তুভ প্ৰকাশননিউ মাৰ্কেট, ডিব্ৰুগড়-০১

উছৰ্গা

পাগলাদিয়াৰ পাৰৰ জীয়াৰী আমাৰ মৰম বোৱাৰীশ্ৰীমতী যুগব্ৰতা দাস (বাবী)ৰ নামত কবিতাৰ।থুনুক-থানা ভাষাৰেআলফুল দুখনি হাতেৰে ..।

দে-উ-তা ...২৫ | ০৭ | ২০১৯

সূচী–পত্ৰ

তোমাৰ জন্মদিনৰ বুকে / ১১আহক, অলপ আলাপ কৰো মুকলি মনেৰে / ১২অনুভৱ / ১৪খৰিকাজাঁই / ১৫অ’ মোৰ চম্পাৱতী শাওণৰ পথাৰ / ১৬কপৌফুল যেন ছোৱালীবোৰ / ১৭এটি স্কেচ্ছঃ সন্ধিয়াৰ / ১৮বুকুত নাচি আছে এটা দীঘল সুহুৰি / ১৯খোজত ফুলাই খৰিকাজাঁই / ২০গৰু মেলি গৰখীয়া... / ২১বিভ্ৰাট / ২২পাতে তিৰবিৰ হামদৈ পথাৰ / ২৩তোমাৰ চহৰত এতিয়া / ২৪মোৰ তেজৰ বাগিছাত ফুলিছে / ২৫মোৰ পিতা / ২৬জোনাকৰ চেলেং এখন লৈ / ২৭নিশাটোৱে উচুপিছে মোৰেই বিছনাত / ২৮দিহিঙৰ অথাউনি পানীত / ২৯আপুনি নজনাকৈয়ে / ৩০তেজীমলা অ’ / ৩১দুটি স্নেপঃ বিগত বছৰটোৰ / ৩২অঘাইতং বছৰটো / ৩৩

প্ৰিয় বন্ধু বিদ্যাধৰ দলে সমীপেষু / ৩৪নাম তাইৰ নিবেদিতা লাচন গাম / ৩৫বতাহ খামুচি আছোঁ দিন ৰাতি / ৩৬শৈশৱ / ৩৭পলসে কবৰ দিছে / ৩৮এখন দুখৰ দিখৌ / ৩৯দুখ মোৰ দুপৰৰ অতিথি / ৪০বুকুৰ হাবি-বন কাটি / ৪১সকলো কবিয়ে দিনটোত এবাৰ উচুপে / ৪২কবিতা এ নাহিবি ৰাতি / ৪৩যন্ত্ৰণাত নিশাৰ উলুবাৰীৰ উৰণ সেঁতু / ৪৪মেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি / ৪৫আজাৰ নিজাৰ পৰিল... / ৪৬বন্ধুলৈ / ৪৭কঁপি থকা বিৰিণা পাতৰ দৰে / ৪৮ফুল আলসুৱা কবিতাৰ কেঁচুৱা / ৪৯কাষে চপাই দিয়া... / ৫০কাজিৰঙা পাৰ যদি তোৰ পোনাহঁতক বচা / ৫১আমাৰ জীৱনৰ যাত্ৰা পথত / ৫২পাহাৰ / ৫৩স্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদী / ৫৪কম্পিত এই উপত্যকা / ৫৫শব্দৰ এজাক সেউজীয়া বৰষুণত / ৫৬সেইজনী সোণপাহী নহয়, এটা কবিতা / ৫৭খুলি থৈছোঁ হৃদয়ৰ আটাইবোৰ খিড়িকী / ৫৮অ’ মোৰ ৰাজমাই বাগিছাৰ ৰূপহী গাভৰুজনী / ৫৯আহিনৰ বতৰ / ৬১অনুভৱঃ কবিতা বিষয়ক / ৬২আমতলে শ্যাম যায়... / ৬৩

তোমাৰ জন্মদিনৰ বুকে

শৰতৰতলসৰা শেৱালিৰেকেনেকৈ সজাওঁ তোমাৰজন্মদিনৰ বুকে

বুকুৰ ফুলনিত শাৰী শাৰীকৈৰুইছোঁ এডৰা ক্ৰিছেন থেমামফুলকচোন শীতততাৰেই সজাম।

আহক, অলপ আলাপ কৰোঁমুকলি মনেৰে

আহক, অলপ আলাপ কৰোঁ মুকলি মনেৰেআপোনালৈ মোৰ সাদৰ সম্ভাষণআহিনৰ তলসৰা শেৱালিৰে নহয়ফুটো নুফুটো এটি ৰঙা গোলাপেৰেবাৰিষাৰ বিষাদভৰা অশ্ৰুৰ অন্ততজ্বলি উঠিছে আইতাৰ এগচি তেল শলিতাসন্ধিয়াৰ নিৰ্মেঘ তুলসী তলতয’ত প্ৰৱাহিত হৈছে আপোনাৰ মোৰ কুশল-বাৰ্তা

আহিনত বাঢ়ি আহিছে লহপহকৈনীলপৱনৰ কেনভাছত এখনশইচ সম্ভৱা পথাৰৰ সেউজীয়া গোন্ধসুন্দৰকৈ সজাইছে কজলা জুৰিৰ পানীতএখন মনৰ মতন লাইফ চাইজ দাপোণয’ত আপুনি চাব পাৰে আপোন মুখআঁচুৰিব পাৰে দীৰ্ঘদিনৰ অযত্নপালিতআউলি বাউলি আপোনাৰ কেঁকোৰা চুলিপৰীক্ষা কৰিব পাৰে আপোনাৰ মলিয়ন সাজোনচকুৰ ভাষা বিধ্বস্ত দেহৰ ৰেখা

নাৰ্চিছাছৰ দৰে আপুনিও পৰিব পাৰেনিজৰেই প্ৰেমত আৰু তেনেদৰেই

সংক্ৰমিত হ'ব পাৰে আকৌ এবাৰ প্ৰেমমানুহৰ পৰা মানুহলৈ হৃদয়ৰপৰা হৃদয়লৈচাইবেৰীয়াৰ পৰিভ্ৰমী এজাক পক্ষীৰ দৰেইআকাশৰ বিশালতাই হ’ব এদিনআমাৰ কাংক্ষিত ফুলনিৰ চাৰিসীমাবিশ্বাস আৰু অলপ প্ৰত্যয় হ’ব জেওৰা জপনাআহক, অলপ আলাপ কৰোঁ মুকলি মনেৰে।

অনুভৱ

ইচ্ছা কৰি বন্ধ কৰি থৈছোঁমোৰ হৃদয়ৰএকেখনি ভগা দুৱাৰমন গ’লে সহস্ৰবাৰসজোৰে টুকুৰিয়াব পাৰিচাবা দেইতোমাৰ লিহিৰিপতীয়া আঙুলিআলফুলীয়া পদুম ঠাৰি

কিন্তুমৃত্যু যিমানেই সবল নহওকএবাৰহে পাৰে টুকুৰিয়াবমোৰ হাউলি থকা জীৱনতনান্দীশ্লোক এবাৰহে গাব পাৰিচিহ্নযাত্ৰা নাটকত।

(পূৰ্বপ্ৰকাশঃ অনুভূতি, শাৰদীয় আলোচনী, ২০০৯,আজিৰ দৈনিক বাতৰি)

খৰিকাজাঁই

নাজানোকিহৰ আনন্দত ফুলিলইমান খৰিকাজাঁই

ফুলে ফুলেগুণ গুণাইদুখতো সুখতোঅনেক কবিতা উজায় ভটিয়ায়।মোৰ গালে-মুখে হাত ফুৰাই।

অ' মোৰ চম্পাৱতী শাওণৰ পথাৰ

অ' মোৰ চম্পাৱতীশাওণৰ পথাৰডিঙি কুটে কুটায়দেহা ৰমে ৰমায়পিন্ধাইছেনে জোঁৱাইহঁতেসাতসৰী কণ্ঠহাৰ

দেচোন দে পাইএডৰা বা দুডৰাফটো ফ্ৰেমত বন্ধাইসজাই থওঁ হৃদয় চ’ৰাতইতো জানইমই যে আজন্মখেতিয়কৰ ভেলেঙা ল'ৰাতোক ভালপোৱাৰ টোপোলাৰেভৰ্তি মোৰ জীৱন ডিঙৰা

দেচোন দে পাইমই স্থাপন কৰোঁ এইআপোন শাওণৰ বতৰততোৰ সীৰলুৰ জৰায়ুতএটোম হিৰন্ময়ী শস্যৰ সপোনআহি থকা কঠিন দিনবোৰৰ বাবেমোৰ ভৱিষ্যতৰ পোনাহঁতৰ জোখাৰে।

কপৌফুল যেন ছোৱালীবোৰ

আঁহত পাত দুখিলা বুকুত বান্ধিম’বাইল ফোনত কথা পাতিকেতিয়াবা বাইকৰ পিছতকেতিয়াবা খোজকাঢ়িমোৰ দোকানৰ আগেদিহাঁহি-মাতি তাল-ফাল কৰি

কপৌফুল যেন ছোৱালীবোৰ আহে আৰু যায়মন গলে থাম্‌ছ আপ্‌ নহ'লে চকলেট খায়সিহঁতক মই ভুলতো নকওঁমোৰ দোকানত মাহে মাহেকিমান মানুহে উঠনা খায়কিজানিবা শুকাই যায় সিহঁতৰসাগৰ নীলা চকুৰ অঞ্জন ঋতুৰ হাচনাহানাঅথবা যৌৱনৰ খৰস্ৰোতা নদীবোৰকপিলী ভৰলী সোৱণশিৰীঅথবা সুমথিৰা কোঁহৰ এযুৰি ওঁঠৰ উপত্যকাৰাগ ভৈৰৱীত পল্লৱিত শব্দৰ সুষমা

হাঁহিবলৈ দিয়া বান্ধৈ আমাৰতো সময় নাইউকিয়াই উকিয়াই ৰেলগাড়ী গুচি যায়ইষ্টেচনৰ মুখলৈ চাইঅ’ মোৰে চেনাইটি ঐমুখৰ হাঁহিমুখৰ হাঁহি হৰিলে কোনে।

এটি স্কেচ্ছঃ সন্ধিয়াৰ

সাজৰ আজলী জোনবুজিলেই বা কিখিড়িকীৰে জুমিশুধ বগা বিচনাতঅকলশৰে তুমিএখিনি বিষাদৰঙী জোনাকততিতি জুৰুলি জুপুৰি।

বুকুত নাচি আছে এটা দীঘল সুহুৰি

বিৰিণা বননি ফালিউজাই আহিল এমুঠিহাঁহি খিকিন্দালি

পুৰঠ কলাফুলবুকুত মেঠনিসেইজাক ঘৰমুখীজাকৈয়া ছোৱালী

জিভা সিঞাইইণ্টাৰচিটী ৰেলতআহিলোঁ আঁতৰিবুকুত আজিও নাচি আছেএটা দীঘল সু-হু-ৰি

খোজত ফুলাই খৰিকাজাঁই

আজি সন্ধিয়াচোতাল গৰকিগ'লাহি গুচিখোজত ফুলাই খৰিকাজাঁই

ওৰেটো নিশা

নক্ষত্ৰ খচিত আকাশ দেখামোৰ উৰুখা পঁজাভালেহে গোন্ধাইছেকবিতা কবিতা।

গৰু মেলি গৰখীয়া...

চকুৰ পচাৰতে ছিগি থাকিলনিৰ্ভেজাল শৈশৱৰ সোণালী সূতাডালয’ত গাঁথি থোৱা প্ৰতিটো পল-অনুপলফুল হৈ ফুলিছিল গধূলি গোপাল

উস্ মোৰ কি পোৰা কপালক’ত যে হেৰাল হিয়াৰ এফাল

গৰু মেলি গৰখীয়া পালে বহুদূৰৰিণি ৰিণি শুনিছোঁ বাঁহী পেঁপাৰ সুৰমই এতিয়া খাঁটি চহৰীয়াকংক্ৰিটৰ অৰণ্যৰ বিশ্বস্ত ৰখীয়া |

বিভ্ৰাট

কুলাই পাছিয়ে নধৰামোৰদুখচকুত চকুপানী দুধাৰিটোপটোপওহোঁ নহয় চকুপানীসুৱাগমণিধানৰথোক।

পাতে তিৰবিৰ হামদৈ পথাৰ

মোৰ সুখকিম্বা মোৰ দুখবকুলবৰা ধানৰ থোকএভঁৰাল এডুলি সহৃদয়সপোনে ধৰিছে চালিচিক্‌মিক্‌ কাঁচি খনি ৰ’দ কাঁচিয়লি

পাতে তিৰবিৰ হামদৈ পথাৰ

জীৱন যৌৱনলাৱনি দাৱনীতেজে-ঘামে কৰি একাকাৰঅ' মোৰ কৰুণাময়ীআশাৰ শ্যামল আধাৰযুগে যুগে ভৰসাৰ বিপুল সম্ভাৰমই অজলা কৃষকৰএটি অবুজ সন্তানমোৰ তেজ মোৰ হাড়ৰ সমাহাৰপিতৃ-পিতামহৰ স্বৰ্ণখচিত অলংকাৰ।

তোমাৰ চহৰত এতিয়া

তোমাৰ চহৰত এতিয়ালহপহকৈ বাঢ়িছে এডৰাঅবিশ্বাসৰ ছাইৰঙী কঠীয়া

এক সংশয়ৰ দুৰ্গন্ধভৰা আস্তাবল,হেঁপাহৰ ৰঙীণ ৰুমাল জোকাৰিক’তো নাই উমাল হাত-বাউল

হোৰা-হোৰে নামিছে বিশ্বাসৰ ছেনছেকছপানীৰ দৰত বিক্ৰী হৈছে শক্তিহীন বিবেক

কোৱাচোন, কত খৰচ কৰোঁমোৰ বুকুত গুপুতে পুতি থোৱাপ্ৰেম বিশ্বাস আৰু মৰমৰএপেৰা সাঁচতীয়া গুটিধন

নাই হৃদয়ৰ সুলভ বিনিয়োজন

হাঁয়, ধান পকে মানে কিন্তুটুনীৰ নিশ্চিত আওমৰণ।

মোৰ তেজৰ বাগিচাত ফুলিছে

হঠাৎ সাৰ পালোঁৰাতি দুপৰততৰাবোৰৰ খোজৰ শব্দতউঠি গ'লোঁ খপ্জ‌পাইআধাপোৰা মমডাল জ্বলাইচালোঁ পিৰিকিয়াই

ওহোঁ, তৰা নহয়।শৈশৱৰ অলেখ স্মৃতি কঢ়িয়াইফৰিংফুটা চোতাল ওপচাইমোৰ তেজৰ বাগিচাত ফুলিছেএজোপা খৰিকাজাঁই

সাজে-পোছাকেখোজে-কাটলেসাইলাখ তোমাৰ লেখীয়াই, পাই।

মোৰ পিতা

বতৰৰ খেয়ালী মনকেতিয়াবা দোপাল-পিটা বৰষুণকেতিয়াবা তামসিক ৰ’দৰ আয়োজন

মূৰত জাপিহাতত এচাৰিমানুহজন পথাৰত নামেএটি সোণফলা সীৰলু আঁকি আঁকি

আপাততঃ ৰ’দ-বৰষুণেই তেওঁৰ চোলানাঙলেই তেওঁৰ কলমশইচেই তেওঁৰ ঐশ্বৰ্যৰ পাহাৰপথাৰেই বিভূতিৰ পাঠশালা

আকাশেই তেওঁৰ আশাৰ শেষ সীমাতেওঁ এজন উদ্দীপন নিয়মীয়া শিক্ষকআয়তক্ষেত্ৰ আঁকিব পাৰে পথাৰৰ আলিৰেসৌৰজগত বুজাই দিয়ে দুপৰৰ বেলিৰেসাহিত্য তেওঁ গুণ গুণাই পঢ়ে বতাহতঅংক কৰে চিৰিলি আঙুলি পাবত

মানুহজন আন কোনো নহয়মোৰ পিতা আপোনাৰ খুৰামুকলি আকাশৰ তলত ধৰ্ষিতা গৰাকীৰ পেহাঅযুত ৰাৰ ঘুমতি ভঙাগুৰু দ্ৰোণাচাৰ্যৰ জেঠপেহা।

জোনাকৰ চেলেং এখন লৈ

নাযায় নুপুৱায় নিশাৰ নিস্তব্ধতাইচ্ছা কৰি খুলি দিলোঁহৃদয়ৰ আটাইবোৰ নঙলাজোনাকৰ চেলেং এখন লৈকাঞ্চনমতী অনেক কবিতাৰদীঘলীয়া সৰ্পিল শোভাযাত্ৰামোৰ ফৰকাল চোতালত দুপৰ নিশা

এইবোৰ কবিতাৰ গোন্ধ আছেনাম নাই সংজ্ঞা নাইশৈশৱ কৈশোৰ আৰু যৌৱনৰপিৰালিত ওৰে নিশা আমোলমোলাইএকোপাহ মোক চা মোক চা খৰিকাজাঁই

ৰাতি পুৱাল কি নুপুৱালমানুহৰ প্ৰাত্যহিক খোজৰ শব্দত(সাগৰ শুকাল)আটাইবোৰ কবিতা থিতাতে লুকাল

সময় অসময় বুলি কথা নাইকবিতাই কেতিয়াবা হাঁহি হঁহুৱায়কবিতাই কেতিয়াবা কান্দি কন্দুৱায়এৰা, কবিতা এনেকুৱাইকবিতা এনেকুৱাইভৈয়াই।

নিশাটোৰে উচুপিছে মোৰেই বিছনাত

ইমানদিনেনিশাটোক আলফুলেশুৱাই থৈছিলাতোমাৰ বিছনাত

চুলিত চেটাৰ বজাইমুখত গুজি দিছিলাতোমাৰ বুকুৰঅমৃতভৰা সাগৰীয় শংখগান গাইছিলা গুণগুণাই

চোৱাহিচোন চোৱাহিলাই পাই নিশাটোৱেআজি উচুপি আছেহিকেনেকৈ মোৰেই বিছনাত

আৰু মই মাতাল হৈ আছোঁওৰেটো নিশাএটা অজান বাঁহীৰ মাততকোনো এক গোপন ঠিকনাত।

দিহিঙৰ অথাউনি পানীত

দিহিঙৰ অথাউনি পানীতযাৰ বাবে মই অপেক্ষা কৰিছোঁদুখৰ ছৈ দিয়া নাৱৰ তলিততেওঁ এতিয়া নিঃশব্দে খোজ দিছে সুখৰফুল হালধীয়া সৰিয়হৰ সাগৰ এখনত

তেওঁ বাৰু জানেনে নাজানে

এই নিঃকিন কবিৰ হৃদয়তো হালে জালেভালপোৱাৰ কাকিনি তামোল এজোপাভেন্ গঘৰ দৰে ছবি এখন আঁকিবলৈমজুত আছে কিছু ৰং তুলিকা

অথবা বাজি আছে উচ্চ গ্ৰামতজুবিনৰ কণ্ঠত হাই ভল্টেজ প্ৰেমৰ গান এটা।

আপুনি নজনাকৈয়ে

আপুনি নজনাকৈয়ে আপোনাৰ বুকুতডেও দি ফুৰিব পাৰে ৰুণুক জুনুকএটি আশাৰ হৰিণা পোৱালিলহপহকৈ বাঢ়িব পাৰে চিৰিলিপতীয়াএটি নোদোকা চতিয়না পুলিআনকি উৰিব পাৰে মুক্ত মনেএহাল বনৰীয়া ৰাজহংসপাখি মেলি জুখিব পাৰে আপোনাৰহৃদয় আকাশৰ বিশাল দিগন্তআৰু এনেকৈয়ে মেলিব পাৰে পোখাআপোনাৰ কংক্ৰিটৰ মন মণিকূটতৰাগ শ্যাম তাল পৰিত এটা বৰগীততেজৰে কমলাপতি পৰভাতে নিন্দতেৰি চান্দ মুখ পেখোঁ উঠৰে গোৱিন্দ।

তেজীমলা অ’

তেজীমলা অ’তই ফুল হৈ ফুলিবিনে এবাৰএবাৰ মাথোঁ এবাৰ ...তেনেই শূন্য হৈ আছেবছৰৰ পাছত বছৰমোৰ হৃদয় দিচাঙৰ পলসুৱা দুপাৰ

মই নাৱৰীয়া হৈ কাষে চপাই দিওঁ

দুখৰ বোজাৰে টুলুং ভুটুং নাওজীৱনৰ হেৰাই যোৱাথোপা-থোপে পলাশ এজাৰকিজানিবা আকৌ এবাৰ পাওঁ

তেজীমলা অ’ ...এবাৰ মাথোঁ এবাৰ...।

দুটি স্নেপঃ বিগত বছৰটোৰ

(১)বছৰৰ মৃতদেহ বুকুত লৈচকুপানী টুকিআকৌ যাবলৈ ওলালসময়ৰ কোবাল নৈ।

(২)আকাশ গোমাতিনিশ পঁইষষ্টি দিনেবাৰুদ আৰু বোমাপচন্দৰ ছবিখন নহ’ল তোলাসামৰি থ’লোঁ ডিজিটেল কেমেৰা।

অঘাইতং বছৰটো

অঘাইতং বছৰটো আঁতৰি গ'লভালেই হ'লউৰুলি এজোলোকা দিয়াদূৰৈৰ মন্দিৰত বাজক ঘণ্টাফুলি উঠক ঈষৎ হালধীয়াএডৰা হাছনাহানা

খুলি দিয়া মইনাহঁতৰ বাবেউল্লসিত উদ্যানৰ লৌহ জপনাইয়াতেই বহিব এদিন জোনাকী মেলাগৃহীত হ’ব অনাগত দিনৰসুখ-শান্তিৰ প্ৰস্তাৱনা।

প্ৰিয় বন্ধু বিদ্যাধৰ দলে সমীপেষু

বানে গৰকা দধিয়া-লাইকাপ্ৰিয় বন্ধু বিদ্যাধৰ দলেচাংঘৰত আছানে কুশলে এসাঁজ খাইনিৰলে-নিভৃতে নিজানে নিজানে

খবৰ পাইছোঁ কাকতে-পত্ৰেব্ৰেকিং নিউজ দিছে টেলিভিছন চেনেলে

পানী শুকালেই তোমালোকৰ দেশলৈযাম বুলি ভাবিছো পূজাৰ পাছতেআকুম মুৰঙত এপাক নাচিবলে’শুকতি আৰু ... জুতি লগাই এসাঁজ খাবলে’

শ্ৰীমতীৰ পচন্দৰ শাড়ী-চেণ্ডেল বিচাৰিএইকেইদিন মই ব্যস্ত শ্বপিং মলে মলে।

বিঃদ্ৰ—দধিয়া-লাইকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰসীমামুৰীয়া অতি পিছপৰা মিচিং জনগোষ্ঠী অধ্যুষিত বানে গৰকাএটা অঞ্চল য’ত নাওখনেই একমাত্ৰ যাতায়াতৰ আহিলা।

মিচিং শব্দঃ আকুম (ঘৰ), মুৰং (ডেকাচাং)।

নাম তাইৰ নিবেদিতা লাচন গাম

তাই মাজুলীৰ এজনী ধুনীয়া ছোৱালীনাম তাইৰ নিবেদিতা লাচন গামঅইঃনিতম এটাৰ দৰে নিমজ তাইৰ সুগোল দুগাল

ডেনী গামক সুধিলেই ঠিকনাটো পাম

সাগৰ দেখা নাছিল তাইমাহে-হালধিৰে নোৱাই-ধুৱাই আহিনতেসাগৰত সাঁতোৰাৰ সপোন দেখিছিল হ’ব পাইআজি তাইৰ আকাশ নীলা চকু দুটিতনিজেই গুজি ল'লে দুখৰ লুণীয়া সাগৰৰাতিটোতে কাটি হ’ল তাইৰ মৰমৰ চাংঘৰ

হেৰুৱালি কাঁহীবাটি ...হেৰুৱালি লোটা-ঘটি ...বান এনেকৈয়ে আহে জানথানবান কৰে যৌৱনৰ সমস্ত সোপানঅশ্বাৰোহী সময়ৰ কবৰত শুই থাকেঅনেক ইজাবেলাৰে অকথিত পাণ্ডুলিপি

সেউজীয়া হৃদয়ত গজে ধু-ধু মৰুভূমিশোকৰ সাগৰত বন্দী হয় আৰ্তনাদৰ কৰুণ ধ্বনি।

বতাহ খামুচি আছোঁ দিন-ৰাতি

বতাহ খামুচি আছোঁ দিন ৰাতিযিদৰে পিতাই খামুচি আছিলপথাৰৰ পলসুৱা মাটি নাঙলৰ মুঠিআইয়ে খামুচি আছিল তাঁতৰ চালি-মাৰি

জানিছিলনে কেতিয়াবা এনেকৈ নাচিবআমাৰ পো-পোৱালিসাগৰতে সাঁতুৰিলোঁ তথাপিনাখালোঁ এচলু পানী

পোনাহঁতক শিকালোনো কি পুৱা-গধূলিভাৱেনে ককা-আইতাই সপোনে-দিঠকেকি খাই জন্ম হ’ল আমাৰ নাতি-পুতিগুৰু-গোসাঁই নামানে ইমান কচুগুটি।

শৈশৱ

নৈয়েইলোটা-ঘটিবালিয়েইসিহঁতৰ ঘৰ

জীয়াধলৰ মথাউৰিতথৰে থৰেকঁপিছে সময়

ৰ’দে জিল মিলসোণালী শৈশৱৰ।

পলসে কবৰ দিছে

পলসে কবৰ দিছেমোৰ আটোমটোকাৰি ঘৰ-বাৰীকিতাপৰ মেটমৰা আলমাৰি

আলমাৰিৰ এচুকত আছিলমোৰ মৰমৰ ডায়েৰী

লিখা আছিল তেজৰ বোলেৰেএটা, এটাই মাত্ৰ শাৰী

কবিতা, তই মোৰ উজাগৰীঅনেক নিশাৰ বিশ্বস্ত লগৰী

দুখৰ পাগলাদিয়া পাৰ হ’মনিঃসন্দেহে তোৰেই হাতত ধৰি।

এখন দুখৰ দিখৌ

বুকুৰভিতৰতকোনেওনজনাকৈলালনকৰিছোঁএখন দুখৰ দিখৌতেজে-সোঁতেজাৱৰে-জোথৰেদিন-ৰাতিথৌকিবাথৌ।

দুখ মোৰ দুপৰৰ অতিথি

আচলতে দুখ মোৰদুপৰৰ অতিথি সাক্ষাৎ দামোদৰ

মোৰ হৃদয় চৌহদতদুখে বান্ধিছে বৰঘৰঅজৰ অমৰ

কেতিয়াবা দুখৰ কান্ধত ভৰ দিসুখৰ সৈতে কথা পাতোঁ নিজানতকাৰো লগত পাতিব নোৱৰা কথাএকান্ত ব্যক্তিগত কাৰণত।

বুকুৰ হাবি-বন কাটি

বুকুৰহাবি-বন কাটিপাতিলোঁহেঁপাহৰ ফুলনি

জপনা কাটি কৰিকোনে জানো নাচেহিনিজান দুপৰ ৰাতিজোনাকৰ মেজাংকৰি পিন্ধি

কবিতাতয়েই কিজানিহয়তয়ে মোৰভাঙহি টোপনিকিয়কৰ ইমান আমনি।

সকলো কবিয়ে দিনটোত এবাৰ উচুপে

সকলো কবিয়ে দুখৰ সৈতেসহাৱস্থান কৰে, সেয়েসকলো কবিয়ে দিনটোতএবাৰ নহয় এবাৰ উচুপে

যিদৰে দুপৰৰ কুলিৰ মাতত কঁপেপদূলিৰ সেন্দুৰী আমজোপাহিয়াভগা কেতেকীৰ কান্দোনেছেও ছেও কৰে নিশাৰ মৌনতা

আপুনি যদি কবি আপুনিওদিনটোত এবাৰ হ’লেও উচুপেমাত্ৰ পাৰ্থক্যএইখিনিতে যেদুখে আপোনালৈভয় কৰেকাৰণ শব্দৰ শংখ বজাইআপুনি মানুহৰ ঘূমটি ভাঙিব জানে।

কবিতা এ নাহিবি ৰাতি(টেট্‌ শিক্ষয়িত্ৰী অপৰাজিতাৰ প্ৰতি সহমৰ্মিতাৰে)

কবিতা এ নাহিবি ৰাতিতোৰে কাণ কাটি লগামে বাঁতিইয়াত এতিয়া ৰজা-প্ৰজাকাৰো গাত কাপোৰ নাই

সকলো উদণ্ড সম্পূৰ্ণ উলংগউলংগ দেহাৰে কৰে কাপোৰৰ বেহাফুলতৰাপখিলাডামিনীঅপৰাজিতাপ্ৰজ্ঞা-সভ্যতা চিন্তা-চেতনা সকলো ধৰ্ষিতাকাণি-মুনী বাইকবিতা মোৰ গাত দোষ নাইমোৰ হ’লে বৰ খং পাই

ইচ্ছা থাকিলেও খং মই দমাব নোৱাৰোঁমাজে মাজে সোঁৱৰো আইৰ মুখৰ কথাতুলাৰাশিৰ ল’ৰা বৰ একা-চেকাকবিতা এ নাহিবি ৰাতিতোৰে কাণ কাটি লগামে বাঁতি।

যন্ত্ৰণাত নিশাৰ উলুবাৰীৰ উৰণ সেঁতু

বিৰামহীন যন্ত্ৰণাত উস্ আস্নিশাৰ উলুবাৰীৰ উৰণ সেঁতুএইমাত্ৰ পাৰ হৈ গ’লএখন তীব্ৰবেগী চিটিবাছদিনান্তৰ ক্লান্তিত তন্দ্ৰালস যাত্ৰীৰমুদ খাই গেছে দুচকু

নাৰিকল পাতৰ চিৰিলি পোহৰতছোৱালীজনীয়ে কথা পাতিছেদূৰৈৰ তৰাবোৰৰ লগতজোনাকৰ ফাঁকু খেলিছে পৰীৰ দেশত

দেহি ঐ, তাই চাগৈ নাজানেইআজি যে তাইৰ জন্মদিনতেজৰ বৰষুণমাংস পোৰা গান্ধএইবোৰ এতিয়া নিতান্ত দৈনন্দিনগ’ল কি দিন হাঁয়, আহিল কি দিন পাইবেছিদিন নাই আহিব সুদিন।

মেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি

সপ্তাহ দিন অৱস মোৰ শৰীৰঢাকুমকুমা বজোৱা এটা জ্বৰচিকিৎসকে কৈছে ভাইৰেল ফেভাৰঔষধ খাইছোঁ শলাগছি জ্বলাই কাবৌ কৰিছোঁজৌ জৌকৈ ঘামি নামি গৈছে শৰীৰৰ উত্তাপআঁতৰি গৈছে মনৰ উদ্বেগ

যোৱাটো ব’হাগতনেৰা নেপেৰা ডাৱৰীয়া বতৰতবাঁওহাতৰ জোৰা লৰিলহঠাৎ পিছলি পৰি নিজৰে চোতালতআগবাঢ়িল প্লাষ্টাৰ পেইন কিলাৰৰ বিশাল সমদল

কাতিৰ ৰাতি পাটীত পৰি ইকাতি সিকাতিপেটত শানে কটা ভোকচিলমিল টোপনিত জিলমিল সুৱাগমণি ধানৰ থোকসাংঘাতিক দুখ এটাই গচকি খাস্তাং কৰিছে মোক

মই কৰিছোঁ এজন ভাল চিকিৎসকৰ সন্ধানযি দিব পাৰে মোৰ ব্যাধিৰ সঠিক নিদাননাজানো অন্ধ ঈশ্বৰ কোন মন্দিৰত বন্দীমেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি।

আজাৰ নিজাৰ পৰিল...

পকা থেকেৰা যেন মোৰ চহৰৰ চিৰি চেহেৰাডালিমগুটীয়া শাৰী শাৰী অট্টালিকাএটুপি সুমথিৰাৰঙী স্নিগ্ধ ফটিকাবেংক বেলেঞ্চৰ উৰ্ধগামী জয়যাত্ৰাগাড়ী শাড়ীৰ সহজ বিনিময়ৰ প্ৰাত্যহিকতাজীৱন মালিতাৰ এয়াই সহজ পৌনঃপুনিকতা

কাছাৰীঘাটত ফুল বেচা এজনী তিৰোতাকলোৱেইচোন নাম তাইৰ শকুন্তলাআজাৰ নিজাৰ পৰিলডালিম পকি সৰিলদূৰন্তু খামিডাঠ বেলিটো মূৰত লৈপেটত শানে কটা ভোক এটা নিচুকাই থৈঅকস্মাৎ খহি পৰিল এটা কবিতা অথবা অকবিতা

(কবিতাৰো যে শ্ৰেণীবোৰ)ধু-ৰ্‌-ৰ্‌, কিহৰ কবি কিহৰ কবিতাএনেও বুজি নাপাওঁ কবিতা চবিতাকবি-অকবিৰ বৰ বৰ কথাগছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধা।

বন্ধুলৈ

সাৱধানে ফুৰিবা বন্ধুছিৰাল ফটাদি ফাটিছে এতিয়ামানুহৰ হৃদয়ত সেউজীয়াপ্ৰেমৰ মন্দিৰৰ দেৱালসংকুচিত মন বৃত্তৰ পৰিধি

সময়ৰ তেজাল ঘোঁৰাত উঠিকদমত দৌৰিছে মানুহক’ত সেই তৃপ্তিৰ সোণালী আপেলঅথবা শান্তিৰ এচলু জল

সাৱধানে ফুৰিবা বন্ধুপুহৰ জুহালৰ কাষত স্বজনে স্বজনেনোপোৱা এষাৰি উত্তাপ ভৰা আলাপদুপৰৰ অভ্যাগতলৈ এমুঠি চাউলঅথবা বস্ত্ৰহীনলৈ এখনি বস্ত্ৰ

এতিয়া মানুহ মানুহৰ পৰা বহু নিলগতবন্ধ দুৱাৰ বন্ধ জপনামানুহ চেঁকুৰিছে ঘানীৰ ঘোঁৰা হৈকিছু সোণালী আপেলৰ সন্ধানত।

কঁপি থকা বিৰিণা পাতৰ দৰে

নদীৰ পাৰতকঁপি থকাবিৰিণা পাতৰ দৰেআমি মূৰ দুপিয়াইছিলোঁপ্ৰৱল প্ৰত্যয়েৰে

দোভাগ ৰাতিখেলি থকানীলা তৰাবোৰৰ দৰেআমাৰ আশাবোৰে উৰা মাৰিছিলডাৱৰৰ সিপাৰলে’

এটি শাশ্বত সত্য অনন্ত কালৰএতিয়া (আমাৰ) উন্মুক্ত কণ্ঠতনিশ্চিত প্ৰতিশ্ৰুতিজীৱিত ৰখাৰ জীৱিত থকাৰএটা সুস্থ সবল জাতি।

ফুল আলসুৱা কবিতাৰ কেঁচুৱা

কবিতাকেনেকৈ লিখোঁ কবিতাএই দুৰ্দিনত সাৰস্বত অলংকৃতএমুঠি বনকৰা কিংখাপ কবিতাধাৰাৰ সান্নিপাতিক জ্বৰতথক্‌ থক্‌কৈ কঁপিছে দ্ৰৌপদী পৃথিৱী

সাংখ্য দৰ্শনৰ সমীকৰণতআচৰিত ধৰণে বন্দী মইকবিতা মই লিখোঁ কেনেকৈসমস্ত পৃথিৱীচোন ধু-ধু মৰুভূমিকেনেকৈ মেলিব ইয়াত কবিতাৰ গজালিকোনে দিব সোণতৰা কবিতাৰ প্ৰস্তাৱযদি নাথাকে মাটি-পানী বায়ুআৰু এক সতৃষ্ণ হৃদয়ৰ উত্তাপ

কত থ’বা ক’ত শুৱাবাফুল আলসুৱা কবিতাৰ কেঁচুৱাজেগা বুলিবলৈ উশাহ ল’বলৈআছে জানো বাকী কিবা।

কাষে চপাই দিয়া...(লুইতৰ বুকুৰ মিচিং নাৱৰীয়াসকলৰ নামত উৎসৰ্গিত)

পৃথিৱীৰ মায়াবী জোনাকত তিতিস্মৃতিৰ সৰাপাত বুকুত বান্ধিৰাস চাই এৰিলোঁ প্ৰাণৰ মাজুলীপ্ৰজ্ঞাৰ আলোকোজ্জ্বল তিনিটি গধূলি

উখল-মাখল নিমাতীঘাটনাৱৰ পৰা পিছলিলোঁ অকস্মাৎতল-ওপৰ জীৱৰ মৰণকৰুণ কাতৰ আৰ্তনাদঅ’ প্ৰিয়বন্ধু ৰতনপুৰৰ চিদানন্দ দাওকাষে চপাই দিয়া টুলুঙা নাও

তুমি বিপদৰ ডল্‌ফিন দৈৱকী নন্দনসত্য শিৱ সনাতন দ্বিতীয়জন।

কাজিৰঙা পাৰ যদি তোৰ পোনাহঁতক বচা

কাজিৰঙা, কোনে কাঢ়ি নিলে তোৰকলিজাৰ পাতে তিৰ বিৰ ৰ’দ এচেৰেঙাপাৰ যদি তোৰ পোনাহঁতক বচামেক্‌বেথৰ বিৰনাম অৰণ্যৰ দৰে দূৰলৈ গুচি যাঅথবা দুঠেঙীয়াৰ বিৰুদ্ধে চাৰিঠেঙীয়াৰ বজাইদে ৰণশিঙা অথবা খং শিঙা

কাজিৰঙা—মানৱতাৰ অধঃপতনকাজিৰঙা—নিকৰণ নিদাৰুণকাজিৰঙা—মানৱতাৰ নগ্ন সংস্কৰণ

মোৰো হৃদয়ত আছে এখন ৰাষ্ট্ৰীয় উদ্যানবিশ্বাসৰ অমল উৎস আৰু কিছু স্বাভিমানৰিব্‌ ৰিব্‌ বলি আছে তোক ভালপোৱাৰ বামোৰ আশ্বাস তোৰ বিশ্বাসচিৰদিন চিৰকাল ইয়াতেই থাকি যাকাজিৰঙা, পাৰ যগি তোৰ পোনাহঁতক বচা।

আমাৰ জীৱনৰ যাত্ৰা পথত

আমাৰ জীৱনৰ যাত্ৰা পথতশুই আছে শুকান পাতবোৰসুখ অৰ্থবা দুখৰ সপোন বিভোৰনিমাত নিতাল মাথোঁ নিস্তব্ধতাসন্তৰ্পণে গৈ থাকা নজগাবামৰমৰাই নকৰিবা শব্দৰ খৰমানঅপ্ৰয়োজনত প্ৰাণঢালি নাগাবা গান

জীৱননো কি জানা আইভিলতাপাকৈত শিপিনীৰ হাতৰএনেছা আশী সূতাউঘা-চেৰেকী যিহঁতে মেৰিওৱাচাবাফাগুনৰ বাউলি বতাহতআউল নলগাবাজীৱন এবাৰহে পাবা।

পাহাৰ

মানুহকে সাবটি শুই আছিলসেউজীয়া পাহাৰটোমানুহবোৰে ভগাই খালেতাৰ ৰঙীন কলিজাটো।

স্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদী

অবিশ্বাস্যভাৱে দেহত ক্ৰমশঃস্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদীপাগলাদিয়া নহয় যেন শীৰ্ণ বুকু ভেদিআমন জিমনকৈ এখন মৰা ভৰলী

নক্ষত্ৰখচিত আকাশ চুই চোৱাৰসপোন দেখা দুচকুতদুটি শিলগুটিৰ দৰে দিন-ৰাতিনিথৰ হৈ শুই আছে চতুৰ টোপনি

বাঁহীৰ মাতত বৰষুণ দিয়া শাওণৰ ৰাতিবোৰঢলি পৰিছে মোৰ দুবাহুত

অকস্মাতে উঘালি পৰিছে হৃদয়তবহু দূৰ শিপাই থকা ইস্পাত কঠিনবৰ্ষীয়ান শিমলু এজোপা য’তপুৱাৰপৰা গধূলিলৈকে খতিখন নোহোৱাকৈচৰাইবোৰে পাতিছিল বৃন্দগানৰ প্ৰতিযোগিতা।

কম্পিত এই উপত্যকা

মই হেৰুৱাইছোঁ থৰ কাচুটিনিদ্ৰাহীনতাত ইকাতি সিকাতি

কম্পিত এই উপত্যকায’ত সময়ক কৰা হৈছে শিৰচ্ছেদথেকেচি ভঙা হৈছে শতিকা

কিহৰ গৰজত কবিৰ কবিতাসু-উচ্চ অট্টালিকা ৰঙীন ফটিকা

খেনোক দেখি ৰন্ধা-বঢ়াখেনোক দেখি দুৱাৰ বন্ধাইয়াতেই আছে জীৱনৰ সাৰ্থকতা।

শব্দৰ এজাক সেউজীয়া বৰষুণত(প্ৰিয় সাহিত্যিক শ্ৰী গন্ধেশ্বৰ শইকীয়াদেৱৰ নামত উৎসৰ্গিত)

কবিতাই মোৰ বদূৱা কলমত দিয়ে শাণহৃদয়ত দিয়ে ডেকেৰুৱা পাৰৰ ৰুণকবিতাই মোৰ অক্ষমতাক এচিড্‌ টেষ্ট্‌ কৰেমোৰ শব্দৰ এজাক সেউজীয়া বৰষুণতধুৱাব পাৰে নিৰাভৰণ তোমাৰ গা

কবিতাই লৈ ফুৰে আলফুলে অলিয়ে-গলিয়েমোক দেখুৱাই জনতাৰ আদালতৰ কাঠগড়ায’ত মই পদুম ঠাৰিৰে কৰ্ষণ কৰোঁমানুহৰ বেঙেনাবুলীয়া শৰীৰৰ ৰ’দে পোৰা ঘা

কবিতাই মচিব পাৰে মোৰ শেলুৱৈ ধৰা কলিজামকবুল্‌ ফিডা হৈ আঁকিব পাৰে সুবিশাল হৃদয়তফুলচৰাইজোন আৰু জোনাকৰ ছবিকবিতাই মোক মেক্‌বেথৰ তৰোৱালৰ দৰেইশূন্যত নাচি নাচি প্ৰলুব্ধ কৰে চিঙিবলে’শৈশৱৰ তেজগোড়া জেতুলি পকাযৌৱনৰ এজেবা ৰঙা জবা

কবিতা মোৰ তন্দ্ৰালু নিশাৰ তন্ময়তাকবিতা মোৰ বুকুৰ উৰ্বৰা উপত্যকা।

সেইজনী সোণপাহী নহয়, এটা কবিতা

হিচাপ কৰিলেই উচ্‌প খাই উঠোঁওপচাই শাওণৰ কুমাৰী পথাৰকেকোঁ জেকোঁ খোজেৰেকঁকাল বেঁকা কৰিকঢ়িয়ালে কিমানভাৰঈষৎ সেউজীয়া হৃদয় জুৰ কৰাহেঁপাহৰ সুৱাগমণি কঠীয়া

মনত আছে আঘোণতপকাধানৰ গোন্ধ এটা নাকে-কাণে সানিবনগীত এটা গুণ গুণাইছিলোঁ সোণপাহীৰ কাষতছথৰীয়া ডাঙৰিভাৰ চিপ মাৰি দাঙোতেচকুৰ আগত দেখিছিলোঁ ৰঙাঘোঁৰা-বগাঘোঁৰাহয়তো লৰিছিল তেতিয়াই মোৰ কঁকালৰ জোৰাআৰু হেৰাইছিল সোণপাহীৰ হাঁহিৰ মোকোৰা

ই কি?সেইজনী সোণপাহী নহয়এটা কবিতামোক ক'লে ইয়াকেই কয় জীৱনহেৰ’খেতিয়কৰ ল'ৰা ৰত্নেশ্বৰ বৰা

আৰু ইয়াকেই যদি নকৰ তই কেনেকৈ লিখিবিমানুহ স্বপ্ন আৰু পথাৰ একাকাৰ কৰিহৃদয় পৰ্যটকৰ মন চুই যোৱা কিছু হিৰন্ময় কবিতাদুঃস্বপ্ন এটাই তোক খেদি ফুৰিব খালৈতে মাছ ধৰা।

খুলি থৈছোঁ হৃদয়ৰ আটাইবোৰ খিড়িকী

খুলি থৈছোঁ মইহৃদয়ৰ আটাইবোৰ খিড়িকীতথাপি হোৱা নাই অনুভৱী নিশাৰস্নিগ্ধ জোনাকৰে আহিনৰ বুজা-বুজি

অথবা সাজিব পৰা নাই বেই এখনিনোৱাব ধুৱাবলে’ জোনাকৰে দৰা-কইনা খেলিয'ত হৃদয়ৰ বন্ধ্যাত্বৰ বেদখলউচ্ছেদিত হ’ব মাদলৰ শব্দত তিতি-বুৰিৰাগি লগা মাতাল ৰাতি

এনেকৈয়ে বাঢ়কচোন হৃদয়ৰ পথাৰতএখন লহপহীয়া সেউজীয়া ৰোৱানিঅথবা জোন-জোনাক তৰাৰ কোলাতৰাতি-দিন পোখামেলাএকোখন সুন্দৰ নাৰ্ছাৰী।

অ' মোৰ ৰাজমাই বাগিচাৰৰূপহী গাভৰুজনী

অ' মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনীমোক তুমি শিৰীষৰ এটি সেউজীয়া শ্বামিয়ানা দিয়ামই তোমাক পঢ়ি শুনাম গাৰ্থিয়া লৰ্কাৰ এটা প্ৰেমৰ কবিতা

মই তোমাক ভালপাওঁ দূপৰৰ ৰ’দৰ পোচাকতসন্ধিয়াৰ ঢিমিক ঢামাক টিপ চাকিৰ পোহৰতঅথবা বৰষুণৰ টোপালত তোমাৰ আঙুলিৰ বুলনিতযেতিয়া চেটাৰ বাজে চাহগছৰ সেউজীয়া পাতত

অ' মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনীমোক তুমি শিৰীষৰ এটি সেউজীয়া শ্বামিয়ানা দিয়ামই তোমাক পঢ়ি শুনাম গাৰ্থিয়া লৰ্কাৰ এটা প্ৰেমৰ কবিতা

মই তোমাৰ ছবি আকোঁ জোনাক নিশাযেতিয়া মাদলৰ ছেৱত প্ৰাণ পাই উঠে কৃষ্ণচূড়াৰ চূড়া

চম্পা, চামেলী, ৰাংঢালী, ৰঙিলী তুমি যিয়েই নোহোৱা

তোমাৰ হৃদয়ৰ ব্যস্ততম পথটোৰেমোৰ পাল্‌ছাৰ বাইকৰ সঘন অহা-যোৱানাজানো তুমি জানানে নাজানাঅ’ মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনী

কোনো কথা নাই একাঁঠু বোকাৰে তোমাৰ চোতালমূৰৰ জাপিৰে বাজক বৰষুণৰ বৰতালপ্ৰেমত পৰা সৈনিকে কৰিব পাৰেআকাশৰ দুচপৰা ডাৱৰৰ দৰে মল্লযুঁজৰ আখৰাচহাই-মৈয়াই সমান কৰে প্ৰেমৰ পথাৰৰ ওখোৰা-মোখোৰা

টপাটপ গিলিব পাৰে পকা থেৰেজুৰ দৰেজীৱনৰ তিতা-মিঠা আৰু কিছু বিষণ্ণতা

অ’ মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনীমোক তুমি শিৰীযৰ এটি সেউজীয়া শ্বামিয়ানা দিয়া।

আহিনৰ বতৰ

আহিনৰ বতৰডাৱৰৰ দেশতদৰাঘৰীয়া খদমদমআয়তীৰ উৰুলিচোতালত আমোলমোল শেৱালিনাজানো জোনে তৰাই মিলিমোৰ পদূলি উদূলি মুদূলিকাৰ সুৱাগুৰি তুলিছেএকাঠী ওৰণি টানিএবাটি জোনাক ঢালি।

অনুভৱঃ কবিতা বিষয়ক

কবিতা আপডালৰ বস্তুকিংকৰৰ সাঁচতীয়া গুটিধনকবিতা বুকুৰ বান্ধৱফুটপাথৰ নিৰন্ন জননাৰায়ণ

কবিতা হাতৰ ৰেখাৰ দীৰ্ঘ পৰমায়ুঅথবা এটি সুমিষ্ট প্ৰাদেশিক ফুলকবিতা শান্তি সৰোবৰ আকাশ নিৰ্মলকবিতা এচলু সুশীতল জল তলমল

কবিতা নিঃস্বজনৰ কৰুণ আৰ্তনাদকবিতা প্ৰাজ্ঞজনৰ হৃদয় কঁপোৱা আশীৰ্বাদ

আপুনি কবিতা পঢ়ক বা নপঢ়ককোনো কথা নাইকবিতা থাকিব সদায়হৃদয়ৰ ক’ৰবাত ৰাতি ৰাতি বাঁহীটি বজাই।

আমতলে শ্যাম যায়...

তেজত নাই দগমগ ডেও ডঁৰিকনাজন অৰণ্যত এথানি-এবানি প্ৰজ্ঞাৰ ঠিকনাবেলতলা বজাৰৰ বাইজনীৰ ঠাৰি ছিগা বেঙেনাজীৱন নাটঘৰত ছালি নাচৰ ৰামদানি আখৰা

তেন্তে মইয়ো ইমানদিনে কৰিছোঁ কিআইৰ মুখৰ কথা মনত পৰে ৰিণিকি ৰিণিকিনোৱাৰিলি নাই হ’ব দে বোপাইনাই বুলিলে হেনো সাপতো বিষ নাই

আমতলে শ্যাম যায় কঠাল পাতে সুহুৰিয়ায়এই হাতৰ গুটিটো এই হাতে পায়

ৰাতি ধুনি ধুনি এচাকি তেল পুৰিকজলা উৰহীৰ পাতে তিৰবিৰ এমুঠিকবিতা লিখিবি বেৰৰ ফাঁকেৰে হৃদয় জুমি জুমিদুখৰ অভিধানত সুখৰ সংজ্ঞা বিচাৰি

জোনাক জোনাক ফুলিব কৃষ্ণচূড়া তই গমকে নাপাবিলাগিলে নিমখ ভাত খাবি উজাগৰী ৰাতিঘৰৰ মুধচেৰে এটি দুটিকৈ গণিবি আকাশৰ তৰাতাতে তৃপ্তি বোপাই তাতে পাবি শান্তিচেঁচা বৰফৰ দৰে চেঁচাৰসে চৌ চৌ জীৱনৰ ৰহঘৰা।

Comments

Loading comments…